সময়ৰ মানক বুলিলে সময় জুখিবলৈ আৰু বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা বহুমান্য পদ্ধতি সমূহকে বুজা যায়। এনে মানকসমূহ মানুহে পৰম্পৰাগতভাবে, বা সৰ্বসন্মতিক্ৰমে, বা চৰকাৰী বা আইনগত ভাবে বা বৈজ্ঞানিক প্ৰয়োজনত গ্ৰহণ কৰা বা উদ্ভাৱিত হ'ব পাৰে। অতীতত পৃথিবীৰ আহ্নিক বা বাৰ্ষিক গতি, আকাশৰ গ্ৰহ-নক্ষত্ৰৰ গতি আদিৰ আধাৰত সময়ৰ জোখমাখ লোৱা হৈছিল। আধুনিক যুগত কোনো পৰমাণুৰ কম্পন, মহাকাশৰ কোনো নক্ষত্ৰৰ আৱৰ্তনৰ ফলত হোৱা বিকিৰণৰ সমমিত হীন দেৰি আদিৰ ভিত্তিত সময় জোখা যায়।
পদাৰ্থ বিজ্ঞানৰ মতে দৈৰ্ঘ্য আৰু ভৰৰ লগতে সময়ো প্ৰকৃতিৰ তিনিটা মৌলিক ধৰ্মৰ ভিতৰত এটা।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সময়ৰ মানকসমূহ” প্ৰবন্ধৰ সংশোধন ২৪০৪৪৩ (৪ জুলাই ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।