ভাৰতৰ অনুপ্ৰেৰণাদায়ী বক্তা
৫ প্ৰবন্ধ
-
আয়েশা চৌধুৰী
আয়েশা চৌধুৰী (২৭ মাৰ্চ ১৯৯৬ – ২৪ জানুৱাৰী ২০১৫) আছিল এগৰাকী তৰুণ ভাৰতীয় লেখিকা আৰু প্ৰেৰণাদায়ী বক্তা। তেওঁ ইংক আৰু টেডৰ মঞ্চত একাধিক অনুপ্ৰেৰণাদায়ী বক্তৃতা প্ৰদান কৰি দৰ্শকৰ পৰা প্ৰশংসা আৰু সমাদৰ লাভ কৰিছিল।
-
অৰুণিমা সিনহা
অৰুণিমা সিনহা (জন্ম ২০ জুলাই, ১৯৮৮) কটা যোৱা ভৰিৰে মাউণ্ট এভাৰেষ্ট আৰু মাউণ্ট ভিনছন বগোৱা বিশ্বৰ প্ৰথমগৰাকী মহিলা আৰোহী। অৰুণিমা সিনহা এগৰাকী ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ভলীবল খেলুৱৈ আছিল। ২০১১ চনত এটা ডকাইতৰ দলক বাধা দিবলৈ লওঁতে দলটোৱে অৰুণিমাক চলন্ত ৰে'লৰ পৰা পেলাই দিয়ে।
-
প্ৰিয়া কুমাৰ
প্ৰিয়া কুমাৰ (Priya Kumar, জন্ম: ৪ মাৰ্চ, ১৯৭৪) হৈছে এগৰাকী ভাৰতীয় লেখিকা আৰু অনুপ্ৰেৰণাদায়ী বক্তা। তেখেতে এতিয়ালৈকে বাৰখন গ্ৰন্থ লিখি উলিয়াইছে। ইয়াৰে ভিতৰত উপন্যাস আৰু আত্ম-সহায়ক গ্ৰন্থও আছে। তেখেতৰ গ্ৰন্থসমূহে মূলতঃ অনুপ্ৰেৰণাদায়ী আৰু আধ্যাত্মিক বিষয়বস্তুক সামৰি লয়।
-
জয়া কিশোৰী
জয়া কিশোৰী (Jaya Kishori; জন্ম: ১৩ জুলাই ১৯৯৫) এগৰাকী ভাৰতীয় আধ্যাত্মিক বক্তা, গায়িকা, প্ৰেৰণাদায়ক বক্তা, জীৱন প্ৰশিক্ষক, আৰু আধ্যাত্মিক বক্তৃতা আৰু আত্মাস্পৰ্শী ভজনৰ বাবে পৰিচিত সমাজ সংস্কাৰক। তেওঁক ‘কিশোৰী জী’ আৰু ‘আধুনিক যুগৰ মীৰা’ বুলি কোৱা হয়।
-
বিথিকা যাদৱ
বিথিকা যাদৱ (Vithika Yadav) হৈছে মানৱ সৰবৰাহ, দাসত্ব, লিংগ অধিকাৰ, যৌন আৰু প্ৰজনন স্বাস্থ্য আৰু অধিকাৰ (SRHR) আৰু শিক্ষাৰ ভৱিষ্যতৰ দিশত কাম কৰা এগৰাকী ভাৰতীয় মানৱ অধিকাৰ কৰ্মী।