অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গংগুবাই কোঠেৱালী

গংগুবাই হৰজীৱনদাস (Gangubai Harjivandas) পৰিচিত আৰু জনপ্ৰিয় নাম হৈছে গংগুবাই কোঠেৱালী আৰু গংগুবাই কাঠিয়াৱাড়ী৷ তেওঁ আছিল এগৰাকী ভাৰতীয় পতিতা আৰু কুৰি শতিকাৰ '৭০ৰ দশকত মুম্বাইৰ কামাথিপুৰা এলেকাত গঢ় লৈ উঠা এটা পতিতালয়ৰ গৰাকীনী বা 'ম্যাডাম'৷ ২০১১ চনত প্ৰকাশিত হুছেইন জাইদীৰ অকাহিনীমূলক…

হালনাগাদ: ৩১ জুলাই ২০২৬ ২৭৮ শব্দ · ২ মিনিট সংগৃহীত ৪৬
সংশোধনৰ পৰামৰ্শ

গংগুবাই হৰজীৱনদাস (Gangubai Harjivandas) পৰিচিত আৰু জনপ্ৰিয় নাম হৈছে গংগুবাই কোঠেৱালী আৰু গংগুবাই কাঠিয়াৱাড়ী৷ তেওঁ আছিল এগৰাকী ভাৰতীয় পতিতা আৰু কুৰি শতিকাৰ '৭০ৰ দশকত মুম্বাইৰ কামাথিপুৰা এলেকাত গঢ় লৈ উঠা এটা পতিতালয়ৰ গৰাকীনী বা 'ম্যাডাম'৷ ১ ২

২০১১ চনত প্ৰকাশিত হুছেইন জাইদীৰ অকাহিনীমূলক অপৰাধভিত্তিক গ্ৰন্থ মাফিয়া কুইনচ অৱ মুম্বাইত গংগুবাইৰ বিষয়ে উল্লেখ আছে৷ ৩

২০২২ চনৰ ২৫ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা সঞ্জয় লীলা ভাঞ্চালীৰ দ্বাৰা নিৰ্দেশিত আৰু মুখ্য চৰিত্ৰত আলিয়া ভাটৰ দ্বাৰা অভিনীত হিন্দী ভাষাৰ আত্মজীৱনীমূলক কথাছবি 'গংগুবাই কাঠিয়াৱাড়ী'য়ে গংগুবাই হৰজীৱনদাসৰ জীৱনদ্দশাক প্ৰতিনিধিত্ব কৰিছে৷ ২

জীৱন

১৯৪০ৰ দশকৰ গুজৰাটৰ কাঠিয়াৱাড় গাঁৱত গংগুবাইৰ জন্ম হয়৷ জন্মতে তেওঁৰ নাম আছিল গংগা হৰজীৱনদাস৷ যৌৱনাৱস্থাতে গংগুবাইয়ে পিতৃৰ গাণনিক ৰামনিক লালৰ লগত মুম্বাইৰ চহৰলৈ পলাই আহে৷ ইয়াৰ আগতে দুয়োয়ে সংগোপনে বিবাহ-পাশত আবদ্ধ হয়৷ কিন্তু গিৰিয়েক ৰামনিকে গংগুবাইৰ লগত প্ৰবঞ্চনা কৰে আৰু তাইক পতিতাবৃত্তিত পাঁচশ টকাৰ বিনিময়ত বিক্ৰী কৰে৷ গংগুবাইৰ জীৱনক ৰেখাপাত কৰা হুছেইন জাইদীৰ গ্ৰন্থ 'মাফিয়া কুইনছ অৱ মুম্বাই'ত গংগুবাইৰ বিষয়ে অনেক গুৰুত্বপূৰ্ণ তথ্য সন্নিৱিষ্ট হৈছে৷ ৪৫ লিখক হুছেইনৰ মতে, গংগুবাইৰ উচ্চতা বৰ বেছি নহয়৷ পাঁচ ফুট পাঁচ ইঞ্চিমানহে হ'ব৷ পতিতাবৃত্তিৰ লগত অনাকাংক্ষিতভাৱে পৰিচিত হৈ গংগুবাইয়ে পূৰ্বৰ গংগা নামটো সলাই পেলায় আৰু তাৰ ঠাইত গংগু বুলি আত্মপৰিচয় দিবলৈ আৰম্ভ কৰে৷ ২

প্ৰথমাৱস্থাত গংগুবাইয়ে একাধিক অস্বস্তিদায়ক পৰিস্থিতিৰ সমুখীন হৈছিল যদিও পাছলৈ মুম্বাইৰ আণ্ডাৰৱৰ্ল্ডৰ সান্নিধ্যলৈ আহে আৰু সেইসূত্ৰেই চৌপাশৰ অঞ্চল আৰু সমাজত পৰিচয় লাভ কৰে৷ গংগুবাইৰ প্ৰতিৰক্ষাৰ দায়িত্বত আছিল কৰিম লালা৷ কৰিম লালাক সেইসময়ত মুম্বাইৰ এজন কুখ্যাত ডন হিচাপে জনা যায়৷ কামথিপুৰাৰ এই এলেকাটো কৰিম লালাৰ অধীনত আছিল৷ ৬কোৱা হয় যে, গংগুবাইয়ে কৰিম লালাক ৰাখী পিন্ধাইছিল৷ কিয়নো গংগুবাইক দুবাৰকৈ ধৰ্ষণ কৰা তাৰ এজন গুণ্ডাৰ পৰা কৰিম লালাই ৰক্ষা কৰিব বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছিল৷ মুম্বাইৰ কামাথিপুৰাত গংগুবাইয়ে এগৰাকী যৌনকৰ্মী হিচাপে কাম আৰম্ভ কৰে আৰু ক্ৰমাৎ সেই অঞ্চলত থকা বহুকেইখন পতিতালয়ৰ গৰাকীনী হয় আৰু সেইবোৰৰ পৰিচালনাও কৰে৷ স্থানীয় 'ঘৰৱালী' নিৰ্বাচন জয়ী হোৱাৰ পিছত গংগুবাইয়ে নিজৰ নামৰ পিছত 'ক'ঠেৱালী' উপাধি সংযুক্ত কৰে৷ কম বয়সতে গংগুবাই পতিতালয়ৰ ম্যাডাম হিচাপে স্বীকৃত হয়৷ সাধাৰণতে এই নিৰ্বাচনবোৰৰ জৰিয়তে কামাথিপুৰাৰ যৌন কৰ্মীৰ মাজত তেওঁলোকৰ স্থিতি আৰু স্থান নিৰ্ধাৰণ কৰা হৈছিল৷ জাইদিয়ে কিতাপখনত উল্লেখ কৰা অনুসৰি, গংগুবাইয়ে কেতিয়াও নাৰীক নিজৰ ইচ্ছাৰ অসন্মতিত যৌন বৃত্তিলৈ টানি অনা নাছিল৷ কিশোৰীক তেওঁ কেতিয়াও পতিতাবৃত্তি গ্ৰহণ কৰিবলৈ নিদিছিল৷ ৬আনকি ব্যৱসায় আৰু অৰ্থৰ পৰিৱৰ্তে নাৰীৰ এই স্বাধীনতাক অগ্ৰাধিকাৰ দিয়া গংগুবাইয়ে সেইসময়ত একমাত্ৰ 'ম্যাডাম' আছিল৷ ২

গংগুবাইয়ে যৌন কৰ্মী আৰু অনাথ শিশুৰ কল্যাণ আৰু উত্তৰণৰ হকে কাম কৰিছিল৷৭

ৰেড লাইট এলেকাবোৰৰ সুৰক্ষাৰ অনুমোদন বিচাৰি গংগুবাইয়ে ভাৰতৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুকো সাক্ষাৎ কৰিছিল৷৬

জনপ্ৰিয় মাধ্যমত

মুম্বাইৰ অনুসন্ধানমূলক সাংবাদিক আৰু লেখক এছ. হুছেইন জাইদীয়ে সাংবাদিক জন বৰ্গেছৰ সৈতে লগ হৈ লিখা মাফিয়া কুইনছ অৱ মুম্বাইত সন্নিৱিষ্ট তেৰগৰাকী মুম্বাইৰ নাৰীৰ ভিতৰত গংগুবাইৰ জীৱনকো সামৰিছে৷ এই গ্ৰন্থখন ১৫ এপ্ৰিল ২০১১ চনত 'ট্ৰেংকুবাৰ'-এ প্ৰকাশ কৰিছিল৷ গ্ৰন্থখনৰ ভাষা-ইংৰাজী৷ ৮

হুছেইন জাইদীৰ গ্ৰন্থখনৰে এটা অধ্যায়ক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হিন্দী ভাষাৰ কথাছবি 'গংগুবাই কাঠিয়াৱাড়ী'য়ে ২০২২ চনৰ ২৫ ফেব্ৰুৱাৰীত ভাৰতৰ ছবিগৃহত মুক্তিলাভ৯ কৰে৷ এই ছবিখনৰ পৰিচালক হৈছে সঞ্জয় লীলা ভাঞ্চালী আৰু মুখ্য চৰিত্ৰত অভিনয় কৰিছে আলিয়া ভাটে৷ ছবিখনে দৰ্শক-সমালোচকৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰে৷১০১১১২

তথ্যসূত্ৰ

  1. ↑ (Mar 02, 2022 at 15:59). Real Vs. Reel Images Of Characters And Places Showcased In 'Gangubai Kathiawadi'. ScoopWhoop
  2. ↑ Jain, Sanya. (March 01, 2021 9:19 am IST). Who Was Gangubai Kathiawadi: The Woman Alia Bhatt Will Portray In Her Latest Film. NDTV
  3. ↑ আৰ্কাইভ কপি
  4. ↑ (2019-09-22). Know Gangubai Kothewali, The Legendary Brothel Madam Alia Bhatt Will Be Playing In SLB's Next. Desimartini
  5. ↑ (2019-09-25). गंगूबाई कोठेवाली-पति ने ₹500 में बेचा था,भंसाली उनपर फिल्म बनाएंगे. Quint Hindi
  6. ↑ Bhati, Divya. (25 Feb, 2022). Gangubai Kathiawadi - The Real Story of The Mafia Queen of Mumbai. jagarantv
  7. ↑ www.indiatvnews.com/entertainment/bollywood/who-
  8. ↑ www.hindustantimes.com/books/review-mafia-queens
  9. ↑ www.imdb.com/title/tt10083340/
  10. ↑ timesofindia.indiatimes.com/entertainment/hindi/
  11. ↑ indianexpress.com/article/entertainment/movie-re
  12. ↑ www.theguardian.com/film/2022/feb/27/gangubai-ka

সম্পৰ্কিত শ্ৰেণী

যৌনকৰ্মীপতিতাবৃত্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গংগুবাই কোঠেৱালী” প্ৰবন্ধৰ সংশোধন ৬২১৯২৯ (৩১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।