পোখালি (দেশ)
১৪ প্ৰবন্ধ
-
চীন
চীন, চৰকাৰীভাৱে গনপ্ৰজাতন্ত্ৰী চীন পূব এছিয়াৰ এখন ৰাষ্ট্ৰ। ১৩০ কোটি জনসংখ্যাৰ অধিকাৰী চীন পৃথিৱীৰ সবাতোকৈ জনবহুল আৰু আয়তনৰ দিশৰপৰা এছিয়াৰ সৰ্ববৃহৎ ৰাষ্ট্ৰ। ইয়াৰ আয়তন প্ৰায় আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমান।
-
ৰাছিয়া
ৰাছিয়া, হৈছে উত্তৰ ইউৰেছিয়াৰ এখন ৰাষ্ট্ৰ। ই এখন ফেডাৰেল অৰ্ধ-ৰাষ্ট্ৰপতিয় প্ৰজাতন্ত্ৰ। 17075400 বৰ্গ কি.মি. মাটি-কালিৰ সৈতে ই, পৃথিৱীৰ আটাইতকৈ বৃহৎ ৰাষ্ট্ৰ। পৃথিৱীৰ বসবাসযোগ্য অঞ্চলৰ প্ৰায় এক অষ্টমাংশ অঞ্চল ৰাছিয়াই অধিকাৰ কৰি আছে।
-
জাৰ্মানী
জাৰ্মানী পশ্চিম ইউৰোপৰ এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। প্ৰায় ৫০০ বছৰ ধৰি সাংস্কৃতিক, ৰাজনৈতিক, সামৰিক আৰু ৰাজনৈতিক দিশৰপৰা জাৰ্মানী পৃথিৱীৰ এখন গুৰুত্বপূৰ্ণ দেশ বুলি পৰিগণিত হৈ আহিছে। ১৭ আৰু ১৮ শতিকাত জাৰ্মানীৰ সীমা উত্তৰ আৰু দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু এছিয়াৰ বিভিন্ন ঠাইলৈ বিস্তৃত হৈ পৰিছিল।
-
ইউক্ৰেইন
ইউক্ৰেইন পূব ইউৰোপৰ এখন দেশ। ইয়াৰ পূব আৰু উত্তৰ-পূবত সীমান্তৱৰ্তী ৰাছিয়াৰ পিছতে ই ইউৰোপৰ দ্বিতীয় বৃহত্তম দেশ। ইয়াৰ উত্তৰে বেলাৰুছৰ সীমাও আছে; পশ্চিমে পোলেণ্ড আৰু শ্লোভাকিয়া; দক্ষিণ-পশ্চিমে হাংগেৰী, ৰোমানিয়া আৰু মলদোভা; দক্ষিণ আৰু দক্ষিণ-পূবে ক'লা সাগৰ আৰু আজভ সাগৰৰ কাষেৰে এটা উপকূলৰ সৈতে।
-
ইজিপ্ত
ইজিপ্ত বা মিছৰ (আৰবী ভাষাত: مصر মিস্ব্ৰ্, কথিত ইজিপ্তীয় আৰবী مصر মাস্ব্ৰ্, ইংৰাজী ভাষাত: Egypt), চৰকাৰী নাম ইজিপ্ত আৰব প্ৰজাতন্ত্ৰ, উত্তৰ আফ্ৰিকাৰ এখন প্ৰাচীন ৰাষ্ট্ৰ। দেশখনৰ বেছি ভাগ অংশ আফ্ৰিকাত অৱস্থিত। ইয়াৰ একেবাৰে পূৰ্বৰ অংশটো চিনাই উপদ্বীপ।
-
স্পেইন
স্পেইন (España বা স্পেইন ৰাজ্য (Reino de España) হৈছে ইউৰোপ মহাদেশৰ দক্ষিণ-পশ্চিম কোণত অৱস্থিত এখন ৰাষ্ট্ৰ। চৰকাৰৰ প্ৰকাৰ অনুসৰি, দেশখন এখন সংসদীয় গণতান্ত্ৰিক ৰাজতন্ত্ৰ। ই আইবেৰিয়ান উপদ্বীপৰ প্ৰায় ৮৫% অঞ্চল সামৰি লয়।
-
লাউচ
লাউচ (ເມືອງລາວ মিয়াং লাউ বা ປະເທດລາວ পাঠেট্ লাউ) দক্ষিণ-পূব এছিয়াৰ এক স্বাধীন ৰাষ্ট্ৰ। চৰকাৰী নাম গণতান্ত্ৰীক গণপ্ৰজাতন্ত্ৰী লাউচ (লাউ ভাষা: ສາທາລະນະລັດ ປະຊາທິປະໄຕ ປະຊາຊົນລາວ চাঠালানালাট্ পাচাঠিপাটাই পাচাছন্ লাউ)। দেশখন পূৰ্বতে ইন্দো-চীন ইউনিয়ন তথা ফৰাচী ইন্দোচীনৰ অংশ আছিল।
-
পোলেণ্ড
পোলেণ্ড মধ্য ইউৰোপৰ এখন ৰাষ্ট্ৰ। এই দেশৰ ৰাজধানী ৱাৰ্ছ'। পোলেণ্ডৰ পশ্চিমে জাৰ্মানী, দক্ষিণে চেক গণৰাজ্য আৰু শ্ল'ভাকিয়া, পূবে ইউক্ৰেন আৰু বেলাৰুছ, আনহাতে উত্তৰে বাল্টিক সাগৰ, লিথুৱানিয়া আৰু ৰাছিয়া অৱস্থিত। বাল্টিক সাগৰ পোলেণ্ডৰ সৈতে ডেনমাৰ্কৰ জলসীমান্তত অৱস্থিত।
-
সংযুক্ত আৰৱ আমিৰাত
সংযুক্ত আৰৱ আমিৰাত (دولة الإمارات العربية المتحدة দাওলাত্ আল্-ঈমাৰাত্ আল্-আৰবিয়াহ্ আল্-মুত্তাহিদাহ্) মধ্যপ্ৰাচ্য এছিয়াৰ আৰৱ উপদ্বীপৰ দক্ষিণ-পূব কোণত অৱস্থিত সাতখন স্বাধীন ৰাজ্যৰ এক ফেডাৰেচন। এইসমূহ ৰাজ্য একসময়ত ট্ৰুছিয়াল ষ্টেটছ নামে জনাজাত আছিল। ১৯৭১ চনত এই ৰাজ্য সমূহে স্বাধীনতা লাভ কৰে।
-
কেনিয়া
কেনিয়া ( বা ), (কে'ন্য়া), বা চৰকাৰীভাৱে কেনিয়া গণৰাজ্য, আফ্ৰিকাৰ এখন দেশ। ইয়াৰ ৰাজধানী আৰু বৃহত্তম নগৰ নাইৰোবি। কেনিয়া বিষুৱ ৰেখাত অৱস্থিত। ইয়াৰ দক্ষিণ-পশ্চিমে আছে ভাৰত মহাসাগৰ, দক্ষিণে টাঞ্জানিয়া, পশ্চিমে উগাণ্ডা, উত্তৰ-পশ্চিমে দক্ষিণ চুডান, উত্তৰে ইথিয়'পিয়া আৰু উত্তৰ-পূবে চোমালিয়া।
-
কাজাখাস্তান
কাজাখাস্তান (কাজাখ্ ভাষা: Қазақстан ক্বজ়ক্ব্স্তন্ ) মধ্য এছিয়াৰ এক গণতান্ত্ৰিক ৰাষ্ট্ৰ। ই বিশ্বৰ ৯ম বৃহত্তম ৰাষ্ট্ৰ আৰু বৃহত্তম স্থলবেষ্টিত ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে ৰাছিয়া, পূবে চীন, দক্ষিণে কিৰগিজস্তান, উজবেকিস্তান, আৰু তুৰ্কমেনিস্তান আৰু পশ্চিমে কাস্পিয়ান সাগৰ আৰু ৰাছিয়া।
-
চাইপ্ৰাছ
চাইপ্ৰাছ (; Κύπρος; Kıbrıs ), আনুষ্ঠানিকভাৱে চাইপ্ৰাছ গণৰাজ্য এখন দ্বীপ ৰাষ্ট্ৰ, ছিৰিয়া আৰু তুৰস্কৰ তটৰ কাষৰ। যদিও চাইপ্ৰাছ ইউৰোপ আৰু এছিয়াৰ মাজত অৱস্থিত, আৰু সেয়েহে এই ৰাষ্ট্ৰৰ অৱস্থান এছিয়া আৰু ইউৰোপেৰে গঠিত ইউৰেছিয়াত বুলি কোৱা হয়, ৰাষ্ট্ৰসংগই এই দেশক পশ্চিম এছিয়াত অৱস্থিত বুলি স্বীকৃতি…
-
চেক গণৰাজ্য
চেক গণৰাজ্য মধ্য ইউৰোপৰ এখন ৰাষ্ট্ৰ। এই দেশৰ ৰাজধানী प्राग'। চেক গণৰাজ্য পশ্চিমে জাৰ্মানী, দক্ষিণে চেক গণৰাজ্য আৰু শ্ল'ভাকিয়া, পূবে ইউক্ৰেন আৰু বেলাৰুছ, আনহাতে উত্তৰে বাল্টিক সাগৰ, লিথুৱানিয়া আৰু ৰাছিয়া অৱস্থিত। বাল্টিক সাগৰ চেক গণৰাজ্য সৈতে ডেনমাৰ্কৰ জলসীমান্তত অৱস্থিত।
-
কংগো গণৰাজ্য
কংগো গণৰাজ্য বা কঙ্গো গণৰাজ্য হৈছে মধ্য আফ্ৰিকাৰ পশ্চিম উপকূলত অৱস্থিত এখন দেশ। দেশখনক কংগো-ব্ৰাজাভিল, কংগো ৰিপাব্লিক বা কেৱল কংগো বুলিও জনা যায়। গেবন দেশখনৰ পশ্চিমে, কেমেৰুন উত্তৰ-পশ্চিমে আৰু মধ্য আফ্ৰিকান গণৰাজ্য উত্তৰ-পূবত, কঙ্গো গণতান্ত্ৰিক দক্ষিণ-পূবত, আংগলাৰ ছিটমহল কেবিণ্ডাৰ দক্ষিণ-পশ্চিমে,…