ঘড়ী (Clock) ই এনে এটা যন্ত্ৰ যি সময় নিৰ্ধাৰণত সহায় কৰে। বিভিন্ন ধৰণৰ ঘড়ী দেখিবলৈ পোৱা যায়। যেনে হাত ঘড়ী, দেৱাল ঘড়ী ইত্যাদি।১ সময় বুলিলে সকলো অধ্যয়ন ক্ষেত্ৰৰ বাবে প্ৰযোজ্য হোৱাকৈ অবিতৰ্কিত আৰু সুসংগত ভাৱে কাল বা সময়ৰ ব্যাখ্যা আগবঢ়াবৰ বাবে পণ্ডিত সকলে চলোৱা নিৰালস্য প্ৰচেষ্টা সাফল্যমণ্ডিত হোৱা নাই। ইয়াৰ এক সৰলতম সংজ্ঞা হৈছে, "ঘড়ী বা কাল মাপন যন্ত্ৰৰ দ্বাৰা মাপিত ৰাশিটোৱেই হৈছে সময়"। পৰিৱেশীয় একক সমূহ যেনে: দিন, মাহ, বছৰ আদিতকৈ সৰু একক সমূহৰে সময়ৰ মাপ ল'বলৈ আৱিষ্কাৰ হোৱা ঘড়ী এক অতি পুৰণি আৱিষ্কাৰ। প্ৰাকৃতিক ভাৱে সূৰ্য্যৰ অৱস্থানৰ বাবে যিকোনো বস্তুৰ মাটিত পৰা ছাঁৰ পৰাও পূৰ্বতে সময় অনুমান কৰা হৈছিল লগতে পানী ঘড়ীও প্ৰাচীনতম ঘড়ী হিচাপে উল্লেখযোগ্য। ১৩০০ খ্ৰীষ্টাব্দত ইউৰোপত প্ৰথম যান্ত্ৰিক ঘড়ীৰ আৱিষ্কাৰ হয়। যি সন্তোলন চক্ৰৰ দৰে কাম কৰিছিল।১২৩৪ প্ৰতিটো আধুনিক ঘড়ীত সময় প্ৰদৰ্শনৰ উপাদান সমূহ হৈছে কিছুমান ধ্বনিগত দোলক যি এক বাস্তৱ উপাদান আৰু এই উপাদানটো এটা নিৰ্দিষ্ট কম্পনাংকত দোলিত হয়।২ এই উপাদানটো হয়তো এটা পেণ্ডুলাম বা সুৰকৰণ মাৰি বা কোৱাৰ্টজ স্ফটিক বা পৰমাণু আৰু ইলেকট্ৰণৰ বিক্ৰিয়াৰ দ্বাৰা মাইক্ৰ'ৱেভ সৃষ্টি হৈ নিৰ্গত হোৱা স্পন্দন হ'ব পাৰে।
ব্যুৎপত্তি
আজিৰ পৰা ৭০০ বছৰ আগতে লেটিন শব্দ ‘ক্লক্কা’ৰ পৰা 'ক্লক' শব্দটো আহিছে। ক্লক্কা মানে ঘণ্টা। সময়ৰ লগে লগে এই শব্দটো পিছলৈ ইংলেণ্ড পাইগৈ। কোৱা হয় ইংৰাজীৰ ক্লক শব্দটোৰ ব্যুৎপত্তি গত শব্দ ক্লক্কাটো মধ্য নিম্ন জাৰ্মান আৰু মধ্য ওলন্দাজ ভাষাৰ শব্দ।৫৬
ঘড়ীৰ বিভিন্ন প্ৰকাৰ


- সূৰ্য ঘড়ী
- বালি ঘড়ী
- পানী ঘড়ী
- বৈদ্যুতিক ঘড়ী
- পাৰমাণবিক ঘড়ী৭
সূৰ্য ঘড়ী
সূৰ্যঘড়ীৰ ইংৰাজী প্ৰতিশব্দ Sundial। ই হৈছে এটা কৌশল য'ত সূৰ্যৰ অৱস্থান নিৰ্ণয়ৰ মাধ্যমেৰে সময় নিৰ্ধাৰণ কৰা হয়। সাধাৰণ নক্সাৰ সূৰ্যঘড়ীত মধ্য অংশত এডাল উলম্ব সময়-নিৰ্ণায়ক শলা থাকে আৰু ইয়াৰ চাৰিও ফালে ঘণ্টা নিৰ্দেশক কিছুমান ৰেখা থাকে, সূৰ্যৰ অৱস্থান অনুসৰি এই সময় নিৰ্দেশক শলাডালৰ ছাঁ ঘণ্টা নিৰ্দেশক ৰেখা বোৰত পৰে। এনেকৈয়ে সূৰ্যঘড়ীৰ সহায়ত কিছু বিশ্লেষণাত্মক কৌশলৰে সময়ৰ মাপ লোৱা হয়। অৱশ্যে ইয়াৰো পূৰ্বে মানুহে প্ৰাকৃতিক বস্তু সমূহৰ ছাঁৰ অৱস্থান চায়ে সময়ৰ অনুমান কৰিছিল। সঠিক সময় নিৰূপণৰ বাবে সূৰ্যঘড়ীৰ অৱশ্যেই পৃথিৱীৰ আৱৰ্তন অক্ষৰ সৈতে সামঞ্জস্য ৰক্ষা কৰাব লাগিব। ডাৱৰীয়া বতৰ, দিন ৰাতিৰ প্ৰভেদ আদিৰ ফলত সূৰ্যঘড়ী এক সম্পূৰ্ণৰূপে বিশ্বাসযোগ্য ঘড়ী বুলি গ্ৰহণ কৰিব নোৱাৰি। ইয়াৰোপৰি অনুমানৰ ভিত্তিত সময় নিৰ্ধাৰণ একেবাৰে সহজ কথা নহয় আৰু ই সঠিক সময় নিৰ্দেশ কৰিব নোৱাৰে।৮
তথ্যসূত্ৰ
- ↑ Dohrn-van Rossum, Gerhard. (1996). History of the Hour: Clocks and Modern Temporal Orders. Univ. of Chicago Press. ISBN 978-0-226-15511-1, pp. 103–104
- ↑ Marrison, Warren. (1948). The Evolution of the Quartz Crystal Clock. Bell System Technical Journal. পৃ. 510–588
- ↑ Cipolla, Carlo M. (2004). Clocks and Culture, 1300 to 1700. W.W. Norton & Co. ISBN 978-0-393-32443-3, p. 31
- ↑ White, Lynn, Jr. (1962). Medieval Technology and Social Change. Oxford Univ. Press. পৃ. 119
- ↑ Wedgwood, Hensleigh. (1859). A Dictionary of English Etymology: A - D, Vol. 1. Trübner and Co. পৃ. 354
- ↑ Stevenson, Angus; Waite, Maurice. (2011). Concise Oxford English Dictionary: Luxury Edition. Oxford University. পৃ. 269–270. ISBN 9780199601110
- ↑ আৰ্কাইভ কপি
- ↑ Moss, Tony. How do sundials work. British Sundial society
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঘড়ী” প্ৰবন্ধৰ সংশোধন ৬৩১২১৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।