ত্ৰিশূৰ পূৰম ভাৰতৰ কেৰালা ৰাজ্যৰ থ্ৰিচূৰত অনুষ্ঠিত হোৱা এক বাৰ্ষিক হিন্দু মন্দিৰ উৎসৱ। মালয়ালম কেলেণ্ডাৰৰ 'মেডাম' মাহৰ 'পূৰম' নক্ষত্ৰৰদিনা অৰ্থাৎ যিদিনা পূৰম তৰাৰ সৈতে চন্দ্ৰৰ উদয় হয়, সেইদিনা প্ৰতিবছৰে ত্ৰিশূৰৰ বডক্কুন্নাথন মন্দিৰত এই উৎসৱ অনুষ্ঠিত কৰা হয়। সকলো পূৰম বা উৎসৱৰ জননী বুলি অভিহিত এই উৎসৱটো সমগ্ৰ ভাৰতৰ ভিতৰতে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ বিখ্যাত পূৰম।১ দহ লাখতকৈও অধিক দৰ্শনাৰ্থীৰ সমাগমেৰে ত্ৰিশূৰ পূৰম এছিয়াৰ অন্যতম বৃহৎ উৎসৱসমূহৰ ভিতৰত অন্যতম।২ ত্ৰিশূৰ পূৰমৰ সময়ছোৱাত প্ৰায় ৪০ ৰপৰা ৫০ দিন ধৰি ত্ৰিশূৰ পূৰম প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়।
ইতিহাস


ত্ৰিশূৰ পূৰম কোচিনৰ মহাৰাজ শক্তন থাম্পুৰানৰ (১৭৯০–১৮০৫) মগজুৰ ফচল আছিল।৩ ত্ৰিশূৰ পূৰম আৰম্ভ হোৱাৰ পূৰ্বে কেৰালাৰ আটাইতকৈ ডাঙৰ মন্দিৰ উৎসৱ আছিল আৰাট্টুপুঝাত অনুষ্ঠিত হোৱা এদিনীয়া উৎসৱ, যাক আৰাট্টুপুঝা পূৰম বুলি জনা গৈছিল। ত্ৰিশূৰ চহৰ আৰু ইয়াৰ আশে-পাশে থকা মন্দিৰসমূহে ইয়াত নিয়মীয়াকৈ অংশগ্ৰহণ কৰিছিল। ১৭৯৬ চনত নেৰানেপেৰা বৰষুণৰ বাবে ত্ৰিশূৰ গোটৰ মন্দিৰসমূহ (পৰমেক্কাভু, তিৰুভাম্বাদী, চেম্বুক্কাভু, কৰামুক্কু, লালুৰ, আয়্যানথোল, চাক্কুলাথুকাভু, নেইথালাকাভু আৰু কনিমাংগলাম মন্দিৰ) আৰাট্টুপুঝা পূৰমত উপস্থিত হ’বলৈ পলম হয় আৰু তেওঁলোকক পূৰমৰ শোভাযাত্ৰাত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল। এই প্ৰত্যাখ্যানত অপমানিত আৰু ক্ষুব্ধ হৈ নিষিদ্ধ হোৱা মন্দিৰৰ গোটসমূহে শক্তন থাম্পুৰাৰ ওচৰত অভিযোগ কৰে।৪ তেওঁ একে বছৰৰে মে’ মাহৰ পূৰম নক্ষত্ৰৰদিনা এক বৃহৎ গণ-উৎসৱ হিচাপে ত্ৰিশূৰ পূৰম আৰম্ভ কৰি এই নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনোৱাৰ সিদ্ধান্ত লয়। তেওঁ বিভিন্ন মন্দিৰৰ দেৱ-দেৱীৰ বিগ্ৰহসহ ত্ৰিশূৰ চহৰলৈ আমন্ত্ৰণ জনায়, যাতে তেওঁলোকে বডক্কুন্নাথন মন্দিৰৰ মূল উপাস্য দেৱতা বডক্কুন্নাথন (শিৱ)ক সেৱা অৰ্পণ কৰিব পাৰে।৪ এই উৎসৱৰ এক অনন্য বৈশিষ্ট্য হৈছে যে ইয়াত ব্যৱহৃত প্ৰতিটো সামগ্ৰী প্ৰতিবছৰে একেবাৰে নতুনকৈ প্ৰস্তুত কৰা হয়। কিছুমান লোকক বিশেষভাৱে এই ৰঙীন ছত্ৰ আৰু নেত্তিপাত্তমসমূহ সাজি উলিওৱাৰ দায়িত্ব অৰ্পণ কৰা হয়।৫
অংশগ্ৰহণকাৰীসকল
শক্তন থাম্পুৰানে অংশগ্ৰহণকাৰী মন্দিৰসমূহক "পৰমেক্কাভু পক্ষ" আৰু "তিৰুভাম্বাদী পক্ষ" নামৰ দুটা গোটত বিভক্ত কৰিছিল। ত্ৰিশূৰ স্বৰাজ ৰাউণ্ডত থকা পৰমেক্কাভু ভগৱতী মন্দিৰ আৰু ছোৰানুৰ ৰোডত থকা তিৰুভাম্বাদী শ্ৰীকৃষ্ণ মন্দিৰে এই দুয়োটা গোটৰ মুখ্য অংশগ্ৰহণকাৰী হিচাপে নেতৃত্ব দিয়ে।
পশ্চিমীয়া গোট (তিৰুভাম্বাদী পক্ষ)
- তিৰুভাম্বাদী শ্ৰীকৃষ্ণ মন্দিৰ
- লালুৰ ভগৱতী মন্দিৰ
- আয়্যানথোল কাৰ্ত্যায়নী মন্দিৰ
- নেইথালাকাভু ভগৱতী মন্দিৰ
- কনিমাংগলাম শাস্তা মন্দিৰ
পূবীয় গোট (পৰমেক্কাভু পক্ষ)
- পৰমেক্কাভু ভগৱতী মন্দিৰ
- চেম্বুক্কাভু ভগৱতী মন্দিৰ
- পানামুক্কাম্পিল্লী শাস্তা মন্দিৰ
- চূৰাকোট্টুকাভু ভগৱতী মন্দিৰ
- পূকাট্টীকাৰা - কৰামুক্কু ভগৱতী মন্দিৰ
এই উৎসৱটো বডক্কুন্নাথন মন্দিৰক কেন্দ্ৰ কৰি অনুষ্ঠিত হয়। এই সকলোবোৰ মন্দিৰে বডক্কুন্নাথন মন্দিৰৰ মূল উপাস্য দেৱতা শিৱক সেৱা জনাবলৈ নিজৰ নিজৰ শোভাযাত্ৰা প্ৰেৰণ কৰে। বিশ্বাস কৰা হয় যে শক্তন থাম্পুৰানেই ত্ৰিশূৰ পূৰম উৎসৱৰ সমগ্ৰ কাৰ্যসূচী আৰু মূল ঘটনাসমূহ তৈয়াৰ কৰিছিল।৬৭৮৯
পতাকা উত্তোলন
পতাকা উত্তোলন (কোডীয়েট্টম) অনুষ্ঠানৰ জৰিয়তে পূৰম উৎসৱৰ চৰকাৰীভাৱে আৰম্ভণি ঘটে।১০ ত্ৰিশূৰ পূৰমৰ সাত দিন পূৰ্বে এই পতাকা উত্তোলন অনুষ্ঠান অনুষ্ঠিত হয়। ত্ৰিশূৰ পূৰমৰ সকলো অংশগ্ৰহণকাৰী মন্দিৰ এই অনুষ্ঠানত উপস্থিত থাকে আৰু উৎসৱৰ আৰম্ভণি ঘোষণা কৰিবলৈ এটা সৰু আতচবাজী প্ৰদৰ্শন কৰা হয়।
পূৰা বিলাম্বৰম
পূৰা বিলাম্বৰম হৈছে এক পৰম্পৰা য’ত দুপৰীয়া ঠিক ১২ বজাত এটা হাতীয়ে পিঠিত 'নেইথিলাকাভিলাম্মা' দেৱীৰ বিগ্ৰহ লৈ ত্ৰিশূৰ পূৰমৰ মূল স্থান বডক্কুন্নাথন মন্দিৰৰ দক্ষিণ প্ৰৱেশদ্বাৰখন হেঁচি মুকলি কৰে।১১ 'এৰ্নাকুলাম শিৱকুমাৰ' নামৰ হাতীটোৱে ২০১৯, ২০২১, ২০২২, ২০২৩, २०२৪ আৰু ২০২৫ চনত বডক্কুন্নাথন মন্দিৰৰ এই দক্ষিণ দুৱাৰখন (থেক্কে গোপূৰা নাডা) চৰকাৰীভাৱে মুকলি কৰি আহিছে। অতীতত এই দুৱাৰখন মুকলি কৰাৰ গৌৰৱ লাভ কৰা আন এটা প্ৰখ্যাত চেলিব্ৰিটী হাতী হৈছে থেচিকোট্টুকাভু ৰামচন্দ্ৰন।১২১৩
আতচবাজী প্ৰদৰ্শন (প্ৰথম ৰাউণ্ড)
পূৰমৰ পতাকা উত্তোলনৰ চতুৰ্থ দিনা 'চেম্পল ৱেডিকেট্টু' নামৰ প্ৰথম পৰ্যায়ৰ আতচবাজী প্ৰদৰ্শন অনুষ্ঠিত হয়। এইটো তিৰুভাম্বাদী আৰু পৰমেক্কাভু দেৱস্বমৰদ্বাৰা পৰিৱেশিত এটা এঘণ্টীয়া কাৰ্যসূচী। ত্ৰিশূৰৰ স্বৰাজ ৰাউণ্ডত সন্ধিয়া ৭:১৫ বজাত এই আতচবাজী প্ৰদৰ্শন আৰম্ভ হয়। এই প্ৰদৰ্শনত সাধাৰণতে নতুন আৰ্হিৰ আৰু বিভিন্নপ্ৰকাৰৰ আকৰ্ষণীয় আতচবাজী ব্যৱহাৰ কৰা হয়।১৪ বিভিন্ন বিতৰ্ক থকাৰ পিছতো ২০১৭ চনত ত্ৰিশূৰ পূৰম অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰা হৈছিল।১৫
হাতীৰ সজ্জা প্ৰদৰ্শন
হাতীৰ সোণালী কপালৰ আভূষণ (নেত্তিপাত্তম), সজ্জা (চাময়ম), ময়ূৰৰ পাখিৰ বিচনী (আলাৱট্টম), ৰাজকীয় বিচনী (ভেঞ্চামৰম), পৱিত্ৰ ঘণ্টা আৰু ৰঙীন ছত্ৰসমূহ তিৰুভাম্বাদী আৰু পৰমেক্কাভু দেৱস্বমে সুকীয়া সুকীয়াকৈ সম্পূৰ্ণ নতুনকৈ প্ৰস্তুত কৰে। পৰমেক্কাভু দেৱস্বমে ইয়াক ত্ৰিশূৰ চহৰৰ অগ্ৰশালাত প্ৰদৰ্শন কৰে। আনহাতে তিৰুভাম্বাদী দেৱস্বমে পূৰমৰ চাৰি আৰু পাঁচ দিন পূৰ্বে ত্ৰিশূৰ চহৰৰ চৰ্চ মিছন ছ’চাইটি হাইস্কুলত এই সামগ্ৰীসমূহ সৰ্বসাধাৰণৰ বাবে প্ৰদৰ্শন কৰে। ২০১৪ আৰু ২০১৫ চনত ইয়াক ছোৰানুৰ ৰোডৰ কৌস্তুভম হলত প্ৰদৰ্শন কৰা হৈছিল।১৬
মূল পূৰম
পূৰমৰদিনা অংশগ্ৰহণকাৰী মন্দিৰসমূহৰ দলবোৰে পৰম্পৰাগত বাদ্য আৰু 'তিডাম্বু' তথা অলংকাৰেৰে সুজ্জিত হাতীৰ সৈতে বডক্কুন্নাথন মন্দিৰৰ শ্ৰীমূলস্থানমলৈ দুবাৰকৈ — পুৱা আৰু নিশা শোভাযাত্ৰা কৰে। অতি প্ৰত্যুষতে কনিমাংগলাম শাস্তা মন্দিৰৰ দলৰ আগমনেৰে পূৰমৰ দিনটো চৰকাৰীভাৱে আৰম্ভ হয়।
| মন্দিৰ | পুৱাৰ সময় | সন্ধিয়াৰ সময় | হাতীৰ সংখ্যা | বাদ্য সংঙ্গীত |
|---|---|---|---|---|
| কনিমাংগলাম | পুৱা ৭.৩০ - ৮.৩০ | সন্ধিয়া ৭.৩০ - ৮.৩০ | ৯ | পঞ্চবাদ্যম, পাণ্ডী মেলম |
| পানামুক্কাম্পিল্লী | পুৱা ৮.৩০ - ৯.০০ | নিশা ৮.check - ৯.৩০ | ৩ | পঞ্চবাদ্যম, পঞ্চাৰী মেলম |
| চেম্বুক্কাভু | পুৱা ৭.৪৫ - ৮.৪৫ | নিশা ৮.১৫ - ৯.১৫ | ৩ | পঞ্চবাদ্যম, পাণ্ডী মেলম |
| কৰামুক্কু - পূকাট্টীকাৰা | পুৱা ৮.৩০ - ৯.৩০ | নিশা ৯.০০ - ১০.০০ | ৯ | পঞ্চবাদ্যম, পাণ্ডী মেলম |
| লালুৰ | পুৱা ৯.০০ - ১০.৩০ | নিশা ৯.৩০ - ১০.৩০ | ৯ | পঞ্চবাদ্যম, পাণ্ডী মেলম |
| চূৰাকোট্টুকাভু | পুৱা ৯.৩০ - ১১.০০ | নিশা ১০.০০ - ১২.০০ | ১৪ | নাদস্বৰম, পাণ্ডী মেলম |
| আয়্যানথোল | পুৱা ১০.০০ - দুপৰীয়া ১২.০০ | নিশা ১১.০০ - ১২.৩০ | ১৩ | পঞ্চবাদ্যম, পাণ্ডী মেলম |
| নেইথালাকাভু | পুৱা ১১.০০ - বিয়লি ১.০০ | নিশা ১২.০০ - ১.০০ | ১১ | নাদস্বৰম, পাণ্ডী মেলম |
উৎসৱৰ মূল অংশগ্ৰহণকাৰী — তিৰুভাম্বাদী আৰু পৰমেক্কাভুৰ শোভাযাত্ৰাই হৈছে পূৰমৰ আটাইতকৈ প্ৰত্যাশিত আৰু প্ৰধান আকৰ্ষণ।
তিৰুভাম্বাদী দলে ব্ৰহ্মস্বম মঠৰ (বৈদিক প্ৰতিষ্ঠান) পৰা বডক্কুন্নাথন মন্দিৰ অভিমুখে 'মডাথিল ৱাৰাভু' নামৰ এক পঞ্চবাদ্যম অনুষ্ঠানৰ সৈতে যাত্ৰা কৰে। ইয়াত প্ৰায় ৪০ গৰাকী শিল্পীয়ে থিমিলা, মাদ্দলম, তূৰী, তাল আৰু ইডাক্কা আদি বাদ্যযন্ত্ৰ বজায়। পৰমেক্কাভু দলে পুৱা প্ৰায় ১১:৩০ বজাত নিজৰ মন্দিৰৰ সন্মুখত পাণ্ডী মেলম বাদ্য পৰিৱেশন কৰি শোভাযাত্ৰা আৰম্ভ কৰে আৰু বিয়লি ১:৩০ বজাত বডক্কুন্নাথন মন্দিৰত প্ৰৱেশ কৰে।
বিয়াল ১:৩০ বজাত বডক্কুন্নাথন মন্দিৰৰ ভিতৰত 'ইলাঞ্জীথাৰা মেলম' আৰম্ভ হয়। ঢোল, তূৰী, পাইপ আৰু তালেৰে পৰিৱেশিত এই সমলয়টো পূৰমৰ অন্যতম কেন্দ্ৰীয় আকৰ্ষণ।
কুডামাট্টম
ত্ৰিশূৰ পূৰমৰ আটাইতকৈ আড়ম্বৰপূৰ্ণ মুহূৰ্তটোৰ সূচনা হয় ঐতিহাসিক 'কুডামাট্টম' ৰীতিৰ জৰিয়তে। ইয়াত ৩০টা সুসজ্জিত হাতীয়ে অংশ লয়। ইয়াৰে ১৫টা পৰমেক্কাভু ভগৱতী মন্দিৰৰ আৰু বাকী ১৫টা তিৰুভাম্বাদী শ্ৰীকৃষ্ণ মন্দিৰৰ। হাতীসমূহক উৎসৱৰ ৰীতি অনুসৰি মুখা-মুখিকৈ থিয় কৰোৱা হয়।
এই বিশাল হাতীসমূহৰ ওপৰত উঠা ছত্ৰধাৰীসকলে অতি ক্ষিপ্ৰতাৰে আৰু ছন্দময়ভাৱে ৰঙীন ৰেচমী ছত্ৰসমূহ (umbrellas) সলনি কৰি কুডামাট্টম প্ৰদৰ্শন কৰে। হাতীৰ কপালৰ সোণালী আভূষণ (নেত্তিপাত্তম), ময়ূৰৰ পাখিৰ বিচনী (আলাৱট্টম), বগা চামৰ (ভেঞ্চামৰম) আৰু সুসজ্জিত ছত্ৰৰ (মুথুক্কুডা) জিলিক কবিয়ে এই দৃশ্যটোক এক অনন্য মাত্ৰা প্ৰদান কৰে। ১৭১৮১৯
আতচবাজী প্ৰদৰ্শন (মূল ৰাউণ্ড)
ত্ৰিশূৰ পূৰমৰ মূল আতচবাজী (ৱেডিকেট্টু / വെടിക്കെട്ട്) সমগ্ৰ দেশতে অতি বিখ্যাত। আতচবাজীৰ এই আশ্চৰ্যজনক প্ৰদৰ্শনী ত্ৰিশূৰ চহৰৰ সোঁমাজত থকা থেক্কিনকাডু ময়দানত অনুষ্ঠিত হয়।
তিৰুভাম্বাদী আৰু পৰমেক্কাভু দল দুটা হৈছে এই অনুষ্ঠানৰ মূল অংশগ্ৰহণকাৰী। উৎসৱৰ সপ্তমদিনাৰ অতি প্ৰত্যুষতে এই মূল আতচবাজী প্ৰদৰ্শন আৰম্ভ হয়। আতচবাজীৰ সুন্দৰ দৃশ্য উপভোগ কৰিবলৈ বেছিভাগ পূৰমপ্ৰেমী লোকে গোটেই নিশা সাৰে থাকে। বহু দূৰ-দূৰণিৰপৰা মানুহ এই বাজিৰ খেল চাবলৈ আহে। ত্ৰিশূৰ পূৰমত চাৰিটা ডাঙৰ আতচবাজী প্ৰদৰ্শন কৰা হয়: পূৰমৰ আগদিনা 'চেম্পল আতচবাজী'; পূৰমৰদিনা সন্ধিয়া দক্ষিণ দুৱাৰেৰে নামি অহাৰ পাছত দুয়োটা দলে আকাশ উজলাই কৰা ৰঙীন ফুলজাৰিৰ খেল; সপ্তম দিনা পুৱা অনুষ্ঠিত হোৱা আটাইতকৈ আকৰ্ষণীয় মূল আতচবাজী; আৰু উৎসৱৰ একেবাৰে শেষত দুয়োগৰাকী দেৱীয়ে ইজনে সিজনক বিদায় জনোৱাৰ পাছদিনা দুপৰীয়া কৰা অন্তিম আতচবাজী।
বিদায় অনুষ্ঠান
পূৰমৰ সপ্তম দিনটোৱেই হৈছে অন্তিম দিন। ইয়াক "পকল পূৰম" (പകല് പൂരം) বুলিও জনা যায়। ত্ৰিশূৰৰ ৰাইজৰ বাবে পূৰম কেৱল এটা উৎসৱ নহয়, বৰঞ্চ ই আতিথ্য প্ৰদৰ্শনৰ এক বিশেষ সময়। 'উপচাৰম চোল্লী পিৰিয়াল' (ഉപചാരം ചൊല്ലി പിരിയല്) অৰ্থাৎ বিদায় অনুষ্ঠান হৈছে স্বৰাজ ৰাউণ্ডত অনুষ্ঠিত হোৱা অন্তিম কাৰ্যসূচী। তিৰুভাম্বাদী শ্ৰীকৃষ্ণ মন্দিৰ আৰু পৰমেক্কাভু ভগৱতী মন্দিৰৰ বিগ্ৰহসমূহক স্বৰাজ ৰাউণ্ডৰপৰা নিজ নিজ মন্দিৰলৈ ঘূৰাই লৈ যোৱা হয় আৰু ইয়াৰ লগতে পূৰম উদ্যাপনৰ সমাপ্তি ঘটে। 'পকল ৱেডিকেট্টু' নামৰ দিনৰ ভাগত কৰা এক আতচবাজী প্ৰদৰ্শনেৰে এই উৎসৱৰ সম্পূৰ্ণ সামৰণি মৰা হয়।২০২১
নিৰাপত্তা ব্যৱস্থা
পূৰমৰ সময়ত কাৰ্যক্ষম অৱস্থাত কেৰালা আৰক্ষীৰ ড্ৰোন-প্ৰতিৰোধী প্ৰণালী]]
২০২৫ চনৰ থ্ৰিচূৰ পূৰম উৎসৱৰ বাবে ৪,০০০ সদস্যৰ এক ত্ৰিশূৰ চহৰ আৰক্ষীৰ দল নিয়োগ কৰা হৈছিল। এই নিৰাপত্তা ব্যৱস্থাত কেৱল স্থানীয় আৰক্ষীয়েই নহয়, বৰঞ্চ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী (NDRF), থাণ্ডাৰব’ল্ট আৰু আৰবান কমাণ্ডোৰ দৰে বিশেষ বাহিনীসমূহো অন্তৰ্ভুক্ত আছিল। চহৰখনত পৰীক্ষণ আৰু অপৰাধ প্ৰতিৰোধৰ সুবিধাৰ্থে স্থাপন কৰা চিচিটিভি কেমেৰাৰ সংখ্যা ২৫০ টাৰপৰা ৩৫০ টালৈ বৃদ্ধি কৰা হৈছিল।২২
ত্ৰিশূৰ পূৰম উৎসৱৰ প্ৰাকমুহূৰ্তত ডিজিটেল প্লেটফৰ্মসমূহত প্ৰচলিত হ’ব পৰা হিংসা বা উত্তেজনা সৃষ্টিকাৰী সামগ্ৰীসমূহ নিৰীক্ষণ কৰিবলৈ আৰু আঁতৰাবলৈ ত্ৰিশূৰ চহৰ আৰক্ষীয়ে এটা বিশেষ চাইবাৰ দল নিয়োগ কৰিছিল। ডিজিটেল ক্ষেত্ৰত পাৰদৰ্শিতা থকা বিষয়াসকলক লৈ গঠিত এই ২০ জনীয়া গোটটোক সাম্প্ৰদায়িক বা ৰাজনৈতিকভাৱে স্পৰ্শকাতৰ বাৰ্তাসমূহ চিনাক্ত কৰি আঁতৰোৱাৰ দায়িত্ব দিয়া হৈছিল, যিবোৰে অশান্তিৰ সৃষ্টি কৰিব পাৰে। কেৰালা আৰক্ষীয়ে বিশেষভাৱে পূৰম উৎসৱ সম্পৰ্কীয় অনলাইন নিৰীক্ষণৰ বাবে এনে এক পদক্ষেপ গ্ৰহণ কৰা এয়াই প্ৰথমবাৰ আছিল।২৩
দৰ্শনাৰ্থীৰ উপস্থিতি
ত্ৰিশূৰ জিলাৰ জিলাধিপতি অৰ্জুন পাণ্ডিয়ানে প্ৰকাশ কৰিছে যে ২০২৫ চনৰ থ্ৰিচূৰ পূৰম উৎসৱত প্ৰায় ১৮ ৰপৰা ২০ লাখ লোক উপস্থিত থকাৰ সম্ভাৱনা আছে।২৪২৫
এই পূৰম উৎসৱত সোণালী কপালৰ আভূষণ (নেত্তিপাত্তম), আকৰ্ষণীয়ভাৱে নিৰ্মিত কোলাম, আলংকাৰিক ঘণ্টা আৰু বিভিন্ন ধৰণৰ অলংকাৰেৰে সুজ্জিত হাতীৰ (৫০ তাতকৈও অধিক) এক সুন্দৰ সমাৱেশ ঘটে।
সাংস্কৃতিক প্ৰভাৱ
এক হিন্দু উৎসৱ হোৱা সত্ত্বেও ত্ৰিশূৰ পূৰমত কেৰালা সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰে।২৬ এই উৎসৱৰ অনুৰূপ কেইবাটাও প্ৰতিৰূপ উৎসৱ কেৰালাৰ বিভিন্ন স্থানৰ২৭ লগতে ৰাজ্যখনৰ বাহিৰতো অনুষ্ঠিত কৰা হয়।২৮২৯৩০
ত্ৰিশূৰ পূৰমক এছিয়াৰ অন্যতম বৃহৎ মানৱ সমাগম হিচাপে গণ্য কৰা হয়। ভাৰতৰ পৰ্যটন মানচিত্ৰত ই এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে। কাৰণ দেশী-বিদেশী পৰ্যটকসকলে এই পূৰমৰ সৌন্দৰ্য আৰু পৰম্পৰা উপভোগ কৰে। ত্ৰিশূৰ চহৰৰ ৰে’ল আৰু বাছ যোগাযোগ ব্যৱস্থা অতি উন্নত হোৱাৰ বাবে ই বহুতো বিদেশী পৰ্যটকক এই মহোৎসবলৈ আকৰ্ষিত কৰে। ইয়াক দেৱতাসকলৰ মিলন ভূমি বা 'দেৱ সংগমম' (ദേവ സംഗമം) বুলিও বিশ্বাস কৰা হয়।
অস্কাৰ বিজয়ী শব্দ সম্পাদক ৰচুল পুকুটি আৰু তেওঁৰ দলে এই ৩৬ ঘণ্টা জোৰা মহোৎসৱৰ শব্দসমূহ বাণীবদ্ধ কৰিছিল আৰু ইয়াৰ আধাৰত দ্য চাউণ্ড ষ্ট’ৰী (The Sound Story) নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল।৩১
বহিঃসংযোগ
- ত্ৰিশূৰ জিলাৰ সম্পৰ্কে সম্পূৰ্ণ তথ্য
- ত্ৰিশূৰ পূৰম মহোৎসৱ
- ত্ৰিশূৰ পূৰম - কমিউনিটি মিডিয়া ৱেবছাইট
- ত্ৰিশূৰ - ইতিহাস
- ইনষ্টাগ্ৰাম (Instagram)
তথ্যসূত্ৰ
- ↑ Melton, J. Gordon. Religious Celebrations: An Encyclopedia of Holidays, Festivals, Solemn Observances, and Spiritual Commemorations Vol. I. ABC-CLIO, 2011, p. 700
- ↑ (2016-04-15). Thrissur Pooram celebration in Kerala: History and rituals of Kerala's most prominent pooram. India.com
- ↑ Melton, J. Gordon; Beverley, James A; Buck, Christopher. (13 September 2011). Religious Celebrations: An Encyclopaedia of Holidays, Festivals, Solemn Observances, and Spiritual Commemorations. ABC-CLIO. পৃ. 700. ISBN 978-1-59884-205-0
- ↑ “Thrissur Pooram's Origin: The Amazing Story behind the Iconic Festival.”
- ↑ Thing. “Thrissur Pooram: The Story behind the Spectacle.” The Times of India, Business, 4 May 2017, timesofindia.indiatimes.com/thrissur-pooram-the-story-behind-the-spectacle/photostory/58515283.cms?picid=58515323
- ↑ (2007). India. Lonely Planet. পৃ. 1027. ISBN 9781741043082
- ↑ (13 September 2011). Religious Celebrations: An Encyclopedia of Holidays, Festivals, Solemn Observances, and Spiritual Commemorations: An Encyclopedia of Holidays, Festivals, Solemn Observances, and Spiritual Commemorations. J. Gordon Melton. ISBN 9781598842067
- ↑ (2002). The Indian Encyclopaedia: Biographical, Historical, Religious, Administrative, Ethnological, Commercial and Scientific. Pan Sudari-Presidents. vol. 18, Volume 1. Genesis Publishing Pvt Ltd. ISBN 9788177552577
- ↑ (2006). Tourism In India Planning & Development. Asif Iqbal Fazili, S Husain Ashraf. ISBN 9788176256650
- ↑ (2011-05-07). Thrissur Pooram festivities begin. দ্য হিন্দু
- ↑ Muringatheri, Mini. (12 May 2019). Thrissur 'Pooram' festivities begin with Thechikkottukavu Ramachandran's entry. The Hindu
- ↑ Jumbo Ernakulam Sivakumar chosen again to open Thrissur Pooram: His remarkable journey to stardom
- ↑ (11 May 2019). Celebrity elephant Ramachandran likely to be paraded for Vilambaram ritual in Pooram
- ↑ (30 April 2012). 'Sample vedikettu' lights up skies over Thrissur. The Hindu
- ↑ Thrissur Pooram 2017
- ↑ (2004-04-22). Caparisons getting ready for Thrissur Pooram. দ্য হিন্দু
- ↑ Kerala's iconic 200-year-old annual Thrissur pooram held in full grandeur
- ↑ THRISSUR POORAM - Prologue. Thrissur Pooram Festival
- ↑ Thrissur Pooram 2025: Grand Fireworks, Elephant Parade & Rituals Unveiled
- ↑ Thrissur Pooram ends on a note of panic. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (2009-05-05). Thrissur Pooram concludes. দ্য হিন্দু
- ↑ (26 April 2025). 4,000-member police team to provide security for Thrissur Pooram. The Hindu
- ↑ (6 May 2025). Thrissur Pooram: Police depute special team to monitor social media
- ↑ Amit Shah greets people of Kerala on Thrissur Pooram festival; "Visual extravaganza," says Union Minister Suresh Gopi
- ↑ Thrissur Pooram: The Confluence of Culture and Color
- ↑ Muringatheri, Mini. (May 2012). The Mother of All Melas. The Hindu
- ↑ (22 March 2008). 'Pakal Pooram' held at Mahadevar Temple
- ↑ (7 May 2006). People celebrate first-ever 'Delhi Pooram'
- ↑ (23 September 2007). Thrissur Pooram in Chennai with 'tech-elephants'
- ↑ (9 November 2011). Mumbai Pooram hopes to recreate Kerala temple fest. The Indian Express
- ↑ (16 May 2019). Pooram copyright row is nonsense: Resul Pookutty. The New Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ত্ৰিশূৰ পূৰম” প্ৰবন্ধৰ সংশোধন ৬২৭১৭৩ (১৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।