প্ৰজনন
৪ প্ৰবন্ধ
-
ঋতুস্ৰাৱ
ঋতুস্ৰাৱ (Menstruation) হৈছে উচ্চতৰ প্ৰাইমেট বৰ্গৰ স্তন্যপায়ী প্ৰাণীৰ প্ৰজননৰ সৈতে জড়িত এক শৰীৰবৃত্তীয় প্ৰক্ৰিয়া। প্ৰতি মাহে ই হয় বাবে ইয়াক অসমীয়াত সচৰাচৰ মাহেকীয়া বুলিও অভিহিত কৰা হয়।
-
প্ৰজনন
প্ৰজনন হৈছে কোনো জীৱৰ পৰা নতুন অপত্য সৃষ্টিৰ এক জৈৱিক প্ৰক্ৰিয়া। প্ৰজনন জীৱনৰ এটা সাধাৰণ বৈশিষ্ট; সকলো জীৱৰ অস্তিত্ব কেৱল প্ৰজননৰ বাবেই সম্ভৱ হৈছে। প্ৰজনন দুই প্ৰকাৰৰ: অযৌন আৰু যৌন। অযৌন প্ৰজননত, এটা জীৱই অন্য এটা জীৱৰ লগত কোনো সম্পৰ্ক নকৰাকৈয়ে অপত্য সৃষ্টি কৰে।
-
ডিম্ব কোষ
ডিম্ব কোষ, ব ডিম্বাণু বেছিভাগ অসমজননকোষী প্ৰাণীৰ স্ত্ৰী জনন কোষ। অসমজননকোষী প্ৰাণীয়ে এটা ডাঙৰ "স্ত্ৰী" জননকোষ আৰু এটা "সৰু" পুং জননকোষেৰে যৌন প্ৰজনন কৰে। স্ত্ৰী জননকোষ চলনশীল নহ'লে ডিম্বাণু শব্দটো ব্যৱহাৰ কৰা হয়। পুং জননকোষ চলনশীল হ'লে এনে যৌন প্ৰজননক "ওগেমাছ" বোলা হয়।
-
জন্তুৰ যৌন আচৰণ
জন্তুৰ যৌন আচৰণ Animal sexual behaviour একে প্ৰজাতিৰ ভিতৰতে ভিন্ন ৰূপ ধাৰণ কৰিব পাৰে। সাধাৰণ সংগম বা প্ৰজনন প্ৰেৰিত ব্যৱস্থাসমূহৰ ভিতৰত একপত্নী, বহুবিবাহ, পলিগাইনি আৰু অনৈতিকতা অন্তৰ্ভুক্ত।