ফাইলাও বসুমতাৰী (ইংৰাজী: Pwilao Basumatary; জন্ম: ৫ মাৰ্চ ১৯৯৩) এজন ভাৰতীয় বক্সাৰ।১ ২০১১ চনৰ আন্তৰ্জাতিক বক্সিং এছ'চিয়েচন (এমেচাৰ) মহিলা যুৱ আৰু জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত আণ্টালিয়াত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।২ গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় ইণ্ডিয়া অ'পেন আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰে।৩ জাৰ্মানীত অনুষ্ঠিত কলন বক্সিং বিশ্বকাপত তেওঁ ৰূপৰ পদক লাভ কৰে।৪ বুলগেৰিয়াত অনুষ্ঠিত ৭০ সংখ্যক ষ্ট্ৰেণ্ডজা মেম'ৰিয়েল বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰে।৫
প্ৰাৰম্ভিক জীৱন
কৃষক পৰিয়ালৰ জন্ম গ্ৰহণ কৰা বসুমতাৰী চিৰাং জিলাৰ এখন দুৰ্গম গাঁৱত ডাঙৰ-দীঘল হৈছিল।৬ তেওঁৰ শৈশৱ ভোক আৰু দৰিদ্ৰতাৰ সৈতে যুঁজি পাৰ হৈছিল আৰু তেওঁৰ পৰিয়াল ২০১২ চনৰ অসমত হোৱা হিংসাৰ বলি হৈছিল।৭ কোকৰাঝাৰৰ স্প'ৰ্টছ অথৰিটি অৱ ইণ্ডিয়া স্পেচিয়েল এৰিয়া গেমছ চেণ্টাৰত স্থান লাভেৰে তেওঁৰ ক্ৰীড়া কেৰিয়াৰ আৰম্ভ কৰিছিল।৮
তথ্যসূত্ৰ
- ↑ (12 February 2016). About the Awardee: Pwilao Basumatary. NDTV
- ↑ (12 February 2016). About the Awardee: Pwilao Basumatary. NDTV
- ↑ Mary Kom, Shiva Thapa, Jamuna Boro dominate finals of the India Open International Boxing Tournament. NDTV
- ↑ (27 February 2022). Cologne Boxing WC: Meena Bags Gold, India Finishes With 5 Medals
- ↑ (19 February 2019). Assam boxers Lovlina Borgohain and Pwilao Basumatary bag bronze in Bulgaria
- ↑ (12 February 2016). About the Awardee: Pwilao Basumatary. NDTV
- ↑ (12 February 2016). About the Awardee: Pwilao Basumatary. NDTV
- ↑ (12 February 2016). About the Awardee: Pwilao Basumatary. NDTV
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাইলাও বসুমতাৰী” প্ৰবন্ধৰ সংশোধন ৫০৩৯০৯ (১৯ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।