অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বৃক্ষ বিবাহ

বৃক্ষ বিবাহ ( ইংৰাজী: Tree Marriage)হৈছে পূৰ্বতে কিছুমান জনবিশ্বাসৰ ভেটিত সাধাৰণ চহা মানুহে পালন কৰা এক উৎসৱ। অপুত্ৰক বা কেও কিছু নোহোৱা মানুহে বৃক্ষ বিবাহ পাতি দি পুণ্য অৰ্জন কৰিছিল। বৃক্ষ বিবাহত প্ৰথমে কোনো ৰাজহুৱা স্থান, আলিৰ কাষ বা চ'কত আঁহত আৰু বট গছ দুজোপা ৰোৱে।

হালনাগাদ: ৩ মাৰ্চ ২০২৬ ৪১৯ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

বৃক্ষ বিবাহ ( ইংৰাজী ভাষা: Tree Marriage)হৈছে পূৰ্বতে কিছুমান জনবিশ্বাসৰ ভেটিত সাধাৰণ চহা মানুহে পালন কৰা এক উৎসৱ। অপুত্ৰক বা কেও কিছু নোহোৱা মানুহে বৃক্ষ বিবাহ পাতি দি পুণ্য অৰ্জন কৰিছিল।১ বৃক্ষ বিবাহত প্ৰথমে কোনো ৰাজহুৱা স্থান, আলিৰ কাষ বা চ'কত আঁহত আৰু বট গছ দুজোপা ৰোৱে। সেই গছ দুডাল ঠাল-ঠেঙুলিৰে জাতিষ্কাৰ হৈ উঠিলে কোনো এক শুভ দিনত গছ দুডালৰ প্ৰতিষ্ঠা উৎসৱ পতা হয়। সাধাৰণতে মাঘ মাহৰ পিছৰ পৰা ছয় মাহৰ ভিতৰত বৃক্ষ বিবাহ সম্পন্ন কৰা হয়। দিনত বৃক্ষ প্ৰতিষ্ঠা কৰি ৰাতি বিবাহ কাৰ্য সম্পন্ন কৰা হয়। এই বিবাহত আঁহত গছক বিষ্ণু আৰু বট গছক লক্ষ্মী স্বৰূপে গণ্য কৰা হয়। এই বিবাহ পদ্ধতি মানুহৰ বিবাহ পদ্ধতিৰ সমপৰ্যায়ৰ। বৃক্ষ বিবাহত বৃক্ষপ্ৰতিষ্ঠাৰ দিনত আঁহতৰূপী বিষ্ণুক লগুণ দিয়া হয়। ৰাতি কন্যা সম্প্ৰদান কৰা হয়। ৰাতি হোম পুৰি কৰা বিয়াত যৌতুক হিচপে নানা সা-সামগ্ৰী দিয়া হয়।

এই বিবাহ উৎসৱত অকল এখন গাঁৱৰে নহয়, যিখন গাঁৱত বিয়া হয়, তাৰ ওচৰ-পাজৰৰ সাত-আঠখন গাঁৱৰ লোকৰ সমাগম ঘটে। জাতি, ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সিদিনা সকলোৱে ৰং-ৰহইচৰ মাজেদি বিয়াত যোগদান কৰে। বিয়াৰে এটা অনুষ্ঠান হ'ল প্ৰীতি ভোজন। বিয়া পতা মানুহজনৰ আৰ্থিক সম্বল অনুসৰি প্ৰীতি ভোজনৰ ব্যৱস্থা কৰে। ৰাতি পুৱালেই বৃক্ষ বিবাহৰো সামৰণি পৰে। কিন্তু আচাৰ-অনুষ্ঠানৰ অন্ত নপৰে। বিয়াৰ পিছত যথাবিহিত নিয়ম অনুসৰি জলদান কৰিব লাগে। আঁহত আৰু বটক বগা আৰু ৰঙা কাপোৰেৰে সময়ে সময়ে মেৰিয়াই দি বস্ত্ৰদান কৰা হয়। বিবাহৰ আগতে আঁহত আৰু বট দুডাল ভিন্ন গছ। কিন্তু বিয়াৰ পিছত পৰস্পৰে পৰস্পৰক আঁকোৱালি এডাল বৃক্ষত পৰিণত হয়। বিনা কাৰণত এই গছ দুডালৰ ঠাল-ঠেঙুলি কটা বা ইয়াৰ ছাঁ গচকা নিষেধ।

অন্যান্য ধৰ্মীয় কাৰ্যৰ বাহিৰেও পুংসাবন (বিয়াৰ পিছত সন্তান জন্মৰ আগতে পতা দ্বিতীয় বিয়া)ত ইয়াৰ প্ৰয়োজন অপৰিহাৰ্য। পুংসাবনত আগদিনা সন্ধিয়া নৈবেদ্য আগবঢ়াই বৃক্ষ যুগলক পুংসাবন পতা দম্পতীৰ প্ৰথমজন ল'ৰাৰ দ্বাৰাই সেৱা কৰা হয়। ইয়াত কামনা কৰা হয় যাতেপিছদিনা বটৰ এটা ঠেঙুলিৰে দুটা পাত ওলাই আহে। পিছদিনা সঁচাকৈয়ে গছডালৰ এটা ঠেঙুলিৰে ৰঙচুৱা আৱৰণেৰে ঢাক খোৱা দুটা পাত ওলাই আহে। সেয়া কাটি আৰু আঁহতৰ বৈ পৰা শিপা আনি মিহিকৈ বটি দৰা-কইনাক ইয়াৰ গোন্ধ ল'বলৈ দিয়া হয়। তেতিয়াহে মাতৃ গৰ্ভত থকা সন্তানৰ লিঙ্গ নিৰ্ণয় হয়। নলবাৰী জিলাৰ গন্ধিয়া গাঁৱত আজি প্ৰায় সত্তৰ বছৰ আগতে লতাপ্ৰিয় দেব্যা নামৰ কেও কিছু নোহোৱা বিধৱা বুঢ়ী এজনীয়ে দুডাল গছৰ মাজত বিয়া পাতি দিয়ে। দুয়োডাল বৃক্ষৰ যুগল মূৰ্তিয়ে অঞ্চলটোৰ লোকক বৃক্ষ বিবাহৰ স্মৃতি সোঁৱৰাই দিয়ে। বঙ্গত এতিয়াও বৃক্ষ বিবাহৰ প্ৰচলন আছে।

পৰম্পৰাগতভাৱে হিন্দুসকলে তিনিবাৰ বিবাহ কৰিব পৰা নাছিল। ইয়াৰ পৰা হাত সাৰিবলৈ যিয়ে দুবাৰকৈ বিধৱা হৈ নতুন পত্নী বিচাৰিব বিচাৰিছিল, তেওঁ প্ৰথমে এজোপা গছৰে বিবাহ অনুষ্ঠান পালন কৰিব লাগিছিল, যিটো তাৰ পিছত কাটি পেলোৱা হৈছিল।২

২০০৭ চনত ঐশ্বৰ্যা ৰায় এ এজোপা গছক বিয়া কৰাব বুলি ঘোষণা কৰিছিল।৩

ইনকিউজিটাৰে প্ৰকাশ কৰা অনুসৰি ছান জেচিন্টো আমিলপাছৰ মহিলাসকলে কাঠ কটাৰ প্ৰতিবাদত গছক বিয়া কৰাইছিল।৪

তথ্যসূত্ৰ

  1. ↑ Tree marriage | rite. Encyclopedia Britannica
  2. ↑ Edwards, S. M. (1922). Tree-Worship in India. Empire Forestry Journal. পৃ. 78–86
  3. ↑ Foster, Peter. (February 1, 2007). Film star faces lawsuit after 'marrying' a tree
  4. ↑ 'Tree Marriage': Women In Mexico Marry Trees. www.inquisitr.com

সম্পৰ্কিত শ্ৰেণী

লোকবিশ্বাসলোক-সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৃক্ষ বিবাহ” প্ৰবন্ধৰ সংশোধন ৫৮৪৩৯৩ (৩ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।