ডিপথেৰীয়া বা 'ঘোঁৰা--শলখা'Corynebacterium diphtheriae নামৰ বেক্টেৰিয়াবিধে কৰা এক সংক্ৰামক ৰোগ। ৰোগৰ লক্ষণ আৰু চিহ্ন অলপীয়াৰ পৰা তীব্ৰ হ'ব পাৰে। সাধাৰণতে বীজাণুৰ সংস্পৰ্শলৈ অহা দুইৰ পৰা পাঁচ দিনৰ পাছত ৰোগ আৰম্ভ হয়। ডিঙি বেয়া লগা (sore throat) আৰু জ্বৰেৰে লক্ষণবোৰ আৰম্ভ হয়। তীব্ৰ ৰোগত ডিঙিৰ ভিতৰত এখন ধোঁৱাবৰণীয়া বা বগা আৱৰণী গঢ়ি উঠে। শ্বাসৰ পথ ৰুদ্ধ কৰি ই সজোৰ কাহৰ সৃষ্টি কৰিব পাৰে। লসিকা গ্ৰন্থিবোৰ ডাঙৰ হৈ ডিঙি ফুলি উঠিব পাৰে। ছাল, চক আৰু যৌনাংগ আক্ৰান্ত হোৱা এবিধ ডিপথেৰীয়াও দেখা যায়। জটিলতাৰ ভিতৰত মায়'কাৰ্ডাইটিছ (হৃদপেশীৰ প্ৰদাহ), পেৰিফেৰেল নিউৰ'পেথী (স্নায়ুৰ প্ৰদাহ), বৃক্কৰ ৰোগ আৰু অণুচক্ৰিকা কমি ৰক্তক্ষৰণ হোৱা প্ৰধান। মায়'কাৰ্ডাইটিছৰ ফলত হৃদস্পন্দনৰ খেলিমেলি হয় আৰু নিউৰ'পেথীৰ ফলত পক্ষাঘাত হ'ব পৰে।
ডিপথেৰীয়া সাধাৰণৰে মানুহৰ মাজৰ প্ৰত্যক্ষ সংস্পৰ্শৰে বা বতাহৰ যোগেৰে বিয়পে।১ বীজাণুযুক্ত বস্তুৰ মাধ্যেমেৰেও ই বিয়পে। কোনো লোকে লক্ষণ নোহোৱাকৈ বেক্টেৰিয়াবিধ কঢ়িয়াই ফুৰে আৰু আন ব্যক্তিক আক্ৰান্ত কৰিব পাৰে। C. diphtheriaeৰ তিনিটা মূল প্ৰকাৰে ভিন ভিন প্ৰাবল্যৰ ৰোগ কৰে। বেক্টেৰিয়াবিধে তৈয়াৰ কৰা এবিধ বিহৰ (exotoxin) ফলত লক্ষণবোৰে দেখা দিয়ে। ডিঙিৰ অৱস্থালৈ চাই আৰু জীৱাণুৰ কাল্চাৰ কৰি ৰোগ ধৰা পেলাব পাৰি। আগতে হোৱা সংক্ৰমণে ভৱিষ্যতৰ সংক্ৰমণক বাধা দিব নোৱাৰে।
ডিপথেৰীয়া প্ৰতিষেধকে ৰোগ প্ৰতিৰোধ কৰিব পাৰে। শিশুকালত ধনুষ্টংকাৰৰ প্ৰতিষেধক আৰু হুপিং কাহৰ প্ৰতিষেধকৰ লগত তিনি বা চাৰিবাৰ এই বেজী দিয়া হয়। তাৰ পাছত প্ৰতি দহ বছৰত ডিপথেৰীয়া-ধনুষ্টংকাৰ প্ৰতিষেধক দিয়া উচিত। তেজত এণ্টিটক্সিন ধৰা পেলাই প্ৰতিষেধকৰ কুশলতা নিৰ্ণয় কৰিব পাৰি। এৰীথ্ৰ'মাইচিন বা বেঞ্জাইলপেনিচিলিন নামৰ প্ৰতিজৈৱিকেৰে ডিপথেৰীয়াৰ চিকিৎসা সম্ভৱ। ইতিমধ্যে সংক্ৰমণ হোৱা ব্যক্তিৰো আগলৈ ৰোগ প্ৰতিৰোধৰ বাবে এই এণ্টিবায়'টিক ব্যৱহাৰ কৰিব পাৰি। জটিল ৰোগত শ্বাসনলীত বাহিৰৰ পৰা ছিদ্ৰ (tracheotomy) কৰিবলগীয়া হয়।
২০১৫ চনত বিশ্বজুৰি ৰোগীৰ সংখ্যা আছিল প্ৰায় ৪,৫০০। ১৯৮০ চনত এই সংখ্যা আছিল প্ৰায় ১,০০,০০০। ১৯৮০ চনৰ আগতে বছৰি প্ৰায় ১০ লাখমান লোক ৰোগত আক্ৰান্ত হৈছিল বুলি অনুমান কৰা হয়। বৰ্তমান ডিপথেৰীয়া ৰোগ বেছিকৈ চাহাৰা-নিম্ন আফ্ৰিকা, ভাৰত আৰু ইণ্ডোনেছিয়াত দেখা যায়।২ ২০১৫ চনত ইয়াৰ ফলত ২,১০০ লোকৰ মৃত্যু ঘটিছিল। ১৯৯০ চনত মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ৮,০০০।৩৪ In areas where it is still common, children are most affected. প্ৰতিষেধকৰ বহুল ব্যৱহাৰৰ ফলত উন্নত দেশসমূহত ডিপথেৰীয়া প্ৰায় নিচিহ্ন।৫ সংক্ৰমিত হোৱা ৫%ৰ পৰা ১০% লোকৰ মৃত্যু ঘটে। হিপ'ক্ৰেটিছে খ্ৰী:পূ: পঞ্চম শতিকাতে এই ৰোগৰ বিৱৰণ দিছিল। ১৮৮২ চনত এড্ৱিন ক্লেব্ছে বেক্টেৰিয়াবিধ চিনাক্ত কৰে।
অতিৰিক্ত পঠন
- Holmes, R .K. (2005). Harrison's Principles of Internal Medicine. McGraw-Hill. ISBN 978-0-07-139140-5
- "Antitoxin dars 1735 and 1740." The William and Mary Quarterly, 3rd Ser., Vol 6, No 2. p. 338.
- Shulman, S. T. (2004). The History of Pediatric Infectious Diseases. Pediatric Research. পৃ. 163–176
তথ্যসূত্ৰ
- ↑ Kowalski, Wladyslaw. (2012). Hospital airborne infection control. CRC Press. পৃ. 54. ISBN 9781439821961
- ↑ (2014). Mandell, Douglas, and Bennett's Principles and Practice of Infectious Diseases. Elsevier Health Sciences. পৃ. 2372. ISBN 9780323263733
- ↑ GBD 2015 Mortality and Causes of Death, Collaborators. (8 October 2016). Global, regional, and national life expectancy, all-cause mortality, and cause-specific mortality for 249 causes of death, 1980-2015: a systematic analysis for the Global Burden of Disease Study 2015.. Lancet. পৃ. 1459–1544
- ↑ GBD 2013 Mortality and Causes of Death, Collaborators. (17 December 2014). Global, regional, and national age-sex specific all-cause and cause-specific mortality for 240 causes of death, 1990–2013: a systematic analysis for the Global Burden of Disease Study 2013.. Lancet. পৃ. 117–71
- ↑ Al, A. E. Paniz-Mondolfi et. Resurgence of Vaccine-Preventable Diseases in Venezuela as a Regional Public Health Threat in the Americas - Volume 25, Number 4—April 2019 - Emerging Infectious Diseases journal - CDC
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিপথেৰীয়া” প্ৰবন্ধৰ সংশোধন ৬৩১৫৯৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।