অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মহাবালেশ্বৰ চৈল

মহাবলেশ্বৰ চৈল (Mahabaleshwar Sail; জন্ম ৪ আগষ্ট ১৯৪৩) এগৰাকী ভাৰতীয় লেখক। ২০১৬ চনত, তেওঁক তেওঁৰ উপন্যাস 'হাবটন' (हावटण)ৰ বাবে সৰস্বতী সন্মানেৰে সন্মানিত কৰা হৈছিল।

হালনাগাদ: ২৮ মাৰ্চ ২০২৬ ৩৫২ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

মহাবলেশ্বৰ চৈল (Mahabaleshwar Sail; জন্ম ৪ আগষ্ট ১৯৪৩)১ এগৰাকী ভাৰতীয় লেখক। ২০১৬ চনত, তেওঁক তেওঁৰ উপন্যাস 'হাবটন' (हावटण)ৰ বাবে সৰস্বতী সন্মানেৰে সন্মানিত কৰা হৈছিল। ২৩

সংক্ষিপ্ত জীৱন

১৯৪৩ চনৰ ৪ আগষ্টত, কৰ্ণাটকৰ মাজালিৰ শ্বেজেবাগত, মহাবালেশ্বৰ চৈলৰ জন্ম হৈছিল। তেওঁ এটি কৃষিজীৱী পৰিয়ালৰ সন্তান আছিল। তেওঁৰ দেউতাকে ভাৰতীয় সেনাত কাম কৰিছিল। দেউতাকৰ মৃত্যুৰ পিছত, চৈলে পঢ়া সামৰি খেতিত জড়িত হ’ব লগা হৈছিল। তেওঁ ছয় বছৰ বয়সত বিদ্যালয়লৈ যোৱা আৰম্ভ কৰিছিল আৰু অষ্টম শ্ৰেণীত পঢ়া এৰিব লগাত পৰিছিল।৪ পৰৱৰ্তী সময়ত তেওঁ ভাৰতীয় সেনাবাহিনীত নাম ভৰ্তি কৰে। চৈলে ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধত অংশগ্ৰহণ কৰিছিল৫ আৰু হুছেইনিৱালা সীমান্তত সেনাত মকৰল আছিল।৬

তেওঁ ১৯৬৪-১৯৬৫ চনৰ ভিতৰত, ৰাষ্ট্ৰসংঘৰ শান্তিদূত ৰূপে ইজৰাইল আৰু ইজিপ্তৰ সীমান্ত বিবাদৰ বাবে কাম কৰিছিল।৭ চেইলে বন বিভাগত চুপাৰভাইজাৰ হিচাপে কাম কৰিছে। তেওঁ গোৱা, দমন আৰু দিউ আৰক্ষীতো আছিল আৰু অৱসৰ গ্ৰহণ কৰাৰ আগলৈকে ইণ্ডিয়া পোষ্টত কাম কৰিছিল।৮৯

সাহিত্য

চৈলে প্ৰথমতে মাৰাঠী ভাষাত লিখিছিল কিন্তু পিছত কোংকণী ভাষাতো লিখিবলৈ আৰম্ভ কৰিছিল।১০ তেওঁৰ প্ৰথম গল্পটো প্ৰলহাদ কেশৱ আত্ৰেৰ সাপ্তাহিক নৱয়ুগ ৱিকলিত প্ৰকাশ পাইছিল। ১১ তাচকেণ্ট ঘোষণাপত্ৰৰ পিছত যুদ্ধ নিস্তব্ধতাক লৈ তেওঁৰ প্ৰথম কাহিনীটো আছিল।১২

চৈলে কোংকণী ভাষাত গল্প, উপন্যাস আৰু শিশু সাহিত্য লিখিছে। তেওঁ মাৰাঠী ভাষাত উপন্যাস, গল্প আৰু নাটক লিখিছে।১৩ ১৯৯৬ চনত লিখা তেওঁৰ প্ৰথমখন কোংকণী উপন্যাস আছিল কালি গংগা (काळी गंगा)। ১৪ ই কাৰৱাৰৰ কালী নদীৰ (কৰ্ণাটক) পাৰত থকা কৃষক সম্প্ৰদায়ৰ জীৱনক চিত্ৰিত কৰিছে।১৫ ১৯৯৩ চনত চৈলে তেওঁৰ চুটি গল্প সংকলন তৰঙ্গা (तरंगा)ৰ বাবে কোংকণী ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰে।১৬

কোংকণী ভাষাৰ চৈলৰ গল্প-সংকলনসমূহ হৈছে; পলতডচে তাৰু, তৰংগা, বেয়নেট ফাইটিং, নিমাণো অশ্বত্থামা আৰু ডন মুলাঞ্চে ঝাড;১৭ আনহাতে এই ভাষাত লিখা তেওঁৰ উপন্যাসসমূহ হৈছে; কালী গংগা, অদ্ৰুষ্ট, য়ুগ সংৱাৰ, খৌল খৌল মুলম, বিখাৰ বিলখৌ আৰু মাতী আনি মলব।১৮

তেওঁৰ শিশু উপন্যাসখন হৈছে; চৈম দেৱ। তাণ্ডৱ আৰু বন্দ দৰৱাজা হৈছে চৈলৰ মাৰাঠী ভাষাত লিখা দুখন উপন্যাস। মাৰাঠীত লিখা তেওঁৰ নাটকসমূহ হৈছে; নকো জালু মাঞ্জ ঘৰ্টা, চৰিত্ৰ্য়াহীন, শৰণাগতি আৰু য়াতনা চক্ৰ।১৯

স্বীকৃতি

ইয়াৰ উপৰিও চৈল [[সাহিত্য অকাডেমি], কৰ্ণাটক কোংকণী সাহিত্য অকাডেমি আৰু গোৱা কলা একাডেমীৰ দৰে বিভিন্ন চৰকাৰী আৰু সাহিত্য সংগঠনৰ সদস্য আছিল।২৮ ২০০৫ চনত তেওঁ সদৌ ভাৰত কোংকণী পৰিষদৰ সভাপতি আছিল।২৯

তথ্যসূত্ৰ

  1. ↑ Sumit, Roy. भारत -पाक सीमा पर युद्ध लड़ चुके हैं महाबलेश्वर सैल, अब साहित्‍य के मिला ये बड़ा सम्‍मान. NDTV India
  2. ↑ Archived copy
  3. ↑ Konkani author Mahabaleshwar Sail gets Saraswati Samman. Business Standard
  4. ↑ (29 January 2017). 'A writer's ability to create literature is a gift that he is born with'
  5. ↑ महाबळेश्वर सैल
  6. ↑ भारत-पाक सीमा पर युद्ध लड़ चुके हैं महाबलेश्वर सैल, अब साहित्‍य के मिला ये बड़ा सम्‍मान
  7. ↑ महाबळेश्वर सैल
  8. ↑ (29 January 2017). 'A writer's ability to create literature is a gift that he is born with'
  9. ↑ (18 October 2010). Mahabaleshwar Sail chosen for Konkani award. The Hindu
  10. ↑ Archived copy
  11. ↑ महाबळेश्वर सैल
  12. ↑ (29 January 2017). 'A writer's ability to create literature is a gift that he is born with'
  13. ↑ Archived copy
  14. ↑ महाबळेश्वर सैल
  15. ↑ (29 January 2017). 'A writer's ability to create literature is a gift that he is born with'
  16. ↑ (29 January 2017). 'A writer's ability to create literature is a gift that he is born with'
  17. ↑ Archived copy
  18. ↑ Archived copy
  19. ↑ Archived copy
  20. ↑ AKADEMI AWARDS KONKANI (Since 1977). Sahitya Akademi
  21. ↑ Vimala V. Pai Vishwa Konkani Award to Konkani Novelist Mahabaleshwar Sail
  22. ↑ Vimala V. Pai Vishwa Konkani Award to Konkani Novelist Mahabaleshwar Sail
  23. ↑ Vimala V. Pai Vishwa Konkani Award to Konkani Novelist Mahabaleshwar Sail
  24. ↑ Vimala V. Pai Vishwa Konkani Award to Konkani Novelist Mahabaleshwar Sail
  25. ↑ Vimala V. Pai Vishwa Konkani Award to Konkani Novelist Mahabaleshwar Sail
  26. ↑ Mahabaleshwar Sail chosen for Konkani award. The Hindu
  27. ↑ (9 March 2017). Konkani writer gets Saraswati Samman. The Hindu. Press Trust of India
  28. ↑ महाबळेश्वर सैल
  29. ↑ महाबळेश्वर सैल

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিকসৰস্বতী সন্মান বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাবালেশ্বৰ চৈল” প্ৰবন্ধৰ সংশোধন ৫৯৬৩০৭ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।