অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

কেশ (শিখ ধৰ্ম)

শিখ ধৰ্মত কেশ (গুৰমুখী: ਕੇਸ) হৈছে ঈশ্বৰৰ সৃষ্টিৰ সিদ্ধতাৰ প্ৰতি সন্মানৰ বাবে নিজৰ চুলি স্বাভাৱিকভাৱে গজিবলৈ দিয়াৰ এক প্ৰথা। ১৬৯৯ চনত গুৰু গোবিন্দ সিঙে শিখ ধৰ্ম স্বীকাৰ কৰাৰ মাধ্যম হিচাপে নিৰ্দেশ দিয়া বাহ্যিক প্ৰতীক The Five Kakaars ৰ ভিতৰত এই প্ৰথা অন্যতম।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৫২১ শব্দ · ৩ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

শিখ ধৰ্মত কেশ (গুৰমুখী: ਕੇਸ) হৈছে ঈশ্বৰৰ সৃষ্টিৰ সিদ্ধতাৰ প্ৰতি সন্মানৰ বাবে নিজৰ চুলি স্বাভাৱিকভাৱে গজিবলৈ দিয়াৰ এক প্ৰথা। ১৬৯৯ চনত গুৰু গোবিন্দ সিঙে শিখ ধৰ্ম স্বীকাৰ কৰাৰ মাধ্যম হিচাপে নিৰ্দেশ দিয়া বাহ্যিক প্ৰতীক The Five Kakaars ৰ ভিতৰত এই প্ৰথা অন্যতম। দৈনিক দুবাৰকৈ চুলিখিনি ফণিয়াই লোৱা হয় আৰু জোৰা বা ঋষি গাঁঠি বুলি জনাজাত সাধাৰণ গাঁঠি এটাৰে বান্ধি লোৱা হয়। এই চুলিৰ গাঁঠিটো সাধাৰণতে পাগুৰিৰে ঢাকি দিয়া হয়।

মহাৰাষ্ট্ৰ ৰাজ্যৰ নন্দদৰ হাজুৰ চাহাবত লিখা গুৰু গোবিন্দ সিংহৰ ৫২টা আদেশত উল্লেখ আছে যে কেশ (চুলি)ক তেওঁলোকে দেৱতাৰ সৈতে একে বুলি গণ্য কৰা সতগুৰু (চিৰন্তন গুৰু)ৰ ৰূপ হিচাপে শ্ৰদ্ধা কৰিব লাগে। এই কাৰণে অনুশীলনকাৰীসকলে এই কেশ পৰম সন্মানেৰে ৰাখে। ইয়াৰ ভিতৰত চুলিৰ নিয়মীয়া ৰক্ষণাবেক্ষণ অন্তৰ্ভুক্ত। অৱশ্যে ইয়াতেই সীমাবদ্ধ নহয়, দৈনিক কমেও দুবাৰকৈ ফণিয়াই, নিয়মিতভাৱে ধোৱা আৰু ৰাজহুৱাভাৱে অন্যলোকক স্পৰ্শৰ অনুমতি নিদিয়াও অন্যতম।

গুৰুত্ব

চুলি তললৈ নমাই গা ধুই বহা অৱস্থাত মহাৰাজ শ্বেৰ সিংৰ এখন চিত্ৰ
চুলি তললৈ নমাই গা ধুই বহা অৱস্থাত মহাৰাজ শ্বেৰ সিংৰ এখন চিত্ৰছবি: Unknown author · Public domain

কেশ ঈশ্বৰ ভক্তিৰ প্ৰতীক, ই শিখসকলক সোঁৱৰাই দিয়ে যে তেওঁলোকে ঈশ্বৰৰ ইচ্ছা পালন কৰিব লাগে।

দশম গুৰু, গুৰু গোবিন্দ সিংহৰ দৰবাৰত এজন সুসন্মানিত কবি ভাই নন্দলালে পাৰ্চী ভাষাত লিখিছে:১

নিশান-ই-শিখী অস্ত ইন পাঞ্জ হাৰ্ফ-ই কাফ, হৰগিজ না বাছাদ আজিন পাঞ্জ মুআফ, কাৰা, কাৰাদ, কচা, কংগা বিদান, বিনা কেশ হেচ অস্ত জুমলা নিশান।

[এই পাঁচটা কে আখৰ শিখ ধৰ্মৰ প্ৰতীক। এই পাঁচ প্ৰতিকৰ মৰ্যাদা উচ্ছ পৰ্যায়ৰ; ষ্টীলৰ খাৰু, ডাঙৰ দা, কাচা আৰু এখন ফণি; নকটা চুলি অবিহনে বাকী চাৰিটাৰ কোনো তাৎপৰ্য নাই। ]

ইয়াত চুলি নাকাটি শিখসকলে ঈশ্বৰৰ চুলিৰ উপহাৰক সন্মান জনায়। ফণি ব্যৱহাৰ কৰি চুলি ফণিয়োৱাৰ সৈতে মিলি ঈশ্বৰ আৰু তেওঁৰ সকলো উপহাৰৰ প্ৰতি সন্মান প্ৰকাশ কৰে। কেশ ইমানেই গুৰুত্বপূৰ্ণ যে মোগল সাম্ৰাজ্যৰ অধীনত শিখসকলৰ ওপৰত অত্যাচাৰৰ সময়ত অনুগামীসকলে ছদ্মবেশত চুলি কটা বা কাটি লোৱাতকৈ মৃত্যুৰ সন্মুখীন হ’বলৈ ইচ্ছুক আছিল। চুলি নকটাতো তেওঁলোকৰ সদিচ্ছাৰ প্ৰতীক হৈ আহিছে।

আধুনিক ট্ৰেণ্ড

শেহতীয়াকৈ চুলি নকটাকৈ ৰখাৰ পৰম্পৰা কমি আহিছে। অনুমান কৰা হৈছে যে ভাৰতৰ আধা সংখ্যক শিখ পুৰুষে চুলি কাটে। কাৰণসমূহৰ ভিতৰত সৰল সুবিধা (দৈনিক ফণিয়াই বান্ধি ৰখা প্ৰক্ৰিয়াটো এৰাই চলা), পিতৃ-মাতৃৰ নেতৃত্ব অনুসৰণ কৰা আৰু মূলসুঁতিৰ সংস্কৃতিৰ পৰা সামাজিক হেঁচা যাতে তেওঁলোকৰ চেহেৰাৰ লগত খাপ খুৱাই লোৱা ইত্যাদি।২৩

হাৰাশাস্তি

২০০১ চনৰ ১১ ছেপ্টেম্বৰৰ এক আক্ৰমণৰ পিছত পশ্চিমৰ শিখসকলক মুছলমান বুলি ঘৃণাজনিত অপৰাধৰ বলি সজা হৈছিল। ২০০১ চনৰ ১৬ ছেপ্টেম্বৰত এৰিজোনাৰ মেছাত বাস কৰা শিখ বলবীৰ সিং সোধিক এনে পৰিপ্ৰেক্ষিততে গুলীয়াই হত্যা কৰা হয়।৪

২০০৭ চনত উমাইৰ আহমেদ নামৰ ১৮ বছৰীয়া পাকিস্তানী যুৱক এজনে আমেৰিকাৰ এখন বিদ্যালয়ত ১৫ বছৰীয়া শিখ ল’ৰা হৰপল ভাচেৰৰ চুলি বলপূৰ্বকভাৱে কাটিছিল। ২০০৮ চনত তেওঁক জুৰীয়ে "দ্বিতীয় ডিগ্ৰীৰ ভাবুকিক ঘৃণাজনিত অপৰাধ হিচাপে, দ্বিতীয় ডিগ্ৰীৰ জোৰ-জবৰদস্তিক ঘৃণাজনিত অপৰাধ হিচাপে, চতুৰ্থ ডিগ্ৰীৰ অপৰাধমূলক অস্ত্ৰ ৰখা আৰু তৃতীয় ডিগ্ৰীৰ হাৰাশাস্তি"ৰ বাবে দোষী সাব্যস্ত কৰে,৫ ইয়াৰ লগতে আছিল পৰীক্ষামূলক, সম্প্ৰদায় সেৱা আৰু সহনশীলতা কাৰ্যসূচী সম্পূৰ্ণ কৰাৰ শাস্তি।৬

২০০৯ চনত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ পাঞ্জাবী ছাত্ৰ ৰেছাম সিঙক পাগুৰি আঁতৰাই চুলি কাটিবলৈ চেষ্টা কৰা কিশোৰ-কিশোৰীৰ দল এটাই আক্ৰমণ কৰিছিল।৭

২০১০ চনত মালয়েছিয়াৰ পেনাঙৰ শিখ যুৱক বসন্ত সিঙে মালয়েছিয়াৰ ৰাষ্ট্ৰীয় সেৱা প্ৰশিক্ষণ কাৰ্যসূচীত সেৱা আগবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত নিজৰ ছাত্ৰাবাসত শুই থকাৰ সময়ত তেওঁৰ চুলি ৫০ চে.মি. কাটি পেলোৱা বুলি জানিব পাৰে। এই কাণ্ডই যুৱকজনৰ মনত আঘাত হানিছিল। পিছত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি বিষয়টোৰ ওপৰত তদন্ত চলে।৮

২০১২ চনৰ ছেপ্টেম্বৰ মাহত ৰেডিটৰ এজন সদস্যই বলপ্ৰীত কৌৰ নামৰ এগৰাকী শিখ যুৱতীয়ে তেওঁৰ মুখত থকা দীঘল নোমৰ বাবে উপহাস কৰি এখন ছবি আপলোড কৰিছিল। বলপ্ৰীতে শান্তভাৱেৰে ইয়াৰ প্ৰত্যুত্তৰ দি, তেওঁৰ চেহেৰাৰ অৰ্থ বুজাই দিয়াত মূল অভিযুক্তই ক্ষমা বিচাৰিছিল। পিছত এই ঘটনাটো ভাইৰেল হৈ পৰে।৯

তথ্যসূত্ৰ

  1. ↑ Gupta, Hari Ram. (1984). History of The Sikhs - The Sikh Gurus 1469-1708. Munshiram Memorial Publishers. পৃ. 275. ISBN 978-81-215-0276-4
  2. ↑ Young Men Get Haircuts, Annoying Their Elders. New York Times. March 29, 2007
  3. ↑ 'Pagri not very attractive, out of tune with times'
  4. ↑ (September 17, 2001). Indian Immigrant Killed in Ariz.; Man Charged in Slaying and 2 Other Attacks; Racism Suspected. Washington Post
  5. ↑ Pakistani faces 4 years in jail for cutting Sikh's hair
  6. ↑ Elmhurst teen avoids jail for cutting off Sikh’s hair
  7. ↑ (June 30, 2009). Aussie teens try to cut Sikh youth's hair. Times of India
  8. ↑ (January 19, 2010). Minister orders probe into 'cutting' of Sikh boy's hair. The Star
  9. ↑ Swash, Rosie. (September 26, 2012). The Sikh woman who stood up to online abuse about her facial hair. The Guardian

সম্পৰ্কিত শ্ৰেণী

শিখ ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেশ (শিখ ধৰ্ম)” প্ৰবন্ধৰ সংশোধন ৩৮০৫৪৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।