অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

তুৰ্কমেনিস্তান

তুৰ্কমেনিস্তান (তুৰ্কমেন ভাষা: Türkmenistan ত্যুৰ্কমেনিস্তান্‌) মধ্য এছিয়াৰ দক্ষিণ-পশ্চিম অংশৰ এখন প্ৰজাতান্ত্ৰিক ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে কাজাখাস্তান আৰু উজবেকিস্তান, পূবে উজবেকিস্তান আৰু আফগানিস্তান, দক্ষিণে আফগানিস্তান আৰু ইৰান আৰু পশ্চিমে কাস্পিয়ান সাগৰ অৱস্থিত।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩২৩ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

তুৰ্কমেনিস্তান (তুৰ্কমেন ভাষা: Türkmenistan ত্যুৰ্কমেনিস্তান্‌) মধ্য এছিয়াৰ দক্ষিণ-পশ্চিম অংশৰ এখন প্ৰজাতান্ত্ৰিক ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে কাজাখাস্তান আৰু উজবেকিস্তান, পূবে উজবেকিস্তান আৰু আফগানিস্তান, দক্ষিণে আফগানিস্তান আৰু ইৰান আৰু পশ্চিমে কাস্পিয়ান সাগৰ অৱস্থিত। আশগাবাত ইয়াৰ ৰাজধানী আৰু বৃহত্তম চহৰ।

তুৰ্কমেনিস্তানৰ চৰকাৰী ভাষা তুৰ্কমেন। তুৰ্কমেন সকল এই অঞ্চলৰ সংখ্যাগৰিষ্ঠ জাতি। পূৰ্বতে দেশখন তুৰ্কমেন ছোভিয়েট সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰ নামে পৰিচিত আছিল। লগতে ই ছোভিয়েট ইউনিয়নৰ অংশ আছিল। ১৯৯১ চনত ই স্বাধীনতা ঘোষণা কৰে আৰু ১৯৯২ চনত নতুন সংবিধান কাৰ্যক্ষম হয়।

ৰাজনীতি

তুৰ্কমেনিস্তান এখন ৰাষ্ট্ৰপতিশাসিত প্ৰজাতন্ত্ৰ ৰাষ্ট্ৰ। ৰাষ্ট্ৰপতি একাধাৰে ৰাষ্ট্ৰ আৰু চৰকাৰৰ প্ৰধান। তুৰ্কমেনিস্তানত বৰ্তমানে একদলীয় শাসনব্যৱস্থা বিদ্যমান। কিন্তু সম্প্ৰতি দেশখনত বহুদলীয় ৰাজনৈতিক ব্যৱস্থা প্ৰতিষ্ঠাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। ২০০৭ চনত গুৰ্বাঙুলী বেৰ্ডিমহম্মদৌ ইয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। কিন্তু এই নিৰ্বাচনক বিদেশী পৰ্যবেক্ষক সকলে ভুৱা বুলি আখ্যা দিয়ে। তুৰ্কমেনিস্তান পৃথিৱীৰ একমাত্ৰ দেশ যত ১৯৯১ চনৰ পৰা গেছ, বিদ্যুৎ আৰু পানীৰ সুবিধা বিনামূল্যে প্ৰদান কৰা হয়।

ভূগোল

তুৰ্কমেনিস্তানৰ ভূসংস্থানিক মানচিত্ৰ
তুৰ্কমেনিস্তানৰ ভূসংস্থানিক মানচিত্ৰছবি: Sadalmelik · CC BY-SA 3.0

তুৰ্কমেনিস্তান মধ্য এছিয়াৰ এখন স্থলবেষ্টিত ৰাষ্ট্ৰ। ইয়াৰ পশ্চিমে কাস্পিয়ান সাগৰ, দক্ষিণে ইৰান আৰু আফগানিস্তান, উত্তৰ-পূবে উজবেকিস্তান, আৰু উত্তৰ-পশ্চিমে কাজাখাস্তান অৱস্থিত।

তুৰ্কমেনিস্তানৰ অধিকাংশ অঞ্চল সমতল বা বালিময় মৰুভূমি। এই মৰুভূমি সমূহৰ কিছু কিছু স্থানত বালিয়াৰী দেখিবলৈ পোৱা যায়। দক্ষিণে ইৰানৰ লগত সীমান্তত সুউচ্চ পৰ্বতমালা অৱস্থিত। কাৰাকুম মৰুভূমিৰ ওচৰত অৱনমিত ভূমি দেখিবলৈ পোৱা যায়।

ভাষা

তুৰ্কমেন ভাষা আৰু ৰুছ ভাষা তুৰ্কমেনিস্তানৰ চৰকাৰী ভাষা। তুৰ্কমেন পাৰ্চী ভাষাৰ এটি উপভাষা। তুৰ্কমেন ভাষা ৰি অঞ্চলৰ জনগণৰ প্ৰায় ৮০% আৰু ৰুছ ভাষা প্ৰায় ৮% ব্যৱহাৰ কৰে। ইয়াত প্ৰচলিত আন আন ভাষাসমূহ হল; বেলুচি ভাষা আৰু উজবেক ভাষা।

ধৰ্ম

চিআইএ ৱৰ্ল্ড ফেক্টবুকৰ মতে, জনসংখ্যাৰ ৮৯% লোক মুছলমান আনহাতে ৯% লোকে পৰম্পৰাগত খ্ৰীষ্টধৰ্ম পালন কৰে আৰু বাকী ২% লোক ধৰ্মবিহীন। ২০০৯ চনৰ পেও ৰিছাৰ্চ চেণ্টাৰৰ এক প্ৰতিবেদন অনুসৰি ৯৩.১% লোক মুছলমান। ইয়াৰোপৰি তুৰ্কমেনিস্তানত অতি কম সংখ্যক আমেৰিকান এপ'ষ্টলিক ক্ৰাচ, ৰোমান কেথলিক ক্ৰাচ, পেণ্টেকষ্টেল খ্ৰীষ্টান, প্ৰটেষ্টেন ৱৰ্ড অৱ লাইফ ক্ৰাষ্ট, গ্ৰেটাৰ গ্ৰেচ ৱৰ্ল্ড আউটৰিচ ক্ৰাচ, নিউ এপ'ষ্টলিক ক্ৰাচ, জেহ'ৱাহ'ছ ৱিটনেছ, জিয়ুছ, বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ খ্ৰীষ্টান সম্প্ৰদায় আছে। তদুপৰি অতি নগণ্য সংখ্যক বাহাই, বেপিষ্ট, ছেভেন-ডে এডভেনটিষ্ট আৰু হৰে কৃষ্ণা লোকো আছে।

শিক্ষা

তৰ্কমেনিস্তানৰ শিক্ষা সৰ্বজনীন আৰু মাধ্যমিক পৰ্যায়লৈকে বাধ্যতামূলক, মুঠ সময় ১০ বছৰৰ পৰা ৯ বছৰলৈ হ্ৰাস কৰা হৈছে।

সম্পৰ্কিত শ্ৰেণী

এছিয়াৰ দেশৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তুৰ্কমেনিস্তান” প্ৰবন্ধৰ সংশোধন ৩৮১২৬৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।