অংশুলা কান্ত (Anshula Kant, জন্ম: ৭ ছেপ্টেম্বৰ ১৯৬০) এগৰাকী ভাৰতীয় বেংকাৰ। বৰ্তমান তেওঁ বিশ্ব বেংক গোটৰ মুখ্য বিত্তীয় বিষয়া আৰু পৰিচালনা সঞ্চালক। ২০১৯ চনৰ ১২ জুলাই তাৰিখে তেওঁ এই পদত নিযুক্তি লাভ কৰিছিল।১২৩ ইয়াৰ আগতে তেওঁ ২০১৮ চনৰ ৭ ছেপ্টেম্বৰ তাৰিখৰ পৰা ২০১৯ চনৰ ৩১ আগষ্টলৈকে তেওঁ ভাৰতীয় ষ্টেট বেংকৰ পৰিচালনা সঞ্চালক পদত অধিষ্ঠিত আছিল। তেওঁ ভাৰতৰ উত্তৰাখণ্ডৰ ৰুৰকীৰ অধিবাসী।৪
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৬০ চনৰ ৭ ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ উত্তৰাখণ্ডৰ ৰুৰকীত অংশুলা কান্তৰ জন্ম হৈছিল। ১৯৭৯ চনত নতুন দিল্লীৰ লেডী শ্ৰীৰাম কলেজৰ পৰা অৰ্থনীতি বিভাগৰ স্নাতক ডিগ্ৰী অৰ্জন কৰিছিল। তাৰপিছত ১৯৮১ চনত তেওঁ দিল্লী স্কুল অৱ ইক'ন'মিক্সৰ পৰা অৰ্থনীতিৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১ তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ বেংকাৰছ্ বৰ্তমানৰ ভাৰতীয় বেংকিং আৰু বিত্তীয় প্ৰতিষ্ঠানৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত সহযোগী।৫
কৰ্মজীৱন
১৯৮৩ চনত অংশুলা কান্তে ভাৰতীয় ষ্টেট বেংকত এগৰাকী প্ৰমাণিক বিষয়া হিচাপে যোগদান কৰে। তেওঁ এছবিআইৰ মুখ্য মহাব্যৱস্থাপক (মহাৰাষ্ট্ৰ আৰু গোৱা), ৰাষ্ট্ৰীয় বেংকিং গোটৰ কাৰ্য প্ৰণালীৰ বাবে উপ পৰিচালনা সঞ্চালক আৰু এছবিআই ছিংগাপুৰ শাখাৰ মুখ্য কাৰ্যবাহী বিষয়া পদত অধিষ্ঠিত আছিল।৫ ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ দুবছৰৰ বাবে এছবিআইৰ পৰিচালনা সঞ্চালক আৰু বেংকৰ বোৰ্ডৰ সদস্য হৈছিল।১৬৭ ভাৰতীয় ষ্টেট বেংকত শ্ৰীমতী কান্তৰ বেংকিং ক্ষেত্ৰত ৩৫ বছৰতকৈও অধিক অভিজ্ঞতা লাভ কৰিছে। ইয়াৰে ভিতৰত তেওঁ খুচুৰা আৰু কৰ্পোৰেট বেংকিং, বন্ধকী বিত্ত, স্থানীয় মুদ্ৰা আৰু বৈদেশিক মুদ্ৰা সঁজুলি, আৰু বিত্ত, বিপদাশংকা, কাৰ্যকলাপ, কোষাগাৰ, পুঁজি, নিয়ামক অনুপালন আৰু সাধাৰণ ব্যৱস্থাপনাক সামৰি নেতৃত্ব দিছিল। এছবিআইৰ মুখ্য বিত্তীয় বিষয়া হিচাপে তেওঁ ৩৮ বিলিয়ন আমেৰিকান ডলাৰ ৰাজহ আৰু মুঠ ৫০০ বিলিয়ন আমেৰিকান ডলাৰ সম্পত্তি পৰিচালনা কৰিছিল। তেওঁ কঠোৰ ভাবে পুঁজিৰ আধাৰ যথেষ্ট উন্নত কৰিছিল আৰু তেওঁৰ নিৰ্দেশত এছবিআইৰ দীৰ্ঘম্যাদী বহনশীলতাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।৮
২০১৯ চনৰ ১২ জুলাই তাৰিখে তেওঁক বিশ্ব বেংক গোটৰ মুখ্য বিত্তীয় বিষয়া আৰু পৰিচালনা সঞ্চালক হিচাপে নিযুক্ত কৰা হৈছিল। তেওঁ বেলেন্স শ্বীট আৰু বিত্তীয় আৰু বিপদাশংকা ব্যৱস্থাপনাৰ বাবে দায়বদ্ধ।৮ ২০১৯ চনৰ ৭ অক্টোবৰ তাৰিখৰ পৰা তেওঁৰ কাৰ্যকাল আৰম্ভ হয়। এই পদত অধিষ্ঠিত হোৱা তেওঁ বিশ্বৰ প্ৰথম মহিলা।
ইণ্ডিয়া টুডে কাকতে তেওঁক ২০১৯ বৰ্ষৰ 'ব্ৰেভিং এ নিউ ৱৰ্ল্ড - গ্লোৱেল ইণ্ডিয়ান' শিতানত অষ্টম স্থান প্ৰদান কৰিছে।৯ ২০২০ চনত বিজনেছ টুডে কাকতে তেওঁক 'সন্মুখৰ পৰা নেতৃত্ব দিয়া আটাইতকৈ ক্ষমতাশালী মহিলা'ৰ তালিকাত অন্তৰ্ভুক্ত কৰে।১০
ব্যক্তিগত জীৱন
অংশুলা কান্ত উত্তৰ প্ৰদেশৰ বাৰাণসীৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট সঞ্জয় কান্তৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ এজন পুত্ৰ সিদ্ধাৰ্থ আৰু এগৰাকী কন্যা নূপুৰ আছে।১১১
তথ্যসূত্ৰ
- ↑ (13 July 2019). Explained: Anshula Kant’s journey from SBI to World Bank. The Indian Express
- ↑ SBI MD Anshula Kant appointed World Bank CFO and MD. www.businesstoday.in
- ↑ Kumar, Sanjay. (13 July 2019). World Bank appoints Anshula Kant as MD, CFO. BFSI
- ↑ Bhakta, Pratik. (21 October 2015). Meet SBI CFO Anshula Kant, the woman who busted myths and ran a bank like a start up. The Economic Times
- ↑ (11 September 2018). Who is Anshula Kant, the new State Bank of India (SBI) MD?. Zee Business
- ↑ Anshula Kant appointed new SBI MD; to serve till September 2020. www.businesstoday.in
- ↑ (7 September 2018). Anshula Kant appointed SBI Managing Director: Here’s her journey from Probationary Officer to MD. The Financial Express
- ↑ (12 July 2019). Who is Anshula Kant — Indian banker appointed as MD and CFO of World Bank. The Financial Express
- ↑ (26 July 2019). The most powerful people of India 2019 - Full list. The India Today
- ↑ (4 October 2020). BT MPW 2020: Business Today honours 'Most Powerful Women' who lead from the front. The Business Today
- ↑ (15 July 2019). Fond of malai pua, World Bank’s new CFO Anshula Kant has a strong Varanasi connection. Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অংশুলা কান্ত” প্ৰবন্ধৰ সংশোধন ৪৩১২১১ (৮ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।