১৯৮০ বৰ্ষৰ চলচ্চিত্ৰ
৬ প্ৰবন্ধ
-
আজলী নবৌ
আজলী নবৌ (Ajali Nabou) ১৯৮০ চনত মুক্তি পোৱা এন চি প্ৰডাকচনৰ বেনাৰত এন চি দত্ত প্ৰযোজিত আৰু নিপ বৰুৱা পৰিচালিত এখন ৰঙীন অসমীয়া পাৰিবাৰিক ড্ৰামাভিত্তিক কথাছবি। ছবিখনে সেইসময়ত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। এইখন প্ৰথম অসমীয়া ইষ্টমেন কালাৰৰ ছবি।
-
উপপথ
উপপথ (Upapath) ১৯৮০ চনত মুক্তিপ্ৰাপ্ত, বিশ্বনাথ চাৰিআলিৰ ইউনাইটেড চলচ্চিত্ৰ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত আৰু হেমন্ত দত্ত পৰিচালিত এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিখনৰ মুখ্য প্ৰযোজক প্ৰমোদ বৰুৱা। নাট্যকাৰ প্ৰফুল্ল বৰাৰ উপপথ মঞ্চনাটৰ কাহিনীৰ আধাৰত ছবিৰ চিত্ৰনাট্য ৰচনা কৰা হৈছে।
-
মইনাজান
মইনাজান (Mainajan) ১৯৮০ চনত মুক্তি লাভ কৰা, দেৱকুমাৰ পৰিচালিত এখন ক'লা-বগা অসমীয়া ছবি। সঙ্গীত খগেন মহন্তৰ। ছবিখন প্ৰেম পিকচাৰচৰ বেনাৰ প্ৰযোজনা কৰিছিল এম পি এন নায়াৰে। এইখন নায়িকা বিদ্যা ৰাওৰ ঘৰুৱা প্ৰডাকচনৰ চিনেমা আছিল। প্ৰযোজক নায়াৰ বিদ্যা ৰাওৰ স্বামী আছিল।
-
মন আৰু মৰম
মন আৰু মৰম (Man Aru Maram) ১৯৮০ চনত মুক্তি পোৱা দ্বিবন বৰুৱা পৰিচালিত এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। মূল ভূমিকাত অভিনয় কৰিছে নিপন গোস্বামী আৰু অঞ্জু বৰুৱাই।
-
অকণ
অকণ (Akon) ১৯৮০ চনত মুক্তি পোৱা জি বি চি প্ৰডাকচনচৰ বেনাৰত নিৰ্মিত, গৌৰী বৰ্মন পৰিচালিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা চিৰঞ্জীলাল চৌধুৰীৰ। পৰিচালক গৌৰী বৰ্মনৰ কাহিনীৰ আধাৰত ছবিৰ চিত্ৰনাট্য লিখিছে নিৰোদ চৌধুৰীয়ে। অকণ প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ।
-
আক্ৰোশ (চলচ্চিত্ৰ)
আক্ৰোশ (Akrosh) ১৯৮০ চনত মুক্তি পোৱা ভাৰতীয় হিন্দী ভাষাৰ আইনী নাট্যধৰ্মী চলচ্চিত্ৰ। এইখন গোবিন্দ নিহালানী পৰিচালিত আৰু বিজয় টেণ্ডুলকাৰ ৰচিত প্ৰথম ছবি আছিল।