অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মানসকলৰ নাম

মানসকলৰ নাম (မြန်မာ အမည်)ৰ ক্ষেত্ৰত পশ্চিমীয়া নামসমূহৰ দৰে ধাৰাবাহিক গঠন নাথাকে। ভিয়েটনামী নামৰ বাহিৰে মেইনলেণ্ড দক্ষিণ-পূৱ এছিয়াৰ অন্য জাতিসমূহৰ দৰে, ম্যানমাৰৰ লোকসকলে মাতৃনাম বা পিতৃনামৰ কোনো প্ৰচলন নাৰাখে আৰু পৰিয়ালৰ নাম ব্যৱহাৰৰো পৰম্পৰা নাই।

হালনাগাদ: ২০ মাৰ্চ ২০২৫ ২৩৪ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

মানসকলৰ নাম (မြန်မာ အမည်)ৰ ক্ষেত্ৰত পশ্চিমীয়া নামসমূহৰ দৰে ধাৰাবাহিক গঠন নাথাকে। ভিয়েটনামী নামৰ বাহিৰে মেইনলেণ্ড দক্ষিণ-পূৱ এছিয়াৰ অন্য জাতিসমূহৰ দৰে, ম্যানমাৰৰ লোকসকলে মাতৃনাম বা পিতৃনামৰ কোনো প্ৰচলন নাৰাখে আৰু পৰিয়ালৰ নাম ব্যৱহাৰৰো পৰম্পৰা নাই। যদিও থাই নাম (থাইলেণ্ড), লাও নাম (লাউচ), খমেৰ নাম (কম্বোডিয়া), আৰু মালয়েছিয়ান নাম (মালয়েছিয়া) বিংশ শতিকাৰ আৰম্ভণিতে পৰিয়ালৰ নাম ব্যৱহাৰ প্ৰচলন কৰিছিল, ম্যানমাৰত কোনো সময়তে এনে নামৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা নহ’ল, আৰু বৰ্তমানেও মানসকলৰ নামসমূহত পৰিয়ালৰ নাম অনুপস্থিত। ম্যানমাৰৰ সংস্কৃতি অনুসৰি, ব্যক্তিসকলে নিজৰ নাম ইচ্ছা কৰিলে পৰিবৰ্তন কৰিব পাৰে, সাধাৰণতে কোনো চৰকাৰী অনুমোদনৰ প্ৰয়োজন নহয়, যি জীৱন পথৰ পৰিবৰ্তন প্ৰতিফলিত কৰে। লগতে, বহু মানসকলৰ নামত এক বিশেষ সন্মানসূচক উপাধি থাকে, যি জীৱনৰ কোনো সময়ত দিয়া হয় আৰু নামৰ অঙ্গভুক্ত হৈ থাকে।১

পৰম্পৰাগত আৰু পশ্চিমীয়া শৈলীৰ নাম

মানসকলৰ নামবোৰ প্ৰথমে এটা চিলেবল আছিল, যেনে- উ নু। বিংশ শতিকাৰ মাজভাগত বহু মানসকলে কোনো আনুষ্ঠানিক গঠন নোহোৱাকৈ হ’লেও দুটা চিলেবল ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। ১৮৯০ চনৰ শেষৰ ফালে ব্ৰিটিছ পণ্ডিতসকলে লক্ষ্য কৰিছিল যে আৰাকানীসকলে সাধাৰণতে তিনিটা চিলেবলৰ নাম গ্ৰহণ কৰে আনহাতে মানসকলে এতিয়াও সৰ্বাধিক এটা বা দুটা নাম ব্যৱহাৰ কৰি আছে।

পাশ্চাত্য সংস্কৃতিৰ সৈতে অধিক পৰিচিত হোৱাৰ লগে লগে মান লোকসকলে ক্ৰমান্বয়ে নিজৰ সন্তানৰ নামত বৰ্ণৰ সংখ্যা বৃদ্ধি কৰি আহিছে। বৰ্তমান পুৰুষৰ ক্ষেত্ৰত চাৰিটালৈকে আৰু মহিলাৰ ক্ষেত্ৰত পাঁচটালৈকে বৰ্ণৰ নাম ৰখাটো সাধাৰণ কথা।

জ্যোতিষ ভিত্তিক নামকৰণ ব্যৱস্থা

বহুতো মান বৌদ্ধ ধৰ্মাৱলম্বী লোকে নিজৰ সন্তানৰ নাম ৰখাৰ বাবে জ্যোতিষ (যিটো পৰম্পৰাগত আঠদিনীয়া পঞ্জিকাত শিশুৰ জন্মদিন অনুসৰি নিৰ্ধাৰণ কৰা হয়) ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে, সোমবাৰে জন্ম হোৱা শিশুৰ নাম "ক" (က) আখৰেৰে আৰম্ভ হ'ব লাগে।

তথ্যসূত্ৰ

  1. ↑ Khaing, Daw Mi Mi. (1 Feb 1958). Burmese Names. The Atlantic

সম্পৰ্কিত শ্ৰেণী

সংস্কৃতিলোক-সংস্কৃতিম্যানমাৰম্যানমাৰৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানসকলৰ নাম” প্ৰবন্ধৰ সংশোধন ৪৯৪৮৯৪ (২০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।