কে চি ৰুনৰেমছাংগী (KC Runremsangi; জন্ম: ১ মাৰ্চ ১৯৬৩) এগৰাকী ভাৰতীয় লোকসংগীত শিল্পী। তেওঁক "কুইন অৱ মিজো ফ'ক চং" বুলি অভিহিত কৰা হৈছে। মিজো এটা ভাষা, এই ভাষাত ডজনতকৈ অধিক ৰেকৰ্ডিং কৰা ছাংগীয়ে ২০২৩ চনত পদ্মশ্ৰী আৰু ২০১৭ চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰে।
জীৱন
১৯৬৩ চনৰ ১ মাৰ্চত ভাৰতৰ চাৰছিপ জিলাৰ কেইটুম গাঁৱত ৰুনৰেমছাংগীৰ জন্ম হৈছিল তিনি বছৰ বয়সৰ পৰা তেওঁ গান গাবলৈ আৰম্ভ কৰে। তেওঁ গান গাই ভাল পাইছিল, সেই সূত্ৰে তেওঁক বিয়া আৰু গীৰ্জাত অনুষ্ঠান পৰিৱেশন কৰিবলৈ কোৱা হৈছিল। ১ ইনষ্টিটিউট অৱ মিউজিক এণ্ড ফাইন আৰ্টছ (আই এম এফ এ) মিজোৰাম এল মংগলিয়ানাত নামভৰ্তি কৰি তেওঁ সংগীত শিকিবলৈ আৰম্ভ কৰে। [ উদ্ধৃতিৰ প্ৰয়োজন ]
১৯৮৬ চনত যেতিয়া তেওঁৰ পৰিয়ালটো আইজললৈ গুচি যায় তেতিয়া তেওঁ অল ইণ্ডিয়া ৰেডিঅ’ যোগে তেওঁৰ গায়িকা হিচাপে কেৰিয়াৰ আৰম্ভ হয়। ২ অল ইণ্ডিয়া ৰেডিঅ’ই তেওঁক লোক আৰু গছপেল ধাৰাত পঞ্চাশটাৰো অধিক মিজো গীত গোৱাৰ দায়িত্ব দিছিল। ছবছৰৰ পাছত তেওঁ মিজোৰামৰ কলা আৰু সংস্কৃতি বিভাগত কাম কৰিবলৈ আৰম্ভ কৰে। ২
মিজোৰামৰ চাপচাৰ কুট মিজো উৎসৱতো তেওঁ কণ্ঠদান কৰিছে। ৩ এই উৎসৱ কেইবা শ বছৰ পুৰণি এক উৎসৱ। ৪
তেখেতে বৰ্তমানলৈ ৫০ টাতকৈও অধিক ৰেকৰ্ডিং কৰিছে। তেওঁক ২০২৩ চনত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল। ৩ শিল্প আৰু সংস্কৃতিৰ প্ৰতি তেওঁৰ অৱদানৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়। ২০২৩ চনৰ নৱেম্বৰ মাহত তেওঁক আইচিএফএআই মিজোৰাম বিশ্ববিদ্যালয়তৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়। ৫
ইয়াৰ পূৰ্বে ২০১৭ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল ৩
তথ্যসূত্ৰ
- ↑ (2023-01-30). Hope other artistes working to promote indigenous art get inspired: Padma Shri awardee from Mizoram. The Indian Express
- ↑ (2023-01-30). Hope other artistes working to promote indigenous art get inspired: Padma Shri awardee from Mizoram. The Indian Express
- ↑ Femina's Fab 40: KC Runremsangi Is Dedicated To Safeguarding Our Culture · Femina.in. www.femina.in
- ↑ the origin of chapchar kut: Mizoram. mizoram.nic.in
- ↑ Governor Dr. Hari Babu Kambhampati presides the 11th Convocation of ICFAI University Mizoram · Raj Bhavan Mizoram · India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কে চি ৰুনৰেমছাংগী” প্ৰবন্ধৰ সংশোধন ৫৩১২৩২ (৯ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।