সুমন ৰতন সিং ৰাও (: Suman Ratan Singh Rao; জন্ম ২৩ নৱেম্বৰ ১৯৯৮) এগৰাকী ভাৰতীয় মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপ দখলকৰী যিয়ে ফেমিনা মিছ ইণ্ডিয়া ২০১৯ৰ মুকুট পিন্ধিছিল।১২ যুক্তৰাজ্যৰ এক্সচেল লণ্ডনত অনুষ্ঠিত হোৱা মিছ ৱৰ্ল্ড ২০১৯ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল, আৰু ২য় ৰানাৰ্ছ আপ আৰু মিছ ৱৰ্ল্ড এছিয়া হিচাপে মুকুট পিন্ধিছিল।৩
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
২০০০ চনৰ ২৩ নৱেম্বৰত ৰাজস্থানৰ ৰাজসামন্দ জিলাৰ আইদানা গাঁৱত সুমন ৰাওৰ জন্ম হৈছিল।৪ তেওঁৰ পিতৃ ৰাও ৰতন সিং আইদানা এগৰাকী গহনা ব্যৱসায়ী, আনহাতে মাতৃ সুশীলা কুঁৱৰ এগৰাকী গৃহিণী। তেওঁৰ দুজন ভাতৃ জিতেন্দ্ৰ আৰু চিৰাগ।৫ সুমন ৰাওৰ এবছৰ বয়সতে তেওঁৰ পৰিয়ালটো মুম্বাইলৈ গুচি যায়। নৱী মুম্বাইৰ মহাত্মা স্কুল অৱ একাডেমিকছ এণ্ড স্প'ৰ্টছত স্কুলীয়া শিক্ষা গ্ৰহণ কৰি ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেণ্ট ইনষ্টিটিউটৰ পৰা চাৰ্টাৰ্ড একাউণ্টেন্সি পাঠ্যক্ৰম গ্ৰহণ কৰে।৫৬ মাতৃভাষা মেৱাৰীৰ উপৰিও ইংৰাজী আৰু হিন্দী ভাষাতো তেওঁ পাকৈত।৭ তেখেত এগৰাকী প্ৰশিক্ষিত ভাৰতনট্যম নৃত্যশিল্পীও।৮
প্ৰদৰ্শন
২০১৮ চনত তেওঁ মিছ নৱী মুম্বাই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে, য'ত তেওঁক ১ম ৰানাৰ্ছ আপ হিচাপে মুকুট পিন্ধোৱা হয়।৯ ইয়াৰ পিছতে তেওঁ ফেমিনা মিছ ৰাজস্থান ২০১৯ৰ খিতাপৰ বাবে অডিচন দিয়ে যিটো অৱশেষত তেওঁ লাভ কৰে। ফেমিনা মিছ ইণ্ডিয়া ২০১৯ প্ৰতিযোগিতাত ৰাজস্থান ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল। ১০ ২০১৯ চনৰ ১৫ জুনত মুম্বাইৰ চৰ্দাৰ বল্লভভাই পেটেল ইনড'ৰ ষ্টেডিয়ামত বিদায়ী খিতাপধাৰী অনুক্ৰীতি ভাছে তেওঁক ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড হিচাপে অভিষিক্ত কৰে।১১১২ প্ৰতিযোগিতাখনৰ উপ প্ৰতিযোগিতা অনুষ্ঠানৰ সময়ত তেওঁ 'মিছ ৰেম্পৱাক' বঁটা লাভ কৰে।১৩
মিছ ৱৰ্ল্ড ২০১৯
ৰাৱে মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ ৬৯ সংখ্যক সংস্কৰণত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল, য'ত তেওঁ 'টপ মডেল' ৰাউণ্ডত তৃতীয় আৰু 'টেলেণ্ট' ছেগমেণ্টত শীৰ্ষ ২৭ স্থান লাভ কৰিছিল।১৪ ১৪ নং গ্ৰুপত হেড-টু-হেড চেলেঞ্জৰ প্ৰথম পৰ্যায়ত জয়ী হয় আৰু এইদৰে চেলেঞ্জৰ পৰৱৰ্তী ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰে, ইয়াৰ বিচাৰক পিয়ৰ্ছ মৰ্গানে কৰিছিল।১৫ এই ৰাউণ্ডত বাংলাদেশৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল, য'ত তেওঁ জয়ী হৈছিল আৰু ২০১৯ চনৰ মিছ ৱৰ্ল্ডৰ শীৰ্ষ ৪০ ৰ ভিতৰত স্থান নিশ্চিত কৰিছিল।১৬
ৰাওৰ বিউটি উইথ এ পাৰ্পজ প্ৰজেক্টকো শীৰ্ষ ১০ ৰ ভিতৰত নিৰ্বাচিত কৰা হৈছিল।১৭ তেওঁৰ অভিযানৰ শিৰোনাম হৈছে ‘প্ৰজেক্ট প্ৰগতি’, যাৰ বাবে তেওঁ জনজাতীয় সম্প্ৰদায়ৰ মহিলাসকলৰ আৰ্থিক স্বাধীনতা লাভ কৰাত সহায় কৰি তেওঁলোকৰ সপোনক বাস্তৱ ৰূপ দিয়াত উদ্যোগ লৈছিল। তাই এনে মেচিন ক্ৰয় কৰিছিল যিয়ে এলোভেৰা আৰু গোলাপৰ নিষ্কাশন, জেল আৰু চেম্পু উৎপাদনত সহায় কৰে। ইয়াৰ দ্বাৰা মহিলাসকলে সামগ্ৰীসমূহ নিৰ্মাণ কৰি নিজৰ গাঁৱৰ ভিতৰৰ পৰাই জীৱিকা উপাৰ্জন কৰিব পাৰিছিল।১৮ তেওঁৰ প্ৰকল্পটোৱে ৰাজকুমাৰী দিয়া কুমাৰী ফাউণ্ডেচনৰ পৰা সহায় লাভ কৰিছিল আৰু এই প্ৰতিষ্ঠানৰ জৰিয়তে মহিলাসকলক হস্ততাঁত, সজ্জাগত হস্তশিল্প, আনুষংগিক সামগ্ৰী আৰু গহনা নিৰ্মাণৰ প্ৰশিক্ষণ দিয়া হৈছিল। এই সামগ্ৰীসমূহ জয়পুৰ চহৰ প্ৰাসাদৰ ওচৰত আৰু অনলাইন ৱেবছাইটৰ জৰিয়তেও বিক্ৰী কৰা হয়।১৯ ইয়াৰ উপৰিও তেওঁ ৰাষ্ট্ৰসংঘৰ সমৰ্থিত অলাভজনক সংস্থা ভাৰত সেৱাশ্ৰম সংঘৰ সৈতে জড়িত হৈ তেওঁলোকৰ সামগ্ৰীৰ আৰু অধিক বহল প্ৰসাৰ ঘটায়।২০২১
২০১৯ চনৰ ১৪ ডিচেম্বৰত যুক্তৰাজ্যৰ এক্সচেল লণ্ডনত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন ৰাওৱে অৱশেষত বিজয়ী জামাইকাৰ পৰা অহা টনি-এন সিঙৰ ২য় ৰানাৰ্ছ আপ আছিল।৩ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত দ্বিতীয় ৰানাৰ্ছ আপৰ মুকুট পিন্ধোৱা প্ৰথমগৰাকী ভাৰতীয়।২২
মিডিয়া
২০১৯ চনত ৰাওৱে দ্য টাইমছ মষ্ট ডিজায়াৰেবল উইমেনত ২ নম্বৰ স্থান লাভ কৰিছিল।২৩
চিনেমা পঞ্জী
বছৰৰ শিৰোনাম ভূমিকা
- ২০২৪ চনত হেইষ্ট এজেণ্ট অনন্যা বাক্ষী ২৪
মিউজিক ভিডিঅ'
বছৰৰ শিৰোনাম গায়ক(সকল)
- ২০২২ ইছক পৌদিয়ান মহম্মদ ইৰফান ২৭
তথ্যসূত্ৰ
- ↑ (16 June 2019). Femina Miss India 2019: Suman Rao was crowned Miss India World 2019, Shivani Jadhav Miss Grand India and Shreya Shanker Miss India United Continents. Indian Express
- ↑ (16 June 2019). Who is Suman Rao? Check out the Miss India 2019's 7 most stunning photos. Times Now
- ↑ (14 December 2019). Miss World 2019 winner is Miss Jamaica Toni-Ann Singh, India's Suman Rao is second runner-up. India Today
- ↑ (18 June 2019). My community sees me as a ray of hope: Miss India winner Suman Rao.. The Pioneer
- ↑ Neha Chaudhary. (18 June 2019). fbb Colors Femina Miss India World 2019 Suman Rao: 'Even though I live in Mumbai, I have not forgotten my roots'. The Times of India
- ↑ Miss India 2019, Suman Rao contestant profile. ETimes
- ↑ Shukla, Richa. (26 August 2019). Suman Rao, 'My Miss India journey began from the Pink City'.. The Times of India
- ↑ Reiher, Andrea. (11 December 2019). Suman Rao, Miss India World 2019: 5 Fast Facts to Know.
- ↑ (12 December 2019). 5 lesser-known facts about Suman Rao - the Indian contestant at Miss World 2019. Times Now
- ↑ (16 June 2019). Suman Rao from Rajasthan Crowned Miss India 2019. News18
- ↑ (16 June 2019). Miss India 2019 winner is Rajastan's Suman Rao. Asian News International
- ↑ Press Trust of India. (16 June 2019). Suman Rao crowned Miss India World. Deccan Herald
- ↑ (2 June 2019). Fbb Colors Femina Miss India 2019: Sub contest winners.. ETimes.
- ↑ (12 December 2019). Miss World 2019 Results: Talent, Sports & Top Model
- ↑ (12 December 2019). Miss World 2019 in London: All you need to know about the ceremony on December 14. Indian Express
- ↑ (12 December 2019). Femina Miss India 2019, Suman Rao's journey at Miss World. beautypageants.in
- ↑ (12 December 2019). Miss World 2019 Beauty With a Purpose Finalists: Suman Rao Makes It to Top 10 List Ahead of the Finale Night, Meet the Contestants With Names
- ↑ (26 June 2019). Miss India 2019, Suman Rao in Udaipur. Udaipur Times
- ↑ Miss India 2019, Suman Rao, Teams Up With Princess Diya Kumari Foundation For Her Project Pragati
- ↑ (19 September 2019). Beauty with a good heart. The Hans India
- ↑ (10 December 2019). Miss India 2019, Suman Rao's Beauty with a Purpose project for Miss World 2019.. The Times of India
- ↑ Bhavya Mehta. (15 December 2019). Rajasthan's Suman Rao Does India Proud, Wins 2nd Runner-up Title at Miss World 2019.
- ↑ (28 February 202). MEET THE TIMES 50 MOST DESIRABLE WOMEN 2019. The Times of India
- ↑ (27 December 2023). Suman Rao to mark her debut with the heart-pounding thriller 'The Heist'. Women's Magazine - Fashion, Beauty, Relationships, Health
- ↑ Suman Rao & Adline Castelino's 'Mere Dil Vich' Out Now!. m.beautypageants.in
- ↑ (26 February 2021). New Trending Song Music Video - 'Mere Dil Vich' Sung By Arjun Kanungo, Tanzeel Khan. Times of India
- ↑ Ishq Paudiyan sung by Mohammed Irfan. timesofindia.indiatimes.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুমন ৰাও” প্ৰবন্ধৰ সংশোধন ৬২১৫২৩ (৩০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।