গুৰু সেইজন যিয়ে জ্ঞান প্ৰদান কৰে। সংস্কৃত ভাষাৰ এই শব্দৰ অৰ্থ হৈছে শিক্ষক আৰু ওস্তাদ। এই ভিত্তিত পিতৃ-মাতৃক এজন ব্যক্তিৰ প্ৰথম গুৰু বুলি গণ্য কৰা হয়। দ্বিতীয় গুৰু হৈছে আখৰৰ জ্ঞান প্ৰদান কৰা শিক্ষক। ইয়াৰ পিছত বহু ধৰণৰ গুৰু জীৱনলৈ আহে যিয়ে বুনিয়াদী শিক্ষা দিয়ে। সংস্কৃত ভাষাৰ গুৰু শব্দটোৱে কোনো জ্ঞান বা ক্ষেত্ৰৰ "সংৰক্ষক,পথ প্ৰদৰ্শক,বিশেষজ্ঞ আদিক বুজায়। অখিল ভাৰতীয় পৰম্পৰাত গুৰুৰ স্থান শিক্ষকতকৈ মহান। সংস্কৃতত গুৰু শব্দৰ আক্ষৰিক অৰ্থ হৈছে অন্ধকাৰ দূৰ কৰোঁতা। পৰম্পৰাগতভাৱে গুৰু হৈছে শিষ্য (বা সংস্কৃতত চেলা) অথবা ছাত্ৰৰ বাবে এজন শ্ৰদ্ধেয় ব্যক্তি। গুৰুৱে এজন পৰামৰ্শদাতা হিচাপে সেৱা আগবঢ়ায়,মূল্যবোধক গঢ় দিয়াত সহায় কৰে,শব্দ জ্ঞানৰ সমানেই অভিজ্ঞতাভিত্তিক জ্ঞানো পৰিবেশন কৰে। গুৰু জীৱনৰ এক অনুকৰণীয়,প্ৰেৰণাদায়ক উৎস যিয়ে এজন ছাত্ৰৰ আধ্যাত্মিক বিকাশত সহায় কৰে। হিন্দু আৰু শিখ ধৰ্মত ধাৰ্মিক নেতাৰ অৰ্থতো গুৰু শব্দ ব্যৱহাৰ কৰা হয়। শিখসকলৰ দহজন গুৰু আছিল। আধ্যাত্মিক জ্ঞান দিওঁতা গুৰুৰ স্থান এই সকলোবোৰৰ ওপৰত বুলি গণ্য কৰা হয়।১ কিন্তু এই তথ্যৰ ভিত্তিত বহুতো সুবিধাবাদী আৰু লোভী গুৰুৱে এই সৰ্বশ্ৰেষ্ঠ গুৰু পদৱীক অপমান কৰিছে যাৰ বহুতেই ইতিমধ্যে উন্মোচিত হৈছে।২৩৪৫৬ আধ্যাত্মিক ক্ষেত্ৰত সেইজন গুৰু সত্য গুৰু যিজনে মোক্ষ লাভৰ বিষয়ে জ্ঞান প্ৰদান কৰে। বিদ্যা বা জ্ঞানৰ অৰ্থ সম্বন্ধে সংস্কৃতৰ এইশাৰী বাক্যও উল্লেখযোগ্য- সা বিদ্যা য়া বিমুক্তয়ে, অৰ্থাৎ বিদ্যাৰ অৰ্থ হৈছে মুক্তি প্ৰদান কৰা।
গীতা অধ্যায় ১৫ শ্লোক ১ তো কোৱা হৈছে যে উৰ্দ্ধমূলম্, অধঃশাসম্, অশ্বত্থম্, প্ৰাহুঃ, অব্যয়ম্, ছন্দাসি, য়স্য,পৰ্ণানি, য়ঃ, তম্, বেদ, সঃ, বেদবিত্॥১॥ অৰ্থাৎ (উৰ্দ্ধ মূলম্) ওপৰৰ পূৰ্ণ পৰমাত্মা আদি পুৰুষ পৰমেশ্বৰ ৰূপী জড় থকা(অধঃ শাখম্) তলৰ তিনিও গুণ অৰ্থাৎ ৰজগুণ ব্ৰহ্মা, সত্ত্বগুণ বিষ্ণু আৰু তমগুণ শিৱৰূপী শাখা থকা(অব্যয়ম্) অবিনাশী (অশ্বত্থম্) বিস্তাৰিত আঁহতৰ গছ হয়, (য়স্য) যাৰ (ছন্দাসি) যেনেকৈ বেদত ছন্দ থাকে তেনেকৈ সংসাৰ ৰূপী বৃক্ষৰো বিভাগ বুলি সৰু-সৰু ভাগ অৰ্থাৎ ঠাল আৰু (পৰ্ণানি) পাতক( প্ৰাহুঃ) কোৱা হৈছে, (তম্) সেই সংসাৰৰূপী বৃক্ষক (য়ঃ) যিয়ে (বেদ) বিস্তৃতভাবে জানে (সঃ) তেওঁ (বেদবিত্) পূৰ্ণ জ্ঞানী অৰ্থাৎ তত্ত্বদৰ্শী।
আজি সমগ্ৰ ভাৰতত অনেক ধৰ্মগুৰু আছে যিসকলে নিজৰ নিজৰ কথাৰ জৰিয়তে বিভিন্ন ধৰণৰ আধ্যাত্মিক জ্ঞান প্ৰদান কৰে। কিন্তু তেওঁলোকৰ ভিতৰৰ উল্লেখযোগ্য আৰু অন্যতম এজন সন্ত হৈছে সন্ত ৰামপাল মহাৰাজ। সন্ত ৰামপাল মহাৰাজ এনে এজন সন্ত অথবা গুৰু যিয়ে নিজৰ সৎসঙ্গৰ জৰিয়তে সকলো ধৰ্মৰ ধৰ্মশাস্ত্ৰসমূহ দেখুৱাই প্ৰমাণসহ আধ্যাত্মিক জ্ঞান প্ৰদান কৰে। তেওঁৱেই গীতাৰ উপৰ্যুক্ত কথাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। সন্ত ৰামপাল মহাৰাজে নিজৰ সৎসঙ্গৰ জৰিয়তে প্ৰমাণসহ দেখুৱাই কয় যে পূৰ্ণ গুৰু সেইজনেই যিজনে শাস্ত্ৰানুকুল ভক্তি প্ৰদান কৰে আৰু পূৰ্ণমোক্ষৰ পথ দেখুৱায়।
গুৰুৰ স্থান কেৱল ভাৰতবৰ্ষতে নহয় সমগ্ৰ বিশ্বতে অতি গুৰুত্বপূৰ্ণ। গুৰুৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ ভাৰতৰ লগতে সমগ্ৰ বিশ্বত বিভিন্ন ধৰণৰ উৎসৱ উদযাপন কৰা হয়। তাৰে ভিতৰত দুটিমান উৎসৱৰ বিষয়ে তলত বৰ্ণনা কৰা হৈছে।
গুৰু পূৰ্ণিমা
গুৰু পূৰ্ণিমা হৈছে হিন্দু, বৌদ্ধ, আৰু জৈন ধৰ্মৰ লোকসকলে তেওঁলোকৰ গুৰুৰ প্ৰতি সন্মান আৰু কৃতজ্ঞতা জ্ঞাপন কৰা এক ধৰ্মীয় উৎসৱ। হিন্দু ধৰ্মৰ লোকসকলে গুৰুক জীৱনৰ এক অংশ হিচাপে জ্ঞান কৰে। কিয়নো গুৰুৰ অবিহনে সঠিক মাৰ্গদৰ্শন পোৱা অসম্ভৱ। সেয়েহে গুৰুৰ মহত্ত্ব যুগে যুগে আছে আৰু থাকিব। এই উৎসৱত গুৰুসকলক তিনি দেৱতা ব্ৰহ্মা, বিষ্ণু, আৰু মহেশ্বৰৰ সমান গণ্য কৰা হয়। গুৰুসকলক জ্ঞানৰ উৎস বুলি গণ্য কৰা হয়, যিসকলে শিষ্যসকলক সঠিক পথ দেখুৱাবলৈ সহায় কৰে। গুৰুৰ গুৰুত্ব বুজাত এই কথাফাঁকিয়ে যথেষ্ট সহায় কৰে- গুৰু ব্ৰহ্মা গুৰু বিষ্ণু,গুৰু দেৱ মহেশ্বৰ। গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম,তস্মৈ শ্ৰী গুৰুৱে নমঃ॥ অৰ্থাৎ ভাৰতীয় সংস্কৃতিত গুৰুক ভগৱানৰ সমানেই স্থান দিয়া হৈছে। গুৰু পূৰ্ণিমা সাধাৰণতে আষাৰ মাহৰ শুক্লা পূৰ্ণিমাৰ দিনা পালন কৰা হয়।
শিক্ষক দিৱস
শিক্ষাক কোৱা হয় এগৰাকী ব্যক্তিৰ তৃতীয় নয়ন। আৰু যিসকলে জ্ঞান বন্তিৰে এগৰাকী ব্যক্তিৰ তৃতীয় নয়ন প্ৰদীপ প্ৰজ্জ্বলিত কৰে তেওঁলোকেই হৈছে শিক্ষক। শিক্ষক এক সাধাৰণ শব্দ নহয়, ই হৈছে ব্যক্তিত্ব বিকাশৰ অন্যতম উপাদান। সমাজ গঠনত শিক্ষকৰ ভূমিকা অপৰিসীম। জ্ঞানচক্ষুৰ জ্যোতিৰে সমাজৰ অন্ধকাৰ বিনাশি পোহৰৰ বাট কাটিবলৈ শিকায় শিক্ষক সমাজে। সেয়ে শিক্ষকসকলৰ এই মহান সামাজিক দায়িত্ববোধক সন্মান প্ৰদৰ্শনৰ বাবেই এই বিশেষ দিনটো উদযাপন কৰা হয়। শিক্ষক সকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ভাৰতবৰ্ষৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁৰ জন্মদিনটো(৫ ছেপ্টেম্বৰ) শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ কৈছিল। তাৰ পিছৰে পৰা প্ৰতি বছৰে এই দিনটো বিশেষ উলহ-মালহেৰে পালন কৰা হয়।
তথ্যসূত্ৰ
- ↑ Guru · Hinduism. Encyclopedia Britannica
- ↑ गुरमीत राम रहीम कांड के बाद क्यों फिक्रमंद हैं दिल्लीवाले 'असली' बाबा... आज तक
- ↑ Dhirendra. जानिए, बदनाम धर्मगुरु आसाराम के पांच विवादित बयान. Patrika News
- ↑ एक चौथी पास लड़की कैसे बनी ‘राधे माँ’, जो कभी सिलाई करके करती थी गुज़ारा!. punjabkesari.com
- ↑ आखिर क्या सच्चाई है निर्मल बाबा की?. आज तक
- ↑ (2013-09-09). कौन करता है धर्म को बदनाम. Pravakta.Com · प्रवक्ता.कॉम
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুৰু” প্ৰবন্ধৰ সংশোধন ৫২১৩৬৩ (২৯ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।