অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ফেলকন উৎসৱ

ফেলকন উৎসৱ (Falcon Festival) হৈছে অসমৰ ডিমা হাছাও জিলাৰ উমৰাংছুত উদ্‌যাপন কৰা এক বাৰ্ষিক উৎসৱ। প্ৰতি বছৰে অক্টোবৰ–নৱেম্বৰ মাহত এই উৎসৱ অনুষ্ঠিত কৰা হয়। বছৰৰ এই সময়টোত, এই অঞ্চললৈ অহা আমুৰ ফেলকন (Falco amurensis) নামৰ পৰিভ্ৰমী চৰাইটোৰ সংৰক্ষণৰ প্ৰতি সজাগতা অনাৰ লক্ষ্যৰে এই উৎসৱ অনুষ্ঠিত কৰা হয়।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ৪৭৮ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ফেলকন উৎসৱ (Falcon Festival) হৈছে অসমৰ ডিমা হাছাও জিলাৰ উমৰাংছুত উদ্‌যাপন কৰা এক বাৰ্ষিক উৎসৱ। প্ৰতি বছৰে অক্টোবৰ–নৱেম্বৰ মাহত এই উৎসৱ অনুষ্ঠিত কৰা হয়। বছৰৰ এই সময়টোত, এই অঞ্চললৈ অহা আমুৰ ফেলকন (Falco amurensis) নামৰ পৰিভ্ৰমী চৰাইটোৰ সংৰক্ষণৰ প্ৰতি সজাগতা অনাৰ লক্ষ্যৰে এই উৎসৱ অনুষ্ঠিত কৰা হয়। সাধাৰণতে, চৰাইবোৰে অঞ্চলটো এৰি যোৱাৰ পিছত উৎসৱটো অনুষ্ঠিত কৰা হয়।১

উৎপত্তি

এই উৎসৱৰ প্ৰধান লক্ষ্য হৈছে পৰিভ্ৰমী চৰাই, আমুৰ ফেলকনৰ সংৰক্ষণৰ বিষয়ে সজাগতা সৃষ্টি কৰা। ইয়াৰ প্ৰথম সংস্কৰণটো ব্লু হিলছ ছ’চাইটি, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া আৰু চেৰিটিজ এইড ফাউণ্ডেশ্যন-ইণ্ডিয়াৰ সহযোগত উমৰাংছুৰ কাৰ্বি ক্লাব খেলপথাৰত, ২০১৫ চনৰ ৩১ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল।১২

উদ্দেশ্য

বন্যপ্ৰাণী সংৰক্ষণ আৰু সাংস্কৃতিক উদযাপনেই এই উৎসৱৰ মূল উদ্দেশ্য।৩ উত্তৰ-পূব ভাৰতত আমুৰ ফেলকন চৰাইৰ সংৰক্ষণৰ বাবে পালন কৰা অনুৰূপ উৎসৱসমূহৰ ভিতৰত এই উৎসৱ অন্যতম। নাগালেণ্ড,৪ মেঘালয়,৫ মণিপুৰৰ দৰে উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যতো একেধৰণৰ উৎসৱ পালন কৰা হয়।৬ উৎসৱটোৱে অঞ্চলটোত আমুৰ ফেলকনৰ বিষয়ে সজাগতাৰ ক্ষেত্ৰত আগভাগ লোৱাৰ গৌৰৱ লাভ কৰিছে।

আমুৰ ফেলকন

আমুৰ ফেলকন (Falco amurensis) হৈছে এবিধ সৰু পৰিভ্ৰমী চৰাই যিয়ে দক্ষিণ-আফ্ৰিকা আৰু পূব-চীনৰ মাজত (প্ৰজনন স্থান) ভ্ৰমণ কৰে। এই দীঘলীয়া যাত্ৰাকালত, ই উত্তৰ-পূব ভাৰতত উপনীত হয় আৰু ইয়াত জিৰণি লয়। চৰাইটো, অবিশ্বাস্যভাৱে ২২,০০০ কিলোমিটাৰ যাত্ৰাপথ অতিক্ৰম কৰাৰ বাবে জনাজাত। চৰাইবোৰে পৰিভ্ৰমণ কালত প্ৰধানকৈ পোক-পৰুৱা খায়। এই সময়ছোৱাত ইহঁত বাসস্থানৰ অভাৱ আৰু চোৰাংচিকাৰৰ দৰে ভাবুকিৰ সন্মুখীন হয়। ইহঁতৰ সুৰক্ষা তথা সংৰক্ষণৰ বাবে বহু প্ৰচেষ্টা চলি আছে।

উদ্‌যাপন

এই অনুষ্ঠানটো একেৰাহে তিনিদিন ধৰি চলে। প্ৰথম দিনা, পৰম্পৰাগত আৰু আধুনিক ক্ৰীড়াকে ধৰি বিভিন্নধৰণৰ বহিঃস্থ ক্ৰীড়া অনুষ্ঠিত হয়। দ্বিতীয় দিনা, সৌন্দৰ্য্য প্ৰতিযোগিতাৰ দৰে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। সাধাৰণতে, প্ৰতি নিশাই সংগীত সমাৰোহৰ আয়োজন কৰা হয়। এই মহোৎসৱত বিভিন্ন পৰম্পৰাগত শিল্পকৰ্ম, জনজাতীয় সংস্কৃতি আৰু জনজাতীয় পৰম্পৰাসমূহৰ প্ৰদৰ্শন কৰা হয়।

অৱস্থান

কাৰ্বি ক্লাব

২০১৫ চনৰ পৰা ২০১৬ চনলৈ এই মহোৎসৱৰ প্ৰথম দুটা সংস্কৰণ, ডিমা হাছাওৰ উমৰাংছু স্থিত "কাৰ্বি ক্লাব খেলপথাৰ"ত অনুষ্ঠিত হয়।

উমৰাংছু গ’ল্ফ কʼৰ্চ

২০১৭ চনৰ পৰা, উমৰাংছু গ’ল্ফ কʼৰ্চত প্ৰতি বছৰে ফেলকন উৎসৱ অনুষ্ঠিত হৈ আহিছে। ই নীপকʼ বান্ধৰ এক মালভূমি-প্লাৱনভূমি। ইয়াত কেইবাটাও মালভূমি-পাহাৰ আছে, ইয়াৰে কিছুমান বাৰিষাৰ সময়ত (বানপানীৰ সময়ত) দ্বীপপুঞ্জলৈ পৰিণত হয়। কেম্পিং, ট্ৰেকিং, বʼটিং, ৱাটাৰ স্কিইং আদিৰ বাবেও এই স্থান অতি জনপ্ৰিয়।৭

ঘটনাৱলী

২০১৭ চনত এজন ব্যক্তিক অচেতন অৱস্থাত পোৱা গৈছিল আৰু চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হৈছিল।৮

২০১৮ চনত, চতুৰ্থ সংস্কৰণৰ অন্ত পৰাৰ পিছত নীপকʼৰ জলাধাৰত এজন ব্যক্তিক মৃত অৱস্থাত পোৱা গৈছিল, আৰক্ষীয়ে জনোৱা মতে, মৃত ব্যক্তিজনে আগ নিশা অত্যধিক মদ্যপান কৰিছিল।৮ উৎসৱস্থলীত পানীৰ সুৰক্ষাৰ পৰ্যাপ্ত অভাৱ পৰিলক্ষিত হৈছিল।৯

২০২৩ চনত, ইয়াৰ নৱম সংস্কৰণৰ সময়ত, দৰ্শকৰ পৰা মোটা অংকৰ প্ৰৱেশ মূল্য লোৱা হৈছিল। ইয়াৰ শেষৰ দিনটোত, দৰ্শকে অবৈধভাৱে সংগীত সমাৰোহত প্ৰৱেশ কৰিছিল। যদিও, পিছত তেওঁলোকক বিনামূলীয়াকৈ প্ৰৱেশৰ অনুমতি দিয়া হৈছিল। আন্তঃৰাষ্ট্ৰীয় বেণ্ড, ডিজে মাৰি ফেৰাৰীৰ উপস্থিতিয়েই আছিল এই বিপুল ভিৰৰ আগমনৰ কাৰণ।১০

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Falcon Festival: An Ode to Amur Falcon
  2. ↑ www.telegraphindia.com/north-east/festival-route
  3. ↑ (27 November 2023). Falcon Festival 2023: A Spectacular Celebration of Conservation and Culture | NEWS8 NorthEast
  4. ↑ (26 October 2018). The First-Ever Amur Falcon Conservation Week & Festivals in Wokha, Nagaland
  5. ↑ (13 November 2023). Tyrso villagers gear up to welcome Amur Falcons with festival | Highland Post
  6. ↑ Tamenglong comes alive to Amur Falcon Festival: 12th nov23 ~ E-Pao! Headlines
  7. ↑ (14 November 2022). 8th Falcon Festival in Dima Hasao: All You Need to Know
  8. ↑ (5 November 2018). Assam: Body of a youth found at Falcon festival site in Dima Hasao
  9. ↑ Assam: Two minors drown in NEEPCO water reservoir near Umrangso
  10. ↑ (2 December 2023). Assam: Tense situation at Falcon festival after crowd try to break-in after failing to pay for tickets

সম্পৰ্কিত শ্ৰেণী

অসমৰ উৎসৱসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফেলকন উৎসৱ” প্ৰবন্ধৰ সংশোধন ৫৫১০৩৮ (১৪ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।