পূৰ্বাঞ্চলীয় সাংস্কৃতিক কেন্দ্ৰ (EZCC) হৈছে ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰণালয়ৰ অধীনত থকা স্বায়ত্তশাসিত সংস্থা। ইজেডচিচিয়ে অসমৰ লগতে বিহাৰ, ঝাৰখণ্ড, মণিপুৰ, ওড়িশা, চিক্কিম, ত্ৰিপুৰা, পশ্চিমবঙ্গ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ সাংস্কৃতিক সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে কাম কৰে। ইয়াৰ মুখ্য কাৰ্যালয় পশ্চিমবঙ্গৰ কলকাতাৰ চল্ট লেক চিটিৰ চেক্টৰ ৩-ত অৱস্থিত। কলকাতাক ভাৰতৰ "সাংস্কৃতিক ৰাজধানী" বুলি জনা যায়।১
ইতিহাস
১৯৮৫ চনত স্থাপিত, পূৰ্বাঞ্চলীয় সাংস্কৃতিক কেন্দ্ৰই পূৰ্ব ভাৰতৰ বিভিন্ন জাতিগত সাংস্কৃতিক কেন্দ্ৰ আৰু উৎকৃষ্ট গোটসমূহৰ প্ৰচাৰত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। ইয়াৰ উদ্দেশ্য হৈছে পূৰ্ব ভাৰতৰ পৰম্পৰাগত সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা।২
গঠন
ইজেডচিচিৰ সদস্যসকলৰ তালিকা তলত দিয়া হৈছে:
- অসম চৰকাৰৰ সংস্কৃতি বিষয়ক সঞ্চালক
- বিহাৰ চৰকাৰৰ কলা, সংস্কৃতি আৰু যুৱ বিষয়ক সঞ্চালক
- ঝাৰখণ্ড চৰকাৰৰ কলা, সংস্কৃতি, ক্ৰীড়া আৰু যুৱ বিষয়ক সঞ্চালক
- মণিপুৰ চৰকাৰৰ কলা আৰু সংস্কৃতি আয়ুক্ত
- ওড়িশা চৰকাৰৰ সংস্কৃতি সঞ্চালক
- সিক্কিম চৰকাৰৰ সংস্কৃতি আৰু ঐতিহ্য বিভাগৰ বিশেষ কাৰ্যবাহী
- ত্ৰিপুৰা চৰকাৰৰ আইকাটৰ সচিব আৰু সঞ্চালক
- পশ্চিমবঙ্গ চৰকাৰৰ যুগ্ম সচিব আৰু সংস্কৃতি সঞ্চালক
- আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ শিল্প আৰু সংস্কৃতি বিভাগৰ সঞ্চালক৩
আঁচনি
সংস্কৃতি মন্ত্ৰণালয়, ভাৰত চৰকাৰে ইজেডচিচিক বিভিন্ন আঁচনিৰ বাবে অনুদান প্ৰদান কৰে। এই আঁচনিসমূহৰ ভিতৰত আছে ৰাষ্ট্ৰীয় সাংস্কৃতিক বিনিময় কাৰ্যসূচী, নাট্য পুনৰুজ্জীৱন আঁচনি, উত্তৰ-পূৰ্বাঞ্চল কাৰ্যসূচী, গুৰু-শিষ্য পৰম্পৰা আৰু যুৱ প্ৰতিভা সন্ধান। যুৱসমাজৰ মাজত সংস্কৃতিৰ প্ৰচাৰৰ বাবে ইজেডচিচিয়ে তলত উল্লেখ কৰা ক্ষেত্ৰসমূহত বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰে:
- লোক সংগীত
- লোক নৃত্য
- শাস্ত্ৰীয় সংগীত
- শাস্ত্ৰীয় নৃত্য
ভাৰতীয় পৰম্পৰা সংৰক্ষণৰ বাবে, ইজেডচিচিয়ে বিভিন্ন গুৰু-শিষ্য পৰম্পৰা আঁচনি আয়োজন কৰে, যেনে:
- গোটিপুৱা নৃত্য (ওড়িশা)
- পুৰুলিয়া ছাউ নৃত্য (পশ্চিমবঙ্গ)
- পইকা আকাডা (ওড়িশা)
- নাউটা (পশ্চিমবঙ্গ)
- বৰদৈশিখলা (অসম)
- থাং-টা নৃত্য (মণিপুৰ)
- ভাটিয়ালী লোক সংগীত (পশ্চিমবঙ্গ)
- কুশান নৃত্য (অসম)
- পুং চোলম (মণিপুৰ)
- মৰুনি (চিক্কিম)৪
ভাৰতৰ অন্যান্য আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰসমূহ
মূল প্ৰবন্ধ: ভাৰতৰ সাংস্কৃতিক মণ্ডল
- উত্তৰ মণ্ডল সাংস্কৃতিক কেন্দ্ৰ, পটিয়ালা, পঞ্জাব
- পশ্চিম মণ্ডল সাংস্কৃতিক কেন্দ্ৰ, উদয়পুৰ, ত্ৰিপুৰা, ৰাজস্থান
- উত্তৰ-পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰ, চুমৌকেদিমা, নাগালেণ্ড
- উত্তৰ-মধ্য মণ্ডল সাংস্কৃতিক কেন্দ্ৰ, প্ৰয়াগৰাজ
- দক্ষিণ মণ্ডল সাংস্কৃতিক কেন্দ্ৰ, কলিকতা
- দক্ষিণ-মধ্য মণ্ডল সাংস্কৃতিক কেন্দ্ৰ, নাগপুৰ
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Eastern Zonal Cultural Centre. উইকিপিডিয়া
- ↑ Eastern Zonal Cultural Centre. উইকিপিডিয়া
- ↑ Eastern Zonal Cultural Centre. উইকিপিডিয়া
- ↑ Eastern Zonal Cultural Centre. উইকিপিডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰ” প্ৰবন্ধৰ সংশোধন ৪৯২৫৮৪ (১৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।