সিন্ধু সভ্যতা (Indus Valley Civilization) হৈছে ব্ৰঞ্জ যুগত (৩৩০০–১৩০০ খ্ৰীষ্টপূৰ্ব; পূৰ্ণতা প্ৰাপ্তি ২৬০০–১৯০০ খ্ৰীষ্টপূৰ্ব, প্ৰাক-হৰপ্পা সংস্কৃতিৰ আৰম্ভণি ৭৫০০ খ্ৰীষ্টপূৰ্ব১২) ভাৰত উপমহাদেশৰ উত্তৰ-পশ্চিম প্ৰান্ত, বৰ্তমানৰ পাকিস্তান৩) আৰু আফগানিস্তানৰ উত্তৰ-পূবৰ কিছু অংশ সামৰি বিৰাজিত এক সভ্যতা।৪৫ প্ৰাচীন ইজিপ্ট আৰু মেচ'পটেমিয়াকে ধৰি সিন্ধু সভ্যতা বিশ্বৰ তিনিটা প্ৰাচীনতম সভ্যতাৰ অন্যতম আৰু ১২,৫০,০০০ কিঃমিঃ জুৰি প্ৰসাৰিত এই সভ্যতা আটাইকেইটাৰ ভিতৰতে অধিক বিস্তাৰিত।৬৭ এই প্ৰাচীন সভ্যতা এছিয়াৰ এক অন্যতম প্ৰধান নদ সিন্ধু আৰু বৰ্তমান শুকাই যোৱা সৰস্বতী নদীৰ পাৰত গঢ় লৈ উঠিছিল।৮৯ সৰস্বতী নদী আৰু ইয়াৰ উপনৈসমূহ পূৰ্বতে পূব পাকিস্তান আৰু ভাৰতৰ উত্তৰ-পশ্চিম কোণেদি ঘাগৰ-হাকৰা নদীৰ সৈতে প্ৰৱাহিত হৈছিল।১০১১১২১৩ সিন্ধু আৰু সৰস্বতী দুয়োখন নদীৰ পাৰতে সিন্ধু সভ্যতা বিস্তাৰিত হোৱাৰ বাবে ইয়াক সিন্ধু-সৰস্বতী সভ্যতা (ইং: Indus-Sarasvati Civilisation) বুলিও অভিহিত কৰা হয়।১৪
চৰম শিখৰ প্ৰাপ্তিৰ সময়ত সিন্ধু সভ্যতাৰ মুঠ জনসংখ্যা সম্ভৱতঃ ৫০ লাখতকৈয়ো বেছি আছিল।১৫ সিন্ধু সভ্যতাৰ নিবাসীসকলে হস্তশিল্প আৰু ধাতুবিদ্যাৰ (তাম, ব্ৰঞ্জ, সীহ আৰু টিন) নতুন পদ্ধতিৰ বিকাশ ঘটাইছিল। ইয়াৰোপৰি সিন্ধু নগৰসমূহ গ্ৰাম পৰিকল্পনা, পোৰা ইটাৰে সজা ঘৰ, বিস্তাৰিত নলা, পানী যোগান ব্যৱস্থা আৰু বৃহৎ অট্টালিকাসমূহৰ বাবে জনাজাত।১৬
১৯২০ৰ দশকত চলোৱা খননকাৰ্যত প্ৰথমে হৰপ্পা উদ্ধাৰ হোৱাৰ পিছৰে পৰা এই সভ্যতাক হৰপ্পা সভ্যতা বুলিও অভিহিত কৰা হয়। ব্ৰিটিছ শাসনকালত হৰপ্পা পঞ্জাবত অন্তৰ্ভুক্ত আছিল। বৰ্তমান ই পাকিস্তানৰ অন্তৰ্ভুক্ত।১৭ ১৮৬১ চনতে আৰম্ভ হোৱা কাৰ্যসমূহে হৰপ্পা আৰু মহেঞ্জোদাৰোৰ আৱিষ্কাৰৰ পিছত ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ প্ৰতিষ্ঠাৰ লগতে পূৰ্ণতা লাভ কৰে।১৮ হৰপ্পাৰ থলীসমূহৰ খননকাৰ্য ১৯২০ চনৰ পৰাই চলি আছে। ১৯৯৯ চনত হৰপ্পাত কিছু প্ৰাচীন লিখনি উদ্ধাৰ কৰা হয়।১৯ হৰপ্পা সভ্যতাৰ একেডোখৰ ঠাইতে সময়ৰ ভিত্তিত হৰপ্পা সংস্কৃতিৰ তিনিটা ভাগ চিহ্নিত কৰা হয় আৰু ইয়াক ক্ৰমে প্ৰাৰম্ভিক, শেষ আৰু প্ৰাক-হৰপ্পা সংস্কৃতি হিচাপে জনা যায়। হাৰিয়ানাৰ ভিৰানা সম্ভৱতঃ আটাইতকৈ পুৰণি প্ৰাক-হৰপ্পা থলী (৭৫৭০-৬২০০ খ্ৰীষ্টপূৰ্ব)।১২০
১৯৯৯ চনলৈকে সিন্ধু আৰু সৰস্বতী তথা ইহঁতৰ উপনৈসমূহৰ পাৰত ১,০৫৬খন নগৰ আৰু প্ৰতিষ্ঠাপন আৱিষ্কৃত হোৱাৰ লগতে ইয়াৰে ৯৬ খনৰ খনন কৰা হৈছে।২১২২ এইসমূহৰ ভিতৰত প্ৰধান নগৰ কেন্দ্ৰ হৰপ্পা, মহেঞ্জোদাৰো, ঢোলাভিৰা, ক’লিস্তানৰ গনেৰিৱালা আৰু হাৰিয়ানাৰ ৰাখীগাঢ়ি সৰ্ববৃহৎ সিন্ধু সভ্যতা থলী আৰু ইয়াৰ মাটিকালি ৩৫০ হেক্টৰ।২৩১২৪২৫২৬
সিন্ধু লিপিসমূহৰ এতিয়ালৈকে পাঠোদ্ধাৰ হোৱা নাই বাবে হৰপ্পাৰ ভাষাৰ মূল সম্পৰ্কে কোনো নিশ্চিতি নাই। কোনো কোনো গৱেষকে দ্ৰাবিড় ভাষা বা ইলেম’-দ্ৰাবিড় ভাষাৰ পৰিয়ালৰ সৈতে ইয়াৰ সম্পৰ্ক থকা বুলি মত পোষণ কৰাৰ বিপৰীতে২৭২৮ কিছুসংখ্যকে মুণ্ডা ভাষাৰ সৈতে সম্পৰ্কিত এক অ’ষ্ট্ৰ’এচিয়াতিক ভাষাৰ বিষয়ে কয়।২৯
আৱিষ্কাৰ আৰু খননৰ ইতিহাস
ৰ ভগ্নাৱশেষ]]



চাৰ্লছ মেছন নামৰ এজন লোকে ১৮৪২ চনত নেৰেটিভচ অফ ভেৰিয়াচ জাৰ্ণীছ ইন বেলুচিস্তান, আফগানিস্তান, এণ্ড দ্য পঞ্জাব নামৰ গ্ৰন্থত পোনপ্ৰথমবাৰৰ কাৰণে হৰপ্পাৰ ভগ্নাৱশেষসমূহৰ কথা বৰ্ণনা কৰে। ইয়াৰ বিপৰীতে থলুৱা লোকসকলে হৰপ্পা সন্দৰ্ভত ১৩ কচজোৰা (প্ৰায় ২৫ মাইল) এখন প্ৰাচীন নগৰৰ বিষয়ে আলচ কৰিছিল। কিন্তু এটা শতিকালৈকে কোনো পুৰাতত্ত্ববিদ এই বিষয়ত আগবাঢ়ি অহা নাছিল।৩০ মন কৰিবলগীয়া কথা এই যে বৈদিক যুগৰ পৰা মোগল যুগলৈকে দূৰত্বৰ জোখ-মাপৰ একক কচৰ ব্যৱহাৰ কৰা হৈছিল।
১৮৫৬ চনত জেনেৰেল আলেকজেণ্ডাৰ কানিঙহামে (পিছলৈ উত্তৰ ভাৰতৰ পুৰাতত্ত্ব অনুসন্ধানৰ সাধাৰণ পৰিচালক) কৰাচীৰ পৰা লাহোৰলৈ ইণ্ডিয়ান ৰে’লৱে কোম্পানীৰ লাইন বহাবৰ বাবে ইংৰাজ অভিযন্তাজন আৰু উইলিয়াম ব্ৰাণ্টনৰ সৈতে হৰপ্পা পৰিদৰ্শন কৰে। এই বিষয়ে জনে লিখিছে, “মই মনতে ভাবি আছিলো যে ৰে’ল লাইনৰ বাবে বেলাষ্টসমূহ আমি ক’ৰ পৰা পাম।” তেওঁলোকক কোৱা হৈছিল যে ৰে’ল লাইনৰ কাষতে ব্ৰাহ্মিণাবাদ নামৰ এখন ধ্বংসপ্ৰাপ্ত প্ৰাচীন নগৰ আছে। এই নগৰখন ভ্ৰমণ কৰাৰ পিছত জনে যথেষ্ট পৰিমাণৰ কঠিন পোৰা ইটাৰ সন্ধান পায় আৰু তেওঁ বিচৰা বেলাষ্টৰ খনি পোৱা বুলি পতিয়ন যায়।৩১ কিছু মাহৰ পিছত ইয়াৰ কিছুদূৰ উত্তৰে যোৱা জনৰ ভ্ৰাতৃ উইলিয়াম ব্ৰাটনে লিখে, “ৰে’ল লাইনৰ এটা ভাগ আন এক ধ্বংসপ্ৰাপ্ত নগৰৰ মাজেদি গৈছে, হৰপ্পাৰ কাষৰীয়া গাঁৱৰ লোকসকলে ইতিমধ্যে এই ইটাবোৰ ব্যৱহাৰ কৰি আছে। এই ইটাসমূহে এতিয়া কৰাছীৰ পৰা লাহোৰলৈ যোৱা ৯৩ মাইল পথত বেলাষ্টৰ যোগান ধৰিছে।”৩১
১৮৭২-৭৫ চনত কানিঙহামে প্ৰথমটো হৰপ্পান মোহৰৰ (ছীল) কথা সদৰী কৰে (ব্ৰাহ্মী আখৰৰ ভুল চিনাক্তকৰণৰ সৈতে)।৩২১৯১২ চনত জে. ফ্লীটে অধিক মোহৰ আৱিষ্কাৰ কৰে আৰু ১৯২১-২২ চনত জন হিউবাৰ্ট মাৰ্শ্বেলৰ অধীনত এক খনন প্ৰচাৰ অভিযানত নামে। ফলস্বৰূপে জন মাৰ্শ্বেল, ৰায় বাহাদুৰ দয়াৰাম সাহনী আৰু মাধ স্বৰূপ ভাটৰ দ্বাৰা হৰপ্পাৰ সভ্যতা আৰু ৰাখাল দাস বেনাৰ্জী, ই. জে. এইচ. মেককে আৰুজন মাৰ্শ্বেলৰ দ্বাৰা মহেঞ্জোদাৰো আৱিষ্কৃত হয়। ১৯৩১ চনলৈ মহেঞ্জোদাৰোৰো প্ৰায়ভাগ খননকাৰ্য সম্পূৰ্ণ হৈ উঠে যদিও মৰ্টিমাৰ হুইলাৰৰ নেতৃত্বত এই খনন অব্যাহত থাকে। স্বাধীনতাৰ আগলৈকে চলোৱা খননকাৰ্যত আহমেদ হাচান দানী, বি বি লাল, ননী গোপাল মজুমদাৰ আৰু মাৰ্ক ষ্টেইন জড়িত আছিল৷
স্বাধীনতা-উত্তৰ কালত (১৯৪৯ চন) পাকিস্তান চৰকাৰৰ পুৰাতত্ত্ব উপদেষ্টা মৰ্টিমাৰ হূইলাৰৰ নেতৃত্বত পাকিস্তানৰ অন্তৰ্গত অঞ্চলত খনন অব্যাহত থাকে। পশ্চিমে বেলুচিস্তানৰ ছুটকাগন ড’ৰ, উত্তৰে আফগানিস্তানৰ আমু দৰিয়া (পুৰণি নাম অক্সাচ নদী), পূবে ঊত্তৰ প্ৰদেশৰ আলমগীৰপুৰ আৰু দক্ষিণে মালৱানলৈকে (বৰ্তমানৰ ছুৰাট) সিন্ধু সভ্যতাৰ সীমাৰ সন্ধান পোৱা হয়।৩৩
২০১০ চনত হাৰিয়ানাত হোৱা সুতেজ যমুনা সংযোগী সুঁতিৰ অতিৰিক্ত প্ৰবাহৰ ফলত উদ্ভৱ হোৱা প্ৰচণ্ড বানে ৫,০০০ বছৰ পুৰণি তামৰ কমাৰশাল সম্বলিত যজ্ঞক্ষেত্ৰৰ পুৰাতন থলীসমূহৰ ক্ষতি সাধন কৰে।৩৪
সময়পঞ্জী
ৰ প্ৰতিকৃতিৰে সিন্ধু সভ্যতাৰ ছীল মোহৰ, খ্ৰী:পূ: ২৫০০–১৯০০]]
হৰপ্পা সভ্যতাৰ পূৰ্ণাংগ ভাগটো ২৬০০-ৰ পৰা ১৯০০ খ্ৰী:পূ:লৈকে বৰ্ত্তি আছিল। প্ৰাক আৰু শেষ হৰপ্পা সংস্কৃতিৰে সৈতে একগোট কৰি সমগ্ৰ সিন্ধু সভ্যতাৰ কাল আছিল সম্ভৱতঃ ৩৩০০-ৰ পৰা ১৪০০ খ্ৰী:পূ:লৈকে। ২০১৪ চনৰ ডিচেম্বৰত ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান শাখাই সদৰী কৰা প্ৰতিবেদন মতে প্ৰাৰম্ভিক হৰপ্পাৰ পিছতেই মেহৰগড় (৭০০০-৩৩০০ খ্ৰী:পূ:) আৰু ভিৰানা (৭৫৭০-৬২০০ খ্ৰী:পূ:) সংস্কৃতিৰ আৰম্ভণি হৈছিল।১২
সিন্ধু সভ্যতাৰ কালপঞ্জীত স্তৰ (phase) আৰু যুগ (era), এই শব্দ দুটা ব্যৱহাৰ কৰা হয়।৩৫৩৬ প্ৰাৰম্ভিক হৰপ্পা, পূৰ্ণাংগ হৰপ্পা আৰু শেষ হৰপ্পাৰ স্তৰকেইটাক যথাক্ৰমে আঞ্চলিকীকৰণ, একত্ৰীকৰণ আৰু থলুৱাকৰণৰ যুগ বুলি অভিহিত কৰা হয়। ইয়াৰে আঞ্চলিকীকৰণ যুগটো প্ৰত্ন প্ৰস্তৰ যুগৰ মেহৰগড় ২ৰ সময়লৈকে ব্যাপ্ত আছিল। ইচলামাবাদৰ কাইদ-ই-আজম বিশ্ববিদ্যালয়ৰ অধ্যাপক আহমেদ হাচান দানীৰ মতে ইয়াৰ আৱিষ্কাৰে “সিন্ধু সভ্যতাৰ সমগ্ৰ ধাৰণাটোকে সলাই পেলালে” আৰু “ইয়াৰ প্ৰতিষ্ঠিত গ্ৰাম্য জীৱনৰ পৰাই আমি সমগ্ৰ সূচীখন পাওঁ।”৩৭
| বৰ্ষ (খ্ৰী:পূ:) | স্তৰ | যুগ | |
|---|---|---|---|
| ৭৫৭০–৬২০০ | প্ৰাক হৰপ্পা | ভিৰানা (মৃৎ প্ৰত্ন প্ৰস্তৰ)১ | প্ৰাৰম্ভিক খাদ্য-উৎপাদনৰ যুগ |
| ৭০০০–৫৫০০ | মেহৰগড় ১ (মৃৎ প্ৰত্ন প্ৰস্তৰ) | ||
| ৫৫০০–৩৩০০ | মেহৰগড় ২-৬ (মৃৎ প্ৰত্ন প্ৰস্তৰ) | আঞ্চলিকীকৰণৰ যুগ | |
| ৩৩০০–২৮০০ | প্ৰাথমিক হৰপ্পা | হৰপ্পা ১ (ৰবি স্তৰ) | |
| ২৮০০–২৬০০ | হৰপ্পা ২ (ক’ট দিজি স্তৰ, নৌশ্বাৰ’ ১, মেহৰগড় ৭) | ||
| ২৬০০–২৪৫০ | পূৰ্ণাংগ হৰপ্পা (সিন্ধু সভ্যতা) | হৰপ্পা ৩ক (নৌশ্বাৰ’ ২) | একত্ৰীকৰণ যুগ |
| ২৪৫০–২২০০ | হৰপ্পা ৩খ | ||
| ২২০০–১৯০০ | হৰপ্পা ৩গ | ||
| ১৯০০–১৭০০ | শেষ হৰপ্পা (সমাধি এইচ); হেঙুল-হাইতাল মৃৎশিল্প | হৰপ্পা ৪ | থলুৱাকৰণৰ যুগ |
| ১৭০০–১৩০০ | হৰপ্পা ৫ | ||
| ১৩০০–৩০০ | হৰপ্পাৰ পৰৱৰ্ত্তী কাল | মটীয়া ৰঙৰ চিত্ৰিত মৃৎশিল্প, উত্তৰীয় ক’লা প্ৰলেপৰ মৃৎশিল্প (লৌহ যুগ), গংগা-ভাৰতীয় সংস্কৃতি | বৈদিক যুগ |
ভৌগোলিক বিৱৰণ
সিন্ধু সভ্যতা পশ্চিমে পাকিস্তানৰ বেলুচিস্তানৰ পৰা আৰম্ভ কৰি পূবে উত্তৰ প্ৰদেশ, উত্তৰে উত্তৰ-পূব আফগানিস্তান আৰু দক্ষিণে মহাৰাষ্ট্ৰলৈকে বিস্তাৰিত আছিল।৩৮সিন্ধু উপত্যকাৰ ভৌগোলিক অৱস্থানে পাহাৰ, মৰুভূমি আৰু সমুদ্ৰই আগুৰি ৰখা সাৰুৱা কৃষিভূমিৰ সৈতে ইজিপ্ট আৰু পেৰুৰ দৰে সভ্যতা গঢ়ি উঠিবৰ বাবে অনুকূল পৰিৱেশ প্ৰদান কৰিছিল। আফগানিস্তান, তুৰ্কমেনিস্তান আৰু গুজৰাটত সিন্ধু সভ্যতাৰ অধিক থলী থকাৰ সম্ভাৱনা আছে। উপকূলীয় অঞ্চলসমূহ পশ্চিম বেলুচিস্তানৰ চুটকাগন ড’ৰৰ পৰা৩৯গুজৰাটৰ ল’থাললৈকে বিস্তৃত আছিল।৪০ উত্তৰ আফগানিস্তানৰ অক্সাচ নদী,৪১উত্তৰ-পশ্চিম পাকিস্তানৰ গোমাল নদী উপত্যকা,৪২জম্মুৰ ওচৰৰ বিজ নদীৰ মান্দা আৰু৪৩দিল্লীৰ পৰা মাত্ৰ ২৮ কি:মি: দূৰৰ আলমগীৰপুৰৰ হিন্দন নদীতো সিন্ধু সভ্যতাৰ থলী উদ্ধাৰ হৈছে।৪৪সিন্ধু উপত্যকাৰ থলীসমূহ ঘাইকৈ নদীসমূহৰ লগতে প্ৰাচীন সাগৰীয় উপকূলসমূহ,৪৫ উদাহৰণস্বৰূপে বালাকোট,৪৬ আৰু দ্বীপসমূহত, উদাহৰণস্বৰূপে ঢোলাভিৰা, পোৱা গৈছে।৪৭
পাকিস্তানৰ হাকৰা সুঁতি আৰু ভাৰতৰ ঘাগৰ নদীত শুকাই যোৱা নদীভূমিৰ প্ৰমাণ পোৱা গৈছে।৪৮ইয়াৰ ভিতৰত আছে ৰূপাৰ, ৰাখিগাঢ়ী, চোঠী, কলিবঙ্গন আৰু গণৱাৰীৱালা।৪৯ জে.জি. শ্বেফাৰ আৰু ডি. এ. লিকটেনষ্টাইনৰ মতে,৫০ হৰপ্পা সভ্যতা “বাগৰ, হাকৰা, আৰু কতি দিজ সংস্কৃতি বা ভাৰত আৰু পাকিস্তানৰ সীমান্তৰ ঘাগৰ-হাকৰা উপত্যকাৰ ‘পৰম্পৰাগত গোট’ৰ এক মিশ্ৰিত ৰূপ।”৪৮
কিছুসংখ্যক পুৰাতত্ত্ববিদৰ মতে ঘাগৰ-হাকৰা নদী আৰু ইয়াৰ উপনৈসমূহৰ শুষ্ক নদীভূমিৰ পৰা ৫ শতাধিক হৰপ্পা থলী উদ্ধাৰ কৰাৰ৫১ বিপৰীতে সিন্ধু নদ আৰু ইয়াৰ উপনৈসমূহৰ পৰা প্ৰায় ১০০টা মান থলীহে উদ্ধাৰ হৈছে।৫২
প্ৰাক-হৰপ্পা
কাষৰীয়া ৰবি নদীৰ নাম অনুসৰি ৰখা প্ৰাক হৰপ্পাৰ ৰবি স্তৰ ৩৩০০ ৰ পৰা ২৮০০ খ্ৰী:পূ:লৈকে বৰ্ত্তি আছিল। পশ্চিমৰ ঘাগৰ-হাকৰা উপত্যকাত চিনাক্ত হোৱা হাকৰা স্তৰৰ সম্পৰ্কিত আৰু ক'ট দিজি স্তৰতকৈ (২৮০০-২৬০০ খ্ৰী:পূ:)পুৰণি। আৰম্ভণিৰ সিন্ধু লিপিৰ নমুনা খ্ৰীষ্টপূৰ্ব তৃতীয় সহস্ৰাব্দ পুৰণি।৫৩৫৪
২০১২ চনৰ পিছৰেপৰা হাৰিয়ানাৰ ভিৰানাত পুৰাতত্ত্ববিদ কে.এন. দীক্ষিতৰ আৱিষ্কাৰসমূহে সূচায় যে এই ঠাইৰ হাকৰা মৃৎশিল্প ৭৫০০ খ্ৰী:পূ: পুৰণি।৫৫৫২ ইয়াৰ পৰা প্ৰমাণ হয় যে ভিৰানা এই আটাইবোৰৰ ভিতৰত সবাতোকৈ পুৰণি থলী।১
পূৰ্ণাংগ হৰপ্পা
]]
২৬০০ খ্ৰী:পূ:লৈ প্ৰাৰম্ভিক হৰপ্পা সমাজবোৰ একোখন বৃহৎ নগৰ কেন্দ্ৰলৈ পৰিণত হয়। এইসমূহৰ ভিতৰত আছে আধুনিক পাকিস্তানৰ হৰপ্পা, গনেৰিৱালা আৰু মহেঞ্জোদাৰো আৰু আধুনিক ভাৰতৰ ঢোলাভিৰা, কলিবঙ্গন, ৰাখীগাঢ়ী, ৰূপাৰ আৰু ল’থাল।৫৬ এতিয়ালৈকে ১,০৫২খন নগৰ আৰু প্ৰতিষ্ঠাপন উদ্ধাৰ কৰা হৈছে।
নগৰসমূহ
হৰপ্পা, মহেঞ্জোদাৰো আৰু ৰাখীগাঢ়ীৰ নগৰ পৰিকল্পনাত পৃথিৱীৰ আদিমতম নগৰ নিষ্কাষণ ব্যৱস্থা দেখা পোৱা যায়। নাগৰিকসকলে নগৰৰ নাদসমূহৰ পৰা পানী সংগ্ৰহ কৰিছিল। গা-ধোৱা ঘৰৰ বৰ্জিত পানী মূল পথৰ কাষেদি যোৱা ঢাকনিযুক্ত নলাৰে পৰিবাহিত কৰি নিয়াৰ ব্যৱস্থা আছিল। বাসগৃহসমূহ ভিতৰুৱা চোতাল আৰু উপপথসমূহৰ সৈতে সংযুক্ত আছিল। এতিয়াও কোনো কোনো গাঁৱত এনে পদ্ধতিৰ ঘৰ সজা দেখা যায়।৫৭ ইয়াৰে প্ৰত্যেকটো ঘৰতে পানী যোগান আৰু নলাৰ সুবিধা আছিল। ই সিন্ধু সভ্যতাৰ নিম্ন ধনকেন্দ্ৰিক আৰু সামাজিক সমতাৰ কথাকে সূচায়।
হৰপ্পাৰ বন্দৰ, শস্যৰ ভঁৰাল, পণ্যাগাৰ, ইটাৰে সজা মঞ্চ আৰু দেৱালসমূহৰ পৰাই হৰপ্পাৰ লোকসকলৰ উন্নত কাৰিকৰী দিশটোৰ উমান পোৱা যায়। নগৰসমূহৰ বৃহদাকাৰ দেৱালসমূহে সম্ভৱতঃ বান আৰু শত্ৰুৰ আক্ৰমণৰ পৰা নগৰখন ৰক্ষা কৰিছিল।৫৮
, শেষভাগৰ পূৰ্ণাংগ হৰপ্পা কাল, জাতীয় সংগ্ৰহালয়, কৰাছী, পাকিস্তান]]
দুৰ্গসমূহ নিৰ্মাণৰ উদ্দেশ্য সম্বন্ধে ঐকমতত উপনীত হোৱা নাই। সমসাময়িক মেচ’পটেমিয়া আৰু প্ৰাচীন ইজিপ্টৰ সভ্যতাৰ বিপৰীতে নগৰসমূহত কোনো বৃহৎ কীৰ্ত্তিচিহ্ন সজা হোৱা নাছিল। প্ৰাসাদ, মঠ-মন্দিৰ, ৰজআ, সৈন্যবাহিনী বা পুৰোহিতৰো কোনো পতিয়নযোগ্য প্ৰমাণ পোৱা হোৱা নাই। মহেঞ্জোদাৰোত এক বৃহৎ স্নানাগাৰ আৱিষ্কৃত হৈছে যাক প্ৰথমে শস্যভাণ্ডাৰ বুলি ধাৰণা কৰা হৈছিল।
নগৰবাসীসকলৰ বেছিভাগেই বণিক অথবা কুটীৰ শিল্পী আছিল। দূৰৰ ঠাইসমূহৰ পৰা অনা কেঁচামালেৰে ছীল মোহৰ, মণি আৰু অন্যান্য সামগ্ৰী সজা হৈছিল। ভাস্কৰ্যসমূহৰ ভিতৰত মণি, জন্তু, মানুহ (হয়তো দেৱ-দেৱী) আদিৰ প্ৰতিকৃতি আৰু আখৰ (পাঠোদ্ধাৰ হোৱা নাই) খোদিত কৰা ছীল মোহৰ আদি উল্লেখনীয়।
শাসন আৰু কাৰ্যপালিকা
পুৰাতত্ত্ব বিভাগৰ তথ্যৰ পৰা হৰপ্পান সমাজৰ ক্ষমতাৰ কেন্দ্ৰ নাইবা ক্ষমতাত অধিষ্ঠিত লোকৰ বিষয়ে কোনো তাৎক্ষণিক উত্তৰ পোৱা নাযায়। সেয়ে হ’লেও কিছুমান জটিল সিদ্ধান্ত লোৱাৰ আৰু ইয়াক কাৰ্যক্ষেত্ৰত পৰিণত কৰাৰ উদাহৰণ পোৱা যায়, যেনে মৃৎশিল্প, ছীল মোহৰ, ওজন আৰু ইটাৰ সমতুল ব্যৱস্থা। এই বিষয়ে কৰা ধাৰণাৰ প্ৰধান সূত্ৰকেইটা হ’ল এনেধৰণৰ:
- ই এখন একক ৰাজ্য আছিল।
- প্ৰত্যেক ৰাজ্যৰে (হৰপ্পা, মহেঞ্জোদাৰো আদি) ভিন্ন শাসনকৰ্ত্তা আছিল।
- কোনো শাসনকৰ্ত্তা নাছিল আৰু সকলোৱে সমান মৰ্যাদা উপভোগ কৰিছিল।
প্ৰযুক্তিবিদ্যা
সিন্ধু সভ্যতাৰ লোকসকলে ওজন, ভৰ আৰু সময় সঠিকভাৱে নিৰূপণ কৰাৰ লগতে জোখ-মাপৰ সমতুল পদ্ধতিৰ বিকাশ ঘটাইছিল। গুজৰাটৰ ল’থালত আৱিষ্কৃত হাতীদাঁতৰ এডাল মাপকাঠিত অংকিত প্ৰায় ১.৭ মিলিমিটাৰেই হৈছে এতিয়ালৈকে পোৱা ব্ৰঞ্জ যুগৰ আটাইতকৈ সৰু জোখ। হৰপ্পান অভিযন্তাসকলে প্ৰায়োগিক ক্ষেত্ৰত জোখ-মাপৰ দশমিক পদ্ধতিৰ ব্যৱহাৰ কৰিছিল।৫৯
চাণক্যৰ কৌটিল্যৰ অৰ্থশাস্ত্ৰত (খ্ৰী:পূ: ৪ৰ্থ শতিকা) বৰ্ণিত জোখ-মাপসমূহ ল’থালত ব্যৱহৃত জোখ-মাপৰ সৈতে একে।৬০
হৰপ্পানসকলে ধাতুবিদ্যাৰ নতুন পদ্ধতিৰ উদ্ভাৱন কৰাৰ লগতে তাম, ব্ৰঞ্জ, সীহ আৰু টিন উৎপাদন কৰিছিল।
২০০৬ চনৰ এপ্ৰিল মাহত নেচাৰ নামৰ বিজ্ঞান পত্ৰিকাত আদি প্ৰস্তৰ যুগৰ মেহৰগড়ত জীৱন্ত মানুহৰ দাঁতত বিন্ধা কৰাৰ প্ৰমাণ পোৱাৰ কথা প্ৰকাশ পায়।৬১
বানাৱলীত সোণৰ বিশুদ্ধতা পৰীক্ষা কৰা এডাল দণ্ডৰো সন্ধান পোৱা গৈছে।৬২
শিল্পকলা
খননস্থলীত বিভিন্ন ভাস্কৰ্য, ছীল, মৃণ্ময় পাত্ৰ, সোণৰ অলংকাৰ আৰু টেৰাকোটা, ব্ৰঞ্জ আৰু ষ্টেটাইটৰ মানৱ দেহৰ সূক্ষ্ম প্ৰদৰ্শনযুক্ত কিছুমান মূৰ্ত্তি পোৱা গৈছে।
নৃত্যৰ ভংগিমাৰে সোণ, টেৰাকোটা আৰু শিলৰ নাৰীমূৰ্ত্তিসমূহে সেই সময়ত কিছুমান নৃত্যৰূপ থকাৰ কথাকে সূচায়। টেৰাকোটাৰ মূৰ্ত্তিসমূহৰ ভিতৰত গৰু, ভালুক, বান্দৰ আৰু কুকুৰৰ মূৰ্ত্তিও আছে। সৰহসংখ্যক ছীলত অংকিত জন্তুসমূহ চিনাক্ত কৰিব পৰা হোৱা নাই। প্ৰকাণ্ড শিঙযুক্ত আধা বলদ, আধা জেব্ৰাৰ আকৃতিৰ জন্তুসমূহ নিৰীক্ষণ কৰিবলগীয়া। এতিয়ালৈকে এই প্ৰতিকৃতিসমূহৰ কোনো ধাৰ্মিক বা কাল্টিক গুৰুত্ব থকাৰো প্ৰমাণ পোৱা হোৱা নাই।৬৩
শংখ, চিৰামিক, ষ্টেটাইট আদি আটাইকেইটা হৰপ্পা স্তৰতে মণিহাৰ, খাৰু আৰু আন অলংকাৰসমূহ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।৬৪ প্ৰসাধন আৰু প্ৰাতঃকৃত্যৰ কিছুমান যাৱতীয় সামগ্ৰী (যেনে ফণী)হৰপ্পাত পোৱা গৈছে।৬৫৬৫
কিছুমান ছীলত লেপেটা কাঢ়ি বহা মানুহৰ প্ৰতিকৃতি পোৱা গৈছে। বহু লোকে ইয়াক যোগাসনত থকা পশুপতি আখ্যা দিছে। ইয়াৰ বিপৰীতে কিছুসংখ্যক লোকে হিন্দু দেৱতা শিৱৰ সৈতে ইয়াৰ সাদৃশ্য দৰ্শাইছে।৬৬
ছীলসমূহত অংকিত হাৰ্প’ৰ দৰে বাদ্যযন্ত্ৰ আৰু আৱিষ্কৃত শংখসমূহে বাদ্যযন্ত্ৰৰ ব্যৱহাৰ সূচায়। মহেঞ্জোদাৰোত বৰ্গাকাৰ ডাইচৰো (পিঠিবোৰত একৰ পৰা ছয়লৈ বিন্ধাযুক্ত) সন্ধান পোৱা গৈছে।৬৭
ব্যৱসায় আৰু পৰিবহণ
সিন্ধু সভ্যতাৰ অৰ্থনীতি ঘাইকৈ বাণিজ্যৰ ওপৰত নিৰ্ভৰশীল আছিল যেন অনুমান হয়। উন্নত পৰিৱহণ ব্যৱস্থাই ব্যৱসায়-বাণিজ্যত সুবিধা প্ৰদান কৰিছিল। সম্ভৱতঃ সিন্ধু সভ্যতাই চকা ব্যৱহাৰ কৰা প্ৰথমটো সভ্যতা।৬৮ এই ব্যৱস্থাসমূহৰ ভিতৰত গৰুগাড়ী আৰু নাও অন্যতম আছিল।
তাম্ৰ যুগৰ ৪৩০০–৩২০০ খ্ৰী:পূ:ৰ ভিতৰত দক্ষিণ তুৰ্কমেনিস্তান আৰু উত্তৰ ইৰাণৰ সৈতে সিন্ধু সভ্যতাৰ কিছু মিল দেখা যায়। ইয়াৰ পৰা এই ঠাইসমূহৰ মাজত আহ-যাহ আৰু বাণিজ্যিক সম্পৰ্কৰ ধাৰণা কৰিব পাৰি। প্ৰাৰম্ভিক হৰপ্পা কালৰ (প্ৰায় ৩২০০-২৬০০ খ্ৰী:পূ:) সৈতে মধ্য এচিয়া আৰু ইৰাণী মালভূমিৰ মৃৎশিল্প, ছীল মোহৰ, মূৰ্ত্তি, আ-অলংকাৰ আদিৰ সাদৃশ্যই মৰুপথেদি বেপাৰ-বাণিজ্যৰ প্ৰচলনৰ কথা সূচায়।৬৯
বাণিজ্য ক্ষেত্ৰসমূহে আফগানিস্তানৰ একাংশ, ইৰানৰ উপকূলীয় অঞ্চল, ভাৰতৰ উত্তৰ-পশ্চিম অংশ আৰু মেচ’পটেমিয়াকে ধৰি এক বৃহৎ অঞ্চল সংযোগ কৰিছিল। হৰপ্পাত সমাধিস্থ কৰা লোকৰ দাঁতৰ অৱশেষ পৰীক্ষা কৰি পোৱা গৈছে যে নগৰ নিবাসীসকলৰ কিছুসংখ্যক আন ঠাইৰ পৰা প্ৰব্ৰজন কৰি আহি ইয়াত থিতাপি লৈছিলহি।৭০ ক্ৰীট আৰু ইজিপ্টলৈকে বাণিজ্য ক্ষেত্ৰসমূহ বিস্তাৰিত হোৱাৰ প্ৰমাণ পোৱা গৈছে।৭১ মধ্য হৰপ্পা কালত হৰপ্পা আৰু মেচ’পটেমিয়াৰ মাজত বাণিজ্যিক সম্পৰ্ক আছিল আৰু পাৰ্চীয়ান উপসাগৰৰ বাহৰেইন আৰু ফৈলাকাৰ একাংশ মধ্যভোগীয়ে এই সম্পৰ্কৰ পৰিচালনা কৰিছিল।৭২
কৃষি
বিভিন্ন অধ্যয়নে সূচায় যে সিন্ধু সভ্যতা থলীত বিভিন্ন প্ৰকাৰৰ খাদ্যশস্যৰ খেতি কৰা হৈছিল। জনা যায় যে মেহৰগড় নিবাসী লোকসকলে ঘৰুৱাভাৱে উৎপাদন কৰা ঘেঁহু আৰু বাৰ্লি ব্যৱহাৰ কৰিছিল।৭৩
আহাৰ
প্ৰত্নতাত্ত্বিক আৱিষ্কাৰ অনুসৰি সিন্ধু উপত্যকাৰ সভ্যতাত গৰু, ম'হ, ছাগলী, গাহৰি, কুকুৰা আদি প্ৰাণীৰ মাংসৰ প্ৰাধান্য আছিল।
যথাসম্ভৱ লেখন পদ্ধতি
সিন্ধু সভ্যতা থলীসমূহত উদ্ধাৰ হোৱা ছীল, পাত্ৰ, সম্ভৱতঃ ঢোলাভিৰাৰ দুৰ্গৰ দুৱাৰত অঁৰা এখন দুৱাৰ আৰু অন্যান্য সামগ্ৰীসমূহত ৪০০-ৰ পৰা ৬০০টা স্পষ্ট চিহ্ন উদ্ধাৰ হৈছে।৭৪
সিন্ধু সভ্যতাক এক শিক্ষিত সভ্যতা বুলি কোৱা হয় যদিও কিছুসংখ্যক ইতিহাসবিদৰ মতে তেওঁলোকৰ মাজত লিপিৰ পৰিৱৰ্ত্তে চিহ্ন ব্যৱস্থা এটাৰহে প্ৰচলন আছিল।৭৫
২০০৯ চনত পি. এন. ৰাৱে চলোৱা এক অধ্যয়নত কোৱা হয় যে সিন্ধু লিপিসমূহ কথিত শব্দসমূহৰ ওচৰ-পাজৰৰ।৭৬৭৭
ধৰ্ম
মূলতঃ সিন্ধু লিপিসমূহৰ পাঠোদ্ধাৰ নোহোৱাৰ বাবে সিন্ধু সভ্যতাৰ লোকসকলৰ ধৰ্মবিশ্বাসৰ বিষয়ে কোনো সঠিক সিদ্ধান্তত উপনীত হ’ব পৰা নাই।৭৮৭৯ হৰপ্পাৰ পুৰাতাত্ত্বিক চিহ্নসমূহৰ হিন্দু ব্যাখ্যাৰ ভিতৰত৮০ ১৯৩১ চনত পুৰাতত্ত্ববিদজন মাৰ্শ্বেলে দিয়া ব্যাখ্যা উল্লেখনীয়। তেওঁ সিন্ধু ধৰ্মবিশ্বাসৰ তলত উল্লিখিত বৈশিষ্ট্যসমূহ চিনাক্ত কৰিছিল:
- এক পুৰুষ দেৱতা আৰু এক মাতৃদেৱীৰ উপস্থিতি
- পশু আৰু বৃক্ষৰ প্ৰতি সন্মান
- লিংগ আৰু যোনিৰ সাঙ্কেতিক উপস্থাপন আৰু
- ধৰ্মীয় কাম-কাজত স্নান আৰু পানীৰ ব্যৱহাৰ৮১৮২
এটা ছীলত পশুৰে আগুৰি থকা, তিনিশিৰীয়া, উথিত যৌনাংগসহিত মানৱ মূৰ্ত্তি এটা অংকিত পোৱা গৈছে। মাৰ্শ্বেলে ইয়াক সংযম, যোগ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) আৰু লিংগৰ সৈতে সম্পৰ্কিত, হিন্দু দেৱতা পশুপতি শিৱ বা ৰূদ্ৰৰ সৈতে তুলনা কৰিছে। এই ছীলটো পশুপতি ছীলৰূপে জনাজাত।৮৩৮৪ হাৰ্বাৰ্ট ছালিভান আৰু এলফ হিল্টবেইটে মাৰ্শ্বেলৰ যুক্তিৰ বিপৰীতে যথাক্ৰমে কয় যে এই মূৰ্ত্তিটো এক নাৰীৰহে, আৰু এয়া পশু আৰু চাৰিওদিশৰ দেৱতাৰ বাহনেৰে আগুৰি থকা এক মহিষ দেৱতাৰ মূৰ্ত্তি।৮৫৮৬
কোনো কোনো ইতিহাসবিদে জৈন তীৰ্থংকৰ ঋষভ আৰু সিন্ধু সভ্যতাৰ যোগসূত্ৰ থকা বুলি দাবী কৰে।৮৭৮৮
পতন আৰু শেষ হৰপ্পা
১৮০০ খ্ৰী:পূ:ৰ পৰাই সিন্ধু সভ্যতাৰ পতন আৰম্ভ হয় আৰু ১৭০০ খ্ৰী:পূ:লৈ ইয়াৰ প্ৰায়ভাগ নগৰেই বৰ্জিত হৈ পৰে। ১৯৫৩ চনত মৰ্টিমাৰ হুইলাৰে মধ্য এচিয়াৰ আৰ্যসকলৰ আগমনেই সিন্ধু সভ্যতাৰ পতনৰ কাৰক হোৱাৰ সম্ভাৱনীয়তাৰ কথা ব্যক্ত কৰে। ইয়াৰ প্ৰমাণস্বৰূপে তেওঁ মহেঞ্জোদাৰোৰ বিভিন্ন ঠাইত আৱিষ্কাৰ হোৱা ৩৭টা কংকাল আৰু বেদসমূহত বৰ্ণিত যুদ্ধ আৰু দুৰ্গসমূহৰ কথা উল্লেখ কৰে। অৱশ্যে ইতিহাসবিদসকলে এই সম্ভাৱনীয়তা নুই কৰে, কিয়নো এই কংকালসমূহৰ কাল নগৰসমূহ বৰ্জিত হোৱাৰ সময়তকৈ পিছৰ আৰু এইসমূহ দুৰ্গৰ কাষতে পোৱা গৈছে। ১৯৯৪ চনৰ গৱেষণাই দেখুৱায় যে কংকালসমূহৰ লাওখোলাসমূহৰ ক্ষতি জহি যোৱাৰ ফলতহে হৈছে, কোনো আঘাতৰ ফলত নহয়।৮৯ বহুতো গৱেষকে মত পোষণ কৰে যে খৰাং আৰু ইজিপ্ট তথা মেচ’পটেমিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কৰ অৱনতি ঘটাৰ ফলতহে সিন্ধু সভ্যতা ধ্বংস হয়।৯০ কোৱা হয় যে নতুন লোকৰ অনুপ্ৰৱেশ, নিৰ্বনানীকৰণ, বানপানী বা নদীৰ সুঁতি সলনি ইত্যাদি কাৰকে এই বিশাল সভ্যতাৰ পতনত অৰিহণা যোগাইছিল।৯১
সিন্ধু সভ্যতাৰ পতনৰ সৈতে জলবায়ু পৰিৱৰ্ত্তনৰো সম্পৰ্ক থকা বুলি কৰা হয়।৯২ পৰিৱৰ্ত্তিত জলবায়ুৰ ফলত নিম্নগামী হোৱা বৰষুণে পৰ্যাপ্ত পানী যোগান ধৰিব নোৱাৰাৰ কাৰণে সম্ভৱতঃ সেই সময়ৰ বিশাল সৰস্বতী নদী শুকাই যায়।৯৩
পৰৱৰ্ত্তী কাল
সিন্ধু সভ্যতাৰ পতনৰ পিছত বিভিন্ন আঞ্চলিক সংস্কৃতিসমূহে গা-কৰি উঠে। এই সংস্কৃতিসমূহ ভিন্ন পৰিমাণে সিন্ধু সভ্যতাৰদ্বাৰা প্ৰভাৱিত হোৱাৰ উমান পোৱা যায়। হৰপ্পাৰ সমাধি এইচত মৃতদেহ দাহ কৰাৰ প্ৰমাণ পোৱা গৈছে যি প্ৰথা বৰ্তমান হিন্দু ধৰ্মত প্ৰচলিত। ৰাজস্থানৰ পৰা গংগা সমভূমিলৈকে হেঙুল-হাইতাল বৰণীয়া মৃৎশিল্পৰ চিন পোৱা গৈছে।
সহায়ক গ্ৰন্থ
- Allchin, Bridget. (1997). Origins of a Civilization: The Prehistory and Early Archaeology of South Asia. Viking
- Allchin, Raymond (ed.). (1995). The Archaeology of Early Historic South Asia: The Emergence of Cities and States. Cambridge University Press
- Aronovsky, Ilona; Gopinath, Sujata. (2005). The Indus Valley. Heinemann
- Basham, A. L. (1967). The Wonder That Was India. Sidgwick & Jackson. পৃ. 11–14
- Chakrabarti, D. K. (2004). Indus Civilization Sites in India: New Discoveries. Marg Publications. ISBN 81-85026-63-7
- Dani, Ahmad Hassan. (1984). Short History of Pakistan (Book 1). University of Karachi
- Dani, Ahmad Hassan; Mohen, J-P. (eds.). (1996). History of Humanity, Volume III, From the Third Millennium to the Seventh Century BC. Routledge/UNESCO. ISBN 0-415-09306-6
- Hiltebeitel, Alf. (2011). When the Goddess was a Woman: Mahabharata Ethnographies – Essays by Alf Hiltebeitel. BRILL. ISBN 978-90-04-19380-2
- Gupta, S. P. (1996). The Indus-Saraswati Civilization: Origins, Problems and Issues. Pratibha Prakashan. ISBN 81-85268-46-0
- Gupta, S. P. (ed.). (1995). The lost Sarasvati and the Indus Civilisation. Kusumanjali Prakashan
- Kathiroli; et al. (2004). Recent Marine Archaeological Finds in Khambhat, Gujarat. Journal of Indian Ocean Archaeology. পৃ. 141–149
- Kenoyer, Jonathan Mark. (1998). Ancient cities of the Indus Valley Civilisation. Oxford University Press. ISBN 0-19-577940-1
- Kenoyer, Jonathan Mark. (1991). The Indus Valley tradition of Pakistan and Western India. Journal of World Prehistory. পৃ. 1–64
- Kenoyer, Jonathan Mark; Heuston, Kimberly. (2005). The Ancient South Asian World. Oxford University Press. ISBN 0-19-517422-4
- Kirkpatrick, Naida. (2002). The Indus Valley. Heinemann
- Lahiri, Nayanjot (ed.). (2000). The Decline and Fall of the Indus Civilisation. Permanent Black. ISBN 81-7530-034-5
- Lal, B. B. (1998). India 1947–1997: New Light on the Indus Civilization. Aryan Books International. ISBN 81-7305-129-1
- Lal, B. B. (1997). The Earliest Civilisation of South Asia (Rise, Maturity and Decline)
- Lal, B. B. (2002). The Sarasvati flows on
- Marshall, John. (1931). Mohenjo-Daro and the Indus Civilization: Being an Official Account of Archaeological Excavations at Mohenjo-Daro Carried Out by the Government of India Between the Years 1922 and 1927. Asian Educational Services. ISBN 978-81-206-1179-5
- Masson, Charles. (1842). Narrative of Various Journeys in Balochistan, Afghanistan and the Panjab; including a residence in those countries from 1826 to 1838. Richard Bentley. পৃ. 472
- McIntosh, Jane. (2001). A Peaceful Realm: The Rise And Fall of the Indus Civilization. Westview Press. ISBN 0-8133-3532-9
- McIntosh, Jane. (2008). The Ancient Indus Valley: New Perspectives. ABC-CLIO. ISBN 978-1-57607-907-2
- Mughal, Mohammad Rafique. (1997). Ancient Cholistan, Archaeology and Architecture. Ferozesons. ISBN 969-0-01350-5
- Parpola, Asko. (19 May 2005). Study of the Indus Script (50th ICES Tokyo Session)
- Pittman, Holly. (1984). (libmma.contentdm.oclc.org/cdm/compoundobject/col Art of the Bronze Age: southeastern Iran, western Central Asia, and the Indus Valley). The Metropolitan Museum of Art. ISBN 9780870993657
- Possehl, Gregory L. (11 November 2002). The Indus Civilization: A Contemporary Perspective. Rowman Altamira. ISBN 978-0-7591-1642-9
- Rao, Shikaripura Ranganatha. (1991). Dawn and Devolution of the Indus Civilisation. Aditya Prakashan. ISBN 81-85179-74-3
- Shaffer, Jim G. (1995). Indo-Aryans of Ancient South Asia. de Gruyter. ISBN 3-11-014447-6
- Shaffer, Jim G. (1999). Aryan and Non-Aryan in South Asia.. Harvard University, Dept. of Sanskrit and Indian Studies. ISBN 1-888789-04-2
- Shaffer, Jim G. (1992). Chronologies in Old World Archaeology. University of Chicago Press
- Srinivasan, Doris. (1975). The So-Called Proto-śiva Seal from Mohenjo-Daro: An Iconological Assessment. Archives of Asian Art. পৃ. 47–58
- Srinivasan, Doris Meth. (1997). Many Heads, Arms and Eyes: Origin, Meaning and Form in Multiplicity in Indian Art. Brill. ISBN 978-9004107588
- Sullivan, Herbert P. (1964). A Re-Examination of the Religion of the Indus Civilization. History of Religion. পৃ. 115–125
- Thapar, Romila. (2004). Early India: From the Origins to AD 1300. University of California Press. ISBN 978-0-520-24225-8
- Witzel, Michael. (February 2000). The Languages of Harappa. Electronic Journal of Vedic Studies
- Wright, Rita P. (2009). The Ancient Indus: Urbanism, Economy, and Society. Cambridge University Press. ISBN 978-0-521-57219-4
তথ্যসূত্ৰ
- ↑ Haryana's Bhirrana oldest Harappan site, Rakhigarhi Asia's largest: ASI
- ↑ History What their lives reveal
- ↑ What did Harappans eat, how did they look? Haryana has the answers
- ↑ Wright 2009, পৃ. 1
- ↑ Archeologists confirm Indian civilization is 2000 years older than previously believed, Jason Overdorf, Globalpost, 28 November 2012
- ↑ Wright 2009
- ↑ Blanc De La, Paul. Indus Epigraphic Perspectives: Exploring Past Decipherment Attempts & Possible New Approaches 2013 Pg 11. University of Ottawa Research. University of Ottawa
- ↑ 164.100.47.132/LssNew/psearch/QResult15.aspx?qre | "The work on delineation of entire course of river 'Saraswati' in North West India was carried out using Indian Remote Sensing Satellite data along with digital elevation model. Satellite images are multi-spectral, multi-temporal and have advantages of synoptic view, which are useful to detect palaeochannels. The palaeochannels are validated using historical maps, archaeological sites, hydro- geological and drilling data. It was observed that major Harappan sites of Kalibangan (Rajasthan), Banawali and Rakhigarhi (Haryana), Dholavira and Lothal (Gujarat) lie along the River Saraswati ."- Ministry of Space, Government of India
- ↑ www.iisc.ernet.in/currsci/oct25/articles20.htm | A.V.Shankaran.:"Saraswati – The ancient river lost in the desert."
- ↑ Wright 2009, পৃ. 1
- ↑ 164.100.47.132/LssNew/psearch/QResult15.aspx?qre | " Indian Space Research Organization (ISRO) has studied the palaeochannels in North West India and related them to the channels of River Saraswati."
- ↑ www.iisc.ernet.in/currsci/oct25/articles20.htm | A.V.Shankaran.:"Saraswati was believed to have had three tributaries, Shatadru (Sutlej) arising from Mount Kailas, Drishadvati from Siwalik Hills and the old Yamuna. Together, they flowed along a channel, presently identified as that of the Ghaggar river, also called Hakra River in Rajasthan and Nara in Sindh."
- ↑ Michel Danino: The Lost River - On the trail of the Sarasvati (Penguin Books, 2010). ISBN 978-0-14-306864-8
- ↑ B. B. Lal, Keynote Address . Webpages.uidaho.edu. Retrieved on 12 July 2013
- ↑ Charles Kahn. (2005). World History: Societies of the Past. Portage & Main Press
- ↑ Wright 2009, পৃ. 115–125
- ↑ Beck, Roger B.; Linda Black, Larry S. Krieger, Phillip C. Naylor, Dahia Ibo Shabaka,. (1999). World History: Patterns of Interaction. McDougal Littell. ISBN 0-395-87274-X
- ↑ Wright 2009, পৃ. 2
- ↑ (4 May 1999). 'Earliest writing' found. BBC News
- ↑ Akhilesh Pillalamarri. (18 April 2015). Exploring the Indus Valley's Secrets. The diplomat
- ↑ Morrison, Kathleen D. (Ed.); Junker, Laura L. (2002). Forager-traders in South and Southeast Asia: long term histories. Cambridge Univ. Press. পৃ. 62. ISBN 9780521016360
- ↑ 164.100.47.132/LssNew/psearch/QResult15.aspx?qre | "It was observed that major Harappan sites of Kalibangan (Rajasthan), Banawali and Rakhigarhi (Haryana), Dholavira and Lothal (Gujarat) lie along the River Saraswati."- Ministry of Space, Government of India
- ↑ Wright 2009, পৃ. 107
- ↑ Archana Khare Ghose. (3 June 2012). Can Rakhigarhi, the largest Indus Valley Civilisation site be saved?. Economic Times
- ↑ Ishtiyaq Sibtian Joo. (18 April 2015). Can 'national heritage' Rakhigarhi survive for long. Hindustan Times
- ↑ Haryana to set up museum at Rakhigarhi
- ↑ Ratnagar, Shereen. (2006). Trading Encounters: From the Euphrates to the Indus in the Bronze Age. Oxford University Press. ISBN 9780195666038
- ↑ Lockard, Craig. (2010). Societies, Networks, and Transitions, Volume 1: To 1500. Cengage Learning. পৃ. 40. ISBN 1439085358
- ↑ Witzel, Michael. (February 2000). The Languages of Harappa. Electronic Journal of Vedic Studies
- ↑ Masson 1842
- ↑ Davreau, Robert. (1976). World's Last Mysteries
- ↑ Cunningham, A., 1875. Archaeological Survey of India, Report for the Year 1872–73, 5: 105–8 and pl. 32-3. Calcutta: Archaeological Survey of India
- ↑ Singh, Upinder. (2008). A History of Ancient and Early medieval India: from the Stone Age to the 12th century. Pearson Education. পৃ. 137. ISBN 9788131711200
- ↑ Sabharwal, Vijay. (11 July 2010). Indus Valley site ravaged by floods. The Times of India
- ↑ Kenoyer, Jonathan Mark. (1991). The Indus Valley tradition of Pakistan and Western India. Journal of World Prehistory. পৃ. 1–64
- ↑ Shaffer 1992
- ↑ Chandler, Graham. (September–October 1999). Traders of the Plain. Saudi Aramco World. পৃ. 34–42
- ↑ The Largest Bronze Age Urban Civilization. harappa.com
- ↑ Dales, George F. (1962). Harappan Outposts on the Makran Coast. Antiquity. পৃ. 86
- ↑ Rao, Shikaripura Ranganatha. (1973). Lothal and the Indus civilization. Asia Publishing House. ISBN 0-210-22278-6
- ↑ Kenoyer 1998, পৃ. 96
- ↑ Dani, Ahmad Hassan. (1970–1971). Excavations in the Gomal Valley. Ancient Pakistan. পৃ. 1–177
- ↑ Joshi, J. P.; Bala, M. (1982). Harappan Civilization: A recent perspective. Oxford University Press. পৃ. 185–95
- ↑ A. Ghosh. Indian Archaeology, A Review (1958–1959). Archaeol. Surv. India. পৃ. 51–52
- ↑ Ray, Himanshu Prabha. (2003). The Archaeology of Seafaring in Ancient South Asia. Cambridge University Press. পৃ. 95. ISBN 0-521-01109-4
- ↑ Dales, George F. (1979). South Asian Archaeology 1977. Seminario di Studi Asiatici Series Minor 6. Instituto Universitario Orientate. পৃ. 241–274
- ↑ Bisht, R. S. (1989). History and Archaeology. Ramanand Vidya Bhawan. পৃ. 379–408. ISBN 81-85205-46-9
- ↑ Possehl, Gregory L. (1990). Revolution in the Urban Revolution: The Emergence of Indus Urbanization. Annual Reviews of Anthropology. পৃ. 261–282 (Map on page 263)
- ↑ Mughal, M. R. 1982. Harappan Civilization. Oxford & IBH & A.I.1.S. পৃ. 85–95
- ↑ Shaffer, Jim G.; Lichtenstein, Diane A. (1989). Old Problems and New Perspectives in the Archaeology of South Asia. Wisconsin Archaeological Reports 2. পৃ. 117–126
- ↑ Gupta 1995, পৃ. 183
- ↑ e.g. Misra, Virendra Nath. (1992). Indus Civilization, a special Number of the Eastern Anthropologist. পৃ. 1–19
- ↑ Peter T. Daniels. (1996). The World's Writing Systems. Oxford University. পৃ. 372
- ↑ Parpola, Asko. (1994). Deciphering the Indus Script. Cambridge University Press. ISBN 0-521-43079-8
- ↑ Indus Valley 2,000 years older than thought
- ↑ (7 November 2011). Indus re-enters India after two centuries, feeds Little Rann, Nal Sarovar. India Today
- ↑ It has been noted that the courtyard pattern and techniques of flooring of Harappan houses has similarities to the way house-building is still done in some villages of the region. Lal 2002, পৃ. 93–95
- ↑ Morris, A.E.J. (1994). History of Urban Form: Before the Industrial Revolutions. Routledge. পৃ. 31. ISBN 978-0-582-30154-2
- ↑ Feuerstein, Georg; Kak, Subhash; Frawley, David. (2001). In Search of the Cradle of Civilization:New Light on Ancient India. Quest Books. পৃ. 73. ISBN 0-8356-0741-0
- ↑ Sergent, Bernard. (1997). Genèse de l'Inde. Payot. পৃ. 113. ISBN 2-228-89116-9
- ↑ Coppa, A.; et al. (6 April 2006). Early Neolithic tradition of dentistry: Flint tips were surprisingly effective for drilling tooth enamel in a prehistoric population. Nature. পৃ. 755–6
- ↑ Bisht, R. S. (1982). Harappan Civilization: A Contemporary Perspective. Oxford and IBH Publishing Co. পৃ. 113–124
- ↑ Keay, John, India, a History. New York: Grove Press, 2000
- ↑ Kenoyer, Jonathan Mark. (1997). Trade and Technology of the Indus Valley: New Insights from Harappa, Pakistan. World Archaeology. পৃ. 262–280
- ↑ Lal 2002, পৃ. 82
- ↑ Marshall, Sir John. Mohenjo-Daro and the Indus Civilisation, 3 vols, London: Arthur Probsthain, 1931
- ↑ Lal 2002, পৃ. 89
- ↑ Hasenpflug, Rainer, The Inscriptions of the Indus civilization Norderstedt, Germany, 2006
- ↑ Parpola 2005, পৃ. 2–3
- ↑ "Surprising Discoveries From the Indus Civilization", National Geographic, Traci Watson, 29 April 2013, news.nationalgeographic.com/news/2013/13/130425-
- ↑ Doniger, Wendy. (30 September 2010). The Hindus: an alternative history. Oxford University Press. পৃ. 67. ISBN 978-0-1-9959334-7
- ↑ Neyland, R. S. (1992). Underwater archaeology proceedings of the Society for Historical Archaeology Conference at Kingston, Jamaica 1992. Society for Historical Archaeology. পৃ. 68–74
- ↑ Jarrige, J.-F. (1986). Excavations at Mehrgarh-Nausharo. Pakistan Archaeology. পৃ. 63–131
- ↑ Wells, B. An Introduction to Indus Writing. Early Sites Research Society (West) Monograph Series, 2, Independence MO 1999
- ↑ Farmer, Steve; Sproat, Richard; Witzel, Michael. The Collapse of the Indus-Script Thesis: The Myth of a Literate Harappan Civilization
- ↑ Rao, Rajesh P. N.; Yadav, Nisha; Vahia, Mayank N. (May 2009). Entropic Evidence for Linguistic Structure in the Indus Script. Science. পৃ. 1165
- ↑ Indus Script Encodes Language, Reveals New Study of Ancient Symbols Newswise, Retrieved on 5 June 2009
- ↑ keay
- ↑ Wright 2009, পৃ. 281–282
- ↑ Ratnagar, Shereen. (April 2004). Archaeology at the Heart of a Political Confrontation The Case of Ayodhya. Current Anthropology. University of Chicago Press
- ↑ Marshall 1931, পৃ. 48–78
- ↑ Possehl 2002, পৃ. 141–156
- ↑ Marshall 1931, পৃ. 48–78
- ↑ Possehl 2002, পৃ. 141–144
- ↑ Sullivan 1964
- ↑ Hiltebeitel 2011, পৃ. 399–432
- ↑ Zimmer, Heinrich. (1969). Philosophies of India. Princeton University Press. পৃ. 60, 208–209. ISBN 0-691-01758-1
- ↑ Thomas McEvilley (2002) The Shape of Ancient Thought: Comparative Studies in Greek and Indian Philosophies. Allworth Communications, Inc. 816 pages; ISBN 1-58115-203-5
- ↑ Edwin Bryant. (2001). The Quest for the Origins of Vedic Culture. পৃ. 159–60
- ↑ (6 June 2008). Indus Collapse: The End or the Beginning of an Asian Culture?. Science Magazine. পৃ. 1282–3
- ↑ Knipe, David. Hinduism. San Francisco: Harper, 1991
- ↑ phys.org/news/2014-02-decline-bronze-age-megacities-linked.html
- ↑ Tripathi, Jayant K.; Tripathi, K.; Bock, Barbara; Rajamani, V. & Eisenhauer, A. (25 October 2004). Is River Ghaggar, Saraswati? Geochemical Constraints. Current Science
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সিন্ধু সভ্যতা” প্ৰবন্ধৰ সংশোধন ৬৩৭৮২০ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।