অসমৰ উদ্যোগ
২০ প্ৰবন্ধ
-
ভ্ৰাম্যমাণ থিয়েটাৰ
ভ্ৰাম্যমাণ থিয়েটাৰ অসমৰ এক বিশেষ ধৰণৰ পেশাদাৰী নাট্যানুষ্ঠান, য’ত নাট্যদলসমূহে নিজস্ব অস্থায়ী মঞ্চ-প্ৰেক্ষাগৃহসহ ৰাজ্যজুৰি ভ্ৰমণ কৰি চুক্তিভিত্তিক নাটক প্ৰদৰ্শন কৰে। ১৯৬০ৰ দশকৰ আৰম্ভণিত আধুনিক ৰূপ লাভ কৰা এই ধাৰাই অসমৰ লোক-ৰুচি, নাট্য-প্ৰযুক্তি আৰু বাণিজ্যিক নাট্য-ব্যৱস্থাপনা একেলগে আগুৱাই নিছে।
-
অইল ইণ্ডিয়া লিমিটেড
অইল ইণ্ডিয়া লিমিটেড ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ চৰকাৰী মালিকানাধীন হাইড্ৰ'কাৰ্বন অন্বেষণ আৰু উৎপাদন নিগম। ই ভাৰত চৰকাৰৰ পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ মালিকানাধীন আৰু ইয়াৰ ক্ষেত্ৰ নিয়ন্ত্ৰণৰ মুখ্য কাৰ্যালয় অসমৰ ডিব্ৰুগড় জিলাৰ দুলিয়াজানত অৱস্থিত।
-
অসম গেছ কোম্পানী লিমিটেড
অসম গেছ কোম্পানী লিমিটেড (Assam Gas Company Ltd) প্ৰাকৃতিক গেছ পৰিবহণ আৰু বিতৰণৰ লগত জড়িত অসমৰ ৰাজ্যিক ৰাজহুৱা খণ্ডৰ উদ্যোগ হিচাপে স্থাপিত কোম্পানী। ১৯৬২ চনৰ ৩১ মাৰ্চ তাৰিখে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় ডিব্ৰুগড় জিলাৰ দুলিয়াজানত অৱস্থিত।
-
গুৱাহাটী চাহ নিলাম কেন্দ্ৰ
গুৱাহাটী চাহ নিলাম কেন্দ্ৰ (Guwahati Tea Auction Centre) হৈছে মূলতঃ অসমত উৎপাদিত চাহপাত বিক্ৰী কৰিবলৈ স্থাপন কৰা নিলাম কেন্দ্ৰ।
-
অসমৰ ৰেচম শিল্প
অসমৰ ৰেচম শিল্প বুলিলে প্ৰধানত পাট, মুগা আৰু এৰীসূতাৰে বোৱা বিভিন্ন সাজপোচাককে বুজায়। অসমৰ ৰেচম উদ্যোগ এটি আপুৰুগীয়া শিল্প। অসমৰ অৰ্থনীতিৰ দিশটোৰ উপৰিও সাংস্কৄতিক দিশত ইয়াৰ গুৰুত্ব অশেষ।
-
অসমৰ তেল শোধনাগাৰ
বৰ্তমান অসমত চাৰিটা তেল শোধনাগাৰ আছে। ডিগবৈত ১৯০১ চনত অসম ৰে’লৱে আৰু ট্ৰেডিং কোম্পানীয়ে প্ৰথমটো শোধনাগাৰ স্থাপন কৰিছিল। ইয়াৰ পাছত ক্ৰমে ১৯৬২ চনত গুৱাহাটীৰ নুনমাটিত প্ৰথমটো ৰাজহুৱা খণ্ডত ৰোমানিয়াৰ সহায়ত ১৭.২৯ কোটি টকাত, ১৯৭৯ চনত ৪৪৫.১৫ কোটি টকাত বঙাইগাঁৱত আৰু ১৯৯৯ চনত ২৭২৪ কোটি টকাত নুমলীগড়ত…
-
অসমৰ বয়ন শিল্প
অসমৰ বয়ন শিল্প বা হস্ততাঁত শিল্প অসমৰ এক গুৰুত্বপূৰ্ণ কুটিৰ শিল্প। অসমৰ বাবে গৌৰৱৰ কথা যে ভাৰতৰ মুঠ ২৮ লাখ তাঁতশালৰ ১৩ লাখ তাঁতশাল অসমতে আছে। বেছিভাগ তাঁতশালেই ভৰিৰে চলোৱা হয়। বাণিজ্যিকভাৱে বস্ত্ৰ উৎপাদন কৰা শুৱালকুছিৰ একাংশ তাঁতশালহে যন্ত্ৰচালিত।
-
অসম পেট্ৰ’কেমিকেলছ লিমিটেড
অসম পেট্ৰ’কেমিকেলছ লিমিটেড অসম চৰকাৰৰ এক ৰাজ্যিক পৰ্যায়ৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ। অসম চৰকাৰ, অইল ইণ্ডিয়া লিমিটেড আৰু অসম ঔদ্যোগিক উন্নয়ন নিগমৰ আৰু অসম গেছ কোম্পানী লিমিটেডৰ মুখ্য অংশীদাৰীত্বৰে গঠিত প্ৰতিষ্ঠানটো ১৯৭১ চনত প্ৰতিষ্ঠা কৰা হৈছিল।
-
অসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকা
{| ! ক্ৰমিক নং !! নাম !! পৰিচালক !! এলেকা !! জিলা !! খণ্ড !! গোট(ইউনিট) সমূহ (গোটৰ-সংখ্যা)×(মেগাৱাট) !! ক্ষমতা (মেগাৱাট) |- | ১ || লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰ || অসম শক্তি উৎপাদন নিগম লিমিটেড (পূৰ্বৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ) || মাইবেলা || শিৱসাগৰ || ৰাজহুৱা || ৪ × ১৫, ৩ × ২০, ১ × ৩৭.২ || ১৫৭.২ |-…
-
কঠালগুৰি তাপ বিদ্যুৎ কেন্দ্ৰ
কঠালগুৰি তাপ বিদ্যুৎ কেন্দ্ৰ বা আধিকাৰিক ভাবে অসম গেছ ভিত্তিক শক্তি কেন্দ্ৰ (Assam Gas based power plant) অসমৰ ডিব্ৰুগড় জিলাৰ বকুলনিত অৱস্থিত তাপ বিদ্যুৎ কেন্দ্ৰ। এই সংযুক্ত চক্ৰ গেছ টাৰ্বাইন প্ৰকল্পটো নীপকোৰ অধীনত।
-
নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ
নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ (Namrup Thermal Power Station) অসমৰ ডিব্ৰুগড় জিলাৰ নামৰূপ অৱস্থিত তাপ বিদ্যুৎ কেন্দ্ৰ। ইয়াৰ লগতে নতুনকৈ নামৰূপ প্ৰতিষ্ঠাপন শক্তি কেন্দ্ৰ স্থাপন কৰা হৈছে। মুঠ ১৬২.৯ মেগাৱাট ক্ষমতাসম্পন্ন গেছ ভিত্তিক দুয়ো তাপ বিদ্যুৎ কেন্দ্ৰ অসম শক্তি উৎপাদন নিগম লিমিটেডৰ অধীনত।
-
ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বন লিমিটেড
ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বন লিমিটেড (Brahmaputra Valley Fertilizers Corporation Limited) ভাৰত চৰকাৰৰ ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীনৰ ৰাজহুৱা খণ্ডৰ ৰাসায়নিক সাৰ উৎপাদন কৰা উদ্যোগ। এই সাৰ কাৰখানা ডিব্ৰুগড় জিলাৰ নামৰূপত অৱস্থিত।
-
লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰ
লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰ হৈছে অসম শক্তি উৎপাদন নিগমৰ অধীনস্থ এক গেছ ভিত্তিক তাপ বিদ্যুৎ প্ৰকল্প। ই শিৱসাগৰ নগৰৰ পৰা পূৱ দিশত প্ৰায় ৩০ কিঃ মিঃ দুৰত্বত ধোদৰ আলিৰ দাঁতিত মাইবেলা নামে ঠাইত অৱস্থিত। পূৰ্বৰ শিৱসাগৰ জিলাৰ চৰাইদেউ মহকুমাৰ অন্তৰ্গত এই কেন্দ্ৰটি বৰ্তমান নৱগঠিত চৰাইদেউ জিলাৰ অন্তৰ্গত।
-
অসমৰ পুতলা শিল্প
পুতলা শিল্প (Toys of Assam) অসমৰ এবিধ পাৰম্পৰিক লোককলা আৰু কুটিৰ শিল্প। এই শিল্পত সাধাৰণতে শিশুসকলে খেলিবলৈ ব্যৱহাৰ কৰা পুতলা, খেলনা আৰু নানা ধৰণৰ সৌন্দৰ্যবৰ্ধক বস্তুৰ নিৰ্মাণ কৰা হয়।
-
অসমৰ বান্ধ আৰু জলাধাৰসমূহৰ তালিকা
বান্ধ হৈছে প্ৰাকৃতিক ভাবে প্ৰবাহিত পানী বা ভূগৰ্ভস্থ জলপ্ৰবাহবন্ধ বা সীমিত কৰা একপ্ৰকাৰৰ কৃত্ৰিম বাধা। বান্ধৰ ফলত কৃত্ৰিম জলাধাৰৰ সৃষ্টি হয়। বান্ধৰ দ্বাৰা সৃষ্টি হোৱা জলাধাৰবোৰে বানপানী ৰোধ কৰাৰ লগতে জলসিঞ্চন, মানুহৰ দৈনন্দিন ব্যৱহাৰ, ঔদ্যোগিক ব্যৱহাৰ, মীনপালন, জলঅৰ্থনীতি আৰু যাতায়তৰ বাবে পানী…
-
ডিএনপি লিমিটেড
ডিএনপি লিমিটেড (DNP Limited) অসম চৰকাৰৰ এক ৰাজ্যিক পৰ্যায়ৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ। অসম গেছ কোম্পানী লিমিটেড, নুমলীগড় তেল শোধনাগাৰ আৰু অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য অংশীদাৰীত্বৰে গঠিত ডিএনপি লিমিটেড ২০০৭ চনৰ ১৫ জুন তাৰিখে স্থাপন কৰা হৈছিল।
-
নগাঁও কাগজ কল
নগাঁও কাগজ কল অসমৰ মৰিগাঁও জিলাৰ জাগীৰোডত অৱস্থিত এক কাগজ কল। ১৯৭০ চনত প্ৰতিষ্ঠা কৰা এই উদ্যোগটোৰ উৎপাদন আৰম্ভ হয় ১৯৮৫ চনৰ পৰা। ই কলটো কাগজ উৎপাদনত এছিয়াৰ ভিতৰতে প্ৰথম।
-
পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড
পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (West Assam Milk Producers' Co-Operative Union Limited), ৱামূল বা জনপ্ৰিয় ৰূপত পৰিচিত পূৰবী ডেইৰী হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপুৰণি আৰু বৃহৎ দুগ্ধ সমবায় সংঘ৷ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক কৰ্তৃপক্ষ(FSSAI)ৰ দ্বাৰা অনুমোদনপ্ৰাপ্ত এই সমবায় সংঘটোৰ বীজ ৰোপণ…
-
ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড
ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড চমুকৈ বিচিপিএল ভাৰতৰ অসমত ডিব্ৰুগড় জিলাৰ লেপেটকটাত অৱস্থিত এক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান। ঐতিহাসিক অসম চুক্তি অসম গেছ ক্ৰেকাৰ প্ৰকল্প হিচাপে অন্তৰ্ভুক্ত থকা বিচিপিএল নিৰ্মাণৰ কাৰ্য ২০০৭ চনৰ ৯ এপ্ৰিলত তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে আৰম্ভ কৰিছিল আৰু ইয়াক…
-
২০২৫ চনৰ অসম খনিৰ ঘটনা
২০২৫ চনৰ ৬ জানুৱাৰীত ভাৰতৰ অসমৰ ডিমা হাছাও জিলাৰ অবৈধ কয়লা খনিত আবদ্ধ হৈ পৰে খনিকৰৰ দল এটা। ওচৰৰ অব্যৱহৃত খনিৰপৰা পানী ওলাই অহাত তেওঁলোক আবদ্ধ হৈ পৰে।