ভাৰতীয় বেংকাৰ
৫ প্ৰবন্ধ
-
অংশুলা কান্ত
অংশুলা কান্ত (Anshula Kant, জন্ম: ৭ ছেপ্টেম্বৰ ১৯৬০) এগৰাকী ভাৰতীয় বেংকাৰ। বৰ্তমান তেওঁ বিশ্ব বেংক গোটৰ মুখ্য বিত্তীয় বিষয়া আৰু পৰিচালনা সঞ্চালক। ২০১৯ চনৰ ১২ জুলাই তাৰিখে তেওঁ এই পদত নিযুক্তি লাভ কৰিছিল।
-
অৰুন্ধতী ভট্টাচাৰ্য্য
অৰুন্ধতী ভট্টাচাৰ্য্য (জন্ম: ১৮ মাৰ্চ ১৯৫৬) এগৰাকী ভাৰতীয় বেংকাৰ আৰু ভাৰতীয় ষ্টেট বেংকৰ ভূতপূৰ্ব অধ্যক্ষ। ভাৰতৰ শীৰ্ষ বাণিজ্যিক বিত্তীয় প্ৰতিষ্ঠানৰ অধ্যক্ষ হোৱাৰ বাবে ফৰ্বৰ তালিকাত তেওঁ এই স্থান লাভ কৰিছিল আৰু শীৰ্ষ ২৫ তম স্থান লাভ কৰা একমাত্ৰ ভাৰতীয় মহিলা।
-
ঊষা থোৰাট
ঊষা থোৰাট (Usha Thorat; জন্ম ২০ ফেব্ৰুৱাৰী ১৯৫০)-এ ২০০৫ চনৰ ১০ নৱেম্বৰৰ পৰা ২০১০ চনৰ ৮ নৱেম্বৰলৈকে ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআই) (ভাৰতৰ কেন্দ্ৰীয় বেংক)ৰ উপ-গৱৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ আৰবিআইৰ কাৰ্যবাহী সঞ্চালক আছিল।
-
দীপালী পন্ত যোশী
দীপালী পন্ত যোশী (Deepali Pant Joshi) ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এগৰাকী প্ৰাক্তন কাৰ্যবাহী সঞ্চালক (২০১৭ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে)। তেওঁ এগৰাকী উন্নয়ন অৰ্থনীতিবিদ আৰু অৰ্থনৈতিক বিষয়ৰ লেখিকা। তেওঁৰ পেছাদাৰী দায়িত্বসমূহৰ ভিতৰত আছে মুদ্ৰা ব্যৱস্থাপনা বিভাগ, আইনী বিভাগ আৰু প্ৰিমিচেছ বিভাগ।
-
মাধৱী পুৰী বুচ
মাধৱী পুৰী বুচ (Madhabi Puri Buch, জন্ম: ১৯৬৬) এগৰাকী ভাৰতীয় বেংকাৰ আৰু বৰ্তমান চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অফ ইণ্ডিয়া (ছেবি)ৰ অধ্যক্ষ। ছেবিৰ নেতৃত্ব দিয়া তেওঁ প্ৰথমগৰাকী মহিলা অধ্যক্ষ।