ডাম্বুল্লা শ্ৰীলংকাৰ মধ্য প্ৰদেশৰ মাটালে জিলাৰ উত্তৰত অৱস্থিত এখন চহৰ ৷ মাটালে জিলাৰ মাটালেৰ পিছত ই দ্বিতীয় বৃহত্তম জনবসতিপূৰ্ণ আৰু নগৰীয়া কেন্দ্ৰ ৷ ই কলম্বোৰ পৰা ১৪৮ কিলোমিটাৰ উত্তৰ-পূবত, মাটালেৰ পৰা ৪৩ কিলোমিটাৰ উত্তৰত আৰু কেণ্ডিৰ পৰা ৭২ কিলোমিটাৰ উত্তৰত অৱস্থিত। দেশৰ কেন্দ্ৰস্থলত হোৱাৰ সুবাদত দেশৰ শাক-পাচলি বিতৰণৰ কেন্দ্ৰ।
দেশৰ অন্যতম পৰ্যটন আকৰ্ষণ ডাম্বুলা গুহা মন্দিৰ, ছিগিৰিয়া গুহা মন্দিৰ, ৰণগিৰি ডাম্বুলা আন্তৰ্জাতিক ষ্টেডিয়াম ডাম্বুলাৰ আকৰ্ষণস্থল। ৰণগিৰি ডাম্বুলা আন্তৰ্জাতিক ষ্টেডিয়াম ১৬৭ দিনত নিৰ্মাণ কৰা হৈছিল। দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ ৰৌজ কোৱাৰ্টজ পৰ্বতমালা আৰু নাহৰ গছৰ অৰণ্য এই অঞ্চলত অৱস্থিত।
জনগাঁথনি
ডাম্বুলা চহৰৰ জনগাঁথনি(২০১২)
ডাম্বুল্লা সিংহলী সংখ্যাগৰিষ্ঠ চহৰ, ইয়াত এটা সৰু শ্ৰীলংকাৰ তামিল সম্প্ৰদায়ৰ সৈতে যথেষ্ট মুছলমান সংখ্যালঘুও আছে। আন কিছুমানৰ ভিতৰত ভাৰতীয় তামিল, মালয়, ভাৰতা, শ্ৰীলংকাৰ চেটী আৰু বাৰ্গাৰ ৷
ক্ৰীড়া

এই অঞ্চলত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট স্থান ৰণগিৰি ডাম্বুলা আন্তৰ্জাতিক ষ্টেডিয়াম অৱস্থিত।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডাম্বুলা” প্ৰবন্ধৰ সংশোধন ৫৬৭২০০ (১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।