গংগাধৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী
৩ প্ৰবন্ধ
-
কেদাৰনাথ সিং
কেদাৰনাথ সিং (Kedarnath Singh; জন্ম: ৭ জুলাই, ১৯৩৪ - মৃত্যু: ১৯ মাৰ্চ, ২০১৮) এজন ভাৰতীয় কবি। তেওঁ হিন্দী ভাষাত লিখে। তেওঁ এজন প্ৰসিদ্ধ সমালোচক আৰু প্ৰাৱন্ধিকো। ২০১৩ চনত তেওঁ জ্ঞানপীঠ বঁটা আৰু তেওঁৰ কাব্য সংকলন 'অকাল ম্যে সাৰস' (ক্ৰেইনচ্ ইন ড্ৰৱ্ট)ৰ বাবে হিন্দীত সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
আলি চৰ্দাৰ জাফ্ৰি
আলি চৰ্দাৰ জাফ্ৰি (Ali Sardar Jafri; জন্ম:২৯ নৱেম্বৰ, ১৯১৩ – ১ আগষ্ট, ২০০০) এগৰাকী উৰ্দু ভাষাৰ ভাৰতীয় লেখক। লগতে তেওঁ এগৰাকী কবি, সমালোচক আৰু চলচ্চিত্ৰীয় গীতিকাৰ ৰূপেও পৰিচিত।
-
সীতাকান্ত মহাপাত্ৰ
সীতাকান্ত মহাপাত্ৰ (Sitakant Mahapatra; জন্ম:১৭ ছেপ্টেম্বৰ, ১৯৩৭) এগৰাকী ভাৰতীয় কবি আৰু ওড়িয়া আৰু ইংৰাজী ভাষাৰ সাহিত্য সমালোচক। ১৯৯৫ চনত অৱসৰ লোৱাৰ আগলৈকে তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আছিল আৰু ১৯৬১ চনৰপৰা আই এ এছ ৰূপে কামত মকৰল আছিল।