সাধাৰণ যুগ (CE) আৰু সাধাৰণ যুগৰ আগৰ (BCE) হৈছে গ্ৰেগোৰিয়ান বা জুলিয়ান কেলেণ্ডাৰৰ বছৰ গণনাৰ পদ্ধতি, যি সম্পূৰ্ণৰূপে এনো ডোমিনি (AD) আৰু বিফোৰ ক্ৰাইষ্ট (BC) পদ্ধতিৰ সৈতে একে। “2026 CE” আৰু “AD 2026” দুয়োটাই সমানভাৱে বৰ্তমান বছৰক বুজায়।১২ এই পদ্ধতিক ধাৰ্মিক অৰ্থ এৰাবলৈ, অৰ্থাৎ যীশু খ্ৰীষ্টক “ডোমিনাছ” (মালিক) বুলি উল্লেখ নকৰাকৈ বছৰ গণনা কৰিবলৈ নিৰ্মাণ কৰা হৈছিল।৩৪
বিৱৰণ
"Common Era" বা "সাধাৰণ কাল" শব্দটো ১৭০৮ চনৰপৰাই ব্যৱহাৰ হৈ আহিছে।৫ ১৭১৫ চনৰ জ্যোতিৰ্বিজ্ঞানৰ এখন কিতাপত ইয়াক "খ্ৰীষ্টীয় যুগ" (Christian Era) আৰু "সাধাৰণ যুগ" (Vulgar Era) হিচাপেও লিখা হৈছিল।৬ ১৭৫৯ চনৰ এখন বুৰঞ্জীৰ কিতাপত ইহুদীসকলৰ সাধাৰণ যুগক বুজাবলৈও "Common Era" শব্দটো ব্যৱহাৰ কৰা হৈছিল।৭ ১৭৭০ চনৰ এখন কিতাপত সম্ভৱতঃ প্ৰথমবাৰৰ বাবে "Before the Common Era" (সাধাৰণ কালৰ আগত) শব্দটো ব্যৱহাৰ কৰা হৈছিল।৮ ১৭৯৭ চনৰ 'এনচাইক্লোপিডিয়া ব্ৰিটানিকা'ত "Vulgar Era" আৰু "Common Era" দুয়োটাকে একেটা অৰ্থতে ব্যৱহাৰ কৰা হৈছে।৯
তথ্যসূত্ৰ
- ↑ (9 Apr 2026). Definition of ANNO DOMINI. Merriam-Webster
- ↑ The use of CE and BCE to identify a date. religioustolerance.org
- ↑ Herrmann, Andrew. (27 May 2006). BCE date designation called more sensitive. highbeam.com. Chicago Sun-Times
- ↑ McKim, Donald K. (1996-01-01). Westminster Dictionary of Theological Terms. Westminster John Knox Press. পৃ. 41. ISBN 978-0-664-25511-4
- ↑ (23 Oct 2016). History of the Works of the Learned: or, an Impartial Account of Books Lately Printed in All Parts of Europre. with a Particular Relation of the State of Learning 1708-09: Vol 10 Iss 9: Free Download, Borrow, and Streaming: Internet Archive. Internet Archive
- ↑ (23 Oct 2016). The elements of astronomy, physical and geometrical: Gregory, David, 1659-1708: Free Download, Borrow, and Streaming: Internet Archive. Internet Archive
- ↑ (23 Oct 2016). An universal history: from the earliest accounts to the present time: George Sale, George Psalmanazar, Archibald Bower, George Shelvocke, John Campbell, John Swinton: Free Download, Borrow, and Streaming: Internet Archive. Internet Archive
- ↑ (23 Oct 2016). The elements of universal erudition, containing an analytical abridgment of the sciences, polite arts, and belles lettres;: Bielfeld, Jacob Friedrich, Freiherr von, 1717-1770: Free Download, Borrow, and Streaming: Internet Archive. Internet Archive
- ↑ Macfarquhar, Colin; Gleig, George. (1797). Encyclopædia Britannica: Or, A Dictionary of Arts, Sciences, and Miscellaneous Literature. A. Bell and C. Macfarquhar
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাধাৰণ যুগ” প্ৰবন্ধৰ সংশোধন ৬৩২৭৫৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।