অবিৰত আৰু বোধগম্য মূল্যায়ন (Continuous and Comprehensive Evaluation, চমুকৈ CCE) হ'ল কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা ভাৰতৰ ৬ষ্ঠৰ পৰা ১০ম পৰ্যায়ৰ শিক্ষাৰ্থী সকলৰ বাবে প্ৰবৰ্তন কৰা এটা নতুন শিক্ষা পদ্ধতি।
বিৱৰণ
মূল্যায়নৰ নতুন আঁচনি
এই নতুন পদ্ধতিত, শিক্ষাৰ্থীসকলৰ বিদ্যায়তনিকৰ লগতে পাঠ্যক্ৰনিক আৰু সহ-পাঠ্যক্ৰমিক বিষয়ৰ এলানি মূল্যায়নৰ যোগেদি তেওঁলোকৰ কৃতিত্ব আৰু অৰ্হতাসমূহ নিৰ্ণয় কৰা হয়। শিক্ষাৰ্থীসকলক নম্বৰৰ পৰিবৰ্তে গ্ৰেড প্ৰদান কৰা হয়। ইয়াৰ উদ্দেশ্য বিভিন্ন ক্ৰিয়াকলাপৰ মূল্যায়নৰ দ্বাৰা শিক্ষাৰ্থীসকলৰ কামৰ বোজা হ্ৰাস কৰা আৰু সামগ্ৰিক কৃতিত্ব আৰু অৰ্হতাসমূহৰ বিকাশ সাধন কৰা। মূল্যায়নৰ বাবে শিক্ষাৰ্থীৰ কৰ্ম অভিজ্ঞতা, দক্ষতা, সৃষ্টিশীলতা, দৃঢ়তা, সহযোগীতা, কথা-বাৰ্তা, আচৰণ আদিৰ ভিত্তিত গ্ৰেড প্ৰদান কৰা হয় আৰু শিক্ষাৰ্থীৰ যোগ্যতাৰ সামগ্ৰিকমান নিৰূপন কৰা হয়। ইয়াৰ ফলত বিদ্যায়তনিকদিশত দুৰ্বল কিন্তু অন্যদিশ যেনে কলা, মানৱতা, খেল, সংগীত আদি দিশত আগবঢ়া শিক্ষাৰ্থীসকলেও তেওঁলোকৰ যোগ্যতা প্ৰদৰ্শন কৰিবলৈ সুবিধা পায়।
ৰূপৰেখা
এই পদ্ধতিত দুট ভিন্ন প্ৰকাৰৰ অভীক্ষা লোৱা হয়। সেইকেইটা হল, গঠনীয় অভীক্ষা আৰু সংখ্যাত্মক অভীক্ষা বা যোগাত্মক অভীক্ষা।
- গঠনীয় অভীক্ষা: শিক্ষাৰ্থীৰ শ্ৰেণী কাৰ্য আৰু গৃহ কাৰ্য, মৌখিক পৰীক্ষা, কুইজ, প্ৰকল্প আদি হৈছে গঠনীয় অভীক্ষা। প্ৰতি শিক্ষা বৰ্ষত চাৰিটাকৈ গঠনীয় অভীক্ষা থাকিব পাৰে, আৰু শতকৰা ৪০% গভীৰতা থাকে। কিছুমান বিদ্যালয়ত বহুতো মৌখিক পৰীক্ষাৰ পৰিবৰ্তে এটা অতিৰিক্ত লিখিত পৰীক্ষা লোৱা হয় যদিও কমেও এটা হ'লেও মৌখিক পৰীক্ষা লোৱা হয়।
- সংখ্যাত্মক অভীক্ষা: সংখ্যাত্মক অভীক্ষা হল তিনি ঘণ্টা ধৰি চলা দীঘল লিখিত পৰীক্ষা, এটা শিক্ষা বৰ্ষত দুবাৰকৈ লোৱা হয়। প্ৰথম দুটা গঠনীয় অভীক্ষা সম্পূৰ্ণ হোৱাৰ পাছত প্ৰথম সংখ্যাত্মক অভীক্ষা বা Summative Assessment 1 (SA-1) লোৱা হয়। পিছৰ দুটা গঠনীয় অভীক্ষা সম্পূৰ্ণ হোৱাৰ পাছত দ্বিতীয় সংখ্যাত্মক অভীক্ষা বা (SA-2) লোৱা হয়। প্ৰতিটো সংখ্যাত্মক অভীক্ষাৰ শতকৰা ৩০% কৈ মুঠ ৬০% গভীৰতা থাকে। প্ৰতিটো সংখ্যাত্মক অভীক্ষা বিদেযালয়ে নিজে অনুষ্ঠিত কৰে যদিও প্ৰশ্নপত্ৰ আংশিকভাৱে CBSEএ প্ৰস্তুত কৰে লগতে উত্তৰ বহীও CBSEএ কঠোৰভাৱে নিৰীক্ষণ কৰে। এটা সংখ্যাত্মক অভীক্ষা এবাৰ অনুস্থিত হোৱাৰ পাছত সেই পাঠ্যক্ৰম দ্বিতীয় সংখ্যাত্মক অভীক্ষাত পুণৰাবৃত্তি কৰা নহয়, ফলত শিক্ষাৰ্থীসকলে পৰবৰ্তী সংখ্যাত্মক অভীক্ষাৰ নতুন বিষয়ত সম্পুৰ্ণভাৱে মনোনিৱেশ কৰিব পাৰে।
শিক্ষাবৰ্ষৰ অন্তত, পৰিষদে গঠনীয় আৰু সংখ্যাত্মক অভীক্ষা প্ৰাপ্তাংকৰ ভিত্তিত ফলাফল প্ৰকাশ কৰে, i.e. ৪০% + ৬০% = ১০০%।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অবিৰত আৰু বোধগম্য মূল্যায়ন” প্ৰবন্ধৰ সংশোধন ২৭১০৪৯ (১৪ এপ্ৰিল ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।