ডেণ্ড্ৰ'বিয়াম ফিমব্ৰিয়েটাম (Dendrobium fimbriatum) বা পাটমাদৈ কপৌ এবিধ হালধীয়া ৰঙৰ ফুল ফুলা অৰ্কিডৰ প্ৰজাতি। ইয়াক সখীয়তী ফুল নামেৰেও জনা যায়। চীনত এই অৰ্কিডবিধ সাধাৰণতে লিউ শ্বু শ্বি হু নামেৰে জনাজাত।১ ই চীন আৰু হিমালয় অঞ্চলৰ থলুৱা অৰ্কিড চীনৰ গুৱাংচি, গুইঝৌ, ইউনানত পোৱা যায়। ভাৰতৰ উত্তৰ আৰু পূব অঞ্চল, নেপাল, ভূটান আৰু বাংলাদেশত ইয়াক থলুৱাভাৱে পোৱা যায়। পাটমাদৈ কপৌ অসম আৰু অৰুণাচল প্ৰদেশ আৰু ইণ্ডোচাইনা অৰ্থাৎ ম্যানমাৰ, থাইলেণ্ড, লাওছ, ভিয়েটনাম, মালয়েছিয়া জুৰি বিস্তৃত হৈ আছে।২১৩৪৫৬৭ ঘন অৰণ্যৰ গছৰ ডালত বা পাহাৰীয়া উপত্যকাৰ ভিজা শিলৰ ওপৰত অৰ্কিডবিধ গজা দেখা যায়।১
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Dendrobium fimbriatum. Flora of China
- ↑ Plants of the World Online · Kew Science. Plants of the World Online
- ↑ Raskoti, B.B. (2009). The Orchids of Nepal: 1-252. Bhakta Bahadur Raskoti and Rita Al
- ↑ Misra, S. (2004). Orchids of Orissa: 1-774. Bishen Singh Mahendra Pal Singh, Dehra Dun
- ↑ Sittisujjatham, S. (2006). Wild Orchid of Thailand 1: 1-495. Amarin
- ↑ Lucksom, S.Z. (2007). The orchids of Sikkim and North East Himalaya: 1-984. S.Z.Lucksom, India
- ↑ Hossain, A.B.M. (2002). A Taxonomic report on the genus Dendrobium Sw.. Bangladesh Journal of Plant Taxonomy 9(2): 47-55
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডেনড্ৰ'বিয়াম ফিমব্ৰিয়েটাম” প্ৰবন্ধৰ সংশোধন ৫৪০৯৮০ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।