পৰীক্ষিত হাজৰিকা অসমৰ এগৰাকী অধ্যাপক আৰু গৱেষক। তেখেতৰ জন্ম হৈছিল নলবাৰী জিলাৰ নদ্দীৰ চুৰচুৰী গাঁৱৰ হাজৰিকা পাৰাত ১৯৩৪ চনত। পিতৃৰ নাম ৰঘুৰাম হাজৰিকা আৰু মাতৃৰ নাম ডালিমীপ্ৰিয়া হাজৰিকা।
শিক্ষা আৰু কৰ্মজীৱন
তেওঁ চুৰচুৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা ১৯৪৭ চনত প্ৰাথমিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু বনগাঁও এম.ই স্কুলৰ পৰা ১৯৫১ চনত চূড়ান্ত পৰীক্ষাত জলপানীসহ উত্তীৰ্ণ হয়। নলবাৰী গৰ্ডন হাইস্কুলৰ পৰা ১৯৫৫ চনত প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। নলবাৰী কলেজৰ আই.এ আৰু ১৯৬০ চনত বি.বৰুৱা কলেজৰ (নৈশ শাখা) পৰা বি.এ.ডিগ্ৰী লাভ কৰে। তেখেতে ১৯৬২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়াত এম. এ. পাছ কৰি ১৯৬৩ চনত ডিব্ৰুগড় কানৈ কলেজত অধ্যাপনা আৰম্ভ কৰে। তাৰ পৰা গৈ ১৯৬৮-৭০ চনত দিল্লীৰ UPSC অফিচত ৰাজপত্ৰিত গৱেষণা বিষয়া হিচাপে যোগ দিয়ে। তাত প্ৰায় দুবছৰ চাকৰি কৰি পুনৰ কানৈ কলেজলৈ ঘূৰি আহে। ১৯৭৬ চনৰ আৰম্ভণিতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰে। ১৯৮৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত ৰীডাৰ হিচাপে যোগ দিয়ে। ১৯৯৬ চনৰপৰা ড° হাজৰিকাই সেই বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে কাৰ্য নিৰ্বাহ কৰি ১৯৯৮ চনৰ ১ ডিচেম্বৰত অৱসৰ লয়; অৱশ্যে সেই সময়ৰ নিয়মানুসাৰে তেওঁ অতিৰিক্ত তিনি বছৰ চাকৰি কৰিব লগা হয়। তেওঁ বিভিন্ন সামাজিক কামকাজৰ লগত জড়িত হৈ আছিল। দক্ষিণ গুৱাহাটী বি এড কলেজৰ বাবে ভূমি দান কৰে।১
সাহিত্য কৰ্ম
পৰীক্ষিত হাজৰিকাই পুৰণি অসম কেন্দ্ৰিক দুষ্প্ৰাপ্য পুথি আৰু ভাষা-সাহিত্য সংস্কৃতি বিষয়ক গৱেষণা কাৰ্য্যত ব্ৰতী হৈ আছে। স্কুলীয়া দিনৰ হাজৰিকাই ৰচনা কৰা কবিতা, গল্প, প্ৰবন্ধ আদিৰ বাহিৰেও ভালেমান গৱেষণাধৰ্মী প্ৰবন্ধ, আলোচনা, ব্যঙ্গ লেখা আদি ভালেমান আলোচনী, স্মৃতিগ্ৰন্থ আদিত সিঁচৰিত হৈ আছে। ২ তেখেতে ডিব্ৰুগড়ত কৰ্মসূত্ৰে থাকোঁতে' পূব ডিব্ৰুগড় সাহিত্য সভা' গঠন কৰিছিল।এইখনে বৰ্তমান সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে।
তেখেতৰ মৌলিক গ্ৰন্থ হ'ল—
- অসমীয়া প্ৰবন্ধ মঞ্জৰী (১৯৬৪)
- আলোচনা সাহিত্য (১৯৬৫)
- সাহিত্যৰ জেউতি (১৯৭৩)
- অশান্ত উল্কা (গল্প সংকলন, ১৯৭৩)
- অসমীয়া কৰ্ম (১৯৮৩)
- ৰজনীকান্ত বৰদলৈৰ উপন্যাস (১৯৯৫)
- অসমীয়া সাহিত্যৰ সুবাস (১৯৯৫)
- অসমীয়া গদ্যৰ ইতিহাস
- ঊনবিংশ শতিকাৰ অসমীয়া উপন্যাস
- The Beginings of the Assamese Novel( Thesis)
সম্পাদিত গ্ৰন্থ
- শঙ্কৰী স্মৃতি গ্ৰন্থ (১৯৬৫)
- প্ৰবন্ধ-সৌৰভ (১৯৬৬)
- ডিবৰুৰ পাৰে পাৰে (১৯৬৬)
- বলিছলন (১৯৭৪)
- সৌমাৰিকা (১৯৮৩)
- জিজ্ঞাসা (১৯৮৫)
- শ্ৰীশ্ৰীচণ্ডী (৩য় তাঙৰণ, ১৯৯৫)
- অশ্বকৰ্ণ বধ (১৯৯৫)
- কালিকা পুৰাণ (২য় তাঙৰণ, ১৯৯৫)
- চৰ্য্যাপদ (চতুৰ্দশ তাঙৰণ, ২০২১), ইত্যাদি।
সম্পাদিত আলোচনী
- বীণা (১৯৪৯-৫০)
- নৈবেদ্য (১৯৫৩)
- অসম সাহিত্য সভা পত্ৰিকা (১৯৭৯-৮১)
- অন্বেষণ (২য় বছৰ, ১৯৯৫) ইত্যাদি।
সম্পাদিত সাপ্তাহিক কাকত
- অসম স্পন্দন (১৯৮৩-১৯৮৭)
- সাপ্তাহিক সময় (১৯৯৮)
বটা, সন্মান
- সাহিত্যিক পেঞ্চনাৰ হিচাপে পেঞ্চন লাভ।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰীক্ষিত হাজৰিকা” প্ৰবন্ধৰ সংশোধন ৬১৫১৭৪ (১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।