অসমৰ শৈক্ষিক প্ৰতিষ্ঠান
১৭ প্ৰবন্ধ
-
বড়ো সাহিত্য সভা
বড়ো সাহিত্য সভা (Bodo Sahitya Sabha, बर' थुनलाइ आफाद), হৈছে অসমৰ দ্বিতীয় বৃহৎ সাহিত্যিক আৰু সাংস্কৃতিক অনুষ্ঠান। বড়ো সাহিত্য-সংস্কৃতিৰ উন্নতি আৰু প্ৰসাৰৰ বাবে ১৯৫২ চনৰ ১৬ নৱেম্বৰত কোকৰাঝাৰ জিলাৰ (বর্তমান চিৰাং জিলা) বাসুগাঁও -ত বড়ো সাহিত্য সভা গঠন কৰা হয়।
-
অসম বিজ্ঞান সমিতি
অসম বিজ্ঞান সমিতি (Assam Science Society) বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে কাম কৰা এটা স্বেচ্ছাসেৱী সংগঠন। ইয়াক ১৯৫৩ চনৰ ১৩ ফ্ৰেব্ৰুৱাৰীত “গৌহাটী বিজ্ঞান সমিতি’’ নামেৰে প্ৰতিষ্ঠা কৰা হৈছিল।
-
ড॰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান
ড॰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (Dr. Bhupen Hazarika Regional Government Film and Television Institute) পূৰ্বৰ জ্যোতি চিত্ৰবন চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰশিক্ষণ প্ৰতিষ্ঠান সমগ্ৰ উত্তৰ-পূব ভাৰতৰ একমাত্ৰ চলচ্চিত্ৰ শিক্ষা প্ৰতিষ্ঠান।
-
অসম গণিত শিক্ষায়তন
অসম গণিত শিক্ষায়তন ( Assam Academy of Mathematics) হৈছে অসমৰ গণিত শিক্ষাৰ উন্নতিৰ কাৰণে অসমত জন্ম হোৱা এটি বেচৰকাৰী সংস্থা। ১৯৮৬ চনৰ ১৮ জুলাইত এই অনুষ্ঠানটিৰ জন্ম হয়।
-
অসমৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ তালিকা
উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, (North East Institute of Science and Technology, NEIST), যোৰহাট টোকোলাই চাহ গৱেষণা কেন্দ্ৰ (Tocklai Experimental Station), যোৰহাট বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট (Rain Forest Research Institute, Jorhat, RFRI) আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ, ডিব্ৰুগড়…
-
নকছাৰি মহাবিদ্যালয়
নকছাৰি মহাবিদ্যালয় (Nakachari College) যোৰহাট জিলা আৰু যোৰহাট লোকসভা সমষ্টি অন্তৰ্গত ১০১ নং মৰিয়নি বিধান সভা সমষ্টিৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী বৃহত্তৰ নকছাৰি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান।
-
চিলাৰায় জাতীয় বিদ্যালয়, মূলাগাঁও
চিলাৰায় জাতীয় বিদ্যালয়, মূলাগাঁও বঙাইগাঁও জিলাত অৱস্থিত এখন বেচৰকাৰী বিদ্যালয়, যি অসম জাতীয় বিদ্যালয়ৰ আধিনত পৰিচালিত হয়। এইখন বিদ্যালয়ত দশম শ্ৰেণীলৈকে পাঠদান কৰা হয়। ২০০৯ চনত প্ৰতিষ্ঠা হোৱা এইখন বিদ্যালয়ত ১৯ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰায় ৩০০ জন ছাত্ৰ-ছাত্ৰী আছে।
-
জাতীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসম
জাতীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসম (National Law University and Judicial Academy, Assam ) অসমৰ গুৱাহাটীত অৱস্থিত এখন ভাৰতৰ স্বায়ত্বশাসিত আইন বিদ্যালয়। এইখন ভাৰতৰ ১৭খন নামজ্বলা জাতীয় আইন বিদ্যালয়ৰ অন্যতম।
-
মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠ
মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠ ( Motiram Bora H.S. Balika Vidyapith) নগাঁও চহৰৰ মাজ-মজিয়াত প্ৰতিষ্ঠিত এটি শিক্ষানুষ্ঠান। ১৯৫৭ চনত স্থাপন কৰা এই বিদ্যালখনে ইতিমধ্যেই সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে।
-
সাপটগ্ৰাম মহাবিদ্যালয়
সাপটগ্ৰাম মহাবিদ্যালয় (ইংৰাজী: Sapatgram College) হৈছে অসমৰ ধুবুৰী জিলাৰ সাপটগ্ৰামত অৱস্থিত এটা উচ্চশিক্ষা প্ৰতিষ্ঠান। এই মহাবিদ্যালয়খনে পশ্চিম অসমৰ গাঁৱলীয়া অঞ্চলৰ শিক্ষাৰ প্ৰচাৰ আৰু বিস্তাৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে।
-
জ্যোতি কলা কেন্দ্ৰ
জ্যোতি কলা কেন্দ্ৰ (সম্পূৰ্ণ নাম: জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়) তেজপুৰত অৱস্থিত এখন সংগীতানুষ্ঠান। মহাবিদ্যালয় খনত মূলতঃ সংগীত আৰু নৃত্যৰ শিক্ষণ-প্ৰশিক্ষণ দিয়া হয়। ১৯৪০ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰে।
-
ঢকুৱাখনা নৰ্মাল স্কুল
নৰ্মাল স্কুল ঢকুৱাখনা, ঢকুৱাখনা মহকুমাৰ এখন শিক্ষানুষ্ঠান। চাৰি দশকযুৰি এই প্ৰতিষ্ঠানটোৱে ঢকুৱাখনা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত শিক্ষাৰ সুবিধা প্ৰদান কৰি আহিছে। ঢকুৱাখনা চহৰৰ নিকটতম চাৰিকৰীয়া নদীৰ পাৰত ঢকুৱাখনা নৰ্মাল স্কুল অৱস্থিত।
-
নাহৰকটীয়া মহাবিদ্যালয়
নাহৰকটীয়া মহাবিদ্যালয় (Naharkatiya College) কলা আৰু বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ এক কেন্দ্ৰস্থল। নাহৰকটীয়া মহাবিদ্যালয়খন ১৯৬৪ চনত স্থানীয় জনসাধাৰণৰ উদ্যোগত প্ৰতিষ্ঠিত হৈছিল। চহৰৰ শান্তিময় পৰিৱেশত থকা এই মহাবিদ্যালয়খন নাহৰকটীয়াৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দূৰত অৱস্থিত৷
-
বীৰঝৰা মহাবিদ্যালয়
বীৰঝৰা মহাবিদ্যালয় (ইংৰাজী: Birjhora Mahavidyalaya) হৈছে এখন সহ-শিক্ষা বিজ্ঞান মহাবিদ্যালয়। ইয়াক বীৰঝৰা বিজ্ঞান মহাবিদ্যালয় বুলিও জনা যায়। এই মহাবিদ্যালয়খন ১৯৮৬ চনত বঙাইগাঁওত প্ৰতিষ্ঠা কৰা হৈছিল।
-
ভাৰতীয় বেংক ব্যৱস্থাপনা প্ৰতিষ্ঠান
ভাৰতীয় বেংক ব্যৱস্থাপনা প্ৰতিষ্ঠান বা ইণ্ডিয়ান ইনষ্টিটিউট অৱ বেংক মেনেজমেণ্ট (Indian Institute of Bank Management) অসম গুৱাহাটীত অৱস্থিত এখন স্বায়ত্তশাসিত শৈক্ষিক গৱেষণা, প্ৰশিক্ষণ তথা বেংকিং পৰামৰ্শদাতা প্ৰতিষ্ঠান।
-
ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান গুৱাহাটী
ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান গুৱাহাটী চমুকৈ আই আই এম গুৱাহাটী বা আই আই এম-জি অসমৰ গুৱাহাটীত অৱস্থিত এখন ৰাজহুৱা ব্যাৱসায়িক বিদ্যালয়। ২০২৫ চনত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (সংশোধনী) বিধেয়ক, ২০২৫ৰ জৰিয়তে প্ৰতিষ্ঠা কৰা হৈছে।
-
লাচিত বৰফুকন পুলিচ একাডেমী
লাচিত বৰফুকন পুলিচ একাডেমী (ইংৰাজী: Lachit Barphukan Police Academy) গোলাঘাট জিলাৰ দেৰগাঁৱত অন্তৰ্গত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ। পূৰ্বতে অসমআৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় নামেৰে পৰিচিত এই প্ৰশিক্ষণ কেন্দ্ৰ অসমৰ বীৰ তথা আহোম সেনাপতি লাচিত বৰফুকনৰ প্ৰতি সন্মান জনাই লাচিত বৰফুকন পুলিচ একাডেমী নামেৰে…