ইউটিউব
৭ প্ৰবন্ধ
-
ইউটিউব
ইউটিউব হৈছে ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহত তিনিজন ভূতপূৰ্ব পে'-পাল (PayPal) কৰ্মচাৰীৰ দ্বাৰা গঠিত এটা চলচ্চিত্ৰ বা ভিডিঅ' বিতৰণ (video-sharing) কৰিব পৰা ৱেবছাইট, য'ত উপভোক্তাসকলে ভিডিঅ'সমূহ আপ-লোড, দৰ্শন আৰু বিতৰণ কৰিব পাৰে।
-
ইউটিউব মিউজিক
ইউটিউব মিউজিক (ইংৰাজী: YouTube Music) হৈছে গুগলৰ সহযোগী কোম্পানী আমেৰিকান ভিডিঅ' প্লেটফৰ্ম ইউটিউবে বিকশিত কৰা এটা সংগীত ষ্ট্ৰীমিং সেৱা। এই সেৱাটো এনে এটা আন্তঃপৃষ্ঠৰ সৈতে ডিজাইন কৰা হৈছে যিয়ে ব্যৱহাৰকাৰীসকলক একেলগে ইউটিউব ভিত্তিক ধাৰা, প্লেলিষ্ট আৰু পৰামৰ্শৰ সংগীত অডিঅ’ আৰু মিউজিক ভিডিঅ’সমূহ…
-
ইউটিউব ষ্টুডিঅ'
ইউটিউব ষ্টুডিঅ (পূৰ্বতে ইউটিউব ক্ৰিয়েটৰ ষ্টুডিঅ' নামেৰে জনাজাত) আমেৰিকাৰ ভিডিঅ'-শ্বেয়াৰিং প্লেটফৰ্ম ইউটিউবে নিৰ্মাণ কৰা এটা প্লেটফৰ্ম। ইউটিউব ষ্টুডিঅ’ই কন্টেন্ট ক্ৰিয়েটৰসকলক ইউটিউবত তেওঁলোকৰ অনলাইন উপস্থিতি পৰিচালনা কৰিবলৈ, দৰ্শকৰ নিয়োজিততা বিশ্লেষণ কৰিবলৈ আৰু ইউটিউব অংশীদাৰ কাৰ্যসূচীত থাকিলে…
-
মি এট দ্য জু
মি এট দ্য জু ইউটিউবত আপল'ড হোৱা প্ৰথম ভিডিঅ'। ছাইটৰ সহ-সংস্থাপক জাৱেদ কৰীমে জাৱেদ ব্যৱহাৰকাৰী নামেৰে ২৩ এপ্ৰিল ২০০৫ত এই ভিডিঅ' আপল'ড কৰিছিল। তেওঁ সেইদিনাই নিজৰ ইউটিউব একাউণ্ট সৃষ্টি কৰিছিল।
-
ইটছ ইয়ৰ ফল্ট
ইটছ ইয়ৰ ফল্ট (It's Your Fault) হ’ল ২০১৩ চনৰ এখন ব্যংগাত্মক ভিডিঅ' য’ত কল্কি কেকলাঁ আৰু ভিজে জুহী পাণ্ডেয়ে অভিনয় কৰিছে। এই ভিডিঅ'টোৱে ভাৰতত ধৰ্ষণৰ দৰে গুৰুতৰ বিষয়টোক উপস্থাপন কৰিছে। ই ইণ্টাৰনেটত অতি জনপ্ৰিয় হৈ পৰিছিল আৰু ইউটিউবত ৫৫,০০,০০০ তকৈও অধিক লোকে ইয়াক চাইছিল।
-
ভিচছ
ভিচছ (Vsauce) ইণ্টাৰনেটত বিখ্যাত মাইকেল ষ্টিভেন্সৰ দ্বাৰা চালিত এটি ইউটিউব চেনেল। এই চেনেলত বিজ্ঞান, দৰ্শনৰ বিষয়ে ভিডিঅ' দিয়া হয়, কেতিয়াবা খেল, প্ৰযুক্তি, সংস্কৃতি আৰু অন্যান্য জনপ্ৰিয় বিষয়েও ভিডিঅ' প্ৰকাশিত কৰা হয়।
-
শাৰ্লি সেতিয়া
শাৰ্লি সেতিয়া এগৰাকী নিউজিলেণ্ডৰ গায়িকা আৰু অভিনেত্ৰী, যিয়ে ভাৰতীয় চলচ্চিত্ৰ আৰু সংগীত উদ্যোগত কৰা কামৰ বাবে পৰিচিত। ভাৰতৰ প্ৰাক্তন কেন্দ্ৰশাসিত অঞ্চল দমন আৰু দিউৰ অন্তৰ্গত দমনত জন্মগ্ৰহণ কৰি তেওঁ পৰিয়ালসহ অক্লেণ্ডলৈ স্থানান্তৰিত হয়।