বাসন্তী দেৱী মহাবিদ্যালয় (Basanti Devi College) হৈছে কলকাতাৰ প্ৰথম চৰকাৰী পৃষ্ঠপোষকতাত গঢ় লোৱা বালিকা মহাবিদ্যালয় আৰু ১৯৫৯ চনত পশ্চিম বংগ চৰকাৰে মহিলা সৱলীকৰণৰ লক্ষ্যৰে এইখন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিল॥ ভাৰতৰ স্বাধীনতা যুঁজৰ লগত জড়িত থকাৰ বাবে ব্ৰিটিছ শাসনৰ অধীনত কাৰাগাৰত বন্দী হোৱা প্ৰথমগৰাকী মহিলা বিশিষ্ট স্বাধীনতা সংগ্ৰামী বাসন্তী দেৱী নামেৰে মহাবিদ্যালয়খনৰ নামকৰণ কৰা হৈছে। ই কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত।১
মহাবিদ্যালয়খন
চহৰ আৰু গাঁৱৰ সংযোগস্থলত অৱস্থিত এই প্ৰিমিয়াৰ কলেজখনে এই দুয়োটা অঞ্চলৰ ছাত্ৰীসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰে। ইয়াৰে এটা বৃহৎ অংশ পিছপৰা শ্ৰেণী, সংখ্যালঘু সম্প্ৰদায় আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ। মহাবিদ্যালয়খনে বিশেষ প্ৰয়োজন থকা মহিলাসকলৰ বাবেও উচ্চ শিক্ষাৰ সুযোগ প্ৰদান কৰে।
কলিকতা বিশ্ববিদ্যালয়ৰ নিৰ্ধাৰিত শৈক্ষিক পাঠ্যক্ৰমৰ সমান্তৰালকৈ মহাবিদ্যালয়খনে কন্যা ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ আত্মসহায়ক দক্ষতা, আত্মনিৰ্ভৰশীলতা আৰু স্বাধীনতা বিকাশত সহায় কৰি সবলীকৰণৰ সুযোগো প্ৰদান কৰে। কলেজখনে বি.এ. (অনাৰ্ছ/মেজৰ/জেনেৰেল), কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত ইংৰাজীত বি.এছচি (অনাৰ্ছ/জেনেৰেল) আৰু এম.এ. কৰাৰ সুবিধা প্ৰদান কৰে।
মহাবিদ্যালয়খনত নেতাজী সুভাষ মুক্ত বিশ্ববিদ্যালয়ৰ (চেণ্টাৰ ক'ড° এ-০২) অধীনত এটি অধ্যয়ন কেন্দ্ৰও আছে, যি কেৱল শনিবাৰ আৰু দেওবাৰে চলে।
উল্লেখযোগ্য প্ৰাক্তন শিক্ষাৰ্থী
- লোপামুদ্ৰা মিত্ৰ, গায়ক
- তনুশ্ৰী চক্ৰৱৰ্তী, অভিনেত্ৰী
- ৰুকমা ৰায়, অভিনেত্ৰী
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাসন্তী দেৱী মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪৭৫৭৯৪ (১১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।