অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জুৰি দত্ত

জুৰি দত্ত একাধাৰে অনুবাদক, গল্পকাৰ, প্ৰবন্ধ লেখক, সম্পাদক আৰু সমালোচক। তেওঁ বৰ্তমানলৈকে আঠখন গ্ৰন্থ প্ৰকাশ কৰিছে। তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী তথা সহকাৰী অধ্যাপিকা৷ তেওঁ ২০২২ বৰ্ষত নাৰায়ণৰ কচাৰেথিঃ আৰায়া নাৰী- গ্ৰন্থৰ অনুবাদেৰে সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰিছে৷

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ২৪১ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

জুৰি দত্ত একাধাৰে অনুবাদক, গল্পকাৰ, প্ৰবন্ধ লেখক, সম্পাদক আৰু সমালোচক। তেওঁ বৰ্তমানলৈকে আঠখন গ্ৰন্থ প্ৰকাশ কৰিছে। তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী তথা সহকাৰী অধ্যাপিকা৷ তেওঁ ২০২২ বৰ্ষত নাৰায়ণৰ কচাৰেথিঃ আৰায়া নাৰী- গ্ৰন্থৰ অনুবাদেৰে সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰিছে৷১২

জন্ম

তেওঁৰ জন্ম হৈছিল লখিমপুৰ জিলা জিলাৰ ঢকুৱাখনাৰ উজনি জালভাৰী গাঁৱত।৩ তেওঁৰ পিতৃৰ নাম প্ৰয়াত লক্ষীনাথ দত্ত আৰু মাতৃৰ নাম প্ৰয়াত কুঞ্জলতা দত্ত৷

শিক্ষা

তেওঁ পশ্চিম ঢকুৱাখনা উচ্চ মাধ্যমিক বিদ্যালয়ৰপৰা বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰে৷ তাৰপাছতে কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক মহলাৰ শিক্ষা গ্ৰহণ কৰে৷ তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা ১৯৯৮ চনত ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ উল্লেখযোগ্য যে, তেওঁ অসমীয়া বিষয়ৰো স্নাতকোত্তৰ৷ তাৰ উপৰিও ২০০৭ চনত ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ পৰা পি. এইচ. ডি. ডিগ্ৰীও লাভ কৰিছে৷

কৰ্ম জীৱন

তেওঁ বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা৷ তাৰ পূৰ্বে তেওঁ অধ্যাপিকা হিচাপে ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়তো কাৰ্যনিৰ্বাহ কৰিছিল৷

সাহিত্যিক জীৱন

অনুবাদ

  1. শিৰৰ বাবে এজোপা হালধীয়া সোণাৰু (তেমচুলা আওৰ ইংৰাজী চুটিগল্প সংকলন Laburnum for My Head-ৰ অনুবাদ), পূৰ্বায়ণ প্ৰকাশন, ISBN: 978-81-19001-08-8, ২০২৩৷
  2. কচাৰেথিঃ আৰায়া নাৰী (নাৰায়ণৰ মালায়ালম উপন্যাস Kocharethi: the araya woman-ৰ অনুবাদ), কস্তুৰী প্ৰকাশন, ISBN: 978-93-5105-357-6, ২০১৮৷

সম্পাদনা

  1. নিৰ্বাচিত অসমীয়া কুইয়ৰ গল্প, ষ্টুডেণ্ট হাউছ, ISBN: 978-93-94776-12-8, (জিন্তু গীতাৰ্থৰ সৈতে যুটীয়াভাবে), ২০২২৷

প্ৰবন্ধ সংকলন

  1. Ethnic Worlds in Select Indian Fictions, SAGE Publication India: New Delhi, ISBN: 978-81-321-1846-6, 2014৷৪
  2. Ethnicity in the Fiction of Lummer Dai and Yeshe Dorjee Thongchi: A New Historicist Approach, Adhyayan Publishers and Distributors: New Delhi, ISBN 978-81-8435-322-8, 2012৷
  3. সাহিত্য সমাজ আৰু সাহিত্যতত্ত্ব, পূৰ্বায়ণ প্ৰকাশন, ২০২২

গল্প সংকলন

  1. কিউবাৰ উপকূলত সপোন দেখা ছোৱালীজনী, এঞ্জেলিকা ইমপ্ৰিণ্টছ্, ২০০৯
  2. আনে, পূৰ্বায়ণ প্ৰকাশন, ২০২৪

বঁটা আৰু সন্মান

  1. সাহিত্য অকাডেমীৰ অনুবাদ বঁটা, ২০২২২

তথ্যসূত্ৰ

  1. ↑ সাহিত্য অকাডেমী বঁটাৰে উজ্বলিল ঢকুৱাখনাৰ ডঃ জুৰি দত্ত. অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত বাতৰি
  2. ↑ Sentinel Digital Desk. (২৪ ডিচেম্বৰ ২০২২). Tezpur University Assistant Professor Dr Juri Dutta felicitated for bagging Sahitya Akademi Award. www.sentinelassam.com
  3. ↑ Asomiya Pratidin. “সাহিত্য অকাডেমী বঁটাৰে উজ্বলিল ঢকুৱাখনাৰ ডঃ জুৰি দত্ত.” Asomiya Pratidin, 22 Dec. 2022, www.asomiyapratidin.in/homepage/sahitya-akademi-award-to-dr-juri-dutta. Accessed 24 Sept. 2023
  4. ↑ Dutta Juri. (২০১৪). Ethnic Worlds in Select Indian Fiction. Sage Publications India Private Limited. পৃ. ১৬৬. ISBN 9353880211, 9789353880217

সম্পৰ্কিত শ্ৰেণী

সাহিত্য অকাডেমি অনুবাদ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুৰি দত্ত” প্ৰবন্ধৰ সংশোধন ৬৩৭৮৫৮ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।