একেশ্বৰবাদৰ মতে, ভগৱান হৈছে অতি মানৱ আৰু বিশ্বাসৰ মূল বিষয়।১ সৰ্বেশ্বৰবাদত ইশ্বৰৰ ধাৰণাক সৰ্বজ্ঞ (infinite knowledge), সৰ্ব শক্তিমান (unlimited power), সৰ্বত্ৰ বিৰাজমান (present everywhere), স্বৰ্গীয় সৰলতাযুক্ত, আৰু এটা নিয়ন্ত্ৰণকাৰী আৰু প্ৰয়োজনীয় অস্তিত্ব বুলি ব্যাখ্যা কৰে। বহুতে ভগৱানক সৰ্ব গুণাকৰ (perfectly good), আৰু সৰ্ব প্ৰেমী বুলিও বৰ্ণনা কৰে। ভগৱানৰ প্ৰায়ে শৰীৰ বিহীন,১ আৰু যিকোনো মানৱীয় জৈৱিক লিংগহীন বুলি গণ্য কৰা হয়,২৩ তথাপিও প্ৰত্যক্ষভাৱে ভগৱানে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি কৰা ধাৰণা (পৰোক্ষভাৱে অসমৰ্থিত)৪ অনুসৰি বহুতো ধৰ্মত ভগৱানক উভয় লিংগবাচক নামেৰে হিচাপে বৰ্ণনা কৰা হয়, যেনে "তেওঁ" বা "পিতা" আদি। ইয়াৰোপৰি, কিছুমান ধৰ্মত (যেনে ইহুদী ধৰ্ম) ভগৱানক কেৱল এটা বিশুদ্ধ ব্যায়াকৰণিক ভগৱান "লিংগ" হিচাপে ধৰা দেখা যায়।৫
Theismৰ মতে, ভগৱান হৈছে ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা আৰু পালনকৰ্তা, আনহাতে Deismৰ মতে, ভগৱান সৃষ্টিকৰ্তা, কিন্তু বিশ্বব্ৰহ্মাণ্ডৰ পালনকৰ্তা নহয়। Pantheismৰ মতে, ভগৱান নিজেই বিশ্বব্ৰহ্মাণ্ড। নাস্তিকতা মতে, ভগৱানৰ কোনো অস্তিত্ব নাই, আনহাতে অজ্ঞেয়বাদ অনুসৰি ভগৱান অজানা বা ভগৱান সম্পৰ্কে কোনেও একো নেজানে। ভগৱানক অমূৰ্ত (নিৰাকাৰ), এক ব্যক্তিগত সত্তা, সকলো নৈতিক কৰ্মৰ উৎস, আৰু "বৃহৎ বোধগম্য অস্তিত্ব" বুলিও ভবা হয়।১ ভগৱানৰ অস্তিত্বৰ সমৰ্থন আৰু বিৰোধিতা কৰি বহু বিখ্যাত দাৰ্শনিকে বিভিন্ন ধৰণৰ যুক্তি সৃষ্টি কৰিছে।
ভগৱানক বহু নামেৰে জনা যায়, আৰু বিভিন্ন নামবোৰ ভগৱান পৰিচয় আৰু প্ৰকাশৰ বিভিন্ন সাংস্কৃতিক ধাৰণাৰ হৈতে সংযোজিত। এটেন ধৰ্মৰ পুৰণি ইজিপ্তিয়ান যুগত, সম্ভৱতঃ বৰ্তমানলৈকে আবিস্কৃত আটাইতকৈ পুৰণি একেশ্বৰবাদী ধৰ্মত, ভগৱানক এটেন বুলি কোৱা হৈছিল,৬ একমাত্ৰ "প্ৰকৃত" পৰম সত্তা আৰু বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তাৰ মান্যতা দিয়া হৈছিল।৭ হিব্ৰু বাইবেল আৰু ইহুদী ধৰ্মত, "তেঁৱেই যি জন", "ময়েই সেই মই", আৰু সেই টেট্ৰাগ্ৰামাটন YHWH (יהוה, যাৰ অৰ্থ: "ময়েই সেই জন যিজন মই"; "তেওঁ যি বিৰাজমান") আদি শব্দৰে ভগৱানক বুজাইছিল, অন্যহাতে YHWHৰ ভাষান্তৰ হিচাপে খ্ৰীষ্টান ধৰ্মত কেতিয়াবা য়াহৱেহ আৰু যেহ'ৱাহ ব্যৱহাৰ কৰা হয়। খ্ৰীষ্টান ট্ৰিনিটী সিদ্ধান্ত মতে, ভগৱান, তিনিজন ব্যক্তিৰূপত বিৰাজমান, যাক পিতা, পুত্ৰ, আৰু পবিত্ৰ আত্মা বুলি কোৱা হয়। ইহুদী ধৰ্মত ভগৱানক, নামমাত্ৰ নাম এল'হিম বা আড'নাইৰে বুজায়, কিছু বিশেষজ্ঞৰ মতে এই নামৰ অদ্যাক্ষৰ ইজিপ্তিয়ান এটেনৰ পৰা আহৰণ কৰা হৈছে।৮৯১০১১১২ ইছলামত ভগৱান বুজোৱা অসংখ্য নাম আছে, তাৰ ভিতৰত আল্লাহ, "আল-এল", বা "আল-এলাহ" ("ভগৱান") আদি বেছিকৈ ব্যৱহাৰ কৰে, হিন্দু ধৰ্মত, ব্ৰাহ্মণ শব্দটো প্ৰায়ে বেদান্তৰ দেৱতাক বুজাবলৈ ব্যৱহাৰ কৰা হয়।১৩ সেইদৰে, বাহাই ধৰ্মত বাহা,১৪ শিখ ধৰ্মত ৱাহেগুৰু,১৫ আৰু জ'ৰোৱাষ্ট্ৰিয়ান ধৰ্মত আহোৰা মাজদা বুলি কয়।১৬
ভগৱান সম্পৰ্কীয় বিভিন্ন মতবাদ, আৰু ভগৱানৰ বৈশিষ্ট, উদ্দেশ্য, আৰু কাৰ্যসমূহৰ প্ৰতিযোগিতামূলক দাবীবোৰে সমস্তবাদ, সৰ্বেশ্বৰবাদ,১৭১৮ আদি ধাৰণা বা এক চিৰস্থায়ী দৰ্শন বিকাশৰ দিশলৈ আগবঢ়াই নিয়ে, যি নিৰ্ণয় কৰে যে সকলো ধৰ্মই কেৱল এক আংশিক বোধগম্যতা প্ৰকাশ কৰে, আৰু যিয়ে "বিভিন্ন বিখ্যাত ধৰ্মসমূহৰ উপাসকসকলে এক প্ৰকাৰে সেই এজন ভগৱানকেই উপাসনা কৰে, কিন্তু যদিও ভিন্ন, তেওঁৰ সম্পৰ্কে ধাৰণা বা মানসিক চিত্ৰখন সানমিহলি হৈ থাকে। " এই সত্যটোকেই প্ৰতিপন্ন কৰে।১৯
জনশ্ৰুতি আৰু ব্যৱহাৰ

ত 'আল্লাহ' শব্দটো]]
ইংৰাজী ভাষাত, বৰফলাত লিখা গড (God) শব্দই একেশ্বৰবাদৰ "ভগৱান" আৰু সৰ্বেশ্বৰবাদৰ "দেৱতা"ৰ মাজৰ পাৰ্থক্য প্ৰদৰ্শন কৰে।২০২১
বাইবেলৰ বহুতো অনুবাদত, যদি লৰ্ড (LORD) শব্দটোৰ আটাইকেইটা আখৰ বৰফলাৰ হয় তেতিয়া ই বিশেষভাৱে টেট্ৰাগ্ৰামাটনক বূজায়।২২
বহুবচনহীন আৰবিক শব্দ আল্লাহ (الله) মুছলমান আৰু আৰবিক কোৱা খ্ৰীষ্টান আৰু জিউছসকলে "দ্য গড" ("The God" বৰফলাৰ G) অথবা ভগৱানক বুজাবলৈ ব্যৱহাৰ কৰে, আনহাতে "ইল্লাহ" (إله) শব্দ কোনো উপাস্য বা সাধাৰণ দেৱতাৰ বাবে ব্যৱহাৰ কৰে।২৩২৪২৫ হিন্দু ধৰ্মৰ একেশ্বৰবাদৰ সোঁতত ভগৱানৰ নামবাচক শব্দ, প্ৰথমে শ্ৰীমদ্ভগৱতগীতাত কৃষ্ণ-বাসুদেৱ বা পিছলৈ বিষ্ণু আৰু হৰি নামৰ ব্যৱহাৰেৰে ভগৱানৰ ব্যক্তি প্ৰকৃতি উদ্ভাসিত কৰিছে।২৬ জ'ৰোৱাষ্ট্ৰিন ধৰ্মত ভগৱান বুজাবলৈ আহোৰা মাজদা শব্দ ব্যৱহাৰ কৰা হয়। এই 'মাজদা' বা ইয়াৰ এভেষ্টান মূল-ৰূপ 'মাজ্ধা'ই প্ৰাক-ইৰাণীয় 'মাজ্দাহ' (স্ত্ৰী) শব্দক প্ৰতিফলিত কৰে। ইয়াৰ সদৃশ 'বোধ' বা 'জ্ঞান' বুজোৱা সংস্কৃত ভাষা শব্দ 'মেধা'ৰ দৰে ইয়াক আত্মাৰ নামবাচক শব্দৰূপে ব্যৱহাৰ কৰা হয়। এভেষ্টান আৰু সংস্কৃত দুয়োটা শব্দই প্ৰাক-ইণ্ডো-ইউৰোপীয় ম্নেছদ্হেহ1, আক্ষৰিক অৰ্থ "কাৰোবাৰ মনত ("ম্নেছ") স্থাপিত কৰা (দ্হেহ1'')", অৰ্থাৎ "জ্ঞান"ৰ পৰা আহৰিত প্ৰাক-ইণ্ডো-ইৰাণীয় 'মাজ্ধা'ক প্ৰতিফলিত কৰে। ২৭ ভগৱানক বুজাবলৈ শিখ ধৰ্মত প্ৰায়ে ৱাহেগুৰু পদটো ব্যৱহাৰ কৰা হয়। পঞ্জাবী ভাষাত ইয়াৰ অৰ্থ হৈছে "আচৰ্যজনক শিক্ষক"। ৱাহি (মধ্য পাচ্যৰ পৰা আমদানীকৃত) মানে "আচৰ্যজনক" আৰু গুৰু মানে "শিক্ষক"। সকলো বৰ্ণনাৰ উৰ্ধত কিছুলোকে ৱাহেগুৰু মানে পৰমানন্দৰ অভিজ্ঞতা বুলিও ব্যাখ্যা কৰে। "ৱাহিগুৰু" শব্দৰ আটাইতকৈ সাধাৰণ ব্যৱহাৰ হৈছে শিখ সকলে এজনে আনজনক শুভেচ্ছা জনাবলৈ ইয়াক ব্যৱহাৰ কৰে: ৱাহিগুৰু জী কা খালছা, ৱাহিগুৰু জী কি ফটেহ আচৰ্যজনক গুৰুৰ খালছা, আচৰ্যজনক ইশ্বৰৰ বিজয়ৰ অৰ্থে। বাহা, হৈছে বাহাই ধৰ্মত ভগৱানক বুজোৱা "আটাইতকৈ মহান" নাম, ইয়াৰ আৰবিক অৰ্থ হৈছে "সৰ্ব-প্ৰসিদ্ধ"।
তথ্যসূত্ৰ
- ↑ Swinburne, R.G. "God" in Honderich, Ted. (ed)The Oxford Companion to Philosophy, Oxford University Press, 1995
- ↑ David Bordwell, 2002, Catechism of the Catholic Church,Continuum International Publishing ISBN 978-0-86012-324-8 page 84
- ↑ Catechism at the Vatican website
- ↑ Lang, David; Kreeft, Peter. (2002). Why Matter Matters: Philosophical and Scriptural Reflections on the Sacraments. Our Sunday Visitor. ISBN 978-1931709347
- ↑ "G-d has no body, no genitalia, therefore the very idea that G-d is male or female is patently absurd. Although in the Talmudic part of the Torah and especially in Kabalah G-d is referred to under the name 'Sh'chinah' - which is feminine, this is only to accentuate the fact that all the creation and nature are actually in the receiving end in reference to the creator and as no part of the creation can perceive the Creator outside of nature, it is adequate to refer to the divine presence in feminine form. We refer to G-d using masculine terms simply for convenience's sake, because Hebrew has no neutral gender; G-d is no more male than a table is." Judaism 101. "The fact that we always refer to God as 'He' is also not meant to imply that the concept of sex or gender applies to God." Rabbi Aryeh Kaplan, The Aryeh Kaplan Reader, Mesorah Publi
- ↑ Jan Assmann, Religion and Cultural Memory: Ten Studies, Stanford University Press 2005, p.59
- ↑ M. Lichtheim, Ancient Egyptian Literature, Vol.2, 1980, p.96
- ↑ Freud, S. (1939). Moses and Monotheism: Three Essays
- ↑ Gunther Siegmund Stent, Paradoxes of Free Will. American Philosophical Society, DIANE, 2002. 284 pages. Pages 34 - 38. ISBN 0-87169-926-5
- ↑ Jan Assmann, Moses the Egyptian: The Memory of Egypt in Western Monotheism. Harvard University Press, 1997. 288 pages. ISBN 0-674-58739-1
- ↑ N. Shupak, The Monotheism of Moses and the Monotheism of Akhenaten. Sevivot, 1995
- ↑ William F. Albright, From the Patriarchs to Moses II. Moses out of Egypt. The Biblical Archaeologist, Vol. 36, No. 2 (May, 1973), pp. 48-76. doi 10.2307/3211050
- ↑ Pantheism: A Non-Theistic Concept of Deity - Page 136, Michael P. Levine - 2002
- ↑ A Feast for the Soul: Meditations on the Attributes of God: ... - Page x, Baháʾuʾlláh, Joyce Watanabe - 2006
- ↑ Philosophy and Faith of Sikhism - Page ix, Kartar Singh Duggal - 1988
- ↑ The Intellectual Devotional: Revive Your Mind, Complete Your Education, and Roam confidently with the cultured class, David S. Kidder, Noah D. Oppenheim, page 364
- ↑ Raphael Lataster. (2013). There was no Jesus, there is no God: A Scholarly Examination of the Scientific, Historical, and Philosophical Evidence & Arguments for Monotheism. পৃ. 165. ISBN 1492234419
- ↑ Alan H. Dawe. (2011). The God Franchise: A Theory of Everything. পৃ. 48. ISBN 0473201143
- ↑ Christianity and Other Religions, by John Hick and Brian Hebblethwaite. 1980. Page 178
- ↑ Webster's New World Dictionary; "God n. ME < OE, akin to Ger gott, Goth guth, prob. < IE base * ĝhau-, to call out to, invoke > Sans havaté, (he) calls upon; 1. any of various beings conceived of as supernatural, immortal, and having special powers over the lives and affairs of people and the course of nature; deity, esp. a male deity: typically considered objects of worship; 2. an image that is worshiped; idol 3. a person or thing deified or excessively honored and admired; 4. [G-] in monotheistic religions, the creator and ruler of the universe, regarded as eternal, infinite, all-powerful, and all-knowing; Supreme Being; the Almighty"
- ↑ Dictionary.com; "God /gɒd/ noun: 1. the one Supreme Being, the creator and ruler of the universe. 2. the Supreme Being considered with reference to a particular attribute. 3. (lowercase) one of several deities, esp. a male deity, presiding over some portion of worldly affairs. 4. (often lowercase) a supreme being according to some particular conception: the God of mercy. 5. Christian Science. the Supreme Being, understood as Life, Truth, Love, Mind, Soul, Spirit, Principle. 6. (lowercase) an image of a deity; an idol. 7. (lowercase) any deified person or object. 8. (often lowercase) Gods, Theater. 8a. the upper balcony in a theater. 8b. the spectators in this part of the balcony."
- ↑ Barton, G.A. (2006). A Sketch of Semitic Origins: Social and Religious. Kessinger Publishing. ISBN 1-4286-1575-X
- ↑ God. Islam: Empire of Faith. PBS
- ↑ "Islam and Christianity", Encyclopedia of Christianity (2001): Arabic-speaking Christians and Jews also refer to God as Allāh
- ↑ L. Gardet. Allah. Encyclopaedia of Islam Online
- ↑ Hastings 2003, পৃ. 540
- ↑ Boyce 1983, পৃ. 685
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভগৱান” প্ৰবন্ধৰ সংশোধন ৬৩২০৯৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।