ইৰুলা নৃত্যম (Irula Nritham), যাক ইৰুলাৰ নৃত্যম বুলিও কোৱা হয়। এই নৃত্য দক্ষিণ ভাৰতৰ ইৰুলা জনগোষ্ঠীৰ এক পৰম্পৰাগত জনজাতীয় নৃত্য। এই নৃত্য বিশেষকৈ কেৰালাৰ পালাক্কাড জিলাৰ আট্টাপ্পাডি অঞ্চলত ইৰুলা সম্প্ৰদায়ৰ লোকসকলে পৰিৱেশন কৰে।১
অৱলোকন
ইৰুলা নৃত্য ইৰুলা জনজাতিৰ সাংস্কৃতিক পৰম্পৰাৰ সৈতে গভীৰভাৱে জড়িত। এই নৃত্য সমাজৰ গুৰুত্বপূৰ্ণ সামাজিক আৰু ধৰ্মীয়-আচাৰমূলক অনুষ্ঠানত পৰিৱেশন কৰা হয়। ঐতিহাসিকভাৱে ইৰুলা সমাজত বিবাহ, শস্য চপোৱাৰ উৎসৱ, অন্ত্যেষ্টিক্ৰিয়াৰ আচাৰ-অনুষ্ঠান, বিভিন্ন উৎসৱ আৰু অন্যান্য সামূহিক সমাৱেশত এই নৃত্য পৰিৱেশন কৰি অহা হৈছে। ২৩
এই নৃত্য মল্লীশ্বৰ (শিৱ) ৰ সৈতে জড়িত বিভিন্ন ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ সময়ত পৰিৱেশন কৰা হয়। ৪
উপাদানসমূহ
ইৰুলা নৃত্যম পৰিৱেশনৰ সময়ত পৰম্পৰাগত জনজাতীয় পোছাক পৰিধান কৰা হয়।৫ নৃত্যত ব্যৱহৃত বাদ্যযন্ত্ৰসমূহৰ ভিতৰত কোগাল বা কোকাল (বায়ু বাদ্যযন্ত্ৰ), পেৰাই বা পোৰেই (মাটিৰ পাত্ৰৰপৰা নিৰ্মিত বাদ্যযন্ত্ৰ) আৰু দাভিল বা জালা আদি উল্লেখযোগ্য। এই বাদ্যযন্ত্ৰসমূহে নৃত্য পৰিৱেশনৰ সময়ত ছন্দ আৰু তাল প্ৰদান কৰে।
ইৰুলা নৃত্যমত পৰিৱেশন কৰা গীতসমূহত প্ৰায়ে বিভিন্ন আঞ্চলিক ভাষা আৰু উপভাষাৰ সংমিশ্ৰণ দেখা যায়। ইয়াৰ ভিতৰত কন্নড়, মালয়ালম, তামিল আৰু তুলু ভাষাৰ প্ৰভাৱ বিশেষভাৱে উল্লেখযোগ্য।৩৬
আধুনিক স্বীকৃতি
শেহতীয়া বছৰসমূহত ইৰুলা নৃত্যমে অধিক ব্যাপক স্বীকৃতি লাভ কৰিছে। ২০২৪ চনত ইয়াক কেৰালা ৰাজ্যিক বিদ্যালয় কলা উৎসৱত অন্তৰ্ভুক্ত কৰা হয়। থলুৱা সাংস্কৃতিক পৰম্পৰাসমূহৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আগ্ৰহ আৰু সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে নতুনকৈ সংযোজিত জনজাতীয় কলাৰ শিতানসমূহৰ অংশ হিচাপে এই নৃত্যক অন্তৰ্ভুক্ত কৰা হৈছিল।৭ আট্টাপ্পাডি কমিউনিটি থিয়েটাৰৰ দৰে সামূহিক সংগঠনসমূহেও এই কলা উৎসৱত ইৰুলা নৃত্যম পৰিৱেশন কৰা কেইবাটাও ছাত্ৰ-ছাত্ৰীৰ দলক প্ৰশিক্ষণ আৰু পৰামৰ্শ প্ৰদান কৰি আহিছে। ৮
তথ্যসূত্ৰ
- ↑ (2026-01-18). Kerala School Arts Fest: Irula Nritham strikes a chord at Thekkinkaadu Maidan. The Times of India
- ↑ (2025). From 'Irular Nritham' to 'Mangalamkali': How is Kerala's tribal art making its debut at Kalolsavam?. Mathrubhumi
- ↑ (2025-01-07). Irula, Paliya dancers make a dream debut at Kerala school arts fest. The Times of India
- ↑ (2024-10-15). Kerala govt includes 5 tribal art forms in school arts festival. The Hindu
- ↑ (2026-01-18). Kerala School Arts Fest: Irula Nritham strikes a chord at Thekkinkaadu Maidan. The Times of India
- ↑ archive, From our online. (2012-05-16). Dancing to celebrate all seasons of life. The New Indian Express
- ↑ (2024-12-12). After maiden differently-abled school sports meet, Kerala introduces tribal dance at Kalolsavam. Mathrubhumi
- ↑ (2026-01-18). Attappadi theatre mentors 8 teams in Irula Nritham at Kerala School Kalolsavam this year. Onmanorama
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইৰুলা নৃত্যম” প্ৰবন্ধৰ সংশোধন ৬২৭০১০ (১৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।