অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গৰীয়া নৃত্য

গৰীয়া নৃত্য বা গৰিয়া নৃত্য ( Goriya Dance) হৈছে ভাৰতৰ পূব প্ৰান্তত থকা ৰাজ্য ত্ৰিপুৰাৰ ত্ৰিপুৰী জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য। এই নৃত্য পৰিৱেশন কৰা হয় গৰীয়া পূজাৰ সময়ত৷ গৰীয়া পূজা নতুন শস্যৰ বীজ সিঁচাৰ আনন্দ উৎসৱ আৰু ব’হাগ মাহত ভাল শস্যৰ বাবে প্ৰাৰ্থনা কৰা উৎসৱ।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২৬২ শব্দ · ১ মিনিট সংগৃহীত ৩৭
সংশোধনৰ পৰামৰ্শ

গৰীয়া নৃত্য বা গৰিয়া নৃত্য ( Goriya Dance) হৈছে ভাৰতৰ পূব প্ৰান্তত থকা ৰাজ্য ত্ৰিপুৰাৰ ত্ৰিপুৰী জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য।১ এই নৃত্য পৰিৱেশন কৰা হয় গৰীয়া পূজাৰ সময়ত৷ গৰীয়া পূজা নতুন শস্যৰ বীজ সিঁচাৰ আনন্দ উৎসৱ আৰু ব’হাগ মাহত ভাল শস্যৰ বাবে প্ৰাৰ্থনা কৰা উৎসৱ। পশ্চিমীয়া কেলেণ্ডাৰমতে এই নৃত্য এপ্ৰিল মাহৰ শেষৰটো পষেকত হয়।২ ত্ৰিপুৰী জনগোষ্ঠীৰ লগতে এই নৃত্য ত্ৰিপুৰীৰ চুবুৰীয়া জনগোষ্ঠী যেনে জামাটিয়া, ৰিয়াং আৰু নাওচিয়াসকলৰ মাজতো প্ৰচলিত৷ ৩ এই নৃত্যত নাৰী পুৰুষ উভয়ে ঢোল আৰু বাঁহী বাদ্যৰ সৈতে অংশগ্ৰহণ কৰে।৩ নৃত্যৰ আৰম্ভণি ধীৰে ধীৰে হ’বলৈ ধৰে, লাহে লাহে নৃত্যৰ গতি খৰ হ’বলৈ ধৰে আৰু ইখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ নৃত্য পৰিৱেশনকাৰী আগবাঢ়ি যায়৷ এই নৃত্যৰ লগত হাতৰ বহুতো মুদ্ৰা আৰু হাতৰ কৌশল জড়িত হৈ থাকে। নৃত্যশিল্পীসকলে সমবেত সংগীত গায়। নৃত্যত প্ৰা দুই ডজনতকৈও অধিক মুদ্ৰা আছে যিবোৰৰ বহুতেই জীৱ-জন্তু আৰু চৰাইৰ গতি বা প্ৰকৃতিৰ অন্যান্য বৈশিষ্ট্যক প্ৰতিনিধিত্ব কৰে।৪ মহাবিষু সংক্ৰান্তিত এই পূজাৰ বোধন হয়৷ ব’হাগৰ প্ৰথম সাতদিন ধৰি এই পূজা চলে৷ ত্ৰিপুৰীসকলে প্ৰত্যেকেই এই উৎসৱত যোগ দিয়ে আৰু নৃত্য গীত পৰিৱেশন কৰে৷ গৰীয়া পূজাৰ শেষত গৰীয়া দেৱতাৰ প্ৰতীক বাঁহডালৰ পৰা “ৰিচা’’ বা “ৰিয়া’’ খুলি এটি “কল’’ বা “বৰ্শা’’ৰ মাজত ওলোমাই দেৱভক্তিত মতলীয়া যুৱক-যুৱতীসকলে “খাম’’ বাদ্যৰ তালে তালে গান গাই নাচিবলৈ লয়৷ এইদৰে তেওঁলোকে প্ৰত্যেক ঘৰে ঘৰে গৈ চোতালত গৰীয়া দেৱতাৰ প্ৰতীক থৈ নৃত্য কৰে৷ প্ৰাচীন অৱস্থাত এই নৃত্যৰ মুঠ ১০৮টি মুদ্ৰা আছিল৷ কিন্তু চৰ্চাৰ অভাৱত সকলোবোৰ আয়ত্তাধীন হৈ নাথাকিল৷ বৰ্তমান সৰ্বাধিক ২৪ বা ২৫টি আৰু সৰ্বনিম্ন ৮ বা ৯টি মুদ্ৰাৰে এই নৃত্য কৰা দেখা যায়৷ ত্ৰিপুৰাৰ আন এক উপজাতি নোৱাটিয়াসকলেও গৰীয়া পূজা পালন কৰে আৰু গৰীয়া নৃত্য পৰিৱেশন কৰে যদিও এওঁলোকে সম্পূৰ্ণ পৃথক ৰীতিৰে কৰে৷ ত্ৰিপুৰাৰ হালাম উপজাতিৰ এটি প্ৰশাখা ৰূপিনীসকলৰ মাজতো গৰীয়া নৃত্যই প্ৰধান নৃত্য৷ এওঁলোকৰ মাজত কেৱল ছোৱালীসকলেহে এই নৃত্য কৰে; পুৰুষসকলৰ এজনে কেৱল “অচাই’’ৰ ভূমিকা পালন কৰি নৃত্যৰ মাজে মাজে চিঞৰি চিঞৰি নাচৰ নিৰ্দেশ দিয়ে৷ নৃত্যৰ আৰম্ভণিত অচাইয়ে হাতযোৰ কৰি সম্মুখত বহে আৰু ছোৱালীবোৰ দুই শাৰী কৰি অচাইৰ পিছফালে বহি বন্দনা কৰে৷ বন্দনা শেষ হ’লে উঠি নাচ আৰম্ভ কৰে আৰু গৰীয়া দেৱতাৰ প্ৰতীক বাঁহক ঘূৰি প্ৰদক্ষিণ কৰে৷ ৫

তথ্যসূত্ৰ

  1. ↑ Garia dance or Garia mwsamung. Tripura.org.in
  2. ↑ S.C. Bhatt, Gopal K. Bhargava (eds), Land and People of Indian States and Union Territories: Volume 26: Tripura, p. 180, Kalpaz Publications, 2006
  3. ↑ Debapriya Deb Barman, Treatise on Traditional Social Institutions of the Tripuri Community, p. 104, Directorate of Research, Department of Welfare for Scheduled Tribes and Scheduled Castes, Government of Tripura, 1984
  4. ↑ Surajit Debbarma, "Folk music and dances of Tripura: with special reference to Tripura tribe", The Creative Launcher, vol. 2, iss. 3, August 2017
  5. ↑ চক্ৰৱৰ্তী, শ্ৰীমতী (ড°) পদ্মিনী. (১৯৯২). ত্ৰিপুৰাৰ উপজাতি নৃত্য: একটি সমীক্ষা. Directorate of Research, Government of Tripura. পৃ. ৮

সম্পৰ্কিত শ্ৰেণী

ত্ৰিপুৰী সংস্কৃতিলোক-নৃত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৰীয়া নৃত্য” প্ৰবন্ধৰ সংশোধন ৩৮০৭৪১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।