অনিৰুদ্ধ (Aniruddha বা Aniruddh) হ’ল শ্ৰীকৃষ্ণৰ নাতি আৰু প্ৰদ্যুম্নৰ পুত্ৰ; বাণ ৰজাৰ জীয়াৰী ঊষাৰ স্বামী। অনিৰুদ্ধৰ অৰ্থ হ’ল বাধাহীন, ৰোধহীন, অবাধ।১
কিংবদন্তী
পুৰণি কালত শোণিতপুৰ (বৰ্তমানৰ তেজপুৰ) ৰাজ্যৰ ৰজা বাণাসুৰৰ ঊষা নামেৰে এজনী পৰম ৰূপৱতী কন্যা আছিল। ঊষাৰ সখী চিত্ৰলেখাৰ মায়াৰ বলত অনিৰুদ্ধ আৰু ঊষাৰ মাজত প্ৰেম হয়। আৰু ঊষাক পাবলৈ অনিৰুদ্ধই অসম (শোণিতপুৰ) -লৈ আহে।২
বাণ এজন প্ৰবল শিৱভক্ত ৰজা আছিল। বাণ ৰজা প্ৰহ্লাদৰ নাতি মহাবীৰ বলিৰ পুত্ৰ আছিল। বিষ্ণুৰ বামন অৱতাৰত ছলনা কৰি বলিক পাতাললৈ পঠাই দিয়াত শিৱক তপস্যা কৰি বাণ ৰজাই শোণিতপুৰ জিলা ৰাজ্যখন পায়।২
বাণ ৰজাই অনিৰুদ্ধক অন্তেষপুৰত নাগ-পাশেৰে বান্ধি থয়। অনিৰুদ্ধক দ্বাৰকাত নেদেখি হুলস্থূল লগাত দেৱৰ্ষি নাৰদে গৈ অনিৰুদ্ধৰ কথা সবিশেষ জনায় আৰু ৰণ-সাজেৰে যদু-সেনা শোণিতপুৰলৈ যায়। এই যুদ্ধত বাণ ৰজাৰ পক্ষলৈ মহাদেৱে শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰে। ইয়াক হৰি-হৰ যুদ্ধ বুলি কোৱা হয়। এই যুদ্ধত হৰ হাৰে।২
বংশধৰ
অনিৰুদ্ধ আছিল প্ৰদ্যুম্ন আৰু ৰুক্মৱতীৰ সন্তান। যিয়ে বাণাসুৰৰ (মহাবলীৰ পুত্ৰ) জীয়েক ঊষাক বিয়া কৰাইছিল। বাণাসুৰ আছিল শোণিতপুৰৰ (বৰ্তমানৰ তেজপুৰ) ৰজা। অনিৰুদ্ধৰ ককা আছিল ভগৱান শ্ৰীকৃষ্ণ আৰু আইতা দেৱী ৰুক্মিণী।৩ অনিৰুদ্ধৰ সন্তান আছিল বজ্ৰ (বা বজ্ৰনাভ)। শিৱ পুৰণাৰ মতে, ঊষা আৰু অনিৰুদ্ধ পৰৱৰ্তী জীৱনত বেউলা আৰু লখিন্দৰ ৰূপে পুনৰজন্ম লৈছিল আৰু ইজনে সিজনক পুনৰ বিবাহ কৰিছিল।৪
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ বৰুৱা, হেমচন্দ্ৰ. অনিৰুদ্ধ (হেমকোষ). হেমকোষ প্ৰকাশন. পৃ. ৩৯
- ↑ ড॰ বাণীকান্ত কাকতি. কুমৰ-হৰণ। গ্ৰন্থ=পুৰণি অসমীয়া সাহিত্য. অসম প্ৰকাশন পৰিষদ (আগষ্ট ২০১৪). পৃ. 19-26
- ↑ ড॰ বাণীকান্ত কাকতি. (ষষ্ঠ প্ৰকাশ: আগষ্ট ২০১৪). কুমৰ-হৰণ (গ্ৰন্থ: পুৰণি অসমীয়া সাহিত্য). অসম প্ৰকাশন পৰিষদ. পৃ. ১৯-২৬
- ↑ McDaniel, June. (2004-08-05). Offering Flowers, Feeding Skulls: Popular Goddess Worship in West Bengal. Oxford University Press. ISBN 978-0-19-029056-6
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনিৰুদ্ধ” প্ৰবন্ধৰ সংশোধন ৫৬৮২৮৭ (৭ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।