আহোম ৰাজ্যৰ ৰাজধানী
৯ প্ৰবন্ধ
-
যোৰহাট
যোৰহাট অসমৰ উজনি অংশৰ এখন ঐতিহাসিক আৰু সাংস্কৃতিকভাৱে প্ৰভাৱশালী নগৰ, আৰু যোৰহাট জিলাৰ সদৰ। আহোম শাসনৰ অন্তিম ৰাজধানী হিচাপে ইয়াৰ ঐতিহ্য, উচ্চ স্বাক্ষৰতাৰ ধাৰা, আৰু চাহ-গৱেষণাকে ধৰি আধুনিক শিক্ষাগৱেষণা প্ৰতিষ্ঠানসমূহে চহৰখনক বিশেষ গুৰুত্ব দিছে।
-
শিৱসাগৰ
শিৱসাগৰ অসমৰ শিৱসাগৰ জিলাৰ জিলা সদৰ আৰু টাই-আহোম যুগৰ ঐতিহাসিক কীৰ্তিচিহ্নেৰে সমৃদ্ধ এক গুৰুত্বপূৰ্ণ নগৰ। শিৱসাগৰ পুখুৰী আৰু তাৰ কাষৰ দ’লসমূহৰ লগতে ৰংপুৰ-গড়গাঁও এলেকাৰ স্থাপত্যই এই নগৰক অসমৰ ইতিহাস-সংস্কৃতি অধ্যয়নৰ কেন্দ্ৰবিন্দু কৰি তোলে।
-
চৰাইদেউ জিলা
চৰাইদেউ জিলা অসমে ২০১৫ চনত গঠন কৰা এখন তুলনামূলক নতুন প্ৰশাসনিক জিলা, যাৰ ঐতিহাসিক কেন্দ্ৰবিন্দু প্ৰাচীন আহোম ৰাজধানী চৰাইদেউ। আহোম যুগৰ স্মৃতিচিহ্ন, বিশেষকৈ মৈদাম-সংস্কৃতি আৰু ৰাজপথসমূহৰ বাবে জিলাখন অসমৰ ইতিহাস-ঐতিহ্য অধ্যয়নত গুৰুত্বপূৰ্ণ।
-
গড়গাঁও
গড়গাঁও আহোম ৰাজ্যৰ এক গুৰুত্বপূৰ্ণ ঐতিহাসিক ৰাজধানী আৰু কৌশলগত দুৰ্গনগৰ আছিল। শিৱসাগৰ জিলাত অৱস্থিত এই স্থান বিশেষকৈ কাৰেংঘৰ আৰু বহুতলীয়া গড়-খাৱৈভিত্তিক নিৰাপত্তা ব্যৱস্থাৰ বাবে পৰিচিত।
-
নামৰূপ
নামৰূপ (Namrup) হৈছে পাটকাই পৰ্বত শ্ৰেণী (ম্যানমাৰৰ লগত সংযোগ হৈ থকা পূৰ্বাঞ্চল শ্ৰেণী)ৰ নামনি অঞ্চলত অসমৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত আৰু ডিব্ৰুগড় জিলাৰ এখন সৰু লোকপিয়ল নগৰ তথা অসম ৰাজ্য বা মুং দুন চুন খামৰৰ তৃতীয় ৰাজধানী।। নামৰূপৰ মাজেদি দিচাং নদী বৈ গৈছে। ই অসমৰ এখন উল্লেখযোগ্য উদ্যোগিক ঠাই।
-
টিপাম
টিপাম বা তিপাম অসমৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া মহকুমাৰ টিপাম ফাকিয়াল গাঁও পঞ্চায়তৰ এখন ঐতিহাসিক গাঁও। ডিন বুৰঞ্জীৰ মতে টিপামক অসম ৰাজ্য বা মুং দুন চুন খামৰৰ দ্বিতীয় ৰাজধানী। ঐতিহাসিকভাৱে টিপামৰ নাম ১২২৮ খ্ৰীষ্টাব্দৰ পৰাই লিপিবদ্ধ হৈ আছে।
-
ৰংপুৰ (আহোম ৰাজধানী)
ৰংপুৰ (চে'-মুন (𑜋𑜦𑜧 𑜉𑜤𑜃𑜫) ইংৰাজী ভাষা:Rangpur,) আছিল আহোম ৰাজ্যৰ চতুৰ্থ ৰাজধানী, যি স্বৰ্গদেউ ৰুদ্ৰ সিংহই ১৭০৭ চনত "মেটেকা" নামৰ ঠাইত স্থাপন কৰিছিল। বৰ্তমানে এই ঠাইটো শিৱসাগৰ চহৰৰ এখন অংশ।
-
বকতা
বকতা চুহুংমুঙে (১৪৯৭–১৫৩৯) ১৬ শতিকাত প্ৰতিষ্ঠা কৰা আহোম ৰাজ্যৰ ৰাজধানী আছিল। যিহেতু তেওঁৰ ৰাজধানী দিহিং নদীৰ পাৰ আছিল, গতিকে চুহুংমুঙক দিহিঙীয়া ৰজা বুলিও জনা যায়। পৰৱৰ্তী ৰজা চুক্লেনমুঙে (১৫৩৯-১৫৫২) ৰাজধানী গড়গাঁওলৈ স্থানান্তৰিত কৰে।
-
টাই ভেটি
টাই ভেটি (ইংৰাজী ভাষা:Tai Bheti) হ'ল চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰা আগতে খেতি কৰি থাকি যোৱা এটা অঞ্চল। বৰ্তমান ঠাইখন আহোম জনসংখ্যাৰে আবৃত আৰু পৌৰাণিক পৰ্যটন স্থলী ৰূপে পৰিণত হৈছে। মুখ্য পৰ্যটনৰ আকৰ্ষণ হল স্থানীয় ম'চাম আৰু ফুৰালুং সংঘৰ দ্বাৰা পৰিচালিত হাবুং হ'ফি বা ৰু'এন চাও ছেঙখন।