উট হৈছে Camelus গণৰ অন্তৰ্গত স্তন্যপায়ী প্ৰাণী। ইহঁকৰ পিঠিত এটা বা একাধিক কুঁজ থাকে। এই কুঁজবোৰত চৰ্বী জমা হৈ থাকে। উটৰ দুটা জীৱিত প্ৰজাতি হৈছে, Dromedary, বা এটা কুঁজৰ উট (C. dromedarius), মধ্য পূৱ আৰু আফ্ৰিকাত বসবাস কৰে; আৰু bactrian, বা দুটা কুঁজৰ উট (C. bactrianus), মধ্য এছিয়াত বসবাস কৰে। দুয়োটাই পোহনীয়া প্ৰজাতি; ইহঁতৰ পৰা গাখীৰ, মাংস, নোম আহৰণ কৰাৰ লগতে ইহঁতক শ্ৰম কাৰ্যতো ব্যৱহাৰ কৰা হয়।
উটৰ ইংৰাজী প্ৰতিশব্দ "Camel", সাধাৰণতে উট সদৃশ Camelidae পৰিয়ালৰ স্তন্যপায়ীক বুজাবলৈ ব্যৱহাৰ কৰা হয়: দুটা প্ৰকৃত উট আৰু চাৰিটা নতুন যুগৰ camelids: দক্ষিণ আমেৰিকাৰ লামা, আল্পাকা, গোৱানাক, আৰু ভিকুনা১২
শৰীৰৰ গঠন
উটৰ শাৰীৰিক গঠন মৰুভূমিত তিষ্ঠি থাকিবৰ বাবে উপযুক্ত। শৰীৰৰ নিমজ নোমে উটৰ তাপৰোধক হিচাপে কাম কৰে। ছালখন ডাঠ হোৱা হেতুকে পানী কমকৈ বাষ্পীভূত হয় যাৰ ফলত শৰীৰৰ পৰা কম পানী খৰচ হয়। ইয়াৰ পিঠিত থকা কুঁজটোৱে চৰ্বীজাতীয় উপাদান সঞ্চিত কৰি ৰাখে যাৰ ফলত উটে বহু সময়লৈ নোখোৱাকৈ থাকিব পাৰে। উটে সুযোগ পালেই যথেষ্ট পৰিমাণে পানী খাই লয় আৰু সেয়া শৰীৰত জমা হৈ থাকে। উটৰ চকুৰ ওপৰৰ ছালখন ভাঁজ হৈ চকুৰ ওপৰত ওলমি থাকে আৰু চকুত দীঘল নোম থাকে যিয়ে বালিৰ ধুমুহাৰ পৰা চকুযুৰি ৰক্ষা কৰে। তদুপৰি কাণ দুখনতো দীঘল নোম থাকে। ইহঁতে ইচ্ছাকৃতভাৱে নাক দুটা বন্ধ কৰি ৰাখিব পাৰে। ওঁঠত ডাঠ ছাল থকা বাবে কাঁইটীয়া গছৰ পাত খোৱাত অসুবিধা নাপায়। ভৰিৰ খুৰাবোৰ ডাঠ হয় যাৰ ফলত গৰম আৰু পিছল বালিত খোজ কাঢ়িব পাৰে।৩
প্ৰজনন
মাইকী উটবোৰ তিনিৰ পৰা চাৰি বছৰৰ ভিতৰত যৌনভাৱে পূৰ্ণতাপ্ৰাপ্ত(Sexually mature) হয় আৰু সংগমৰ বাবে উপযুক্ত হয়। সাধাৰণতে মাইকী উটে ২০ বছৰ বয়সলৈ পোৱালি দিব পাৰে। এজনী মাইকী উটৰ গড়ে ২৩ দিনৰ মূৰে মূৰে ঋতুচক্ৰৰ পুনৰাবৃত্তি ঘটে। ঠাণ্ডাৰ দিনত ঋতুচক্ৰ নিয়মীয়া হয় যদিও গৰমৰ দিনত অস্পষ্টভাৱেহে ঋতুচক্ৰ হোৱা দেখা যায়। অৰ্থাৎ উটে অকল ঠাণ্ডাৰ দিনতহে সংগম কৰিব পাৰে। ঊটৰ গৰ্ভধান সময় ৩৬৫ৰ পৰা ৪০০ দিন ॥৪
উপযোগিতা
মৰুভূমি অঞ্চলত যাতায়তৰ বাহন হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও গাড়ী টনা,ওজন কঢ়িওৱা আদি কামত ব্যৱহাৰ কৰা হয়। ৰাজস্থানৰ মৰু অঞ্চলত সীমা সুৰক্ষা বল আৰু সৈন্য বাহিনীয়ে উট যাতায়তৰ ব্যৱস্থা হিচাপে ব্যৱহাৰ কৰে। ডোগলা নামৰ বৰ্ণসংকৰ জাতৰ উটৰ দ্বাৰা সৈন্যবাহিনীয়ে কেমেল ক'ৰ(Camel Core) গঠন কৰি ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত বিশেষ ভূমিকা পালন কৰিছিল।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উট” প্ৰবন্ধৰ সংশোধন ৬৩৪৩০১ (৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।