অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুশীল কৌৰ

চৰ্দাৰনী বিবি সুশীল কৌৰক মাতা সুশীল কৌৰ বুলিও কোৱা হয়৷ জন্ম তাৰিখ অজ্ঞাত৷ তেওঁৰ মৃত্যু হয় ১৭১৬ চনত৷ তেওঁ প্ৰথম শিখ ৰাজ্য প্ৰতিষ্ঠা কৰা শিখ সেনা জেনেৰেল বান্দা সিং বাহাদুৰৰ পত্নী আৰু তেওঁ একমাত্ৰ পুত্ৰ অজয় সিঙৰ মাতৃ। সুশীল কৌৰ চাম্বাৰ মহাৰাজা উদয় সিংহৰ একমাত্ৰ কন্যা আছিল।

হালনাগাদ: ২৯ মাৰ্চ ২০২৪ ৩৩২ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

চৰ্দাৰনী বিবি সুশীল কৌৰক মাতা সুশীল কৌৰ বুলিও কোৱা হয়৷ জন্ম তাৰিখ অজ্ঞাত৷ তেওঁৰ মৃত্যু হয় ১৭১৬ চনত৷ তেওঁ প্ৰথম শিখ ৰাজ্য প্ৰতিষ্ঠা কৰা শিখ সেনা জেনেৰেল বান্দা সিং বাহাদুৰৰ পত্নী আৰু তেওঁ একমাত্ৰ পুত্ৰ অজয় সিঙৰ মাতৃ।১ সুশীল কৌৰ চাম্বাৰ মহাৰাজা উদয় সিংহৰ একমাত্ৰ কন্যা আছিল।

প্ৰাৰম্ভিক জীৱন আৰু বিবাহ

সুশীল কৌৰৰ জন্ম হৈছিল চাম্বাৰ ৰজা মহাৰাজা উদয় সিঙৰ ঘৰত, ৰাজকুমাৰী সুশীল কানৱাৰ নামেৰে। সেই সময়ৰ আন আন ৰাজকুমাৰীসকলৰ দৰেই তেৱোঁ তৰোৱাল যুদ্ধ, অশ্বাৰোহণৰ লগতে কলা আৰু শিল্পৰ প্ৰশিক্ষণ লাভ কৰিছিল; তেওঁ চাম্বা ৰুমালৰ এম্ব্ৰয়ডাৰী হস্তশিল্পত তেওঁ পাকৈত আছিল।২ তেওঁৰ পৰিচিত শাৰীৰিক আৰু ব্যক্তিগত বৈশিষ্ট্যসমূহে তেওঁ অত্যন্ত সুন্দৰী, ৰূপৱতী আৰু মনোমোহা শৰীৰৰ আছিল বুলি বুজা যায়।৩ মেক্স আৰ্থাৰ মেক'লিফে তেওঁক "প্ৰেমৰ দেৱী" বুলি বৰ্ণনা কৰিছে।৪৩

মহাৰাজা উদয় সিঙে বান্দা সিংহক চাম্বালৈ নিমন্ত্ৰণ কৰি আনে আৰু ভাতৃ লক্ষ্মণ সিঙে দিয়া পৰামৰ্শ অনুসৰি তেওঁৰ আগত বৈবাহিক সম্পৰ্কৰে মিত্ৰতাৰ প্ৰস্তাৱ দিয়ে।৩ বান্দা সিঙে এই কথাত সন্মতি প্ৰকাশ কৰে আৰু ১৭১১ চনৰ মাৰ্চ মাহত তেওঁৰ ৰাজকুমাৰীৰ সৈতে বিয়াখন অনুষ্ঠিত হয়।৫ “সহজধাৰী’’ হিচাপে ডাঙৰ-দীঘল হৈ ৰাজকুমাৰী চাম্বাই বান্দা সিংহৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ লগে লগে সুশীল কৌৰ হৈ পৰে।৬৭ ১৭১২ চনত তেওঁলোকৰ পুত্ৰ অজয় সিংহৰ জন্ম হয়।৮

গুৰুদাস নংগলৰ কব্জা আৰু বন্দীত্ব

সুশীল কৌৰ আৰু তেওঁৰ কেঁচুৱা পুত্ৰৰ সৈতে বান্দা সিঙে সৈন্যৰ সৈতে গুৰদাস নংগললৈ যোৱাৰ সময়ত তেওঁৰ লগত গৈছিল।৯ শিখসকলে ৮ মাহ ধৰি দুৰ্গটো ৰক্ষা কৰিছিল যদিও অৱশেষত ১৭১৫ চনৰ ৭ ডিচেম্বৰত মোগল সেনাই আব্দ আল-ছামাদ খানৰ অধীনত দুৰ্গটো ঘেৰাও কৰি বান্দা সিং, সুশীল কৌৰ আৰু পুত্ৰ অজয়ৰ সৈতে অন্য শিখসকলক বন্দী কৰি লৈ যায়।১০১১ বান্দা সিঙক লোহাৰ পিঞ্জৰাত আৱদ্ধ কৰা হৈছিল আৰু বাকী শিখসকলক শিকলিৰে বান্ধি দিল্লীলৈ লৈ যোৱা হৈছিল।১২ দিল্লীত সুশীল কৌৰক স্বামী আৰু পুত্ৰৰ পৰা পৃথক কৰি কাৰাগাৰলৈ লৈ যোৱা হৈছিল।১৩ কিন্তু তেওঁক যিমানেই ধন-সম্পত্তিৰ প্ৰলোভন দিয়া নহওক কিয়, ঠিক আন আন শিখ বন্দীসকলৰ দৰেই তেৱোঁ নিজৰ দৃঢ় বিশ্বাসৰ ওপৰত স্থিৰ হৈ থাকিল৷ ৭ দিনত প্ৰতিটো দিনতেই ১০০ জনকৈ শিখ সৈনিকক দুৰ্গৰ পৰা উলিয়াই আনি ৰাজহুৱা স্থানত নিৰ্মম ভাৱে হত্যা কৰা হৈছিল।১৪ ১৭১৬ চনৰ ৯ জুনত তেওঁৰ চাৰি বছৰীয়া পুত্ৰ অজয় আৰু স্বামী বান্দা সিঙক নিষ্ঠুৰভাৱে মৃত্যুদণ্ড দিয়া হয়। অজয় সিঙৰ কলিজাটো ঘুকুটি পেলোৱা হৈছিল আৰু পিতৃৰ কোলালৈ দলিয়াই দিয়া হৈছিল। বান্দা সিঙৰ শৰীৰৰ অংগ-প্ৰত্যংগত আঘাত কৰি, চকু উলিয়াই, ছাল বখলিয়াই, অংগ কাটি আৰু তাৰ পিছত মূৰটো কাটি পেলোৱাৰ সময়তে অজয় সিঙৰ পিতৃৰ কোলাত মৃত্যু হয়।১৫ শেহতীয়া গৱেষণা আৰু ৰয়েল চাম্বা পৰিয়ালত মজুত থকা তথ্যত উল্লেখ আছে যে, ১৭১৬ চনৰ ২০ জুন মাহত স্বামী আৰু পুত্ৰক নিষ্ঠুৰভাৱে মৃত্যুদণ্ড দিয়াৰ পিছত সুশীল কৌৰে নিজে আত্মহত্যা কৰিছিল। দৰবাৰৰ সাংবাদিক মহম্মদ ছুফীৰ মতে, তেওঁ নিজকে ছুৰীৰে আঘাত কৰি হত্যা কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Singha, Dr H. S. (2005). Sikh Studies. Hemkunt Press. ISBN 978-81-7010-258-8
  2. ↑ Dhillon, Harish. (2004). The Legend of Banda Bahadur. UBS Publishers' Distributors. ISBN 978-81-7476-458-4
  3. ↑ Gandhi, Surjit Singh. (1999). Sikhs in the Eighteenth Century: Their Struggle for Survival and Supremacy. Singh Bros. ISBN 978-81-7205-217-1
  4. ↑ (2014-01-27). Bibi Shushil Kaur - Gateway To Sikhism
  5. ↑ Dhillon, Harish. (2013-05-01). First Raj of the Sikhs: The Life and Times of Banda Singh Bahadur. Hay House, Inc. ISBN 978-93-81398-39-5
  6. ↑ Sangat Singh. (1994). The Sikhs In History
  7. ↑ Singh, Sawan. (2005). Noble & Brave Sikh Women. B.Chattar Singh Jiwan Singh. ISBN 978-81-7601-701-5
  8. ↑ VSM, D. S. Saggu. (2018-06-07). Battle Tactics And War Manoeuvres of the Sikhs. Notion Press. ISBN 978-1-64249-006-0
  9. ↑ Jawandha, Nahar. (2010). Glimpses of Sikhism. Sanbun Publishers. পৃ. 82. ISBN 9789380213255
  10. ↑ Jacques, Tony. (2007). Dictionary of Battles and Sieges. Greenwood Press. পৃ. 421. ISBN 978-0-313-33536-5
  11. ↑ Pletcher, Kenneth. (2010). The History of India. The Rosen Publishing Group. পৃ. 200. ISBN 9781615302017
  12. ↑ Team, YCT Expert. History Of Ancient & Medieval India. Youth Competition Times
  13. ↑ Bibi_Shushil_Kaur. sikhwiki
  14. ↑ Jawandha, Nahar. (2010). Glimpses of Sikhism. Sanbun Publishers. পৃ. 89. ISBN 9789380213255
  15. ↑ Singh, Kulwant. (2006). Sri Gur Panth Prakash: Episodes 1 to 81. Institute of Sikh Studies. পৃ. 415. ISBN 9788185815282

সম্পৰ্কিত শ্ৰেণী

শিখ ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুশীল কৌৰ” প্ৰবন্ধৰ সংশোধন ৪১৫৬২৫ (২৯ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।