অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

এৰিডেছ অ'ড'ৰাটা

এৰিডেছ অ'ড'ৰাটা (Aerides odorata) হৈছে অৰ্কিডৰ এবিধ প্ৰজাতি। দক্ষিণ-পূব এছিয়াৰ বহু অংশত ই ব্যাপকভাৱে বিস্তৃত হৈ আছে। চীনৰইউনান আৰু গুৱাংডং, হিমালয়, ভূটান, অসম, বাংলাদেশ, ভাৰত, নেপাল, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, ম্যানমাৰ, থাইলেণ্ড, লাওছ, কম্বোডিয়া আৰু ভিয়েটনামৰ নিম্নভূমিৰ অৰণ্যত এই অৰ্কিডবিধ…

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ৮৮ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

এৰিডেছ অ'ড'ৰাটা (Aerides odorata) হৈছে অৰ্কিডৰ এবিধ প্ৰজাতি। দক্ষিণ-পূব এছিয়াৰ বহু অংশত ই ব্যাপকভাৱে বিস্তৃত হৈ আছে। চীনৰইউনান আৰু গুৱাংডং, হিমালয়, ভূটান, অসম, বাংলাদেশ, ভাৰত, নেপাল, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, ম্যানমাৰ, থাইলেণ্ড, লাওছ, কম্বোডিয়া আৰু ভিয়েটনামৰ নিম্নভূমিৰ অৰণ্যত এই অৰ্কিডবিধ থলুৱাভাৱে দেখা পোৱা যায়। মালয়েছিয়া, বৰ্নিও, সুমাত্ৰা, জাভা, চুলাৱেচি, লেছাৰ চুণ্ডা দ্বীপপুঞ্জ আৰু ফিলিপাইনছতো অৰ্কিডবিধ থলুৱাভাৱে গজে।১২ ইয়াৰ প্ৰাকৃতিক বাসস্থান হৈছে উপগ্ৰীষ্মমণ্ডলীয় বা গ্ৰীষ্মমণ্ডলীয় আৰ্দ্ৰ নিম্নভূমিৰ অৰণ্য। বাসস্থান হেৰুৱাৰ ফলত অৰ্কিডবিধৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিছে। অৰ্কিডবিধ আই ইউ চি এন ৰঙা তালিকাত বিলুপ্তপ্ৰায় প্ৰজাতি হিচাপে চিহ্নিত কৰা হৈছে।

তথ্যসূত্ৰ

  1. ↑ Kew World Checklist of Selected Plant Families
  2. ↑ Flora of China, v 25 p 285, 香花指甲兰 xiang hua zhi jia lan, Aerides odorata

সম্পৰ্কিত শ্ৰেণী

আই ইউ চি এন ৰঙা তালিকাৰ বিলুপ্তপ্ৰায় প্ৰজাতিঅৰ্কিডউদ্ভিদজগতঅসমত পোৱা অৰ্কিডসমূহভাৰতীয় উদ্ভিদঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এৰিডেছ অ'ড'ৰাটা” প্ৰবন্ধৰ সংশোধন ৫৪০৯৭৩ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।