অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ধাদি

ধাদি (Dhadi) শিখ ধৰ্মৰ লগত জড়িত আৰু ভাৰতৰ পঞ্জাব ৰাজ্যত প্ৰচলিত পাৰম্পৰিক সংগীতৰ ধাৰা আৰু এই ধাৰাৰ প্ৰদৰ্শকসকলক বোলে। ধাদি সকলে পাৰম্পৰিক লোকবাদ্য ধদ আৰু সাৰংগী বজাই পঞ্জাবৰ বেলাড বা কাহিনীগীত গায়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৮৬ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ধাদি (Dhadi) শিখ ধৰ্মৰ লগত জড়িত আৰু ভাৰতৰ পঞ্জাব ৰাজ্যত প্ৰচলিত পাৰম্পৰিক সংগীতৰ ধাৰা আৰু এই ধাৰাৰ প্ৰদৰ্শকসকলক বোলে। ধাদি সকলে পাৰম্পৰিক লোকবাদ্য ধদ১২৩ আৰু সাৰংগী৪ বজাই পঞ্জাবৰ বেলাড বা কাহিনীগীত গায়। কাহ্ন সিং নাভাৰ মহান কোষৰ মতে ধাদিৰ সংজ্ঞা হৈছে "যি ধদ বজাই যোদ্ধাসকলৰ বেলাড বা কাহিনীগীত গায়।"১৩২৪৫৬ শিখ গুৰুসকলৰ সময়ত ধাদি স্বতন্ত্ৰ সংগীতজ্ঞসকলৰ এটা গোট আছিল।

ধাদিয়ে পঞ্জাবী সংগীতৰ এটা ধাৰা আৰু ইয়াৰ প্ৰদৰ্শকসকলক বুজায়। ই হৈছে কাহিনীগীত গায়কসকলৰ এক সুকীয়াভাৱে গঠিত সজ্জা। ধাদি প্ৰদৰ্শনকাৰীসকলৰ মৌখিক ভাৱে গীত সমূহ প্ৰচলিত।

নামৰ উৎপত্তি

ধাদি শব্দটোৰ আক্ষৰিক অৰ্থহৈছে গীতিকবি। শব্দটো নম্ৰতাৰ অৰ্থত শিখ ধৰ্মীয় পাঠ গুৰু গ্ৰন্থ চাহিবত কেইবাৰো ব্যৱহাৰ কৰা হৈছে। তেওঁৰ ৰচনাসমূহত গুৰু নানক দেৱে নিজকে ঈশ্বৰৰ ধাদি বুলি কৈছিল।৫৬ শব্দটো তৃতীয়, চতুৰ্থ আৰু পঞ্চম শিখ গুৰু আৰু ভগৎ নামদেৱৰ লিখনীত পোৱা গৈছে।৫

ইতিহাস

যিহেতু ধাদি শব্দটো শিখ গুৰুসকলে ব্যৱহাৰ কৰিছিল এইটো স্পষ্ট যে ধাদিসকলৰ পুৰণি ইতিহাস আছে।৫ ষষ্ঠ শিখ গুৰু গুৰু হৰগোৱিন্দে ধাদি কলাক উৎসাহিত আৰু প্ৰচাৰ কৰিছিল আৰু পৰম্পৰাক জমিদাৰ বা শাসকসকলৰ প্ৰশংসা গোৱাৰ পৰা প্ৰকৃত ঈশ্বৰৰ প্ৰশংসা তেওঁলোকক ৰূপান্তৰিত কৰিছিল।৫ ধাদিসকল মুখ্যতঃ ষষ্ঠ শিখ গুৰু গুৰু হৰগোৱিন্দৰ সময়ত উদ্ভৱ হৈছিল। তেওঁ অকাল তখৎ স্থাপন কৰিছিল আৰু গুৰু গ্ৰন্থ চাহিবৰ পৰা গুৰবাণী গাবলৈ ধাদি স্থাপন কৰিছিল।৬৭ পিছলৈ সমসাময়িক ধাদিসকলে ভাৰ বুলি জনাজাত যোদ্ধাসকলৰ বেলাড অন্তৰ্ভুক্ত কৰিছিল।৫

সেই সময়ত কেৱল নিম্ন জাতিৰ লোক অৰ্থাৎ মিৰাচিসকলে ধাদি গাইছিল। কিয়নো এই বৃত্তি উচ্চ শ্ৰেণী/জাতিৰ বাবে মহৎ বা সন্মানীয় বুলি গণ্য কৰা হোৱা নাছিল। মিৰাচিসকল ইছলাম ধৰ্মত দীক্ষিত হৈ থাকোঁতে ধাদিসকল এটা নিৰ্দিষ্ট ধৰ্মীয় সম্পৰ্কত সীমাবদ্ধ নাছিল।৬ গুৰু হৰগোৱিন্দ চাহিবে ধাদিসকলক উৎসাহিত কৰিছিল আৰু তেওঁলোকৰ প্ৰদৰ্শনীৰ বাবে পৰিশোধ কৰিছিল।২৪৮ গুৰবাণী গোৱাৰ সৈতে তেওঁলোকৰ গীতবোৰত বীৰত্ব আৰু বীৰত্বৰ কাহিনী অন্তৰ্ভুক্ত কৰা হৈছিল। আমোদ প্ৰমোদৰ লগতে সেনাবাহিনীক উৎসাহিত কৰি যোদ্ধাৰ গুণেৰে উদ্ভাসিত হবলৈ ধাদি ব্যৱহাৰ কৰা হৈছিল।২৬ সেই সময়ৰ দুই ধাদি ভাই নাথ আৰু ভাই আব্দুলা৫৮৯ এতিয়াও সন্মানেৰে স্মৰণ কৰা হয়। ভাই আব্দুলা এজন বিখ্যাত কবি আছিল আৰু গুৰুৰ দৰবাৰত নিজে ৰচনা কৰা গীত গাইছিল।২৬

ধাদি জাথা

ধাদি জাথাৰ প্ৰদৰ্শন
ধাদি জাথাৰ প্ৰদৰ্শনছবি: Sikh Heritage · Public domain

জাথা ৰ অৰ্থ হৈছে 'দল' বা গোট। ধাদি জাথা হৈছে ধাদিৰ এক দল বা গোট। ইয়াত সাধাৰণতে তিনি বা চাৰিট গৰাকী ধাদি থাকে। ইয়াৰে ভিতৰত এজন সাৰংগী বাদক, দুজন ধদ বাদক আৰু এজন বক্তৃতাৰ সৈতে কাহিনীগীত গায়ক।৫ গায়কসকলে গীত অনুসৰি এবাৰ অকলশৰীয়াকৈ আৰু এবাৰ একেলগে কোৰাচৰ দৰে একেলগে গীত গায়।

বৰ্তমান ধাদিসকল শিখ আৰু পঞ্জাবী সংগীতৰ অবিচ্ছেদ্য অংশ।৬ এই পৰম্পৰায়ে ধৰ্মীয় ৰচনা, যোদ্ধাৰ কাহিনীগীত, লোককাহিনী, লোক প্ৰেমকাহিনী, ইতিহাস, ৰোমাঞ্চ আৰু অন্যান্য প্ৰকাৰৰ লোকগীতকে ধৰি প্ৰদৰ্শন কৰা হয়।৫৬ সাধাৰণতে জাথাবোৰক নেতাৰ নামত জনা যায়; উদাহৰণ স্বৰূপে, নিৰ্মল সিং নুৰৰ ধাদি জাথা।

কেইটামান জনপ্ৰিয় ধাদি জাথা দল হৈছে:

  • ধাদি জাথা যশৱন্ত সিং তান
  • সৰংগী মাষ্টাৰ কৰম সিং
  • ধাদি কুলদীপ সিং
  • ধাদি লস্কৰ সিং
  • স্বৰ্গীয় ধাদি পাল সিং পাঞ্চী
  • স্বৰ্গীয় ধাদি দয়া সিং দিলবৰ

তথ্যসূত্ৰ

  1. ↑ Nabha, Kahn Singh. (1930). Gur Shabad Ratnakar Mahan Kosh. Bhai Chatar Singh, Jeewan Singh (later ed.)
  2. ↑ Hardial Thuhi. (2008). Punjabi Lok Dhadi Kala. Unistar Books Pvt. Ltd. ISBN 9788171424849
  3. ↑ (January 5, 2012). 'Dhadhis' add zing to poll campaign. News in English. The Tribune (Chandigarh)
  4. ↑ Michael Nijhawan. (2006). Dhadi Darbar. Oxford University Press. পৃ. 286. ISBN 9780195679670
  5. ↑ Importance of Dhadi tradition. www.esikhs.com
  6. ↑ DHADHIS. www.sikh-heritage.co.uk
  7. ↑ DHAD. www.chandrakantha.com
  8. ↑ Bhaura, Ashok. (1991). Panjab De Dhadi. Original from the University of California. পৃ. 80
  9. ↑ About Giani Sant Singh Paras. www.gianisantsinghparas.com

সম্পৰ্কিত শ্ৰেণী

সংগীতশিখ ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধাদি” প্ৰবন্ধৰ সংশোধন ৬৩১২২৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।