অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰোহিত খান্দেলৱাল

ৰোহিত খান্দেলৱাল (জন্ম: ১৯ আগষ্ট, ১৯৮৯) এজন ভাৰতীয় মডেল, অভিনেতা আৰু টেলিভিজন ব্যক্তিত্ব। তেওঁ ২০১৫ চনত মিষ্টাৰ ইণ্ডিয়া আৰু ২০১৬ চনত মিষ্টাৰ ৱৰ্ল্ডৰ খিতাপ জয় কৰে। মিষ্টাৰ ৱৰ্ল্ড প্ৰতিযোগিতা জয় কৰা তেওঁ প্ৰথম গৰাকী এছিয়ান তথা ভাৰতীয়।

হালনাগাদ: ৩ ডিচেম্বৰ ২০২৪ ২১২ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ৰোহিত খান্দেলৱাল (জন্ম: ১৯ আগষ্ট, ১৯৮৯) এজন ভাৰতীয় মডেল, অভিনেতা আৰু টেলিভিজন ব্যক্তিত্ব। তেওঁ ২০১৫ চনত মিষ্টাৰ ইণ্ডিয়া আৰু ২০১৬ চনত মিষ্টাৰ ৱৰ্ল্ডৰ খিতাপ জয় কৰে। মিষ্টাৰ ৱৰ্ল্ড প্ৰতিযোগিতা জয় কৰা তেওঁ প্ৰথম গৰাকী এছিয়ান তথা ভাৰতীয়।১২৩৪

কৰ্মজীৱন

অভিনেত্ৰী কৰিণা কাপুৰৰ লগত কৰা অলংকাৰৰ এটি বিজ্ঞাপনৰ জৰিয়তে ৰোহিতে কৰ্মজীৱনৰ পাতনি মেলিছিল। তাৰ পিছত তেওঁ কেইবাটাও বিজ্ঞাপন কৰে। ৫

"ইউ টিভি বিন্দাচ"ৰ জনপ্ৰিয় প্ৰেম সম্পৰ্কীয় ধাৰাবাহিক "য়ে হে আশ্বিকী"ৰ ৭৬ নং খণ্ডত অভিনয়ৰ যোগেদি তেওঁ টেলিভিচনৰ জগতত প্ৰৱেশ কৰে। পিছলৈ তেওঁ "চেনেল ভি"ৰ ধাৰাবাহিক "মিলিয়ন ডলাৰ গাৰ্ল"ত কুটিৰ শিল্পৰ শিপিনী সকলৰ নেতা ভূৱনৰ চৰিত্ৰ অভিনয় কৰিছিল। হায়দৰাবাদত জন্ম আৰু ডাঙৰ-দীঘল হোৱা বাবে ৰহিত হিন্দী ভাষাত পাৰদৰ্শী নহয়। সেয়ে তেওঁ হিন্দী শিকবলৈ ক্লাছ লবলগীয়া হৈছিল।৬

২৩ জুলাই, ২০১৫ চনত মুম্বাইৰ ক্লাৱ ৰয়ালিটিত অনুষ্ঠিত "মিষ্টাৰ ইণ্ডিয়া ২০১৫" প্ৰতিযোগিতাত তেওঁ বিজয়ী হয়। তেওঁ লগতে দুটা বিশেষ খিতাব "ষ্টে অন মিষ্টাৰ এক্টিভ" আৰু "প্ৰভোগ পাৰচনেল কেয়াৰ শ্ৰেষ্ঠ অভিনেতা" লাভ কৰে।৪৭

টেলিভিচন

বছৰটেলিভিচন শ্ব'ভূমিকাচেনেলউল্লেখ
২০১৪য়ে হে আশ্বিকীবীৰইউ টিভি বিন্দাচটেলিভিচনত প্ৰদাৰ্পণ
২০১৪মিলিয়ন ডলাৰ গাৰ্লভূৱনচেনেল ভি
২০১৫প্যাৰ তুনে ক্যা কিয়াশ্ৰীজযিং
২০১৫এম টিভি বিগ এফবৰুণ কহলি(৭ম খণ্ড) (পাইলট)এম টিভি ইণ্ডিয়া
২০১৬প্যাৰ তুনে ক্যা কিয়াশ্ৰীধৰ (১৯তম খণ্ড ষষ্ঠ চিজন)যিং

মিষ্টাৰ ৱৰ্ল্ড ২০১৬

১৯ জুলাই, ২০১৬ত চাউথপৰ্ট থিয়েটাৰ হল, ফ্লৰেল হল, ডি প্ৰমেণ্ডা, চাউথপৰ্টত অনুষ্ঠিত "মিষ্টাৰ ৱৰ্ল্ড ২০১৬" প্ৰতিযোগিতাত ৰোহিত খান্দেলৱালে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। মিষ্টাৰ ৱৰ্ল্ড খিতাব লাভ কৰা ৰহিত প্ৰথম গৰাকী ভাৰতীয় তথা এছিয়ান। এই প্ৰতিযোগিতাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৪৮ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। এই প্ৰতিযোগিতাত জয়ী হোৱা বাবে তেওঁ নগদ $৫০,০০০/- লাভ কৰিল। তাৰ বাহিৰে তেওঁ আন কেইবাটাও উপ শিৰোনামৰ বাবে প্ৰতিযোগিতা খনিত ভাগ লৈছিল।৮

বহিঃ সংযোগ

তথ্যসূত্ৰ

  1. ↑ Rohit Khandelwal from India wins Mister World 2016
  2. ↑ Contestants — Mr. India — Beauty Pageants — Indiatimes. Beautypageants.indiatimes.com
  3. ↑ Rohit Khandelwal declared Mr India 2015. deccanherald.com
  4. ↑ Ankita Mehta. (24 July 2015). Mr India 2015: Rohit Khandelwal Bags Title; Complete List Of Winners. ibtimes.co.in
  5. ↑ Shruti Shrivastava. (25 July 2015). Provogue Mr India 2015 Rohit Khandelwal has an old connection with Kareena Kapoor who was a guest on the event. filmymonkey.com
  6. ↑ SANCHITA DASH. (31 January 2015). Shuddh Hindi was tough: Rohit Khandelwal. deccanchrolicle.com
  7. ↑ IANS. (25 July 2015). Rohit Khandelwal is Provogue Personal Care Mr India 2015. indianexpress.com
  8. ↑ (2016-08-04). Rohit Khandelwal becomes the first Indian to win Mr World Title. ET Panache

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতাসৌন্দৰ্য প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰোহিত খান্দেলৱাল” প্ৰবন্ধৰ সংশোধন ৪৫০৫৫৬ (৩ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।