শিক্ষা
৫৮ প্ৰবন্ধ
-
অভিজ্ঞতাবাদ
দৰ্শনশাস্ত্ৰত, অভিজ্ঞতাবাদ (ইংৰাজী: Empiricism) হৈছে এক জ্ঞানতাত্ত্বিক দৃষ্টিভংগী, যাৰ মতে প্ৰকৃত জ্ঞান বা যুক্তিযুক্ততা কেৱল বা মূলতঃ ইন্দ্ৰিয়ৰ অনুভূতি আৰু অভিজ্ঞতাভিত্তিক প্ৰমাণৰ পৰা আহে।
-
অসাম্প্ৰদায়িক
অ-সম্প্ৰদায়িক প্ৰতিষ্ঠান হ’ল ধৰ্মনিৰপেক্ষ প্ৰতিষ্ঠান বা অন্যান্য সংগঠন যিবোৰ কোনো বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ দ্বাৰা সমৰ্থিত বা বাধাপ্ৰাপ্ত নহয়। অসাম্প্ৰদায়িক বুলিলে কোনো বিশেষ সম্প্ৰদায়কো বুজোৱা হয় যিটো পক্ষপাতিত্বৰ পৰা মুক্ত; ধৰ্মীয় বিষয়ত নিৰপেক্ষ আৰু উদাৰবাদী।
-
কন্যাশ্ৰী প্ৰকল্প
কন্যাশ্ৰী হৈছে পশ্চিমবংগ চৰকাৰে কম আয়ৰ পৰিয়ালক নগদ ধনেৰে সহায় কৰি কন্যাসকলৰ জীৱন আৰু মৰ্যাদা উন্নত কৰাৰ বাবে গ্ৰহণ কৰা এক পদক্ষেপ, যাতে পৰিয়ালসমূহে অৰ্থনৈতিক অসুবিধাৰ বাবে নিজৰ কন্যা সন্তানক বাধ্যতামূলক বাল্য বিবাহ কৰিবলৈ বাধ্য নকৰে।
-
কানাডাৰ খিলঞ্জীয়া লোকসকলৰ আবাসিক স্কুল ব্যৱস্থা
উত্তৰ আমেৰিকাৰ খিলঞ্জীয়া লোকসকলক স্থানীয় ইণ্ডিয়ান (native Indian) বুলিও কোৱা হয়। ইয়াৰে স্থানীয় ইণ্ডিয়ান সন্তানৰ আবাসিক স্কুল ব্যৱস্থাবোৰৰ 'বোৰ্ডিং স্কুল'ৰ অন্তৰ্জাল আছিল।
-
কাৰিকৰী শিক্ষাত ছোৱালীৰ উন্নতিৰ বাবে সহায় প্ৰদান কৰা পদক্ষেপ বা প্ৰগতি
কাৰিকৰী শিক্ষাত ছোৱালীৰ উন্নতিৰ বাবে সহায় প্ৰদান কৰা পদক্ষেপ হৈছে ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ 'অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেচন' (এআইচিটিই) ৰ আঁচনি যিয়ে কাৰিকৰী শিক্ষা গ্ৰহণ কৰিবলৈ বছৰি ৬ লাখতকৈ কম আয়ৰ প্ৰতিটো পৰিয়ালত এগৰাকী ছোৱালী নিৰ্বাচন কৰি সুবিধা প্ৰদান কৰে।
-
গণ্ডিছাপুৰ একাডেমী
গণ্ডিশাপুৰ একাডেমী বা জোণ্ডিশাপুৰ একাডেমী (Academy of Gondishapur or Academy of Jondishapur) ক গণ্ডিশাপুৰ বিশ্ববিদ্যালয় বুলিও জনা যায়, ইৰাণৰ খোজেস্তানত ছাছানিদ যুগৰ একাডেমিক শিক্ষণ কেন্দ্ৰটো বহু পুৰণি। ১৭০০ বছৰতকৈও অধিক পুৰণি এই ঐতিহাসিক বিশ্ববিদ্যালয়ত এখন চিকিৎসালয় আৰু এটা পুথিভঁৰালো আছিল।
-
গুণোৎসৱ
গুণোৎসৱ হৈছে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক ভাল কাম কৰিবলৈ তথা সেই কামসমূহ প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে কৰা এক বিশেষ অভিযান। প্ৰাথমিক পৰ্যায়ত ছাত্ৰ-ছাত্ৰীৰ শিক্ষণ স্তৰৰ উন্নতি অনাৰ বাবে শৈক্ষিক খণ্ডত ৰাজ্যৰ গুণগত মান বৃদ্ধিৰ এক পদক্ষেপ।
-
চিকিৎসা শিক্ষা সঞ্চালকালয়, অসম
চিকিৎসা শিক্ষা সঞ্চালকালয়,অসম (Directorate of Medical Education,Assam) ১৯৮৪ চনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, অসম চৰকাৰৰ অধীনত প্ৰতিষ্ঠা হোৱা এখন স্বতন্ত্ৰ পৰিষদ।
-
জিগ্শ্ব (শিক্ষণ পদ্ধতি)
জিগ্শ্ব প্ৰযুক্তি হৈছে শ্ৰেণীকোঠাৰ বিভিন্ন কাৰ্য্যকলাপ সমূহৰ সুব্যৱস্থাপনাৰ সুবিধাৰ্থে আবিস্কৃত এক আধূনিক প্ৰযুক্তি যি ছাত্ৰ-ছাত্ৰী সকলক পাৰস্পৰিক নিৰ্ভৰশীলতাৰ জৰিয়তে সফলতাৰ দিশে আগবঢ়াই লৈ যোৱাত গুৰুত্ব আৰোপ কৰে।
-
জীৱন দক্ষতা
জীৱন দক্ষতা (Life skill) এক অভিযোজিত আৰু ইতিবাচক আচৰণৰ ক্ষমতা, যিয়ে মানুহক জীৱনৰ দাবী আৰু প্ৰত্যাহ্বানৰ সৈতে ফলপ্ৰসূভাৱে মোকাবিলা কৰিবলৈ সক্ষম কৰি তোলে। এই ধাৰণাটোক মানসিক-সামাজিক দক্ষতা বুলিও কোৱা হয়।
-
পাঠ পৰিকল্পনা
শিক্ষণ প্ৰক্ৰিয়াত পাঠ-পৰিকল্পনাৰ ভূমিকা অপৰিসীম। শিক্ষণ কাৰ্যৰ সফলতানিৰ্ভৰ কৰে প্ৰণালীবদ্ধ পাঠ পৰিকল্পনাৰ ওপৰত। শিক্ষণৰ বাবে কৌশল আৰু পদ্ধতি এইদুয়োটাৰেই প্ৰয়োজন। শিক্ষণে পূৰ্বৱৰ্তী স্তৰ, কাৰ্যকৰী স্তৰ আৰু উত্তৰৱৰ্তী স্তৰ এই তিনিপৰ্যায়ত ক্ৰিয়া কৰে।
-
পাঠ্যক্ৰম
পাঠ্যক্ৰম (Curriculum) হৈছে শিক্ষাদান প্ৰক্ৰিয়াৰ আধাৰ। 'curriculum' শব্দটো লেটিন ভাষাৰ পৰা উদ্ভৱ হৈছে। 'curriculum' শব্দটো লেটিন 'currere' শব্দৰ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ দৌৰা বা লক্ষ্যত উপনীত হ'বলৈ কৰা এটা ব্যৱস্থা।
-
বহনক্ষম উন্নয়নৰ লক্ষ্য ৪
বহনক্ষম উন্নয়নৰ লক্ষ্য ৪ (SDG 4) হৈছে সৰ্বাংগীণ আৰু সমতাপূৰ্ণ গুণগত শিক্ষা নিশ্চিত কৰা আৰু সকলোৰে বাবে আজীৱন শিক্ষণৰ সুযোগ প্ৰসাৰিত কৰাৰ প্ৰতিশ্ৰুতি। এই লক্ষ্যৰ লক্ষ্য হৈছে শিশু আৰু যুৱক-যুৱতীসকলক শিক্ষাৰ গুণগত আৰু সহজ সুবিধা প্ৰদান কৰা, লগতে অন্যান্য শিক্ষণৰ সুযোগ প্ৰদান কৰা, আৰু বৈষম্য হ্ৰাস…
-
বিচপ কটন স্কুল (চিমলা)
বিচপ কটন স্কুল ভাৰতৰ হিমাচল প্ৰদেশৰ চিমলাত ৭–১৮ বছৰ বয়সীয়া ল’ৰাৰ বাবে এখন ব্যক্তিগত আৱাসিক স্কুল। এই স্কুলখন এছিয়াৰ অন্যতম পুৰণি ল'ৰাৰ আৱাসিক স্কুল। ১৮৫৯ চনৰ ২৮ জুলাইত বিচপ জৰ্জ এডৱাৰ্ড লিঞ্চ কটনে এই স্কুলখন প্ৰতিষ্ঠা কৰে। বিচপ কটনেও নাগপুৰত বিচপ কটন স্কুল প্ৰতিষ্ঠা কৰিছিল।
-
বিশেষ শিক্ষা
নিদানমূলক চিকিৎসা আৰু কাৰ্যকৰী বিকাশত, বিশেষ শিক্ষা (বা অতিৰিক্ত প্ৰয়োজনীয়তা) শব্দটোৱে বিকলাঙ্গতাৰ বাবে চিকিৎসা, মানসিক অথবা মনস্তাত্বিক সহায়ৰ প্ৰয়োজন হোৱা ব্যক্তিসকলক বুজায়।
-
বীৰঝৰা কন্যা মহাবিদ্যালয়, বঙাইগাঁও
বীৰঝৰা কন্যা মহাবিদ্যালয় হৈছে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল অসমৰ বঙাইগাঁও জিলাৰ মহিলাৰ উচ্চ শিক্ষানুষ্ঠান আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (KKSHOU)ৰ অধীনত সকলোৰে বাবে মুকলি অধ্যয়ন কেন্দ্ৰ।
-
ভূটানত শিক্ষা
ভূটানত শিক্ষা বুলি ক'লে ভূটানৰ শিক্ষা-ব্যৱস্থাক বুজায়। উগিয়েন ৱাংচুকৰ (২০০৭–২৫) ৰাজত্বকালত ভূটানত পশ্চিমীয়া শৈলীৰ শিক্ষাৰ প্ৰচলন হৈছিল। ১৯৫০ চনলৈকে হা আৰু বুমথাঙৰ ব্যক্তিগত বিদ্যালয়ৰ বাহিৰে ভূটানৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে একমাত্ৰ আনুষ্ঠানিক শিক্ষা আছিল বৌদ্ধ মঠ।
-
মহিলা প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
ড° এ পি জে আব্দুল কালাম মহিলা প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (Women's Institute of Technology) ভাৰতৰ বিহাৰ ৰাজ্যৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়। ২০০৫ চনত স্থাপিত এইখন এআইচিটিই নতুন দিল্লী আৰু বিহাৰ চৰকাৰৰ অনুমোদিত ললিত নাৰায়ণ মিথিলা বিশ্ববিদ্যালয়, দৰভংগাৰ সৈতে জড়িত।
-
মহিলা মহাবিদ্যালয়, শিলচৰ
মহিলা মহাবিদ্যালয়, শিলচৰ, ভাৰতৰ অসম ৰ শিলচৰৰ এখন উচ্চ শিক্ষানুষ্ঠান। এইখন মহাবিদ্যালয় ১৯৬৩ চনত প্ৰতিষ্ঠা হৈছিল। ইয়াত ভাষা (ইংৰাজী, বাংলা, হিন্দী, আৰু মণিপুৰী), সমাজ বিজ্ঞান (অৰ্থনীতি, ৰাজনীতি বিজ্ঞান, ইতিহাস, আৰু শিক্ষা), আৰু অন্যান্য শাখা (বাণিজ্য, গণসংযোগ, কম্পিউটাৰ প্ৰয়োগ, আৰু পৰিৱেশ…
-
মাতা সুন্দৰী মহিলা মহাবিদ্যালয়
মাতা সুন্দৰী কলেজ ফৰ ৱিমেন (Mata Sundri College for Women) চমুকৈ মাতা সুন্দৰী কলেজ বুলিও জনা যায়। এই মহাবিদ্যালয়খন দিল্লী বিশ্ববিদ্যালয়ৰ এটি সংহত মহাবিদ্যালয়। ১৯৬৭ চনত দিল্লীৰ শিখ গুৰুদ্বাৰ ব্যৱস্থাপনা সমিতিয়ে এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল।
-
লাডলী লক্ষ্মী যোজনা
লাডলী লক্ষ্মী যোজনা মধ্য প্ৰদেশ চৰকাৰে প্ৰৱৰ্তন কৰা এখন আঁচনি৷ ২০০৭ চনৰ ২ মে'ত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ইয়াক উদ্বোধন কৰে, ইয়াৰ পিছত উত্তৰ প্ৰদেশ, বিহাৰ, দিল্লী, ছত্তীশগড়, ঝাৰখণ্ড আৰু গোৱাকে ধৰি অতিৰিক্ত ছখন ৰাজ্যলৈ এই আঁচনি সম্প্ৰসাৰণ কৰা হয়। এইখন আঁচনি ২০০৭ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হয়।
-
শিক্ষা মনোবিজ্ঞান
মনোবিজ্ঞানৰ এটা শাখা হৈছে শিক্ষা মনোবিজ্ঞান (Educational psychology)। শিক্ষা আৰু মনোবিজ্ঞান দুয়োটাই আচৰণৰ লগত জড়িত। মনোবিজ্ঞানে মানুহ তথা প্ৰাণীৰ আচৰণ অধ্যয়ন কৰে আৰু শিক্ষাই সেই আচৰণৰ পৰিবৰ্তন, পৰিশোধন আৰু উন্নতি সাধন কৰে।
-
শিক্ষাদান
শিক্ষাদান বা পাঠদান (ইংৰাজী: Teaching) হৈছে এজন শিক্ষকৰ দ্বাৰা কোনো এক শিক্ষানুষ্ঠানৰ শিকাৰু, ছাত্ৰ-ছাত্ৰী বা অন্য কোনো শ্ৰোতা বা দৰ্শকক বিভিন্ন দক্ষতা (জ্ঞান, কাৰ্যকাৰী দক্ষতা আৰু আন্তঃব্যক্তিগত দক্ষতা) প্ৰদান বা হস্তান্তৰ কৰাৰ উদ্দেশ্যে চলোৱা এক প্ৰক্ৰিয়া।
-
সহযোগিতামূলক সম্পাদনা
আক্ষৰিক অৰ্থত "একাধিক ব্যক্তিয়ে সমিলমিলেৰে একেটা কাম সমাধা কৰা কাৰ্যকে" সহযোগিতামূলক সম্পাদনা বা ইংৰাজীত "Collaborative editing" বোলা হয়। সহযোগিতামূলক সম্পাদনা সফল হ'বলৈ গোটসমূহৰ সজাগতা, অংশগ্ৰহণ আৰু সমন্বয় অতিকৈ আৱশ্যক।
-
সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰ
সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰ ( চি চি আৰ টি ) ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত স্বায়ত্তশাসিত সংস্থা ৷ ১৯৭৯ চনৰ মে’ মাহত সাংস্কৃতিক শিক্ষাক সহায় কৰিবলৈ স্থাপিত হোৱা এই সংস্থাটোৱে আৰম্ভণিৰ লগে লগে কলেজ আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সংস্কৃতিৰ আঁচনি-প্ৰচাৰৰ দায়িত্ব লয়, যিটো…
-
সুষমা স্বৰাজ ইনষ্টিটিউট অৱ ফৰেইন চাৰ্ভিচ
সুষমা স্বৰাজ ইনষ্টিটিউট অৱ ফৰেইন চাৰ্ভিচ ( SSIFS) হৈছে নতুন দিল্লীৰ অসামৰিক সেৱা প্ৰশিক্ষণ প্ৰতিষ্ঠান, য'ত ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়াসকলক প্ৰশিক্ষণ দিয়া হয়। এই প্ৰতিষ্ঠানে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অধীনত কাম কৰে।
-
হলি চাইল্ড স্কুল গুৱাহাটী
হলি চাইল্ড স্কুল ভাৰতৰ অসমৰ গুৱাহাটীত অৱস্থিত কেথলিক পৰিচালিত কনভেণ্ট স্কুল৷ ১৯৭০ চনত চেলেচিয়ানছ চিষ্টাৰছৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এইখন আধুনিক শিক্ষাবিদ চেণ্ট জন বস্কোৰ নীতি আৰু পদ্ধতি অনুসৰি পৰিচালিত হয়।
-
ৰাজাবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়
ৰাজাবালা উচ্চতৰ মাধ্যমিক বিদ্যালয় (Rajabala Higher Secondary School) খন হৈছে মেঘালয় ৰাজ্যৰ পশ্চিম প্ৰান্তত অৱস্থিত এখন উচ্চ শিক্ষা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানখন ১৯৫২ চনত স্থাপিত হৈছিল। ই মেঘালয় স্কুল শিক্ষা পৰিষদৰ লগত যুক্ত আৰু ব্যক্তিগত স