অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আবুল কালাম আজাদ (আলোকচিত্ৰশিল্পী)

আবুল কালাম আজাদ (জন্ম: ২৪ ছেপ্টেম্বৰ ১৯৬৪) এগৰাকী বিশিষ্ট সমসাময়িক ভাৰতীয় আলোকচিত্ৰশিল্পী। আবুলৰ আলোকচিত্ৰকৰ্মসমূহ প্ৰধানকৈ আত্মজীৱনীমূলক। এইবোৰে ৰাজনীতি, সংস্কৃতি, সমসাময়িক ইতিহাস, লিংগ আৰু কামুকতা আদি দিশসমূহ উন্মোচিত কৰে।

হালনাগাদ: ২৪ আগষ্ট ২০২৬ ২,০৯৬ শব্দ · ১২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

আবুল কালাম আজাদ (জন্ম: ২৪ ছেপ্টেম্বৰ ১৯৬৪) এগৰাকী বিশিষ্ট সমসাময়িক ভাৰতীয় আলোকচিত্ৰশিল্পী।১২৩৪৫ আবুলৰ আলোকচিত্ৰকৰ্মসমূহ প্ৰধানকৈ আত্মজীৱনীমূলক। এইবোৰে ৰাজনীতি, সংস্কৃতি, সমসাময়িক ইতিহাস, লিংগ (জৈৱিক) আৰু কামুকতা আদি দিশসমূহ উন্মোচিত কৰে। তেওঁৰ কৰ্মৰাজিয়ে সমসাময়িক ভাৰতীয় ইতিহাসক পুনৰ অধ্যয়ন কৰাৰ প্ৰয়াস কৰে। এই ইতিহাসত সাধাৰণ মানুহৰ উপস্থিতি দেখা নাযায় আৰু ইয়াক ঘাইকৈ ধুনীয়া ছবি আৰু প্ৰতীকৰ জৰিয়তে উপস্থাপন কৰা হয়। আবুলৰ কৰ্মৰাজিয়ে এই ইতিহাসৰ সাধাৰণ বৰ্ণনামূলক আলোচনাত সক্ৰিয় হস্তক্ষেপ কৰে। তেওঁ আলোকচিত্ৰশিল্পৰ দৰে একেই আহিলা ব্যৱহাৰ কৰি ইয়াৰ এক পেৰ'ডী বা ব্যংগাত্মক ৰূপ সৃষ্টি কৰে। এই আহিলাই 'প্ৰকৃত' মানৱীয় অভিজ্ঞতাৰপৰা ইতিহাস গঢ়ি তোলে। 'সামগ্ৰিকভাৱে, আজাদৰ কৰ্মৰাজিক ব্যক্তিগত স্মৃতিৰ স্তৰত স্থানীয় ক্ষুদ্ৰ-ইতিহাসৰ এক সংগ্ৰহালয় গঢ়ি তোলাৰ প্ৰয়াস হিচাপে চাব পাৰি। সেই অৰ্থত, তেওঁৰ কৰ্মৰাজিয়ে তেওঁৰ জন্মভূমি আৰু ইয়াৰ মানুহৰ একপ্ৰকাৰৰ সামাজিক নৃতত্ত্ব দাঙি ধৰে। অৱশ্যে, এইবোৰ পৰম্পৰাগত বস্তুনিষ্ঠ তথ্যচিত্ৰৰ দৰে নহ'বও পাৰে। '৬ আবুল কালাম আজাদ হৈছে ইটিপি অৰ্থাৎ একালোকম ট্ৰাষ্ট ফৰ ফটোগ্ৰাফীৰ মূল হোতা। এই ট্ৰাষ্টটো সমসাময়িক আলোকচিত্ৰশিল্পৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে সমৰ্পিত। তেওঁ প্ৰজেক্ট ৩৬৫ৰো সঞ্চালক।৭৮৯ ই হৈছে এক ৰাজহুৱা আলোকচিত্ৰ কলা প্ৰকল্প। প্ৰাচীন তামিলকমৰ দ্ৰুতগতিত সলনি হোৱা সংস্কৃতি আৰু জীৱন-শৈলীৰ আলোকচিত্ৰসমূহ সামূহিকভাৱে সৃষ্টি আৰু সংৰক্ষণ কৰাই ইয়াৰ উদ্দেশ্য। তেওঁ ফটো মেইল অনলাইন আলোচনীৰ মুখ্য সম্পাদক।১০

জীৱনী

১৯৬৪ চনৰ ২৪ ছেপ্টেম্বৰত কেৰালাত আবুলৰ জন্ম হৈছিল। তেওঁৰ পৰিয়ালটো তামিলনাডুৰপৰা প্ৰব্ৰজন কৰি আহিছিল। কোচিৰ ঐতিহাসিক কেন্দ্ৰ মট্টাঞ্চেৰীত তেওঁ ডাঙৰ-দীঘল হৈছিল। সৰুৰেপৰাই আবুলৰ আলোকচিত্ৰশিল্পী হিচাপে প্ৰতিভা ফুটি উঠিছিল। নিজৰ দক্ষতা বিকাশৰ বাবে তেওঁ গৃহচহৰৰ এটা ষ্টুডিঅ'ত শিক্ষানবিছ হিচাপে যোগদান কৰিছিল। ১৯৮০-ৰ দশকত তেওঁ মট্টাঞ্চেৰীত 'জেন ষ্টুডিঅ'' স্থাপন কৰে। ইয়াৰ জৰিয়তে তেওঁ ভাৰত আৰু বিদেশৰ বহুতো আগশাৰীৰ বাতৰি সংস্থা, বাতৰিকাকত আৰু আলোচনীত কাম কৰিবলৈ আৰম্ভ কৰে। ১৯৯০ চনত তেওঁ দিল্লীলৈ গুচি যায় আৰু প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ (নতুন দিল্লী ব্যুৰ') (১৯৯০–১৯৯৬) সৈতে ফটো-সাংবাদিক হিচাপে কাম কৰে। এই সময়ছোৱাতে তেওঁ উচ্চ শিক্ষাৰ বাবে ইউৰোপলৈ গৈছিল। তেওঁক বিভিন্ন জলপানীৰে সহায় কৰা হৈছিল। ইয়াৰে এটা ফৰাচী চৰকাৰে তেওঁক প্ৰদান কৰিছিল। তেওঁ যুক্তৰাজ্যৰ চাৰ্লছ ৱালেছ বঁটাও (ফেল'শ্বিপ ১৯৯৫) লাভ কৰিছিল। তেওঁ নিজৰ আগ্ৰহৰ বিষয় 'কলা আলোকচিত্ৰশিল্প'ক আগুৱাই নিবলৈ আশা ব্যঞ্জক ফটো-সাংবাদিকৰ কেৰিয়াৰ ত্যাগ কৰে। ১৯৯৪ চনত কেৰালা কলাদীপমত তেওঁৰ প্ৰথমখন প্ৰদৰ্শনী 'ফ্ৰণ্টিয়াৰ পীপল' অনুষ্ঠিত হৈছিল। ১৯৯৬ চনত নতুন দিল্লীৰ মেক্স মুলাৰ ভৱনত তেওঁৰ প্ৰথমখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰদৰ্শনী 'ভায়োলেন্স আনডান' অনুষ্ঠিত হৈছিল। তেতিয়াৰেপৰা আবুলৰ কৰ্মৰাজি ভাৰত আৰু বিদেশত বহুলভাৱে প্ৰদৰ্শিত হৈ আহিছে।

২০০০ চনত তেওঁ নিজৰ জন্মস্থান মট্টাঞ্চেৰীলৈ উভতি আহে। তাতেই বজাৰ ৰোড আৰু বন্দৰৰ সন্মুখভাগৰ মাজত থকা প্ৰাচীন গুদামঘৰসমূহৰ অনুপ্ৰেৰণাদায়ক পৰিৱেশত তেওঁ 'মায়ালোকম' নামৰ ষ্টুডিঅ'টো স্থাপন কৰে। অতি সোনকালেই মায়ালোকম ষ্টুডিঅ' স্থানীয় লোকসকলৰ লগতে বিভিন্ন বিভাগৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শিল্পী তথা অনুৰাগীসকলৰ বাবে এক সাংস্কৃতিক কেন্দ্ৰ হৈ পৰে। অৱশেষত, এমা বাৰ্ক-গেফনী, গায়ত্ৰী গামুজ আৰু আনন্দ ফেলিক্স স্কাৰিয়াৰ দৰে অন্যান্য শিল্পীসকলক অন্তৰ্ভুক্ত কৰি মায়ালোকম 'মায়ালোকম আৰ্ট কালেক্টিভ'লৈ ৰূপান্তৰিত হয়। এই সামূহিক স্থানটোত মায়ালোকম ষ্টুডিঅ', লীলা গেলাৰী, মচলা কোম্পানী ডিজাইন ষ্ট'ৰ আৰু বাদল নামৰ এখন বিকল্প দোকান অন্তৰ্ভুক্ত আছিল। ইয়াত নিয়মীয়াকৈ কলা প্ৰদৰ্শনী আৰু বিনামূলীয়া সংগীতানুষ্ঠান (স্থানীয় লোক আৰু পেছাদাৰী সংগীতজ্ঞসকলৰ মাজত মতবিনিময়মূলক সংগীতানুষ্ঠান) অনুষ্ঠিত হৈছিল।১১১২

২০০১ চনত মায়ালোকম আৰ্ট কালেক্টিভ আৰু কাশী আৰ্ট কেফেৰ উদ্যোগত কোচিৰ প্ৰথমটো সমসাময়িক কলা মহোৎসৱ 'এনকাউণ্টাৰ' আৰম্ভ হয়। ইয়াক কোচি-মুজিৰিছ বিয়েনালৰ একপ্ৰকাৰৰ পূৰ্বসুৰী বুলি ক'ব পাৰি।৭১৩১৪ এই মহোৎসৱখন মায়ালোকম আৰ্ট কালেক্টিভ আৰু কাশী আৰ্ট কেফেত অনুষ্ঠিত হৈছিল। অজয়ণ নাম্বুথিৰি, জ'ছ মেনুৱেল ভাল, বাৱা চেল্লাদুৰাই, সুৰেশ জয়ৰাম, বিবেক বিলাসিনী আৰু ড° ৰাজন গুৰুকলৰ দৰে বিশিষ্ট শিল্পী আৰু শিক্ষাবিদসকলে এই পষেকজোৰা কলা মহোৎসৱত অংশগ্ৰহণ কৰিছিল। ইয়াত চলচ্চিত্ৰ প্ৰদৰ্শন, গ্ৰন্থ পঠনৰ অনুষ্ঠান, নাটক, কলা প্ৰদৰ্শনী আৰু আলোচনাচক্ৰ আদি অন্তৰ্ভুক্ত আছিল।১৫১৬১৭১৮ ২০০৫ চনত মায়ালোকম আৰ্ট কালেক্টিভ আনুষ্ঠানিকভাৱে ভংগ কৰা হয়। কিন্তু আবুলৰ মায়ালোকম ষ্টুডিঅ'ই একেটা ভৱনতে ২০১০ চনলৈকে কাম চলাই গৈছিল।১৯

২০১০ চনত আবুল কালাম আজাদ তামিলনাডুৰ তিৰুৱন্নমালাইলৈ গুচি যায়। ইয়াত আবুল কালাম আজাদে একালোকম ট্ৰাষ্ট ফৰ ফটোগ্ৰাফী গঠনৰ পদক্ষেপ গ্ৰহণ কৰে। কুলান্থিভেল আৰু তুলসী স্বৰ্ণ লক্ষ্মীৰ সৈতে যুটীয়াভাৱে প্ৰতিষ্ঠা কৰা এই ট্ৰাষ্টটো ২০১৩ চনত এক অলাভজনক প্ৰতিষ্ঠান হিচাপে পঞ্জীভুক্ত হৈছিল।

অনুদান আৰু জলপানী

২০১৭ আৰু ২০১৮ ইণ্ডিয়া ফাউণ্ডেচন ফৰ দ্য আৰ্টছৰ অনুদান প্ৰাপক ২০১২ – ২০১৪ ছিনিয়ৰ ফেল'শ্বিপ, সংস্কৃতি মন্ত্ৰ্যালয়, ভাৰত চৰকাৰ ১৯৯৫ যুক্তৰাজ্যত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে চাৰ্লছ ৱালেছ বঁটা ১৯৯৪ আলোকচিত্ৰশিল্পৰ উচ্চ শিক্ষাৰ বাবে ফৰাচী চৰকাৰৰ জলপানী

প্ৰাৰম্ভিক কৰ্মৰাজি (১৯৮০–১৯৯৯)

এনালগ ফটোগ্ৰাফী মাধ্যম ব্যৱহাৰ কৰি আজাদে তেওঁৰ ব্যক্তিগত আৰু সামাজিক জীৱনৰ তথ্যচিত্ৰ নিৰ্মাণ কৰে। তেওঁৰ কৰ্মৰাজিবোৰ ঘাইকৈ তেওঁ বাস কৰা ঠাইখন, সেই সময়ৰ সামাজিক-ৰাজনৈতিক গতিশীলতা, প্ৰযুক্তিগত অগ্ৰগতি আদিৰ সৈতে জড়িত আছিল। এইবোৰ স্থানীয় সংস্কৃতি আৰু ঐতিহাসিক প্ৰেক্ষাপটৰ সৈতেও ওতপ্ৰোতভাৱে সম্পৰ্কিত। আবুল কেইবাখনো আলোচনী আৰু বাতৰিকাকতত ফটো-সাংবাদিক আৰু সম্পাদক হিচাপে কাম কৰিছিল। এই সময়ছোৱাত কৰা কামবোৰত ইয়াৰ প্ৰতিফলন দেখা পোৱা যায়। তেওঁ উচ্চ শিক্ষাৰ বাবে ইউৰোপ আৰু লণ্ডনলৈ গৈছিল, যিয়ে তেওঁৰ কৰ্মৰাজিত গভীৰ প্ৰভাৱ পেলাইছিল।২০২১

ৰং কৰা আলোকচিত্ৰ (১৯৯২–২০১৩)

ৰং কৰা আলোকচিত্ৰ বা আলোকচিত্ৰত হাতেৰে ৰং কৰা বুলিলে সাধাৰণতে এখন ক'লা-বগা আলোকচিত্ৰৰ প্ৰিণ্টত হাতেৰে ৰং যোগ কৰাক বুজায়। ইয়াৰদ্বাৰা ঘাইকৈ আলোকচিত্ৰখনৰ বাস্তৱতা বৃদ্ধি কৰা হয় বা ইয়াক কলাত্মক উদ্দেশ্যত ব্যৱহাৰ কৰা হয়। ১৯৯০-ৰ দশকৰ আৰম্ভণিৰপৰাই আজাদে বিভিন্ন ধৰণৰ ৰং কৰা আলোকচিত্ৰৰ পৰীক্ষণ কৰিবলৈ আৰম্ভ কৰিছিল।২২

'আজাদৰ প্ৰাৰম্ভিক পৰীক্ষণসমূহত নেগেটিভৰ পৰিৱৰ্তন আৰু হাতেৰে ৰং কৰা আদিৰ বিভিন্ন সংমিশ্ৰণ অন্তৰ্ভুক্ত আছিল। পৰৱৰ্তী সময়ত তেওঁ হাতেৰে সলনি কৰা প্ৰিণ্টসমূহৰ স্কেন ডিজিটেলভাৱেও সলনি কৰিছিল। আজাদৰ ব্যাৱহাৰিক পৰীক্ষণসমূহ নিৰন্তৰভাৱে চলি আছিল (আৰু এতিয়াও আছে)। ইয়াৰ ফলস্বৰূপে কেইবাখনো শৃংখলা সৃষ্টি হৈছে, যাৰ প্ৰতিটোৰ নিজা সুকীয়া দৃষ্টিভংগী আৰু ৰূপ আছে। '২৩২৪২৫

প্ৰিণ্ট কৰা আলোকচিত্ৰৰ ওপৰত ৰং কৰা আৰু মাল্টি-মিডিয়াৰ কাম তেওঁৰ প্ৰাৰম্ভিক কৰ্মৰাজিত প্ৰধানকৈ দেখা পোৱা যায়। ডুডলিং, নেগেটিভ আৰু প্ৰিণ্ট কৰা আলোকচিত্ৰত আঁচোৰ মৰা, চেৰিগ্ৰাফ প্ৰিণ্টিং, আলোকচিত্ৰৰ ওপৰত চিলাই কৰা, মণি লগোৱা আদি তেওঁ ব্যৱহাৰ কৰা অন্যান্য শৈলী। আবুলৰ পৰীক্ষণত একে সময়তে দুটা বা তিনিটা নেগেটিভ এক্সপ'জ কৰা, নতুন ছবি সৃষ্টি কৰিবলৈ বিভিন্ন নেগেটিভ কাটি সংযোগ কৰা আদিও অন্তৰ্ভুক্ত আছিল।

'আবুল আলোকচিত্ৰৰ ওপৰত ছবি আঁকে। তেওঁ কিছুমান ছবিত আঁচোৰ মৰা আৰু খোদিত কৰাৰ কামত লিপ্ত হয়— প্ৰায়ে তৰোৱাল, জোঁৰ আৰু বলপ্ৰয়োগৰ অন্যান্য সঁজুলিৰ দৰে হিংসাৰ প্ৰতীকসমূহ ব্যৱহাৰ কৰে। এই প্ৰক্ৰিয়াটোৱে যাদুবিদ্যা বা আচাৰ-অনুষ্ঠানৰ ৰূপান্তৰৰ ভাব জগাই তোলে। ইয়াত হিংসা তীব্ৰ, আৰু ইয়াৰ ফলাফলক একপ্ৰকাৰৰ পুনৰুত্থান হিচাপে চাব পাৰি। ইয়াৰ জৰিয়তে আবুলৰ দ্বিমাত্ৰিক কৰ্মৰাজিয়ে প্ৰত্যক্ষভাৱে সমসাময়িক সামাজিক জীৱনৰ আলোচনাত প্ৰৱেশ কৰে। তেওঁ নেতিবাচকতাক নস্যাৎ কৰে আৰু হিংসাক উলংঘা কৰে। ইয়াৰ জৰিয়তে তেওঁ সৃষ্টি আৰু ধ্বংস, আধ্যাত্মিকতাবাদ আৰু মৌলবাদ, শান্তিবাদ আৰু ফেচীবাদ আদি সামাজিক দ্বান্দ্বিকতাৰ মাজত দুলি থকা কৰ্মৰাজি সৃষ্টি কৰে। '২৬

জনপ্ৰিয় কৰ্মৰাজি

ডিভাইন্ ফেচাড

আবুল কালাম আজাদৰ 'ডিভাইন্ ফেচাড' (১৯৯০–১৯৯৫) শৃংখলাটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুলভাৱে আলোচিত আৰু প্ৰদৰ্শিত হৈছে। মানৱ সভ্যতাৰ ইতিহাসক মানুহৰ যাযাবৰী অনিশ্চয়তাৰপৰা এক স্থায়ী বসতিলৈ পৰিৱৰ্তন হিচাপে চাব পাৰি। কিন্তু সেয়াই শেষ নাছিল। তেওঁলোকৰ বাবে নিজৰ অঞ্চলত বসতি স্থাপন কৰাৰ দৰেই অন্যৰ অঞ্চল আক্ৰমণ কৰা আৰু তাত বসবাস কৰিবলৈ তথা শাসন কৰিবলৈ স্থাপত্যৰ গাঁথনি নিৰ্মাণ কৰাটোও সমানেই গুৰুত্বপূৰ্ণ আছিল। এই অৰ্থত, সমগ্ৰ বিশ্বৰ স্থাপত্যসমূহে সভ্যতাৰ বিকাশৰ প্ৰমাণ দিয়ে। এইবোৰ হৈছে আক্ৰমণৰ প্ৰতীক, ক্ষমতাৰ কেন্দ্ৰ আৰু ক্ষমতা বিনিময়ৰ ক্ষেত্ৰত বুজা-বুজিৰ স্থান। এই বিশাল স্থাপত্যসমূহৰ তুলনাত সাধাৰণ মানুহৰ অস্তিত্ব তেনেই নগণ্য হৈ পৰে, যিসকল সদায় ক্ষমতাহীন হৈয়েই ৰৈ যায়। সাধাৰণ মানুহ স্পষ্টভাৱে এই ইতিহাসৰপৰা অনুপস্থিত। আবুলৰ কৰ্মৰাজিয়ে এই ইতিহাসক পুনৰ অধ্যয়ন কৰাৰ প্ৰয়াস কৰে।২৭

'১৯৯০-ৰ দশকত আবুল উত্তৰ ভাৰতৰ বিভিন্ন প্ৰান্তলৈ গৈছিল আৰু জৰুৰীকালীন অৱস্থাৰ পৰৱৰ্তী ভাৰতৰ পৰিস্থিতিৰ তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। বিশ্বাসৰ অৱক্ষয়িত স্থাপত্যৰ পটভূমিত ইতিহাসৰ আতংকিত স্ফিংক্সৰ সন্ধান আছিল ইয়াৰ মূল বিষয়। পৰিচয়ৰ এক অন্তহীন সন্ধানৰ হিংসাত্মক বাৰ্তা কঢ়িয়াই অনা এই কৰ্মৰাজিত সেয়া স্পষ্ট হৈ পৰে। বাবৰি মছজিদ ধ্বংসৰ প্ৰেক্ষাপটত, এই ছবিবোৰে মানৱীয় প্ৰতিৰোধক প্ৰতিনিধিত্ব কৰে। তেওঁ ইতিহাসৰ সন্মুখত মানুহৰ উপস্থিতিক তুলি ধৰে... যিসকল আটাইতকৈ সাধাৰণ মানুহ আৰু যাৰ কোনো ক্ষমতা নাই। হাতেৰে কৰা আঁচোৰৰ জৰিয়তে প্ৰতিকৃতিসমূহৰ কটা আৰু কাষৰীয়া জীৱনৰ গাঁথনিবোৰ আত্মজীৱনীমূলক হৈ পৰে। ইয়াৰ জৰিয়তে 'পৰুৱাৰ বাঁহ'—'এখন দেশৰ মানুহ'ৰ ব্যক্তিগত ইতিহাসৰ ওপৰত এক বক্তব্য দাঙি ধৰে। '২৮২৯

ব্লেক মাদাৰ – 'চিলপ্পতিকাৰমৰ নায়িকা'

বাহিৰত থকাৰ পিছত কেৰালালৈ উভতি অহাৰ সময়ত ২০০০ চনৰপৰা ২০০৩ চনলৈকে নিৰ্মাণ কৰা 'ব্লেক মাদাৰ – 'চিলপ্পতিকাৰমৰ নায়িকা' শৃংখলাটোত কোডুংগাল্লুৰৰ দেৱী মন্দিৰৰ উৎসৱৰ সময়ৰ মহিলা ভৱিষ্যতবক্তাসকলক চিত্ৰিত কৰা হৈছে। স্থানীয় কিংবদন্তি অনুসৰি ই কন্নকীৰ আখ্যানৰ সৈতে জড়িত। চিলপ্পতিকাৰম হৈছে পাঁচখন মহাকাব্যৰ ভিতৰত অন্যতম। দ্বিতীয় শতিকাৰ জৈন কবি ৰাজকুমাৰ ইলাংগো অদিগলক এই গ্ৰন্থখনৰ ৰচয়িতা বুলি গণ্য কৰা হয়। এগৰাকী কিংবদন্তি তামিল মহিলা কন্নকী এই মহাকাব্যখনৰ মূল চৰিত্ৰ। কাহিনীটোত বৰ্ণনা কৰা হৈছে যে কেনেকৈ কন্নকীয়ে তাইৰ স্বামী কোৱলনৰ ওপৰত ভুলকৈ আৰোপ কৰা মৃত্যুদণ্ডৰ বাবে মাদুৰাইৰ প্ৰাৰম্ভিক পাণ্ড্য ৰজাৰ ওপৰত প্ৰতিশোধ লৈছিল, আৰু চহৰখনক ধ্বংসৰ অভিশাপ দিছিল। ব্লেক মাদাৰ শৃংখলাটোৱে এই স্থবিৰ মুহূৰ্তৰ অন্তৰ্নিহিত নাটকীয়তাক উন্মোচিত কৰে – সৰ্বোচ্চ দেৱী আৰু তেওঁৰ উপাসকসকল এক ধ্যানমগ্ন অৱস্থাত। জৈৱিক প্ৰাচীনতা আলোকচিত্ৰসমূহৰ ক'লা ৰঙৰ মাজেৰে ফুটি উঠে, যিয়ে আলোকচিত্ৰশিল্পৰ মাধ্যমৰ জৰিয়তে মানৱীয় সম্ভাৱনাক সৰ্বোচ্চ পৰ্যায়ত অন্বেষণ কৰে।৩০

বিশিষ্ট কলা ইতিহাসবিদ, আইজিএনচিএৰ দৃশ্যকলা বিভাগৰ মুৰব্বী অধ্যাপক আৰ. নন্দকুমাৰে কয়, 'ধ্যানমগ্ন অৱস্থাৰ বিভিন্ন পৰ্যায়ত থকা এই ভৱিষ্যতবক্তাসকলক হাতত তৰোৱাল লৈ উন্মাদনাৰে ভৰিৰে গছকি ঘূৰি ফুৰা দেখা যায়। তেওঁলোকৰ উন্মাদ অৱস্থাত অদ্ভুত যেন লগা এই মহিলা ভৱিষ্যতবক্তাসকল মন্দিৰৰ কৰ্মচাৰীসকলৰেই অংশ। তেওঁলোকে প্ৰাচীন আৰু সম্ভৱতঃ প্ৰাক-ব্ৰাহ্মণ্য মাতৃ দেৱীৰ উপাসনাৰ সৈতে জড়িত মন্দিৰত পালন কৰা এই অসাধাৰণ ৰীতি-নীতি আৰু আচাৰ-অনুষ্ঠানৰ সেৱাত নিজকে সমৰ্পণ কৰে। যদিও পৰিৱেশটো একপ্ৰকাৰৰ উচ্চ পৰ্যায়ৰ আদিম উন্মাদনাৰে ভৰি থাকে, তথাপি আত্ম-ক্লেশৰ মুক্তিদায়ক শাৰীৰিক অংগী-ভংগীত থকা এই মহিলাসকলৰ ছবিবোৰত কোনো ধৰ্মীয় ভয় বা ভক্তিৰ ভাব দেখা নাযায়। '

আনটাচেবলছ

আনটাচেবলছ বা অস্পৃশ্য হৈছে আবুল কালাম আজাদৰ ২০০০-২০০৬ সময়ছোৱাত নিৰ্মিত আন এক জনপ্ৰিয় শৃংখলা। ছবিবোৰ আত্মজীৱনীমূলক বাস্তৱতা আৰু দৈনন্দিন জীৱনৰ বুজা-বুজিৰ ওপৰত আধাৰিত। এক ৰেট্ৰ' প্ৰভাৱ সৃষ্টি কৰিবলৈ পপ আৰ্ট ভাষা ব্যৱহাৰ কৰা হৈছে। প্ৰতীকবোৰ স্মৃতি আৰু সামাজিক অভিজ্ঞতাৰপৰা সংগ্ৰহ কৰা হৈছে – ই হৈছে এক পুনৰ নিৰীক্ষণ, আৰু ইতিমধ্যে বিদ্যমান ছবিবোৰক নতুন ৰূপ দিয়াৰ এক প্ৰয়াস। ইয়াৰে কিছুমান স্থানীয় ছবি আৰু আনবোৰ আজাদৰ পাৰিবাৰিক এলবামৰপৰা লোৱা চেপিয়া ৰঙৰ আলোকচিত্ৰ। এইবোৰ ডিজিটেলভাৱে পুনৰ নিৰ্মাণ কৰা হৈছে। তেওঁৰ 'আনটাচেবলছ' শৃংখলাটোৰ বিষয়ে কওঁতে আবুল কয়, 'আনটাচেবলছ শৃংখলাৰ সকলো ছবি কবি, সাহিত্যিক, ৰাজনীতিবিদ আৰু বিভিন্ন সামগ্ৰীৰ ওপৰত আধাৰিত। ই হৈছে গান্ধীজী, নটৰাজ গুৰু, এম জি ৰামচন্দ্ৰন, কুমাৰন আছান, পি. কৃষ্ণ পিল্লাই, মোৰ মা ... আদিৰ দৰে বিশিষ্ট ব্যক্তিসকলৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি, যিসকলে সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত এক মচিব নোৱাৰা মোহৰ ৰাখি গৈছে। তেওঁলোকৰ মৰ্যাদা আৰু সাফল্যৰ প্ৰেক্ষাপটত তেওঁলোক "অস্পৃশ্য", আৰু সেয়েহে এই তথ্যচিত্ৰসমূহে আধুনিক ৰূপকত সজোৱা চিৰ-যুগমীয়া ছবি ধৰি ৰাখিছে। '

'অতীতৰ সময়, যন্ত্ৰণা দিয়া আৰু ক্ৰোধিত কৰা স্মৃতি, হেৰাই যোৱা প্ৰেম, এসময়ত প্ৰভাৱ বিস্তাৰ কৰা ঘৰ, গুৰুত্বপূৰ্ণ পুৰুষ, শাসন কৰা মহিলা, ঘৰুৱা পৰিৱেশ আৰু হৃদয়, মতাদৰ্শ, তেজ, ঘাম আৰু চকুৰ পানী আৰু শিল্পীক কেতিয়াও এৰি নোযোৱা আৱেগৰ নিৰ্বাচিত ছবিবোৰেৰে `আনটাচেবলছ' হৈছে এক সঁচা আৱেগিক যাত্ৰা। এক যাত্ৰা যিয়ে আমনি কৰাৰ লগতে ভাৰত, কেৰালা আৰু নিজৰ ঘৰ মট্টাঞ্চেৰীৰ জীৱন আৰু ভাৰতৰ সময়কালৰ কথাও কয়', দ্য হিন্দুত প্ৰিয়দৰ্শিনী শৰ্মাই এনেদৰে কয়।৩১

সাম্প্ৰতিক কৰ্মৰাজি (২০১০–২০১৩)

আবুলে এতিয়া ফিল্ম কেমেৰা, ল'ম'গ্ৰাফী আৰু এটা প্লাষ্টিকৰ পিন হোল কেমেৰাকে ধৰি অতি কম পৰিমাণৰ সঁজুলি ব্যৱহাৰ কৰে।

ইতিহাসবিদ আৰু সমালোচক

আবুলৰ কৰ্মৰাজি বহুলভাৱে আলোচিত আৰু সমালোচিত হৈছে। 'আজাদৰ নামত কেইবাটাও প্ৰথম কৃতিত্ব আছে। এটা সংখ্যালঘু সম্প্ৰদায়ৰপৰা আহি তেওঁ সংখ্যালঘু সম্প্ৰদায়ৰ সমস্যাসমূহৰ লগতে এক মতাদৰ্শগত অৱস্থান হিচাপে 'সংখ্যালঘুবাদ'ৰ বিষয়সমূহ তুলি ধৰিছিল। কিন্তু তেওঁ কেতিয়াও সংখ্যালঘু সংস্কৃতিৰ ফান্দত পৰা নাছিল', এনেদৰে কয় কলা ইতিহাসবিদ আৰু সমালোচক জনি এম.এল.এ।৩২৩৩৩৪

পৰিচিত আলোকচিত্ৰশিল্পী, ডিজাইনাৰ আৰু কিউৰেটৰ ৰাম ৰহমানে কয়, 'আজাদে এজন উন্মাদৰ দৰে আলোকচিত্ৰ গ্ৰহণ কৰে – তেওঁৰ উন্মাদ কেমেৰাটো হৈছে অস্থিৰ মনৰদ্বাৰা পৰিচালিত চকুৰ এক সম্প্ৰসাৰণ। সেই অস্থিৰ মনটো আমাৰ উন্মাদ সংস্কৃতিৰ এক নিখুঁত প্ৰতিফলন – য'ত প্ৰতিটো বস্তুৱেই চোৱাৰ যোগ্য। ব্যক্তিগতটোৱেই ৰাজনৈতিক – ৰাজনৈতিকটোৱেই ব্যক্তিগত – এই প্ৰবচনটো তেওঁৰ কৰ্মৰাজিৰ মাত্ৰ এটা অংশতহে প্ৰযোজ্য। ভিতৰৰপৰা দেখা বাঁওপন্থী ৰাজনীতি, ৰাস্তাৰ কাষৰ ঘটনা হিচাপে ধৰ্মীয় আচাৰ-অনুষ্ঠান, মুকলি যৌনতা আৰু প্ৰান্তীয় যৌন কামনা, নিচা আৰু মদ্যপানৰ মাত্ৰাধিক্য, শাস্ত্ৰীয় সংগীত আৰু নৃত্যৰ গৌৰৱ, দৈনন্দিন সৰু সৰু বিৱৰণ – তেওঁৰ ছবিবোৰ এনে এক জীৱন্ত ৰূপত ফুটি উঠে যাক ধৰি ৰাখিব নোৱাৰি। '৩৫৩৬৩৭

প্ৰদৰ্শনী

আবুলৰ প্ৰথমখন প্ৰদৰ্শনী কোচিৰ কলাপিদমত অনুষ্ঠিত হৈছিল আৰু তেতিয়াৰেপৰা ভাৰত আৰু বিদেশত তেওঁৰ কৰ্মৰাজি প্ৰদৰ্শিত হৈ আহিছে।

  • ১৯৯৪ ফ্ৰণ্টিয়াৰ পীপল – কেৰালা কলাপিদম, এৰ্নাকুলাম
  • ১৯৯৫ চিনে চেষ্ট নে' – গেলাৰী নাইচফ'ৰ, ফ্ৰান্স
  • ১৯৯৫ এড্ৰেছিং গান্ধী – নতুন দিল্লী, বোম্বাই, মাদ্ৰাজ, কলিকতা
  • ১৯৯৬ ভায়োলেন্স আনডান – মেক্স মুলাৰ ভৱন, নতুন দিল্লী
  • ১৯৯৭ গিফ্ট ফৰ ইণ্ডিয়া৩৮৩৯ – নতুন দিল্লী, বোম্বাই, মাদ্ৰাজ, কলিকতা
  • ১৯৯৭ ইণ্ডিয়েন – এছপেক্টে মডাৰ্নাৰ কুন্ষ্ট, জিটিজেড গেলাৰী, ফ্ৰেংকফুৰ্ট
  • ১৯৯৭ ডিভাইন্ ফেচাডছ – ফটোগ্ৰাফাৰ্ছ গেলাৰী, এডিনবাৰ্গ
  • ১৯৯৭ ডিভাইন্ ফেচাডছ৪০ – পিটছহেংগাৰ মিউজিয়াম, লণ্ডন
  • ১৯৯৭ ডিভাইন্ ফেচাডছ২৭ – ইমপ্ৰেছন গেলাৰী, য়ৰ্ক
  • ১৯৯৮ এজ অৱ দ্য চেঞ্চুৰী – মেক্স মুলাৰ ভৱন, নতুন দিল্লী
  • ২০০১ এক্সিবিশ্যন অৱ ফটোগ্ৰাফী – কাশী আৰ্ট গেলাৰী
  • ২০০২ কণ্টেম্পৰেৰী ডিজাইন এণ্ড ফটোগ্ৰাফী – ৱেষ্টফেৰী ষ্টুডিঅ', লণ্ডন
  • ২০০৩ গডেছেছ – লীলা গেলাৰী, মায়ালোকম, কোচিন
  • ২০০৩ ব্লেক মাদাৰ৪১৪২ – কাশী আৰ্ট গেলাৰী, কোচিন
  • ২০০৩ ৰিমেম্বাৰিং ভূপেন – কাশী আৰ্ট গেলাৰী,৪৩ কোচিন
  • ২০০৩ হীট – বোস পেচিয়া মডাৰ্ণ, নিউয়ৰ্ক চহৰ
  • ২০০৫ ডাবল এণ্ডাৰ্ছ – বোম্বাই, দিল্লী, বাংগালোৰ, কোচিন
  • ২০০৬ আনটাচেবলছ৪৪ – আৰএল ফাইন আৰ্ট, নিউয়ৰ্ক
  • ২০০৬ আনটাচেবলছ – আপ্পাৰাও গেলাৰীজ, মাদ্ৰাজ, দিল্লী (কোচিত প্ৰিভিউ৪৫
  • ২০০৭ মেকিং হিষ্ট্ৰী আৱাৰ অ'ন – এআইএফএচিএছ, দিল্লী
  • ২০০৭ দ্য হোৱাৰ্লপুল অৱ ফেইট – দ্য ভিজুৱেল আৰ্ট গেলাৰী, হেবিটেট চেণ্টাৰ, দিল্লী
  • ২০০৮ ক্ৰছঅভাৰ্ছ এণ্ড অভাৰলেপছ – আপ্পাৰাও গেলাৰীজ,৪৬ ত্ৰিবেণী গাৰ্ডেন থিয়েটাৰ, নতুন দিল্লী
  • ২০০৮ এনিমেলছ৪৭ – ইশকা আৰ্ট গেলাৰী, কোচিন
  • ২০০৯ ইণ্ডিয়া আৰ্ট ছামিট – নতুন দিল্লী
  • ২০০৯ আৰ্কো ফেষ্টিভেল৪৮ – মাদ্ৰিদ, স্পেইন
  • ২০১০ হোৱেৰ থ্ৰি ড্ৰীমছ ক্ৰছ৪৯৫০৫১ – হোৱাইট চেপেল গেলাৰী লণ্ডন
  • ২০১০ হোৱেৰ থ্ৰি ড্ৰীমছ ক্ৰছ – ফট'মিউজিয়াম ৱিণ্টাৰথুৰ, চুইজাৰলেণ্ড
  • ২০১১ ৰেড ৰুম – ৰাগিনী আৰ্ট গেলাৰী,৫২ দিল্লী
  • ২০১১ "লেন্স-ইং ইট"৫৩- আশনা গেলাৰী, দিল্লী
  • ২০১১ 'ফটোজ অৱ দ্য গডছ' লাইফ ইন আৰ্ট, চুইজাৰলেণ্ড
  • ২০১২ মাইণ্ড দ্য গেপ, ইউনাইটেড আৰ্ট ফেয়াৰ,৫৪ নতুন দিল্লী
  • ২০১৩ ফ'কাচ ফটোগ্ৰাফী,৫৫৫৬ ভিজুৱেল এভিডেঞ্চ
  • ২০১৩ হেইল শ্ব',৫৭৫৮ এমএনএফ মিউজিয়াম, কোচিন
  • ২০১৩ 'বিটোলছ ইন ঋষিকেশ' আপ্পাৰাও গেলাৰীজ, নতুন দিল্লী

তথ্যচিত্ৰ

আবুল কালাম আজাদৰ কৰ্মৰাজিৰ ওপৰত নিৰ্মিত 'এন এক্সকাভেটৰ অৱ ইমেজেছ' নামৰ এখন তথ্যচিত্ৰ ২০১৮ চনত মুকলি কৰা হয়।৫৯

ক্ষুদ্ৰাকৃতিৰ কলা টোকাবহী

২০১৩ চনত একালোকম কালেক্টিভে প্ৰকাশ কৰা দহখন ভিন্ন টোকাবহীত আবুল কালাম আজাদৰ বিভিন্ন শৃংখলাৰপৰা ১৫০খন ছবি অন্তৰ্ভুক্ত কৰা হৈছে।৬০৬১৬২৬৩ একালোকম কালেক্টিভ হৈছে দক্ষিণ ভাৰত ভিত্তিক এটা প্ৰতিষ্ঠান (পঞ্জীয়নৰ বৰ্ষ – ২০১২), যিয়ে দৈনন্দিন ব্যৱহাৰ্য কলা সামগ্ৰীৰ জৰিয়তে কলা অনুৰাগীসকলৰ কাষ চাপিবলৈ কাম কৰি আছে। তেওঁলোকৰ মূলমন্ত্ৰ হৈছে 'দৈনন্দিন জীৱনত কলা'।

  • আনটাচেবলছ
  • পেৰিয়া কোভিল
  • বিটোলছ ইন ঋষিকেশ
  • এটিম'লজী অৱ ঋষিকেশ
  • চাউদাৰ্ণ চল্ট
  • মাই এংগাৰ এণ্ড আদাৰ ষ্ট'ৰীজ
  • কোৰেল হিলছ
  • সমাধি
  • দ্য ডকলেণ্ড
  • চাই, চৰস আৰু চাপাটি

তথ্যসূত্ৰ

  1. ↑ আজাদ, আবুল কালাম. Home. আবুল কালাম আজাদ
  2. ↑ War Wedding Widows You tube - YouTube. www.youtube.com
  3. ↑ এক্সপ্ল'ৰিং এভ্ৰি এংগ'ল, প্ৰিয়দৰ্শিনী শৰ্মা, দ্য হিন্দু, ১৬ জুন ২০০৬
  4. ↑ এড্ৰেছিং গান্ধী, চাহমত, নতুন দিল্লী, ১৯৯৫, পৃষ্ঠা ১০৯
  5. ↑ গিফ্ট ফৰ ইণ্ডিয়া, চাহমত, নতুন দিল্লী, ১৯৯৭
  6. ↑ আবুল কালাম আজাদ ফটোগ্ৰাফী, অধ্যাপক আৰ. নন্দকুমাৰ, মুৰব্বী, দৃশ্যকলা বিভাগ, আইজিএনচিএ
  7. ↑ প্ৰদীপ, কে. (৭ জানুৱাৰী ২০১৫). 365 days of visual history. দ্য হিন্দু
  8. ↑ A 360-degree view of Tiruvannamalai. বাংগালোৰ মিৰ'ৰ
  9. ↑ Snapshots of a sepia tinted past and a glistening present. দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ
  10. ↑ www.photomail.org
  11. ↑ (১৬ জুন ২০০৬). Exploring every angle. দ্য হিন্দু
  12. ↑ (২৫ ডিচেম্বৰ ২০০৩). Cultures merge across the backwaters. দ্য হিন্দু
  13. ↑ বাংগালোৰ মিৰ'ৰ ব্যুৰ'. (১০ জানুৱাৰী ২০১৫). What you see when you see: A significant exposition of visual arts. বাংগালোৰ মিৰ'ৰ
  14. ↑ জয়ৰাম, সুৰেশ. (১০ জানুৱাৰী ২০১৫). What you see when you see: A significant exposition of visual arts. বাংগালোৰ মিৰ'ৰ. দ্য টাইমছ অৱ ইণ্ডিয়া
  15. ↑ দ্য ফাৰ্ষ্ট 'এনকাউণ্টাৰ', আনন্দ হৰিদাস, দ্য হিন্দু, ১৬ আগষ্ট ২০০১
  16. ↑ 'এনকাউণ্টাৰ উইথ ৰিয়েলিটিজ, আনন্দ হৰিদাস, দ্য হিন্দু
  17. ↑ আনন্দ হৰিদাস, দ্য ৰেষ্ট অৱ এনকাউণ্টাৰ, দ্য হিন্দু
  18. ↑ শ্বেডছ অৱ ছাইলেন্স, আনন্দ হৰিদাস, দ্য হিন্দু
  19. ↑ By All Means Necessary. Johnyml.blogspot.in
  20. ↑ ফেচিং দ্য ৱৰ্ল্ড, এ ফটোগ্ৰাফাৰ্ছ প্ৰফাইল, দ্য ইণ্ডিয়া মেগাজিন, ১৯৮৯
  21. ↑ পাৱাৰ পইণ্টছ, অফিচেছ অৱ পলিটিকেল পাৰ্টিজ, ডিজাইন ডাইজ্যেষ্ঠ, ১৯৯৬
  22. ↑ হেণ্ড পেইণ্টেড ফটোগ্ৰাফছ, নাথিং মাৰ্কছ, কে.এছ. শ্বেখাৱত, ডিজাইন ডাইজ্যেষ্ঠ, ছেপ্টেম্বৰ ১৯৯৬
  23. ↑ ফটোজ অৱ দ্য গডছ, খ্ৰিষ্ট'ফাৰ পিনী, অক্সফ'ৰ্ড, ২০০৪
  24. ↑ এন ইনক্লুচিভ অট'প্সী অৱ এ নন-এক্সিঁচটেণ্ট কৰ্প্ছ, ৱাছৱো ভি ৱাছৱো, কভাৰ ষ্ট'ৰী, আৰ্ট এণ্ড ডীল, ইছ্যু ৬১/ভলিউম ৮ নম্বৰ জুলাই ২০১৩
  25. ↑ Welcome to Art and Deal Magazine. Artanddealmagazine.com
  26. ↑ ভায়োলেন্স – কেমিকেল ষ্ট্ৰেটেজিজ অৱ ভায়োলেশ্যন, জনি এম.এল. আৰু মৃণাল এম. কুলকাৰ্ণী, শিল্প সমালোচক, নতুন দিল্লী, ১৯৯৬
  27. ↑ Variant – issue 4 – Divine Façades, Michelle McGuire. Variant.org.uk
  28. ↑ অন দ্য ফটোগ্ৰাফী অৱ আবুল কালাম আজাদ, কবিতা মুখোপাধ্যায়, কোচিন ২০০৩
  29. ↑ On Photography: My Favorite Portraits
  30. ↑ (২৭ মাৰ্চ ২০০৩). Unembellished, stark stills. দ্য হিন্দু
  31. ↑ (১২ অক্টোবৰ ২০০৬). Pixilated images, private thoughts. দ্য হিন্দু
  32. ↑ (৫ জুলাই ২০১০). By All Means Necessary. Johnyml.blogspot.in
  33. ↑ Johny ML. Cart An Art
  34. ↑ Art in the times of Cholera by Johny ML. Artindia.net
  35. ↑ New book chronicles history of SAHMAT. Hindustan Times
  36. ↑ Ram Rahman. Saffronart
  37. ↑ Photographs by Abul Azad. Unitedartfair.in
  38. ↑ SAHMAT: Project Participants. Smartmuseum.uchicago.edu
  39. ↑ Gift for India – Asia Art Archive. Aaa.org.hk
  40. ↑ Divine Façades: Views of Indian architecture. Variant.org.uk
  41. ↑ (27 March 2003). Unembellished, stark stills. দ্য হিন্দু
  42. ↑ (26 March 2003). Images of female power. দ্য হিন্দু
  43. ↑ Kashi Art Gallery. Kashiartgallery.com
  44. ↑ Abul Kalam Azad, Untouchables – RL Fine Arts. Artcat.com
  45. ↑ (5 October 2006). Contemporary photography. দ্য হিন্দু
  46. ↑ (2010-09-14). News Archives:. দ্য হিন্দু
  47. ↑ Jugaad. Jugaadoo.blogspot.in
  48. ↑ Abul Kalam Azad. Galleryespace.com
  49. ↑ Where Three Dreams Cross: 150 Years of Photography from India, Pakistan and Bangladesh. Whitechapelgallery.org
  50. ↑ Where Three Dreams Cross: 150 Years of Photography from India, Pakistan and Bangladesh. Whitechapelgallery.org
  51. ↑ Blog. Tallis Photography
  52. ↑ The Red Room. Aaa.org.hk
  53. ↑ Art Expo India: 'Lens-ing It': Abul Kalam Azad and Vivek Vilasini's photo series. Artexpoindia.blogspot.in
  54. ↑ Reportage on United Art Fair New Delhi
  55. ↑ - FOCUS Photography Festival Mumbai
  56. ↑ (3 July 2013). Visual Evidence – Mumbai Art Galleries. archive.ph
  57. ↑ Hail the forty. The Hindu
  58. ↑ Exhibitions. The Hindu
  59. ↑ Indian Photographer Abul Kalam Azad | An Excavator Of Images | Documentary - YouTube. www.youtube.com
  60. ↑ Video: Ekalokam Book release. Frequency
  61. ↑ Taking art to the commoners. The Hindu
  62. ↑ By All Means Necessary. Johnyml.blogspot.in
  63. ↑ mattersofart: Abul Kalam Azad's Notebooks Release!. Mattersofart.blogspot.in

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আবুল কালাম আজাদ (আলোকচিত্ৰশিল্পী)” প্ৰবন্ধৰ সংশোধন ৬৩০০৮৪ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।