ভাৰতীয় সংগীতকাৰ যুটী
৪ প্ৰবন্ধ
-
জীতু-তপন
জীতু-তপন (Jitu-Tapan) ভাৰতীয় চলচ্চিত্ৰৰ, বিশেষকৈ বলিউডী আৰু অসমীয়া ছবিৰ জনপ্ৰিয় সঙ্গীতকাৰ যুটী। ১৯৭১ চনত মানৱ আৰু দানৱ ছবিৰ যোগেদি প্ৰথম চলচ্চিত্ৰৰ সঙ্গীত পৰিচালনা কৰা এই যুটীটোৱে ১৯৭২ চনত মুম্বাইলৈ যায় আৰু হিন্দী ছবিৰ সৈতে জড়িত হৈ পৰে।
-
ছাজিদ-ৱাজিদ
ৱাজিদ খান (Wajid Ali Khan) আৰু ছাজিদ খান (Sajid Ali Khan) হৈছে বলিউদৰ সফল সংগীত পৰিচালক। তেওঁলোকে যুটীয়াকৈ হিন্দী চিনেমাৰ সংগীত পৰিচালনা কৰিছিল। তেওঁলোকৰ যুটীটো ছাজিদ-ৱাজিদ নামেৰে জনপ্ৰিয়। তেওঁলোকৰ দেউতাক ওস্তাদ চাৰাফত আলি খান এগৰাকী বিখ্যাত তবলা বাদক। মাতৃ ৰজিয়া খান।
-
লক্ষ্মীকান্ত-প্যাৰেলাল
লক্ষ্মীকান্ত-প্যাৰেলাল (Laxmikant–Pyarelal) হৈছে এটি জনপ্ৰিয় ভাৰতীয় সংগীতজ্ঞ যুটি। সুকীয়াকৈ তেওঁলোকৰ নাম হ’ল; লক্ষ্মীকান্ত শান্তাৰাম কুদলকাৰ (১৯৩৭-১৯৯৮) আৰু প্যাৰেলাল ৰামপ্ৰসাদ শৰ্মা (জন্ম ১৯৪০)।
-
চেলিম-চুলেমান
চেলিম-চুলেমান (Salim–Sulaiman) হৈছে ভাৰতীয় সুৰকাৰৰ এটি যুটি। এই দুয়ো ককাই-ভাই হ'ল ক্ৰমে চেলিম মাৰ্চেণ্ট আৰু চুলেমান মাৰ্চেণ্ট। দুয়োৱে প্ৰধানকৈ হিন্দী চলচ্চিত্ৰৰ বাবে সংগীত ৰচনা কৰে।