অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

কড়া

কড়া (ইংৰাজী: Kara; পঞ্জাবী: ਕੜਾ) হ’ল তীখা বা কেঁচা লোৰে নিৰ্মিত এডাল বিশেষ খাৰু, যিটো শিখসকলে আৰু কেতিয়াবাহে অন্য ধৰ্মৰ ভাৰতীয় লোকেও পৰিধান কৰে। শিখ ধৰ্মই সমতা আৰু সকলো সময়তে ভগৱানৰ প্ৰতি ভক্তি ৰখাৰ গুৰুত্বৰ কথা শিক্ষা দিয়ে, যাৰ প্ৰতীক হ’ল 'পঞ্চ ককাৰ' (Five Ks)— অৰ্থাৎ খালছা দীক্ষা গ্ৰহণ কৰা…

হালনাগাদ: ৩০ মাৰ্চ ২০২৬ ২৪৬ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

কড়া (ইংৰাজী ভাষা: Kara; পঞ্জাবী ভাষা: ਕੜਾ) হ’ল তীখা বা কেঁচা লোৰে নিৰ্মিত এডাল বিশেষ খাৰু, যিটো শিখসকলে আৰু কেতিয়াবাহে অন্য ধৰ্মৰ ভাৰতীয় লোকেও পৰিধান কৰে।১২ শিখ ধৰ্মই সমতা আৰু সকলো সময়তে ভগৱানৰ প্ৰতি ভক্তি ৰখাৰ গুৰুত্বৰ কথা শিক্ষা দিয়ে, যাৰ প্ৰতীক হ’ল 'পঞ্চ ককাৰ' (Five Ks)— অৰ্থাৎ খালছা দীক্ষা গ্ৰহণ কৰা শিখসকলে পৰিধান কৰা পাঁচটা বস্তু, যাৰ ভিতৰত কড়াও অন্যতম।৩

ইতিহাস

১৬৯৯ চনৰ বৈশাখীৰ অমৃত সঞ্চাৰৰ সময়ত দশম শিখ গুৰু গোবিন্দ সিংহই কড়াৰ প্ৰচলন কৰিছিল। এইটো ভগৱানৰ সৈতে অবিচ্ছেদ্য সম্পৰ্ক আৰু দায়বদ্ধতাৰ প্ৰতীক।

তাৎপৰ্য আৰু ব্যৱহাৰ

পঞ্জাবৰ ফিৰোজপুৰ জিলাৰ এক ফ্ৰেস্কো (fresco) চিত্ৰত কৃষ্ণ আৰু ৰুক্মীৰ দ্বন্দ্ব যুদ্ধ দেখুওৱা হৈছে, য’ত কৃষ্ণই কড়াক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে।
পঞ্জাবৰ ফিৰোজপুৰ জিলাৰ এক ফ্ৰেস্কো (fresco) চিত্ৰত কৃষ্ণ আৰু ৰুক্মীৰ দ্বন্দ্ব যুদ্ধ দেখুওৱা হৈছে, য’ত কৃষ্ণই কড়াক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে।ছবি: Unknown author · Public domain

শিখসকলৰ বাবে

কড়া হ’ল ভগৱানৰ প্ৰতি থকা অটুট ভক্তি আৰু প্ৰতিশ্ৰুতিৰ এক প্ৰতীক।

শিখ নোহোৱা লোকসকলৰ বাবে

পঞ্জাব, ভাৰতৰ বাহিৰেও ভাৰতৰ উত্তৰ, উত্তৰ-পশ্চিম আৰু পশ্চিমৰ ৰাজ্যসমূহ (যেনে গুজৰাট, ৰাজস্থান আৰু মহাৰাষ্ট্ৰ)ৰ বহুতো অনা-শিখ পঞ্জাবী ভাষা আৰু হিন্দু পৰিয়ালেও কড়া পৰিধান কৰে।৪

বিতৰ্ক

ভাৰত

২০২২ চনত দিল্লী চাব’ৰ্ডিনেট চাৰ্ভিচেছ চেলকচন বোৰ্ডে (DSSSB) মনহৰলীন কৌৰ নামৰ এগৰাকী শিখ পৰীক্ষাৰ্থীক কড়া নিখোলা পৰ্যন্ত পৰীক্ষাত বহিবলৈ বাধা দিছিল। পৰৱৰ্তী সময়ত কৌৰে দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ তৰে। ডিএছএছএছবি-য়ে পিছত জনায় যে শিখ পৰীক্ষাৰ্থীসকলে কড়া বা কৃপাণ পিন্ধি পৰীক্ষাত বহিব পাৰিব, কিন্তু তেওঁলোকে পৰীক্ষা কেন্দ্ৰত নিৰ্ধাৰিত সময়ৰ কমেও এঘণ্টা আগতে উপস্থিত হ’ব লাগিব।

যুক্তৰাজ্য

২০০৭ চনৰ নৱেম্বৰ মাহত ৱেলছৰ এবাৰ্ডেয়াৰ গাৰ্লছ স্কুলত চৰিকা সিং নামৰ ১৪বছৰীয়া এগৰাকী শিখ কিশোৰীক কড়া পিন্ধাৰ বাবে বিদ্যালয়ৰপৰা বহিষ্কাৰ কৰা হৈছিল। ২০০৮ চনৰ জুলাই মাহত ইংলেণ্ড আৰু ৱেলছৰ উচ্চ ন্যায়ালয়ে ৰায় দিয়ে যে কড়া এডাল অলংকাৰ নহয়, বৰঞ্চ ই শিখ ধৰ্মৰ এক প্ৰতীক। আদালতে কয় যে বিদ্যালয়খন বৰ্ণীয় বৈষম্যৰ দোষত দোষী আৰু কিশোৰীগৰাকীক কড়া পিন্ধি বিদ্যালয়লৈ অহাৰ অনুমতি দিয়া হয়।

২০১৭ চনতো ইংলেণ্ডৰ টিপটনৰ এখন বিদ্যালয়ত কাইডেন সিং নামৰ আঠবছৰীয়া এটি শিশুক কড়া পিন্ধাত বাধা দিয়া হৈছিল।

তথ্যসূত্ৰ

  1. ↑ Traditional Jewellery of India. University of Tennessee Chattanooga
  2. ↑ Lodha, Shri Chanchal Mal Sa. History of Oswals. iprakashan. পৃ. 346
  3. ↑ (29 September 2009). BBC – Religions – Sikhism: The Five Ks. BBC.co.uk. BBC Online
  4. ↑ Dhooleka Sarhadi Raj. (25 August 2003). Where are you from?: middle-class migrants in the modern world. University of California Press. ISBN 9780520928671

সম্পৰ্কিত শ্ৰেণী

শিখ ধৰ্মঅলংকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কড়া” প্ৰবন্ধৰ সংশোধন ৫৯৮২০৪ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।