চিকিৎসালয়
৬ প্ৰবন্ধ
-
অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, নতুন দিল্লী
অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান - নতুন দিল্লী (এইমছ্ নতুন দিল্লী) ভাৰতৰ নতুন দিল্লীত অৱস্থিত এখন ৰাজহুৱা চিকিৎসালয় আৰু চিকিৎসা গৱেষণা প্ৰতিষ্ঠান। ই ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনৰ এখন স্বায়ত্বশাসিত প্ৰতিষ্ঠান। প্ৰতিষ্ঠানখন এইমছ্ আইন, ১৯৫৬ অনুসৰি পৰিচালিত হয়।
-
অমৃতা হাস্পতাল, কোচি
অমৃতা হাস্পতাল, যাক পূৰ্বে অমৃতা ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (AIMS) বুলি জনা গৈছিল, হৈছে ভাৰতৰ কোচিত অৱস্থিত এখন বহুমুখী চিকিৎসা সুবিধা প্ৰদানকাৰী টাৰ্চিয়াৰী কেয়াৰ হাস্পতাল।
-
কৃষ্ণাদেৱৰায়া দন্তচিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
কৃষ্ণাদেৱৰায়া দন্তচিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (ইংৰাজী: Krishnadevaraya College of Dental Sciences and Hospital; কান্নাড়া: ಕೃಷ್ಣದೇವರಾಯ ದಂತ ವಿಜ್ಞಾನ ಮಹಾವಿದ್ಯಾಲಯ ಮತ್ತು ಆಸ್ಪತ್ರೆ) বাংগালোৰত অৱস্থিত দন্ত চিকিৎসাবিজ্ঞানৰ এখন ব্যক্তিগত মহাবিদ্যালয়।
-
চিলেট মহিলা চিকিৎসা মহাবিদ্যালয়
চিলেট মহিলা চিকিৎসা মহাবিদ্যালয় (Sylhet Women's Medical College) (চমুকৈ SWMC) হৈছে ২০০৫ চনত স্থাপিত হোৱা বাংলাদেশৰ এখন ব্যক্তিগত চিকিৎসা বিদ্যালয়। এই বিদ্যালয়খন কেৱল মহিলা ছাত্ৰীসকলৰ বাবে।
-
ভাৰতত চিকিৎসা পৰ্যটন
ভাৰতৰ চিকিৎসা পৰ্যটন ভাৰতৰ চিকিৎসা পৰ্যটন দেশৰ অৰ্থনীতিৰ ভিতৰতে এক ক্ৰমবৰ্ধমান খণ্ড। ২০২২ চনত ভাৰতৰ চিকিৎসা পৰ্যটন খণ্ডৰ মূল্য ৯ বিলিয়ন মাৰ্কিন ডলাৰ বুলি অনুমান কৰা হৈছিল।
-
১০২ (এম্বুলেন্স সেৱা)
১০২ বিনামূলীয়া এম্বুলেন্স সেৱা হ'ল ভাৰতৰ এটা জৰুৰীকালীন চিকিৎসা পৰিবহণ সেৱা। ইয়াক নেচনেল এম্বুলেন্স চাৰ্ভিচ (NAS) নামেৰেও জনা যায়। এই সেৱাৰ অধীনত সকলো এম্বুলেন্সত সহায়ক জিপিএছ ব্যৱস্থা আৰু প্ৰয়োজনীয় চিকিৎসা-সঁজুলি সংযুক্ত কৰা থাকে।