অৰ্থশাস্ত্ৰ চাণক্যৰ দ্বাৰা ৰচিত এখন বিশ্ব-বিশ্ৰুত গ্ৰন্থ, এই গ্ৰন্থত প্ৰাচীন ভাৰতীয় ৰাজনীতি সম্পৰ্কে বিস্তৃত আৰু প্ৰামান্য তথ্য পাতি পোৱা যায়। ভাৰতীয ৰাজনীতি বিজ্ঞানৰ এইখনেই প্ৰাচীনতম আৰু প্ৰামাণিক গ্ৰন্থ। আধুনিক ৰাজনীতি বিজ্ঞানৰ প্ৰাচীন পাৰিভাষিক নাম আছিল 'অৰ্থশাস্ত্ৰ'। ভাৰতীয় পৰম্পৰাত অৰ্থশাস্ত্ৰ আলোচনাৰ বহুতো প্ৰাচীন নিদৰ্শন পোৱা যায়। কৌটিল্যৰ 'অৰ্থশাস্ত্ৰ'ত পূৰ্বাচাৰ্য্যসকলে প্ৰণয়ন কৰা বিভিন্ন অৰ্থশাস্ত্ৰ নাইবা দন্ডনীতিৰ উল্লেখ আছে আৰু কৌটিল্যৰ 'অৰ্থশাস্ত্ৰ'ক সেইবোৰৰ সংকলন বুলি কোৱা হৈছে।
সাধাৰণতে মৌৰ্য্যসম্ৰাট চন্দ্ৰগুপ্তৰ মন্ত্ৰী বিষ্ণুগুপ্ত নাইবা চাণক্য নাইবা কৌটিল্যকে অৰ্থশাস্ত্ৰৰ ৰচিয়তা বুলি ভবা হয় আৰু এই তিনিওটা নাম যে একেজন ব্যক্তিৰেই আৰু তেৱেঁই যে 'অৰ্থশাস্ত্ৰ'খন লেখিছে সেই বিষয়ে বাণভট্ট, দন্ডী, কামন্দক আদিয়েও সমৰ্থন জনাইছে। ১
কৌটিল্যই 'অৰ্থশাস্ত্ৰ'ৰ সংজ্ঞা এইদৰে দিছে-যি বিদ্যাৰ দ্বাৰা অৰ্থ নাইবা মানৱ বসতিপূৰ্ণ পৃথিৱী বা মাটি লাভ আৰু পালন কৰিবৰ উপায় জনা যায়, সেই বিদ্যাই হ'ল- 'অৰ্থশাস্ত্ৰ'। ৰাষ্ট্ৰ দণ্ডৰ স্বৰূপ,ৰজা আৰু প্ৰজাৰ সম্বন্ধ বিচাৰ আদি ৰাজনৈতিক বিষয়ৰ তাত্বিক আলোচনাতকৈ,ঘাইকৈ ৰাজ্য শাসনৰ লগত জড়িত সমস্যাৰ সমাধান স্বৰূপে ব্যৱহাৰিক জ্ঞান বিতৰণৰ বাবে গ্ৰন্থখন ৰচিত হৈছে।
এই গ্ৰন্থৰ আলোচ্য বিষয় হৈছে -এখন ৰাষ্ট্ৰৰ প্ৰশাসনীয় আৰু অৰ্থনৈতিক যাৱতীয় বিষয়। এই গ্ৰন্থখন 'সূত্ৰৰীতি'ত ৰচিত আৰু ইয়াৰ ভাষা অতি দুৰ্বোধ্য্। পাৰিভাষিক শব্দৰ বাহুল্যৰ বাবে অৰ্থভেদ অতি কষ্টসাধ্য। মহামহোপধ্যায় গণপতি শাস্ত্ৰী, পন্ডিত শ্যামা শাস্ত্ৰী, বোম্বে বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰ পি কাংলে প্ৰভৃতিয়ে অৰ্থশাস্ত্ৰ সম্পাদনা কৰিছে। অসমীয়া ভাষাত ৰজনীকান্ত দেৱশৰ্মাই 'অধ্যক্ষ প্ৰচাৰ' নামৰ ২য় অধিকৰণৰ ৫ম অধ্যায়ৰ ষাড্ গুণ্যনামৰ ৭ম অধিকৰণৰ একাদশ অধ্যায়লৈকে আৰু ড° ডিম্বেশ্বৰ শৰ্মাই আৰম্ভণিৰ ২য় অধিকৰণৰ চতুৰ্থ অধ্যায়লৈ আৰু ৭ম অধিকৰণৰ দ্বাদশ অধ্যায়ৰ পৰা অন্তলৈকে অনুবাদ কৰিছে২।
অৰ্থশাস্ত্ৰখন ১৫টা অধিকৰণত বিভক্ত। এই ১৫টা অধিকৰণৰ ভিতৰত ১৫০টা অধ্যায় আৰু ১৮০টা প্ৰকৰণ আছে।
প্ৰথম অধিকৰণ (শিক্ষা-সম্পৰ্কীয়
- ১ম অধ্যায়: প্ৰকৰণ আৰু অধিকৰণৰ সমুল্লেখ
- ২য় অধ্যায়: বিদ্যা-নিৰ্দেশ;দৰ্শন-শাস্ত্ৰৰ( আৱশ্যকতা) প্ৰতিপাদন
- ৩য় অধ্যায়: বিদ্যা-নিৰ্দেশ; তিনি বেদৰ( আৱশ্যকতা) প্ৰতিপাদন
- ৪ৰ্থ অধ্যায়: বিদ্যা-নিৰ্দেশ; অৰ্থশাস্ত্ৰৰ( আৱশ্যকতা) প্ৰতিপাদন;
নীতি(ৰাজনীতি)-শাস্ত্ৰৰ( আৱশ্যকতা) প্ৰতিপাদন
- ৫ম অধ্যায়: (জ্ঞান) বৃদ্ধসকলৰ সংগ
- ৬ষ্ঠ অধ্যায়: ইন্দ্ৰিয় জয়: ১.ৰিপুষড্ বৰ্গ- ত্যাগ
- ৭ম অধ্যায়: ইন্দ্ৰিয় জয়: ২.ৰাৰ্জষিৰ আচৰণ
- ৮ম অধ্যায়: অমাত্য-নিয়োগ
- ৯ম অধ্যায়: উপদেষ্টা আৰু পুৰোহিত নিয়োগ
- ১০ম অধ্যায়: গোপন পৰীক্ষাৰ যোগেদি অমাত্যসকলৰ কলূষতা আৰু অকলূষতাৰ জ্ঞান
- ১১ অধ্যায়: চোৰাংচোৱাৰ নিয়োগ: ১. চোৰাংচোৱাৰ সংস্থাৰ সৃষ্টি
- ১২ অধ্যায়: (ক্ৰমশঃ) ২. চলন্ত চৰৰ নিয়োগ; চোৰাংচোৱাৰ কাৰ্যবিধি
- ১৩ অধ্যায়: নিজ ৰাজ্যৰ ভেদযোগ্য আৰু অভেদ্যসকলৰ ওপৰত নজৰ
- ১৪ অধ্যায়: শত্ৰু ৰাজ্যৰ ভেদযোগ্ৰ আৰু অভেদ্যসকলক হাত কৰা
- ১৫ অধ্যায়: মন্ত্ৰ প্ৰকৰণ
- ১৬ অধ্যায়: দূতৰ আচৰণ- বিধি
- ১৭ অধ্যায়: যুৱৰাজৰ প্ৰতি সতৰ্কতা অৱলম্বন
- ১৮ অধ্যায়: অননুগৃহীত যুৱৰাজৰ আচৰণ; অননুগৃহীত যুৱৰাজৰ প্ৰতি ব্যৱহাৰ
- ১৯ অধ্যায়: ৰজাৰ আচৰণ বিধি
- ২০ অধ্যায়: (ৰাজ )প্ৰাসাদবাসীসকলৰ আচৰণ বিধি
- ২১ অধ্যায়: (ৰজাৰ) নিজৰ শৰীৰ ৰক্ষা-সম্বন্ধীয়
দ্বিতীয় অধিকৰণ: অধক্ষ্যপ্ৰচাৰ (বিভাগীয় বৰমূৰীয়াসকলৰ কাৰ্য্য)
- ১ম অধ্যায়: গাঁও-সংস্থাপন
- ২য় অধ্যায়: খেতিৰ অনুপযোগী ভূমিৰ বন্দবস্ত
- ৩য় অধ্যায়: দুৰ্গনিৰ্মান
- ৪ৰ্থ অধ্যায়: দুৰ্গৰক্ষিত নগৰৰ বিন্যাস
- ৫ম অধ্যায়: সংনিধাতাৰ(ভঁৰালৰ অধিকাৰী বিষয়া) সঞ্চয়-কৰ্ম
- ৬ষ্ঠ অধ্যায়: সমাহৰ্তাৰ ৰাজস্ব প্ৰবৰ্তন
- ৭ম অধ্যায়: হিচাপ-পৰীক্ষণ আৰু লৈখা -কাৰ্য্যালয়ত গাণনিকৰ অধিকাৰ
- ৮ম অধ্যায়: ৰাজ কৰ্মচাৰীয়ে আত্মসাৎ কৰা ৰাজস্বৰ পুনুৰুদ্ধাৰ
- ৯ম অধ্যায়: বিষয়াসকলৰ (কাৰ্য ) পৰিদৰ্শন
- ১০ম অধ্যায়: শাসন প্ৰকৰণ
- ১১ অধ্যায়: ৰাজ-ভঁৰালত থবলগীয়া মূল্যবান বস্তুৰ পৰীক্ষা
- ১২ অধ্যায়: আঁকৰ আৰু কৰ্মান্তৰৰ প্ৰবৰ্তন
- ১৩ অধ্যায়: অক্ষশালত (সোণ -ৰূপৰ কাৰখানা) সুবৰ্ণাধ্যক্ষ
- ১৪ অধ্যায়: ৰাজপথৰ বজাৰত সোণাৰিৰ ব্যৱসায়
- ১৫ অধ্যায়: কোষ্ঠাগাৰৰ অধ্যক্ষ
- ১৬ অধ্যায়: পণ্যাধক্ষ (বাণিজ্যৰ অধ্যক্ষ)
- ১৭ অধ্যায়: কুপাধ্যক্ষ (মূল্যবান কাঠ,বাহ আদি বনজ সম্পদৰ আহৰণৰ দায়িত্বত থকা মুখ্য বিষয়া)
- ১৮ অধ্যায়: আয়ুধাগাৰৰ অধ্যক্ষ
- ১৯ অধ্যায়: ভৰ আৰু ওজনৰ প্ৰমিতিকৰণstasda
- ২০ অধ্যায়: isc gদেশ আৰু কালৰ মান
- ২১ অধ্যায়: শুল্কাদ্যক্ষ
- ২২ম অধ্যায়: শুল্কাদ্যক্ষ: শুল্ক সূচী
- ২৩ অধ্যায়: সূত্ৰাধ্যক্ষ
- ২৪ অধ্যায়: সীতাধ্যক্ষ (কৃষি-অধ্যক্ষ)
- ২৫ অধ্যায়: সুৰাধ্যক্ষ
- ২৬ অধ্যায়: সূনাধ্যক্ষ (কচাইখানাৰ-অধ্যক্ষ)
- ২৭ অধ্যায়: গণিকাধ্যক্ষ
- ২৮ অধ্যায়: নৌ-অধ্যক্ষ
- ২৯ অধ্যায়: গো-অধ্যক্ষ
- ৩০ অধ্যায়: অশ্বাধ্যক্ষ
- ৩১ অধ্যায়: হস্তী-অধ্যক্ষ
- ৩২ অধ্যায়: হস্তী-অধ্যক্ষ: হস্তিপ্ৰচাৰ (হাতীৰ কৰ্ম)
- ৩৩ অধ্যায়: ৰথাধ্যক্ষ; পদাতি-অধ্যক্ষ; সেনাপতিৰ কাৰ্য্য
- ৩৪ অধ্যায়: মুদ্ৰাধ্যক্ষ (পাৰপত্ৰৰ অধ্যক্ষ); চৰণীয়া পথাৰৰ অধ্যক্ষ
- ৩৫ অধ্যায়: সমাহৰ্তাৰ কাৰ্য; গৃহস্থ,বেপাৰী আৰু সন্ন্যাসীবেশী চোৰাংচোৱা
- ৩৬ অধ্যায়: নগৰাধ্যক্ষৰ আচৰণ-বিধি
তৃতীয় অধিকৰণ: ধৰ্মস্থীয় (বিচাৰ-সম্পৰ্কীয়)
- ১ম অধ্যায়: ব্যৱহাৰ-স্হাপনা [ লেন দেনৰ ( সিদ্ধতা অসিদ্ধতা-সম্পৰ্কীয়) নিৰ্ণয় ]
- ২য় অধ্যায়: বিবাহ-সম্পৰ্কীয়: ১.বিবাহ বিধি;২.স্ত্ৰীধন ব্যৱস্থা; ৩.আধিবেদনিক (২য় বাৰ বিয়া কৰোৱা কাৰণে পত্নীত্ব লোপ হোৱা সম্পৰ্কে )
- ৩য় অধ্যায়: বিবাহ-সম্পৰ্কীয়: ৪. শুশ্ৰুষা (বৈবাহিক কৰ্তব্য) ৫.স্ত্ৰীধন ব্যৱস্থা ৬.ভৰ্ম (ভৰণ-পোষণ);৬. পাৰুষ্য; ৭.দ্বেষ;৮.অতিচাৰ (অসদাচৰণ);৯.উপকাৰ আৰু ব্যৱহাৰৰ নিষেধ
- ৪ৰ্থ অধ্যায়: বিবাহ-সম্পৰ্কীয়: ১০.গৃহ ত্যাগ; ১১. পুৰুষৰ লগত গমন; ১২. কমদিনীয়া প্ৰবাস;১৩.দীৰ্ঘকালিন প্ৰবাস
- ৫ম অধ্যায়: দায়বিভাগ (উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি বিভাগ):১. দায়ক্ৰম (উত্তৰাধিকাৰিত্বৰ ক্ৰম)
- ৬ষ্ঠ অধ্যায: দায়বিভাগ ২. অংশবিভাগ
- ৭ম অধ্যায়: দায়বিভাগ ৩. পুত্ৰবিভাগ
- ৮ম অধ্যায়: স্থাবৰ- সম্পত্তি সম্বন্ধীয় ১,গৃহবাস্তুক (ঘৰ-বাৰী) সম্বন্ধীয়
- ৯ম অধ্যায়: স্থাবৰ- সম্পত্তি সম্বন্ধীয় ২.( স্থাবৰ- সম্পত্তি ) বিক্ৰী: ৩. সীমা বিবাদ ৪. ক্ষেত্ৰ বিবাদ ৫. সীমাস্থাপন: ৬. বেদখল আৰু ক্ষতিসাধন
- ১০ম অধ্যায়: স্থাবৰ- সম্পত্তি সম্বন্ধীয়: ৭. চৰণীয়া পথাৰ,খেতি পথাৰ আৰু আলিবাটৰ ক্ষতিসাধন। লোকাচাৰ অপৰিপালন
- ১১ অধ্যায়: ঋণ অপৰিশোধ
- ১২ অধ্যায়: উপনিধি -বিষয়ক (গচ্ছিত ধন-সম্পৰ্কীয়)
- ১৩ অধ্যায়: দাস আৰু বনুৱা বিযয়ক বিধি
- ১৪ অধ্যায়: দাস আৰু বনুৱা বিযয়ক বিধি: বনুৱাৰ কৰ্তব্য। সম্ভুয়-সমুন্থান (অংশীদাৰী উদ্যোগ )
- ১৫ অধ্যায়: বেচা-কিনা বাতিলকৰন
- ১৬ অধ্যায়: দান কৰা বস্তৰ অপ্ৰদান; স্বত্বহীন বিক্ৰী; বস্তু আৰু মালিকৰ সম্বন্ধ
- ১৭ অধ্যায়: বলপূৰ্বক গ্ৰহণ
- ১৮ অধ্যায়: বাক্ পাৰুষ্য (মাতৰ তিতা)
- ১৯ অধ্যায়: দন্ড পাৰুষ্য (শাৰীৰ হিংসা ) stasda
- ২০ অধ্যায়: iscজুৱা আৰু পণ; বিবিধ প্ৰকৰণ
বাহ্যিক সংযোগ
- ইংৰাজী ৱিকিচৰ্ছত অৰ্থশাস্ত্ৰৰ মূল পাঠ্য আছে
- অৰ্থশাস্ত্ৰ সম্পৰ্কীয় দৃশ্যশ্ৰাৱ্য
তথ্যসূত্ৰ
- ↑ গ্ৰন্থ 'নীতিসাৰ'-কামন্দক" গ্ৰন্থ 'দশকুমাৰ চৰিত"-আচাৰ্য্য দন্ডী, প্ৰকাশক: ?, পৃষ্ঠা নং: ?
- ↑ "কৌটিল্যৰ অৰ্থশাত্ৰ "- প্ৰকাশক: অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা নং: ?, আহৰণ কৰা তাৰিখ: ?
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৌটিল্যৰ অৰ্থশাস্ত্ৰ” প্ৰবন্ধৰ সংশোধন ৫৬৬১৩৬ (২৫ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।